নামাজৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ আলোচনা

Importance of Salah

খণ্ড/৬

নামাজৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ আলোচনা

• নামাজ মোমিনৰ পৰিচয়, নামাজৰ দ্বাৰাই মুছলিম আৰু অমুছলিমৰ মাজত পাৰ্থক্য কৰা হয়,ই এটা ইছলামৰ গুৰুত্বপূৰ্ণ অংশ সেয়েহে আমাৰ বাবে অতিকৈ প্ৰয়োজনীয় সেইসমূহ কথা জনা যিবোৰৰ কাৰণে এই মহান ইবাদৎ বিফল হয়,তলত উল্লেখিত কথাবোৰ অতিকৈ দৰকাৰী যথাঃ

নামাজ ভঙ্গ হােৱাৰ কাৰণসমূহ।

নামাজ নষ্ট বা ভঙ্গ হােৱাৰ কেইবাটাও কাৰণ আছে,যথা

❒︎নামাজ পঢ়ি থকা সময়ছােৱাত ভুলত , ইচ্ছাকৃত বা অনিচ্ছাকৃতভাৱে কথা কোৱা।

❒︎ কাৰোবাৰ ছালামৰ উত্তৰ দিয়া।

❒︎কাৰােবাক ছালাম কৰা, পাহৰিয়েই নহওক কিয়।

❒︎যিজনৰ এক ৰাকাত ইমামৰ ছালাম ফিৰোৱাৰ পিছত পঢ়িব লগা আছিল আৰু সি ইমামৰ লগতে ছালাম ফিৰাব লাগে বুলি ভাবি ‌ইমামৰ লগতে ছালাম ফিৰালে তেন্তে নামাজ ভংগ হ’ব।

❒︎ ইমামে মোক্তদিৰ বাহিৰে অন্য কাৰোবাৰ লোকমা ল’লে।

❒︎নামাজৰ মাজত কোনাে অতিৰিক্ত কাম কৰা।

❒︎উঃ আঃ আদি শব্দ কৰা।

❒︎বিষ-বেদনা বা শােকত শব্দ কৰি ক্ৰন্দন কৰা।

❒︎বিনা কাৰণত কান্দা।

❒︎নামাজৰ ভিতৰৰ বা বাহিৰৰ কোনাে ফৰজ ত্যাগ কৰা।

❒︎শৰীৰৰ এক চতুর্থাংশ পর্যন্ত কাপােৰ খহি পৰা।

❒︎হাঁচিৰ উত্তৰত ইয়াৰহামু কুমুল্লাহ কোৱা।

❒︎পানাহাৰ কৰা।

❒︎সুসংবাদত আলহামদুলিল্লাহ কোৱা আৰু দুঃসংবাদত ইন্নালিল্লাহ কোৱা।

❒︎ঈমামৰ আগতে মােক্তাদিয়ে কোনাে ৰুকুন আদায় কৰা, যেনে ইমামে ছিযদাহ কৰাৰ আগেয়ে ছিযদাহ কৰা আদি।

উপৰোক্ত কথাবোৰ মনত ৰখাৰ চেষ্টা কৰা বহু অৱশ্য-কৰ্তব্য।

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d