প্ৰশ্নঃ- ৰোজা ৰাখি খানা টেষ্ট কৰিব পাৰিনে ?
• তৰকাৰিত নিমখ বা জলকীয়া চোৱাৰ বাবে ৰোজা অৱস্থাত খাদ্য জিভাত ল’ব,taste কৰিব পাৰিনে?
উত্তৰঃ- ৰোজা ৰাখি খানা টেষ্ট কৰিব পাৰিনে নোৱাৰি এইবিষয়ে;
প্ৰয়োজনত ডিঙিৰ ভিতৰলৈ নোযোৱাকৈ খাদ্যৰ সোৱাদ জ্ঞাত কৰাৰ উদ্দেশ্যে চাকিব(taste)পাৰি।
◈ অনাৱশ্যকত ৰোজাদাৰ ব্যক্তিয়ে কোনো বস্তু চাকি চোৱা মকৰূহ উদাহৰণ স্বৰূপে মুখত আহাৰৰ অলপ অংশ লৈ সোৱাদ কেনে হৈছে,নিমখ,জলকীয়া হৈছে নে নাই জ্ঞাত কৰা ইত্যাদি।
◈ হয়! কাৰণবশতঃ খাদ্যৰ সোৱাদ চেক কৰিব পাৰি যেনে স্বামী বৰ খঙাল যে নিমখ জলকীয়া আদি কম বেছি হ’লে মাৰপিট কৰিব বা কাজিয়া কৰিব। তদ্ৰুপ সৰু ল’ৰা ছোৱালীৰ খাদ্যৰ ক্ষেত্ৰত; যদি কোনো নৰম খাদ্য নাথাকে বা কোনো মাহেকীয়া হোৱা মহিলা নাথাকে অথবা এনেকুৱা কোনো ৰোজাত নথকা ব্যক্তি পোৱা নাই যিয়ে চোবাই দিব তেন্তে সৰু সন্তানৰ বাবে ডিঙিৰ ভিতৰলৈ নোযোৱাকৈ খাদ্য চোবাই দিয়াও মকৰূহ নহয়।
(”الدرالمختار”، کتاب الصوم، باب ما یفسد الصوم وما لایفسدہ، ج۳، ص۴۵۳، وغیرہ)
• ফতোৱা হিন্দিয়্যাহত আছে:
و كره ذوق شئي و طضغه بلا عذر كذا في الكنز،و من العذر في الأول ما لو كان زوج المرأة و سيد ها سئي الخلق فذاقت المرأة
অপ্ৰয়োজনত সোৱাদ জ্ঞাত কৰিবলৈ কোনো বস্তু চাকি চোৱা মকৰূহ,এনেদৰেই আল কান্জত আছে,আৰু স্বামী,দাসীৰ মালিক কু-চৰিত্ৰ হোৱা প্ৰয়োজনৰ অন্তৰ্ভুক্ত সেয়েহে তেনে ক্ষেত্ৰত (ডিঙিত প্ৰৱেশ নকৰাকৈ)চাকিব পাৰে।
(الفتاویٰ الهندية،كتاب الصوم ،الباب الثالث فيما يكره للصائم وما لا يكره،ج۱،ص٢١٩،دارالكتب العلمية،بيروت)
◈ খাই চোৱা বা চাকি চোৱাৰ উদ্দেশ্য সেইটো নহয় যিটো সচৰাচৰ প্ৰসিদ্ধ “অৰ্থাৎ কোনো আহাৰৰ সোৱাদ জ্ঞাত কৰিবলৈ আহাৰৰ অলপ অংশ লৈ খাই দিয়া”, এইদৰে সোৱাদ জ্ঞাত কৰিলে ৰোজা মকৰূহ নহয় বৰং ৰোজা ভংগ হ’ব আৰু চৰ্ত পোৱা গ’লে কাফ্ফাৰা(জৰিমনা)বিহিব লাগিব। • চাকি চোৱাৰ অৰ্থ হৈছে খাদ্যৰ পৰা অকণমান লৈ ডিঙিত প্ৰৱেশ নকৰাকৈয়ে জিভাত দি সোৱাদ জ্ঞাত কৰি উলিয়াই পেলায় দিয়া।
• ফতোৱা আলমগিৰিত আছে:
وان مضغها لا يفسد إلا أن يجد طعمها في حلقه
ডিঙিত নোযোৱাকৈ খাদ্যৰ পৰা অকণমান চাকি চালে ৰোজা ভংগ নহয়।
(الفتاویٰ الهندية،كتاب الصوم،الباب الرابع فيما يفسد و ما لا يفسد،ج۱،ص٢٢٣،دارالكتب العلمية،بيروت)
• এনেদৰেই বাহাৰে চৰীয়ত পাঁচ নং খণ্ড ‘ৰোজাৰ মকৰূহাত’ অধ্যায়ত আছে।
আল্লাহ পাকে আমাক সঠিক ভাবে ৰোজা ৰখাৰ ক্ষমতা দান কৰক। আ-মী-ন।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
• ৰোজা ৰাখি খানা টেষ্ট কৰিব পাৰিনে ?
*•┈┅❀শ্বৰীঅতে কি কয় ?❀┅┈•*
ইঞ্জামুল হক।
দৰং,অসম।
Recent Comments