জুমআৰ নামাজৰ খোতবা আৰবীতে পঢ়িব লাগে নেকি
জুমআৰ নামাজৰ খোতবা আৰবীতে পঢ়িব লাগে নেকি প্ৰশ্নঃ-জুমআৰ নামাজৰ খোতবা আৰবীতে পঢ়িব লাগে নেকি,মই আৰবী একোৱেই বুজি নাপাওঁ,খোতবা এনেই শুনি থাকো ?▁▁▁▁▁▁▁▁▁▁▁
উত্তৰঃ-জুমআৰ খোতবা আৰবীত পঢ়া ছুন্নতে মোতাৱাৰিছাৰ দ্বাৰা প্ৰমাণিত অৰ্থাৎ আল্লাহৰ ৰছুল স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পৰা আজিলৈকে আৰবীতে হৈ আহিছে,ছাহাবা সকলে বহুতো অনাআৰবী ভাষী ঠাইত জয়লাভ কৰিছে বা দ্বীন প্ৰচাৰৰ্থে গৈছিল আৰু তাৰ ভাষা শিকিছিল তথাপিও আৰবীতে খোতবা দিয়া কৰিছিল। আৰবী ভাষাত খোতবা নুবুজিলে বা নামাজত কিৰাত আৰাবীত পঢ়া হয় সেয়া নুবুজিলেও মাতৃ ভাষাত পঢ়াৰ বা খোতবা দিয়া অনুমতি নহ’ব।(بہار شریعت-ج١-ح٤-ص-٧٦٩)
খোতবা নুবুজাৰ বাবে খোতবাৰ পূৰ্বে কিছু সময় মাতৃ ভাষাত বয়াত তথা ওৱাজ নচিহত হয় আৰু খোতবা আৰবীত। অনাআৰবীত পঢ়াৰ প্ৰমাণ নাই তথা এয়া ছুন্নতৰ বিপৰীত। • ওৱাজ নচিহত শুনাৰ বাবে খোতবাৰ আগতে অলপ সময় বান্ধি লোৱা উচিত।
• আৰবী নুবুজাটো আমাৰ নিজৰ দোষ। যিদৰে ইংৰাজী ভাষা বুজিবলৈ আমি কঠোৰ পৰিশ্ৰম কৰো,tuitions লওঁ ঠিক তেনেদৰেই আৰবী বুজিবলৈয়ো কঠোৰ পৰিশ্ৰম কৰা উচিত যাতে নামাজৰ ছুৰা,খোতবা আদি আৰবীৰ পৰিৱৰ্তে মাতৃভাষালৈ সলনি কৰিব লগীয়া নহয়। জুমআৰ নামাজৰ খোতবা আৰবীতে পঢ়িব লাগে নেকি
আকাঈদ Click here
আমাৰ ইউটিউব চেনেল click here
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ইঞ্জামুল হক মিছবাহী,দৰং অসম।
Recent Comments