ৰোজা অৱস্থাত মুখত মাখি,ধূলি-বালি বা ধোঁৱা সুমালে কি হ’ব‌ ?

প্ৰশ্নঃ- ৰোজা ৰাখি ধূপ-ধূণা বা ধূমপানৰ ধোঁৱা,ধূলিবালি,মাখি আদি মুখ বা নাকত সুমালে ৰোজা থাকিবনে ?

উত্তৰঃ-মাখি,ধূলিবালি অথবা যিকোনো বস্তুৰ গুৰি আদি কন্ঠনলীত সুমাই গ’লে ৰোজা ভঙ্গ নহয়। আটা গুৰি কৰি থাকোঁতে হওঁক অথবা চালি থাকোঁতে সুমাই গ’লে ৰোজা ভঙ্গ নহয়, ৰোজা ৰাখি থকা বুলি মনত থাকক বা নাথাকক। আনহাতে ইচ্ছাকৃতভাৱে নিজে জানি বুজি ৰোজা থকাৰ কথা মনত থকাৰ পিছতো যদি ধোঁৱা ভিতৰত নিয়ে তেন্তে ৰোজা ভঙ্গ হ’ব,যথা যিহৰেই ধোঁৱা নহওঁক কিয়(চিগাৰেট,ধূপ আদিৰ),যেনেদৰেই ভিতৰত নপঠিয়াওক কিয়(নাক,মুখ আদিৰে)। এতেকে ধূপ-ধূণা আদি লগোৱা আছিল আৰু গৈ শুঙি দিয়া হ’ল তেন্তে ৰোজা ভঙ্গ হ’ব। তদ্ৰূপ হোক্কা খালেও ৰোজা যাব।(অনিচ্ছাকৃতভাৱে ধোঁৱা ভিতৰত গ’লে ৰোজা ভঙ্গ নহয়;গাড়ীৰ ধোঁৱা হওঁক অথবা ধূপ-ধূণা বা ধূমপান আদিৰ।)
(بہار شریعت-١-٩٨٢-بحوالہ الدر المختار و الرد المحتار،باب ما یفسد الصوم ومالا یفسدہ،ج٣)

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d