আকিকাহ মানে কি আৰু কেতিয়া কৰিব লাগে ?

প্ৰশ্নঃ- আকিকাহ সম্পৰ্কে জানিব বিচাৰিছোঁ আৰু সেইদিনা মিলাদ কৰিব পাৰিনে ?

( আকিকাহ মানে কি আৰু কেতিয়া কৰিব লাগে ? )

উত্তৰঃ- সন্তান জন্ম হোৱাৰ পিছত আল্লাহৰ কৃতজ্ঞতা জ্ঞাপনাৰ্থে যি পশু জবেহ কৰা হয় ‌তাক আকিকাহ বোলা হয়। হানফী মজহবৰ মতে আকিকাহ মোবাহ ও মোস্তাহাব(ছুন্নত)। সন্তান জন্ম হোৱাৰ পিছত সন্তানৰ কাণত আজান আৰু ইকামত কোৱা মোস্তাহাব। আজানৰ দ্বাৰা ইনশ্বা আল্লাহ বিপদ বিঘিনি দূৰ হ’ব। সোঁ কাণত চাৰিবাৰ আজান আৰু বাওঁ কাণত তিনিবাৰ ইকামত কোৱা উত্তম।(ল’ৰা সন্তান হওঁক ছোৱালী উভয়ৰেই কাণত আজান ও ইকামত দিয়া হ’ব)। সাতদিনৰ দিনা নাম ৰখা হ’ব,মূৰ খুৰুৱা হ’ব তাৰ পিছত আকিকাহ কৰা হ’ব আনহাতে চুলিৰ ওজনৰ সমান সোনা বা ৰূপা ছদকা তথা দান কৰা মোস্তাহাব (আৱশ্যেকীয় নহয় বৰং চোৱাবৰ কাম।) (بہار شریعت،ج٣،ح١٥،ص٣٥٥،ط-علمیہ)

• নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: ল’ৰা সন্তানৰ ফালৰ পৰা দুটা ছাগলী আৰু ছোৱালী সন্তানৰ পক্ষৰ পৰা এটা,মতা হওঁক অথবা মাইকী তাত কোনো অসুবিধা নাই।

(سنن أبي داود،کتاب الضحایا،باب العقيقة،الحدیث:۲۸۳۵ ،ج٣،ص۱۴۱)

• আকিকাহৰ দিনা মিলাদ কৰিব পাৰি,কোনো অসুবিধা নাই চৰীয়তে ইয়াৰ পৰা মানা নকৰাৰ বাবে ই জায়েজ ও বৈধ বৰং এয়া উত্তম মোস্তাহাব কৰ্ম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁

প্ৰশ্নঃ-মিলাদ,কিয়াম (থিয় হোৱা) কৰিব পাৰিনে ?

উত্তৰঃ-মিলাদ আৰু কিয়াম ‌কৰিব পাৰি,ই বৈধ ও মোস্তাহাব কৰ্ম। অৰ্থাৎ কৰিলে চোৱাব পাব নকৰিলে গুণাহ নাই। কিন্তু মিলাদ কিয়ামৰ অমান্য কৰিলে তথা হাৰাম কলে তাৰ হুকুম সুকীয়া। হয়! মিলাদ,কিয়ামৰ সকলো কৰ্ম অৰ্থাৎ কোৰাআন তিলাৱত,আল্লাহৰ নবীৰ প্ৰশংসা,সুৰ লগাই নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামক থিয় হৈ বা বহি ছালাম দিয়া,জিকিৰ,দোআ,তৌবা আদি সুকীয়া সুকীয়া ভাৱে কৰা জায়েজ। আনহাতে “ইবনে হাযাৰ হাইতামি ৰাহমাতুল্লাহি আলাইহিয়ে” তেওঁৰ কিতাপ ফতোৱা হাদিয়াছিয়াত লিখিছে যে কিয়ামৰ সকলো কৰ্ম সুকীয়া ভাৱে কৰা যাইজ ও বৈধ আৰু এই ভাৱে কৰা অৰ্থাৎ সময়,দিন,বাৰ আদি নিৰ্ণয় কৰি আয়োজন কৰা বিদআৎ কিন্তু অপছন্দনীয়‌ বিদআৎ নহয় যথা হাদিছত আহিছে :-

«مَنْ سَنَّ فِي الإسلامِ سُنَّةً حسَنةً فله أجرُها، وأجرُ مَنْ عمِل بها مِنْ بعدِه من غيرِ أنْ يَنقُصَ من أجورِهم شيءٌ، ومَنْ سَنَّ في الإسلامِ سُنَّةً سَيِّئةً كان عليه وزرُها ووزرُ من عمِلَ بها من بعدِه من غير أن يَنقُصَ من أوزارِهم شيءٌ».

ইছলামত যদি কোনোবাই সৎকৰ্মৰ পথ উদ্ভাৱন কৰে তেনেহলে তেওঁ তাৰ ছোৱাব পাব লগতে যি সকলে এই সৎ পথৰ অনুসৰণ কৰিব সেই সকলৰ চোৱাবো তেওঁ (উদ্ভাৱন কৰ্তা) পাব। এজনৰো চোৱাবত নিম্নমানো কম নহ’ব।(رواه مسلم-١٠١٧)

❏ চৰীয়তে মানা নকৰাৰ বাবে মিলাদ পালন কৰা সম্পূৰ্ণ ৰূপে বৈধ।

❏ মিলাদ ও কিয়াম অপছন্দনীয় কৰ্ম নহয়। কাৰণঃ

❏ “হাজি ইমদাদুল্লাহ মোহাজিৰ মক্কী”য়ে নিজৰ কিতাপ ‘ফাইছালা হাফ্ট মাছআলাহ’ ত লিখিছে:-যে তেওঁ মিলাদুন্নাবী(ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)ৰ মেহফিলত অংশগ্ৰহণ কৰিছিল আৰু তেওঁ নিজেও আয়োজন কৰিছিল।লগতে থিয় হৈ প্ৰিয়তম নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম ৰ প্ৰতি অগণিত দুৰূদ ও ছালাম প্ৰেৰণ কৰা কৰিছিল।

❏ হজৰত মৌলানা আব্দুল হক মোহাদ্দিছে দেহলৱী ৰাহমাতুল্লাহ আলাইহিয়ে তেওঁৰ কিতাপ ”আখবাৰুল আখয়াৰ “ত লিখিছে-যে তেওঁ মিলাদ,কিয়ামত অংশগ্ৰহণ কৰিছিল। তদ্ৰূপ এই বিষয়ে(মিলাদ, মিলাদ,কিয়ামৰ আয়োজন পছন্দনীয় বিদআৎ) অগণিত বিখ্যাত বুজুৰ্গ,চূফি তথা সুউচ্চ আল্লাহৰ অলী সকলৰ লিখনি তথা ভাষ্য তেওঁলোকৰ গ্ৰন্থত লিপিবদ্ধ কৰিছে।

তাৰ বাহিৰেও মিলাদ,কিয়াম অমান্যকাৰী সকলৰ গ্ৰহণযোগ্য পণ্ডিত অৰ্থাৎ দেওবন্দী‌ৰ, আশ্বৰাফ আলী থানৱী তথা ৰাশ্বীদ আহমদ গাংগুহীয়ে নিজৰ কিতাপ ‘ইছলাহুৰ ৰুছুমত/ফতোৱা ৰাশ্বীদিয়াত লিখিছে: যে মিলাদ কৰা যাইজ ও বৈধ। তেওঁ লোকে নিজেই মিলাদ কৰিছিল।

❏ মিলাদ,কিয়াম সুৰ লগাই হওক অথবা এনেই, অপছন্দনীয় কৰ্ম মুঠেই নহয়। মোস্তাহাব কাম কৰিলে চোৱাব পায় নকৰিলে গুণাহ নাই। কিন্তু হাদিছত আহিছে যদি কোনোৱে নিজৰ মা-বাবা,সন্তান,পৰিয়াল যথা নিজতকৈও অধিক যেতিয়ালৈকে নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামক ভাল নাপাব,সন্মান নকৰিব তেতিয়ালৈকে তেওঁ পৰিপূৰ্ণ মুছলমান হোৱা সম্ভৱপৰ নহয়। আৰু মিলাদ কিয়ামৰ অমান্যকাৰী নবীৰ সঁচা প্ৰেমিক হোৱাৰ দাবী কৰাটো অৰ্থহীনহে মাথোঁ।

وَاللہُ اَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُہ اَعْلَم صَلَّی اللّٰہُ تَعَالٰی عَلَیْہِ وَاٰلِہٖ وَسَلَّم

আকিকাহ মানে কি আৰু কেতিয়া কৰিব লাগে ?

▁▁▁▁▁▁▁▁▁▁▁▁

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d