_____খণ্ড নং/-৩ (কুফুৰ বা কুফৰি)
কুফুৰৰ সংজ্ঞাঃ
◉ কুফুৰ শব্দৰ আভিধানিক অর্থ হৈছে:অস্বীকাৰ,অবিশ্বাস,গোপন,অকৃতজ্ঞতা প্রকাশ কৰা অথবা অবাধ্য হোৱা ইত্যাদি।
(المفردات،ص٨١٤)
শ্বীৰ্ক কাক বোলে
◉ আল্লাহৰ লগত আন কাৰোবাক অংশীদাৰী কৰাক শ্বীৰ্ক বোলে। (ইনশ্বা আল্লাহ এই বিষয়ে পৃথক লেখা দিয়া হ’ব)
কুফুৰ বা কুফৰি কাক বোলে ?
◉ ইছলামী পৰিভাষাত আল্লাহ তাআ’লাৰ মনোনীত দ্বীন ”ইছলাম”ৰ মৌলিক বিষয়বস্তুসমূহৰ যিকোনো এটাক অবিশ্বাস বা অস্বীকাৰ কৰাক কুফুৰ বোলে,যদিও বাকী বিষয়বস্তসমূহক স্বীকাৰ কৰে বা মানি লয়।
(بہار شریعت،ح۱،ص٩٢)
উদাহৰণস্বৰূপে যদি কোনো ব্যক্তিয়ে ইছলামৰ সমস্ত মৌলিক কথাবোৰ স্বীকাৰ কৰে কিন্তু “নামাজ যে ফৰজ” এইকথাৰ বা খত্মে নুবুওৱাত(নতুনকৈ নবী অহাৰ প্ৰণালী বন্ধ)ৰ অস্বীকাৰ কৰে তেন্তে সি কাফিৰ,যে নামাজক ফৰজ বুলি গণ্য কৰা কৰা আৰু নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামক সৰ্বশেষ বা আখেৰী নবী বুলি মানি লোৱা এই দুয়োটা কথাই ইছলামৰ মৌলিক আৱশ্যকীয় বস্তুৰ অন্তৰ্ভুক্ত।
◉ কুফুৰ ঈমানৰ বিপৰীত। ইছলামৰ মৌলিক বিষয়সমূহক বিশ্বাস কৰাৰ নাম হ’ল ঈমান। ইয়াৰোপৰি ইছলামৰ মৌলিক বিষয়সমূহক ব যিকোনো এটাক অবিশ্বাস বা অস্বীকাৰ কৰাৰ নাম হৈছে কুফুৰ
কাফিৰ কাক বোলে ?
◉ কাফিৰ শব্দৰ অৰ্থ হল অস্বীকাৰকাৰী অৰ্থাৎ ইছলামৰ মৌলিক কোনো কথা বা আল্লাহ অথবা নবীৰ কথাক অস্বীকাৰ কৰা লোক। সহজ ভাষাত কবলৈ গ’লে কাফিৰ শব্দৰ অৰ্থ হৈছে অমুছলিম। বহুতে কাফিৰ শব্দক গালি গালাজ বা অপমানসূচক শব্দ বুলি ভাৱে,এইটো একেবাৰে ভুল ধাৰণা ।
-(: কাফিৰ কুফৰি আৰু শ্বীৰ্ক কাক বোলে :)-
______ইনশ্বা আল্লাহ পৰৱৰ্তী সময়ত এই বিষয়ে অধিক আলোচনা কৰা হ’ব।
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
Recent Comments