প্ৰশ্নঃ-অজু নকৰাকৈ আজান দিব পাৰিনে ?
•┈┈┈┈••✦✿✦••┈┈┈┈•
উত্তৰঃ- অজুৰ সৈতে আজান দিয়া মোস্তাহাব। বিনা কাৰণত অজু নোহোৱাকৈ আজান দিয়া মকৰূহ কিন্তু আজান হৈ যাব। হাদিছ শ্বৰীফত আহিছে – হজৰত আবু হুৰাইৰাহ ৰাদ্বীয়াল্লাহু আনহুই কৈছে –
قَالَ أَبُو هُرَيْرَةَ : لَا يُنَادِي بِالصَّلَاةِ إِلَّا مُتَوَضِّئٌ
অজু থকা ব্যক্তিয়েহে আজান দিয়ক।
(جامع ترمذی-٢١٠)
হিদায়াহ শ্বৰীফত আছে-
وینبغی یستحب ان یوذن۔۔۔علی طھر فان اذن علی غیر وضوء جاز لانہ ذکر ولیس بصلوة فکان الوضوء فیہ استحبابا ۔۔۔۔
অৰ্থাৎ অজু থকা(পবিত্ৰ)অৱস্থাত আজান দিয়া উচিত। যদি বিনা অজুৰে আজান দিয়া হয় তেন্তে জায়েজ(আজান হৈ যাব),যিহেতু এয়া নামাজ নহয় বৰং জিকিৰহে সেয়ে ইয়াৰ বাবে অজু মুস্তাহাব।
(ھدایہ،ج۱،کتاب الصلوة-ص٩٠)
অজু নকৰাকৈ আজান দিব পাৰিনে ?
ফাতিমী মহৰৰ পৰিমাণ কিমান – click here
আমাৰ ইউটিউব চেনেল click here
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
Recent Comments