প্ৰশ্নঃ- ইফতাৰৰ দোআ কেতিয়া পঢ়িব লাগে ?
• ইফতাৰৰ দোআ ৰোজা খুলি পঢ়িব লাগে নে ৰোজা খোলাৰ আগতে পঢ়িব লাগে ?
উত্তৰঃ- ইফতাৰৰ দোআ ৰোজা খুলি পঢ়া ছুন্নত,এয়া হাদিছ শ্বৰীফৰ দ্বাৰা প্ৰমাণিত।
◈ “বিছমিল্লাহ” পঢ়ি ইফতাৰ কৰক তাৰ পিছত ইফতাৰৰ দোআ পঢ়ক। এয়া ছুন্নত।
• হাদিছ শ্বৰীফত আহিছে:
أنَّ النَّبِیّ صلی اللّٰه تعالى علیه وآله وسلم كَانَ اِذَا اَفْطَرَ قَالَ:اللّٰھُمَّ لَكَ صمتُ وعلیٰ رزْقِكَ أفطرتُ
নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ৰোজা খোলাৰ পিছত(অৰ্থাৎ ইফতাৰ কৰাৰ পাছত)এই দোআ পঢ়িছিল “হে আল্লাহ! মই তোমাৰ সন্তুষ্টিৰ উদ্দেশ্যে ৰোজা ৰাখিলোঁ,আৰু তোমাৰ দিয়া আহাৰেৰে ৰোজা খুলিলো। (ছুনানে আবু দাউদ,৪/৪০,২৩৫৮,বেইৰুট)
◈ ঈমাম মুহাম্মদ বিন আব্দুল লতিফ প্ৰসিদ্ধ ইবনে মালিক আৰু ইবনে হুছাইন বিন মাহমূদুল মজহাৰী ৰাহিমাহুমুল্লাহে এই হাদিছৰ বিশ্লেষণ কৰি কয়:
يقرأ هذا الدعاء بعد الإفطار
অৰ্থাৎ এই দোআ ৰোজা খুলি পঢ়া হ’ব।
(شرح المصابیح لابن الملك،ج٢ص٥١٩،المفتاتیح شرح المصابیح للمظھری،ج۳،ص٢٤،طبع؛ دار النوادر قطر)
• জুব্দানী হানফীয়ে এই হাদিছৰ বাখ্যা কৰি লিখিছে:
وهذا الدعاء يُقرَأ أيضًا بعد الإفطار
অৰ্থাৎ: আৰু এই দোআও ইফতাৰৰ পিছত পঢ়া হ’ব।
(المفاتیح فی شرح المصابیح،٣/٢٣)
• হজৰত মোল্লা আলী ক্কাৰী ৰাহমাতুল্লাহি আলাইহিয়ে মিৰকাতুল মাফাতিহত কৈছে;
(کان إذاأفطر قال) أی دعا،وقال ابن الملك :أی قرأ بعد الإفطار
(ইফতাৰ কৰি পঢ়িছিল)অৰ্থাৎ দোআ কৰিছিল। আল্লামা ইবনুল মালিকে কৈছে: অৰ্থাৎ ইফতাৰ কৰাৰ পাছত এই দোআ পঢ়িছিল।
(مرقاۃ شرح مشکوٰۃ،ج۴،ص١٣٨٦،مطبوعہ دار الفکر بیروت)
◈ ইয়াৰোপৰি আন এটি হাদিছত আহিছে: নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে;
يَا عَلِيُّ إِذَا كُنْتَ صَائِمًا فِي شَهْرِ رَمَضَانَ فَقُلْ بَعْدَ إِفْطَارِكَ: اللَّهُمَّ لَكَ صُمْتُ وَعَلَيْكَ تَوَكَّلْتُ،وَعَلَى رِزْقِكَ أَفْطَرْتُ
হে আলী! ৰমজান মাহত যেতিয়া ৰোজা ৰাখিবা তেতিয়া ইফতাৰৰ পিছত এই দোআ পঢ়িবা “হে আল্লাহ! মই তোমাৰ সন্তুষ্টিৰ উদ্দেশ্যে ৰোজা ৰাখিলোঁ,আৰু তোমাৰ ওপৰতেই ভৰসা কৰিলোঁ,আৰু তুমি দিয়া খাদ্যৰেই ৰোজা এৰিলোঁ।
(مسند الحارث بن ابی اسامه-٤٦٩)
• ফতোৱা ৰেজৱিয়্যাহতো এনেদৰেই ইফতাৰৰ পিছত পঢ়াৰ কথা উল্লেখ আছে।
(فتاویٰ رضویہ،ج١٠،ص٦٤٢،،مطبوعہ رضا فاؤنڈیشن لاہور)
• ফতোৱা ফইজুৰ ৰাছূলত আছে: ইফতাৰৰ দোআ ৰোজা খুলি পঢ়া হ’ব। (- ইফতাৰৰ দোআ কেতিয়া পঢ়িব লাগে ::)-
(فتاویٰ فیض الرسول،ج۱،ص٤٧٦)
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
ইফতাৰৰ দোআ কেতিয়া পঢ়িব লাগে
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
Recent Comments