হাৰাম শব্দ ও বাক্য 

হাৰাম শব্দ ও বাক্য

❏ কুফৰিয়া বাক্যৰ জ্ঞান আহৰণ কৰা ফৰজ!

(এনে বাক্য যাৰ প্ৰতি বিশ্বাস ৰাখিলে মানুহ ঈমানৰ পৰা ওলায় যায় ও কোৱা নিষিদ্ধ)

❏ “হাৰাম শব্দ ও‌ কুফৰিয়া বাক্যৰ জ্ঞান আহৰণ কৰা ফৰজ”, বৰ্তমান যুগত এইসমূহ অত্যন্ত আৱশ্যকীয়।

(رد المحتار،ج۱،ص١٠٧)

ইমাম গযালী,আল্লামা মানাৱী,আব্দুল গনী নাবুলুছী(ৰাহিমাহুমুল্লাহ)আদিয়ে লিখিছে:কোনো ব্যক্তিয়ে জিনা ও চুৰি-ডকাইতিত লিপ্ত হোৱা যদিও ডাঙৰ গুণাহ তথাপিও জ্ঞান অবিহনে আল্লাহ সম্পৰ্কে বাৰ্তালাপ,তৰ্ক-বিতৰ্কত লিপ্ত হোৱা তাতোকৈ ডাঙৰ ভয়ানক গুণাহ। কাৰণ জ্ঞান নাথাকিলে হ’ব পাৰে যে সি এনেকুৱা কথা কৈ দিব যাৰ ফলত তাৰ ঈমান নষ্ট হৈ যাব কিন্তু সি ক’বৈ নোৱাৰিব। এয়া সাতুৰিব নজনাকৈয়ে সাগৰত জপিয়াই দিয়া স্বৰূপ।

(حدیقة الندية،٢،٢٧٠)

হাৰাম শব্দ ও বাক্য

খণ্ড নং/-২ (ঈমান)

ঈমানৰ সংজ্ঞাঃ

❏ ঈমানৰ আভিধানিক অৰ্থ হৈছে:স্বীকাৰ কৰা (অৰ্থাৎ সত্য মানি লোৱা)।

(تفسیر قرطبی،ج۱،ص١٤٧)

ইয়াৰ এটা এটা অৰ্থ হৈছে: নিৰাপত্তা দিয়া। যিহেতু মোমিনবোৰে সত্য ও সঠিক আকিদাহ তথা বিশ্বাস ৰাখি নিজকে যুগমীয়া আজাবৰ পৰা মুক্তি দিয়ে,সেয়েহে শুদ্ধ আকিদাহ অৱলম্বন কৰাক ঈমান বোলা হয়।

(تفسیر نعیمی،ج١،ص٨)

আৰু পাৰিভাষিক অৰ্থ হৈছে: সঁচা অন্তৰেৰে সেই সমস্ত কথাক স্বীকাৰ কৰা,যিবোৰ দ্বীনৰ আৱশ্যকীয়তা ও জৰুৰীৰ অন্তৰ্ভুক্ত।

(بہار شریعت،ح١،ص٩٢)

❏ আলা হজৰত ইমাম আহমদ ৰাজা খান ৰাহমাতুল্লাহ আলাইহিয়ে লিখিছে: মোহাম্মাদুৰ ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ সমস্ত কথাক সত্য বুলি গ্ৰহণ কৰা,তেওঁৰ সত্যতাক সঁচা অন্তৰেৰে মানি লোৱাক ঈমান বোলে। যিজনে এয়া স্বীকাৰ কৰিব তেওঁ মুছলমান বুলি বিবেচিত হ’ব,যেতিয়ালৈকে তাৰ কোনো কথা,কৰ্ম বা বৰ্তমানে আল্লাহ ও ৰাছুলৰ প্ৰতি অমান্য বা অস্বীকাৰ অথবা বে আদবী তথা অপমানীয় বস্তু পোৱা নাযায়।

(فتاویٰ رضویہ،ج٢٩،ص٢٥٤)

▁▁▁▁▁▁▁▁▁▁▁▁

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d