তৌবাৰ ফজিলত
তৌবাৰ ফজিলত আমাৰ দয়াৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে:
وَاللہِ اِنِّی لَاَسْتَغْفِرُ اللہَ وَاَتُوبُ اِلَیْہِ فِی الْیَوْمِ اَکْثَرَ مِنْ سَبْعِینَ مَرَّۃً
আল্লাহৰ শপত মই দিনত সত্তৰ বাৰতকৈও অধিক ইস্তিগফাৰ আৰু তৌবা(আল্লাহৰ ওপৰত ক্ষমা প্ৰাৰ্থনা)কৰোঁ।(مشکاۃ المصابیح،ج١،ص٤٣٤،حدیث:٢٣٢٣)
মৰমৰ ভাই-ভনী সকল! আল্লাহৰ সমস্ত নবী সকল মাচুম বা নিস্পাপ হয় অৰ্থাৎ গুণাহৰ পৰা পবিত্ৰ। আনহাতে আমাৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম সকলো নবীৰ চৰ্দাৰ। তদুপৰি উলামায়ে কেৰাম ও মোহাদ্দিছিন সকলে ৰছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইস্তিগফাৰ(অৰ্থাৎ ক্ষমা প্ৰাৰ্থনা বিচৰাৰ)কৰাৰ প্ৰতি হিকমত বা গোপনীয় ৰহস্য কেইবাটাও লিখিছে। নবী কৰীম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইস্তিগফাৰ কৰাৰ হিকমত বা ৰহস্য- আল্লামা বদৰুদ্দিন আইনি ৰাহমাতুল্লাহি আলাইহিয়ে লিখিছে:নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে নম্ৰতাৰ্থে বা উম্মতৰ শিক্ষাৰ্থে ইস্তিগফাৰ বা তৌবা কৰা কৰিছিল।(عمدۃ القاری،ج ١٥،ص٤١٣، تحت الحدیث: ٦٤٠٧ملخصاً) ইমাম গযালী ৰাহমাতুল্লাহি আলাইহিয়ে লিখিছে:আল্লাহৰ ওচৰত নবী কৰীম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ সন্মান ও পদ সদায় উচ্চ হৈ থাকে। যেতিয়া তেওঁ এটা পদ বা অৱস্থাৰ পৰা আন এটালৈ মনোনীত হয় তেতিয়া পূৰ্বৰ পদৰ বাবে ইস্তিগফাৰ কৰে।(فتح الباری،ج ١٢،ص٨٥،تحت الحدیث:٦٣٠٧)
হাকিমুল উম্মত মূফতী আহমদ য়াৰ খান নাঈমী ৰাহমাতুল্লাহি আলাইহিয়ে লিখিছে: তৌবা ও ইস্তিগফাৰো নামাজ-ৰোজাৰ দৰে একো একোটা ইবাদ,সেয়েহে নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইয়াৰ প্ৰতি আমোল কৰিছিল। যিহেতু নবী কৰীম ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম মাঅ’চুম(নিস্পাপ)হয় আৰু গুণাহ তেওঁৰ নিকটৱৰ্তীও হ’ব নোৱাৰে।(مراٰۃ المناجیح،ج۳،ص٣٥٣ملخصاً)
মৰমৰ ভাই-ভনী সকল! নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম মাঅ’চুম বা নিস্পাপ হোৱা সত্ত্বেও উম্মতৰ শিক্ষাৰ্থে দিনত সত্তৰ বাৰকৈ আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে কিন্তু আমি ইমান গুণাহগাৰ হোৱাৰ পিছতো আমি তৌবা ও ইস্তিগফাৰৰ পৰা বহু দূৰত আছোঁ। আমি তৌবা ও ইস্তিগফাৰ কৰা উচিত।
তৌবা ও ইস্তিগফাৰ কৰাৰ প্ৰতিফল
১)তৌবাকাৰীক আল্লাহে পছন্দ কৰে।(جز ٢، البقرۃ: ٢٢٢)
২)যিজনে অটল ৰূপত ইস্তিগফাৰ কৰি থাকে আল্লাহ পাকে সেইজনৰ প্ৰতি সমস্ত সমস্যাৰ পৰা মুক্তি,তাৰ পৰা সকলো দুখ-কষ্টৰ অন্ত প্ৰদান কৰিব আৰু নভৱা ঠাইৰ পৰা জীৱিকা প্ৰদান কৰিব।(ابو داؤد،ج٢،ص١٢٢ حدیث:١٥٢٨)
৩)তৌবা ও ইস্তিগফাৰ কৰিলে অন্তৰৰ বক্ৰতা দূৰ হয় আৰু পৰিস্কাৰ হয়।(مجمع البحرین،ج ٤،ص٢٧٢، حدیث:٤٧٣٩)
৪)বান্দাই যেতিয়া তৌবা কৰে আল্লাহে(গুণাহ) লিখোতা ফিৰিস্তাৰ পৰা তাৰ গুণাহ পাহৰাই দিয়ে। তদ্ৰুপ গুণাহকৰোতাৰ শৰীৰৰ অংগ (হাত ভৰি)বোৰকো পাহৰাই দিয়ে। আৰু জমিনৰ পৰা তাৰ গুণাহৰ চিহ্নসমূহ নাইকিয়া কৰি দিয়ে। এতেকে যেতিয়া সি কিয়ামতৰ দিনা আল্লাহৰ বাৰগাহত উপস্থিত হ’ব তেতিয়া আল্লাহৰ পক্ষৰ পৰা তাৰ বিপক্ষে কোনো সাক্ষী নাথাকিব।(কিয়নো কিয়ামতৰ দিনা আল্লাহৰ পক্ষত গুণাহগাৰৰ বিৰুদ্ধে তাৰ হাত ভৰি আৰু গুণাহ কৰা ঠাই আদিয়ে তাৰ গুণাহৰ সাক্ষী দিব। কিন্তু তৌবাকাৰীৰ প্ৰতি আল্লাহে এই সমস্ত সাক্ষী নাইকিয়া কৰি তাক দোষ মুক্ত কৰি দিয়ে)(الترغیب والترھیب،ج٤،ص٤٨، رقم:١٧)
প্ৰকৃত অৰ্থত তৌবা আৰু তৌবা কেনেকৈ কৰিবঃ প্ৰকৃত তৌবাৰ অৰ্থ হৈছে বান্দাই কোনো গুণাহক আল্লাহৰ নাফাৰমানী(অবাধ্য)বুলি গণ্য কৰি কৰাৰ পিছত তাৰ প্ৰতি লজ্জিত হৈ আল্লাহৰ ওচৰত ক্ষমা খোজা আৰু আগন্তুক সময়ত উক্ত গুণাহৰ পৰা দূৰত থকাৰ পৰিপক্ক ভাৱে আশা কৰা আৰু উক্ত গুণাহৰ ক্ষতিপূৰণ কৰাৰ চেষ্টা কৰা যেনে:নামাজ ক্কাযা কৰিছিল এতিয়া তাৰ ক্কাযা আদায় কৰি পুনৰাই ক্কাযা নকৰাৰ প্ৰতি অত্যন্ত চেষ্টা সাধন কৰা। যদি কাৰোবাৰ কিবা চুৰি কৰিছিল বা ভেঁটি তথা ঘোচ লৈছিল তেন্তে তৌবাৰ পিছত সেয়া তাৰ আচল মালিক বা তাৰ পৰিয়ালক ঘুৰাই দিয়া বা মাফ কৰাই লোৱা। আৰু যদি আচল মালিক বা তাৰ পৰিয়ালৰ সন্ধান নাপালে তেনেহলে এই নিয়্যতত ছদকা কৰি দিয়া যে যদি আচল মালিক বা তাৰ পৰিয়ালৰ সন্ধান ওলায় আৰু ছদকাৰ প্ৰতি একমত নহ’লে মোৰ পক্ষৰ পৰা ক্ষতিপূৰণ কৰিম।(ماخوذ ازفتاویٰ رضویہ،ج٢١،ص١٢١)
মৰমৰ ভাই-ভনী সকল! তৌবা প্ৰতি আগ্ৰহতা আল্লাহৰ ৰহমতত সৌভাগ্যজনেহে পায়। গতিকে চয়তানে পতা জালক বিফল কৰি জীৱনৰ প্ৰতি ক্ষণতে তৌবা ও ইস্তিগফাৰ অৱলম্বন কৰা অত্যন্ত জৰুৰী।
আহক আমি মাতৃ ভাষাতেই তৌবা কৰা শিকোঃ
সম্পূৰ্ণ এখলাছ বা নিষ্ঠাপূৰ্ণ ভাৱে আল্লাহৰ বাৰগাহত হাত তুলি এনেকৈ তৌবাসহ দোআ কৰক “আচ্ছালাতু আচ্ছালামু আলাইকা ইয়া-ৰাছুলাল্লাহ ৱা আলা আ-লিকা ৱা আছহা-বিকা ইয়া-হাবিবাল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম”। ইয়া আল্লাহ!ইয়া ৰহমান! ইয়া ৰহিম! সমস্ত সু-প্ৰশংসাৰ যুগ্য তুমিয়েই। • ইয়া আল্লাহ! মই জানিয়েই হওঁক অথবা নাজানি,সৰু হওঁক অথবা ডাঙৰ,গোপনে হওঁক বা প্ৰকাশ্যৰূপে সকলোধৰণৰ গুণাহৰ পৰা ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আৰু সেই গুণাহৰ পৰা যিটো মোৰ মনত আছে আৰু সেইটোৰ পৰাও যিটো মই পাহৰি গৈছোঁ। ইয়া আল্লাহ! তুমিটো সমস্ত অদৃশ্য কথাত জ্ঞাত। আৰু অতি ক্ষমাশীল,অন্তৰৰ ভাৱনাতো অৱগত। তোমাৰ বাহিৰে কোনো ক্ষমতাশালী সত্বা নাই। তুমি তোমাৰ দয়াৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ অচিলাই মোৰ তৌবা কবুল ও মঞ্জুৰ কৰা। আল্লাহুম্মা ছাল্লি আলা-মুহাম্মাদ ৱা আলা আলি ছায়্যিদিনা মুহাম্মদ ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম। আমিন ছুম্মা আমিন বি হাক্কি লা-ইলা-হা ইল্লাল্লা-হু মুহাম্মদাৰ্ ৰাছুলুল্লা-হ। তৌবাৰ ফজিলত
মহিলা সকলে বহি নামাজ পঢ়িব পাৰিবনে – ইছলামৰ পোহৰ Click here
আমাৰ ইউটিউব চেনেল click here
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
Recent Comments