উত্তম জিকিৰ ও দুৰূদ

উত্তম জিকিৰ ও দুৰূদ

উত্তম জিকিৰ ও দুৰূদ প্ৰশ্নঃ-১)সবাতোকৈ উত্তম জিকিৰ আৰু দুৰূদ শ্বৰীফ কোনটো ? ২)তৌবাৰ সঠিক পদ্ধতি ও দোআটো জনাবচোন ?

▁▁▁▁▁▁▁▁▁▁▁▁

উত্তৰঃ-১)সৰ্বোত্তম জিকিৰ হৈছে লা ইলাহা ইল্লাল্লাহু মোহাম্মাদুৰ ৰাছুলুল্লাহ। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: اَفْضَلُ الذِّكْرِ لَا اِلٰهَ اِلَّا اللَّهُ وَاَفْضَلُ الدُّعَاءِ الحمد للہ

সবাতোকৈ উত্তম জিকিৰ হৈছে লা ইলাহা ইল্লাল্লাহ আৰু সবাতোকৈ উত্তম দোআ হৈছে আলহামদুলিল্লাহ। (ابن ماجہ،ج۴،ص۲۴۷،حدیث:۳۸۰۰)   ইয়াৰ বাখ্যা কৰি মিৰআতুল মানাজিহত আছে: লা ইলাহা ইল্লাল্লাহ অৰ্থাৎ সম্পূৰ্ণ কলিমা শ্বৰীফ “লা ইলাহা ইল্লাল্লাহ মোহাম্মাদুৰ্ ৰাছুলুল্লাহ”। নহ’লে মাথোঁ কলিমাতো মোৱাহ্হিদ কাফিৰ আনকি ইবলিছ চয়তানেও পঢ়ে। যি বস্তুৰে মোমিন বুলি গণ্য কৰা হয় সেইটো হৈছে “লা ইলাহা ইল্লাল্লাহ মোহাম্মাদুৰ্ ৰাছুলুল্লাহ”। কাৰণ কলিমাৰ দ্বাৰা কুফুৰৰ অপবিত্ৰতা দূৰ হয়। ইয়াক পঢ়ি কাফিৰ মোমিন হয়। ইয়াৰ দ্বাৰা অন্তৰৰ লেতেৰা আ‍ঁতৰে। এয়া আল্লাহৰ প্ৰসংশা আৰু নবীৰ গুণগাণৰ একত্ৰিত বাক্য। সেয়েহে উত্তম জিকিৰ হৈছে লা ইলাহা ইল্লাল্লাহ মোহাম্মাদুৰ্ ৰাছুলুল্লাহ।(مراٰۃ المناجیح،ج3،ص۳۴۲)

সবাতোকৈ উত্তম দুৰূদ শ্বৰীফ হৈছে দুৰূদে ইব্ৰাহিম, যিটো নামাজত পঢ়া হয়।“আল্লাহুম্মা ছাল্লি আলা মোহাম্মাদিও ওৱা আলা আলি মোহাম্মাদিন কামা স্বাল্লাইতা আলা ইব্ৰাহিমা ওৱা আলা আলি ইব্ৰাহিমা ইন্নাকা হামীদুম্মাজীদ। আল্লাহুম্মা বাৰিক আলা মোহাম্মাদিও ওৱা আলা আলি মোহাম্মাদিন কামা বাৰাকতা আলা ইব্ৰাহিমা ওৱা আলা আলি ইব্ৰাহিমা ইন্নাকা হামীদুম্মাজীদ।” (تفسیر صراط الجنان،سورۃ الأحزاب،تحت آية ٥٦)

২) এই বিষয়ে আগতে দিয়া হৈছে সেয়েহে লিংকটোৰে পঢ়িবলৈ অনুৰোধ জনালোঁ। তৌবাৰ ফজিলত – ইছলামৰ পোহৰ click here 

আল্লাহ পাকে আমাক চৰিয়তৰ বিধান মানি চলাৰ তৌফিক দান কৰক। উত্তম জিকিৰ ও দুৰূদ

আমাৰ ইউটিউব চেনেল click here 

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

▁▁▁▁▁▁▁▁▁▁▁▁

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d