খণ্ড/-৪
নামাজৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ আলোচনা :)- আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছেঃ-
وَمَنْ أَحْيَا سُنَّتِي فَقَدْ أَحَبَّنِي ، وَمَنْ أَحَبَّنِي كَانَ مَعِي فِي الجَنَّةِ
যিজনে মোৰ ছুন্নতক জীৱিত কৰিলে সি মোৰ লগত মহব্বত কৰিলে (ভালপোৱা গঢ়িলে )আৰু যিজনে মোৰ লগত মহব্বত কৰিলে সেইজন যান্নাতত মোৰ লগত হ’ব।
ছুন্নতত আমোল কৰাৰ একেবাৰে সৰল পদ্ধতি হ’ল নামাজ যদি আমি তলত উল্লেখিত ছুন্নতবোৰ জানো আৰু তাৰ ওপৰত আমোল কৰো তেন্তে নিশ্চয় আমি আল্লাহৰ নবীৰ হাদিছ হিচাপে যান্নাতত যাম ইনশ্বা আল্লাহ।
নামাজৰ সুন্নতসমূহঃ-
❒︎তকবীৰ পাঠ কৰি দুই হাত কাণৰ লতি পর্যন্ত উঠোৱা।
❒︎হাতৰ আঙুলি পৰস্পৰ পৃথক ৰখা,হাতৰ পতা আৰু আঙুলিৰ পেট পশ্চিম ফালে ৰখা।
❒︎আৰম্ভণিৰ তকবিৰ কওতে মুৰ হলাই নিদিয়া।
❒︎কুনুতৰ তকবিৰ (আল্লাহু আকবাৰ) কোৱা।
❒︎ইমামৰ বাবে নামাজ আৰম্ভ হােৱাৰ তকবীৰ উচ্চস্বৰতধ কোৱা।
❒︎ছানা পাঠ কৰা।
❒︎আউজুবিল্লাহ পাঠ কৰা।
❒︎বিছমিল্লাহ ‘ পাঠ কৰা।
❒︎ৰুকুৰ ভিতৰত তিনি,পাঁচ বা সাতবাৰ তছবীহ(ছুবহানা ৰাব্বিয়াল আজিম)কোৱা।
❒︎ৰুকুৰ পৰা উঠাৰ সময়ত ইমামে ‘ ছামিয়াল্লাহহলিমান হামিদা ’ কোৱা আৰু মুক্তাদিসকলে ৰাব্বানা ৱা লাকাল হামদ ’ কোৱা আৰু অকলে নামাজ পঢ়িলে দুয়োটা কোৱা।
❒︎ছুৰা ফাতিহা পাঠ কৰাৰ পিছত ইমাম আৰু মুক্তাদিসকলে মৃদু সুৰত ‘ আমিন কোৱা।
❒︎পুৰুষৰ বাবে নাভিৰ তলত তাহৰীমা বন্ধা আৰু স্ত্রীলােকৰ বাবে ছিনাৰ( বুকুৰ )ওপৰত তাহৰীমা বন্ধা।
❒︎ৰুকুত দুই আঠু ধৰা(পুৰুষৰ বাবে আৰু মহিলাই আঠুত ধৰিব নালাগে অকল ৰাখিলেই হল) আৰু আঙুলিসমূহ পৰস্পৰ পৃথক ৰখা।
❒︎ৰুকুৰ পৰা উঠি পােন হৈ থিয় হােৱা।
❒︎আমিন কোৱা।
❒︎ছিজদাত তছবীহ পঢ়।
❒︎পুৰুষৰ বাবে ছিজদাহৰ পৰা উঠি সোঁ-ভৰি থিয় ৰাখি বাওঁ ভৰিৰ ওপৰত বহা আৰু মহিলাসকলে উভয় ভৰি সোঁ-পিনে বাহিৰ কৰি তপিনাৰ(চতৰৰ)ওপৰত বহা
❒︎ছিজদাহৰ পৰা উঠি এক তছবীহ পৰিমাণ সময় বহি থকা।
❒︎দৰূদ শ্বৰিফ পাঠ কৰা।
❒︎ৰুকুৰ বাবে আল্লাহু আকবাৰ কোৱা।
❒︎ছুবহানা ৰাব্বিয়াল আজিমৰ (ظ)”জ”যদি ভালদৰে উচ্ছাৰণ কৰিব নোৱাৰে তেন্তে “ছুবহানা ৰাব্বিয়াল কাৰিম”পঢ়ক।❒︎ ছিযদাহত যাবলৈ আৰু ছিযদাহৰ পৰা উঠিবলৈ আল্লাহু আকবাৰ কোৱা।❒︎ ছিযদাহত হাত মাটিত ৰখা। ❒︎ ছিযদাহলৈ গলে প্ৰথমে আঠু মাটিত তাৰ পিছত হাত তাৰ পিছত নাক তাৰ পিছত কপাল ৰখা আৰু ছিযদাহৰ পৰা উঠিলে ইয়াৰ উল্টা কৰা অৰ্থাৎ প্ৰথমে কপাল তাৰ পিছত নাক তাৰ পিছত হাত তাৰ পিছত আঠু উঠোৱা। ❒︎ দোআয়ে মাছুৰা পঢ়া। ❒︎ দুই পিনে ছালাম ফিৰােৱা।
Recent Comments