জীৱনত কাজা হোৱা নামাজ সমূহ পঢ়াৰ সৰল পদ্ধতি
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
◍ আৱশ্যকীয় তথা অনিবাৰ্য কাম হৈছে “কাজা হোৱা ফৰজ আৰু ওৱাজিব সমূহ আদায় কৰা”।
◍ কাজা মাথোঁ ফৰজ আৰু ৱিতিৰৰহে পঢ়িব লাগিব।
• প্ৰতিদিনৰ কাজা মাত্ৰ ২০ ৰাকাত পঢ়িব লাগে।
জোহুৰ,আচৰ আৰু ইশ্বা নামাজৰ চাৰি চাৰি ৰাকাত ফৰজ। ফজৰৰ দুই ৰাকাত ফৰজ। তিনি ৰাকাত মাগৰিবৰ ফৰজ আৰু ৱিতিৰৰ তিনি ৰাকাত।
◍ কাজা নামাজত নিয়্যত জৰুৰী,কাজা নামাজৰ নিয়্যতঃ-
• নিয়্যত কৰিলো মই প্ৰথম ফজৰৰ যিটো মোৰ পৰা কাজা হৈছে। • নিয়্যত কৰিলো মই প্ৰথম জোহুৰৰ যিটো মোৰ পৰা কাজা হৈছে,এনেদৰে সদায় প্ৰত্যেক নামাজৰ কাজাৰ নিয়্যত কৰিব।
◍ যি ব্যক্তিৰ বহুত নামাজ কাজা হৈ গৈছে তেওঁ সুবিধাৰ্থে এনেদৰে পঢ়িলেও পঢ়িব পাৰে,জায়েজ আছে;
◒ প্ৰত্যেক ৰুকু আৰু ছিজদাহৰ তছবিহ তিনিবাৰৰ ঠাইত এবাৰকৈ পঢ়িব।
◒ ফৰজৰ তৃতীয় আৰু চতুৰ্থ ৰাকাতত ছুৰা ফাতিহাৰ পৰিৱৰ্তে মাথোঁ তিনিবাৰ তিনিবাৰকৈ “ছুবহানাল্লাহ ছুবহানাল্লাহ” পঢ়ি ৰুকু কৰিব,এয়া মাথোঁ ফৰজৰ ক্ষেত্ৰতহে ৱিতিৰৰ তিনিও ৰাকাতত ছুৰা ফাতিহা আৰু অইন ছুৰা পঢ়া হ’ব।
◒ অন্তিম বৈঠকত “আত্তাহিয়্যাতু” পঢ়াৰ পিছত দুৰূদ শ্বৰীফ আৰু দোআ মাছূৰাৰ ঠাইত “আল্লাহুম্মা ছাল্লি আলা মোহাম্মাদিও ৱা আলিহি” পঢ়ি ছালাম ফিৰাব।
◒ ৱিতিৰৰ তৃতীয় ৰাকাতত দোআ কুনুতৰ পৰিৱৰ্তে আল্লাহু আকবাৰ আৰু মাথোঁ একবাৰ অথবা তিনিবাৰ ”ৰব্বিগফীৰ লী” পঢ়ি ৰুকু কৰিব।
• তিনিটা সময়ৰ বাহিৰে সকলো সময়তে কাজা পঢ়িব পাৰি। সেই তিনিটা সময় জানক লিংকটোৰ সহায়ত : Click here
• আল্লাহ পাকে আমাক ইয়াৰ ওপৰত আমোল কৰাৰ তৌফিক দান কৰক। আ-মী-ন।
(فتاویٰ رضویہ،ج۳،ص٩٢١-٩٢٢،ملخصاً،مبارک راتیں،ص٦٤)
{জীৱনত কাজা হোৱা নামাজ সমূহ পঢ়াৰ সৰল পদ্ধতি}
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
আমাৰ ইউটিউব চেনেল click here
Recent Comments