খণ্ড/-৩
নামাজৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ আলোচনা:)- নামাজৰ ৱাযিবৰ ওপৰত আমোল কৰিবলৈ আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে বহুত কঠিন ভাৱে সতৰ্ক কৰি দিছে,ৱাযিব সমূহ ফৰজৰ দৰেই ইয়াৰ অবিহনে নামাজ অসম্পূৰ্ণ ,যদি কোনো ৱাযিব অজানিতে এৰা যায় তেন্তে ছহু ছিযদাহেৰে পৰিপূৰ্ণ কৰিব পাৰি ,আকৌ যদি জানি বুজি এৰা যায় তেন্তে নামাজ আদায় নহয়,গতিকে যিবোৰৰ অবিহনে নামাজ অসম্পূৰ্ণ সেইবোৰৰ জ্ঞান লোৱা অতিকৈ প্ৰয়োজনীয়। (নামাজৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ আলোচনা)
নামাজৰ ওৱাজিব সমূহঃ-
❒︎নামাজৰ আৰম্ভণিত আল্লাহু আকবাৰ কোৱা।
❒︎ ছুৰা ফাতিহা পাঠ কৰা,এটি শব্দ ৰৈ গ’লে ৱাযিব এৰি দিয়াৰ দৰে হ’ব,ছহু ছিযদাহেৰে পৰিপূৰ্ণ কৰিব লাগিব।
❒︎ ফৰজৰ প্ৰথম দুই ৰাকাতত আৰু নফল,বিতিৰৰ প্ৰত্যেক ৰাকাতত ছুৰা ফাতিহাৰ পিছত অন্য এটি ছুৰা মিলাই পঢ়া।
❒︎ “”আলহামদু”__কিৰাতৰ অৰ্থাৎ ছুৰাৰ আগত পঢ়া।
❒︎ প্ৰত্যেক ৰাকাতত ছুৰাৰ আগত এবাৰ “আলহামদু” পঢ়া।
❒︎ নামাজৰ ৰুকুন বােৰ সম্পূৰ্ণ কৰা।
❒︎প্রথম বৈঠক কৰা।
❒︎ আত্যাহিয়্যাতাে পাঠ কৰা।
❒︎ নামাজৰ শেষত ছালাম ফিৰােৱা।
❒︎ফৰজ নামাজৰ প্রথম দুই ৰাকাতত আৰু ছুন্নত আৰু নফল নামাজত ছুৰা ফাতিহাৰ লগত অন্য এটি ছুৰা পঢ়া।
❒︎ নামাজৰ ৰুকুন সমূহ লাহে – ধীৰে সম্পন্ন কৰা।
❒︎ যি নামাজ উচ্চস্বৰত পঢ়িব লাগে সেই নামাজ উচ্চস্বৰত পঢ়া।
❒︎ যি নামাজ নিম্ন স্বৰত বা মনে মনে পঢ়িব লাগে সেই নামাজ সেই মতে আদায় কৰা।
❒︎ৱিতিৰত কুনুত পঢ়া।
❒︎ৱিতিৰৰ তকবিৰ অৰ্থাৎ ছুৰা মিলোৱাৰ পিছত দোআ কুনুত পঢ়াৰ আগত তকবিৰ কোৱা (কানত হাত উঠাই আল্লাহু আকবৰ কোৱা)।
❒︎কৌমা অৰ্থাৎ ৰুকুৰ পৰা পোনহৈ ঠিয় হোৱা।
❒︎ছুৰা পঢ়াৰ পিছত অনতিপলমে ৰুকু কৰা।
❒︎ এটা ছিযদাহৰ পিছত দ্বিতীয় ছিযদাহ কৰা।
❒︎আলহামদু পাঠ কৰাৰ পিছত অনতিপলমে ছুৰা মিলোৱা।
❒︎ প্ৰত্যেক ৰাকাতত এবাৰেই ৰুকু কৰা,আৰু ছিযদাহ দুইবাৰ।
❒︎ ঈদৰ নামাজত অতিৰিক্ত ছয় তকবীৰ কৰা। ইত্যাদি….
🌹মনত ৰাখিব নামাজৰ যিকোনো এটা ৱাযিব জানি বুজি এৰিলে নামাজ নহয়, পাহৰি গ’লে ছহু ছিযদাহ কৰিলে পূৰ্ণ হ’ব।
Recent Comments