মাতৃৰ মৰ্যাদা
পঞ্চম চল্লিশটা হাদিছ অসমীয়া ভাষাত- চল্লিশটা হাদিছৰ প্ৰচাৰত(Quote)বহুতো চাৱাব আছে আৰু নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামৰ সু-সংবাদ। পূৰ্বৰ বিদ্বান লোকৰ,আল্লাহৰ অলী-আউলিয়া সকলৰ,চাহাবাৰ অভ্যাস আছিল এয়া। কিয়নো এই সম্পর্কে নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে জান্নাতৰ সু-সংবাদ দিছে। সেয়ে চাৱাব অৰ্জনৰ উদ্দেশ্যে “মাতৃৰ মৰ্যাদা” আৰু তেওঁৰ হক্ সম্পৰ্কে আল্লাহৰ নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামৰ মৰমৰ চল্লিশটা হাদিছ লিখি এখনি পুস্তিকা তৈয়াৰ কৰিছোঁ। ইয়াৰ চাৱাব মোৰ অতি কাষৰীয়া বন্ধুৰ দাদা(মফিজুল হুছাইন)ৰ নামত উৎসৰ্গা কৰিলোঁ। আল্লাহ পাকে কবুল কৰক আৰু এইসমূহ হাদিছক আমাৰ সকলোৰে জীৱনত কাৰ্যকৰী কৰি জান্নাতৰ অফুৰন্ত শান্তি লাভৰ ক্ষমতা দান কৰক। আ-মী-ন।
মাতৃৰ লগত সদাচৰণ কৰা অপৰিহাৰ্যঃ ১) হজৰত আবু হুৰাইৰা ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। তেওঁ কয়: এজন ব্যক্তিয়ে নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামক সুধিলে: আপুনি মোক কি কৰিবলৈ আদেশ দিব? ৰাছুলুল্লাহ স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: নিজৰ মাতৃৰ সেৱা কৰা। ব্যক্তিজনে দ্বিতীয়বাৰ সুধিলে। ৰাছুলুল্লাহ স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: নিজৰ মাতৃৰ লগত ভাল ব্যৱহাৰ কৰা। ব্যক্তিজনে তৃতীয়বাৰ সুধিলে। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: নিজৰ মা’ৰ লগত সদাচৰণ কৰা। চতুৰ্থ বাৰ ব্যক্তিজনে সোধাত তেওঁ ক’লে: তোমাৰ পিতৃৰ লগত ভাল ব্যৱহাৰ কৰা। (আল আদাবুল মুফৰদ,ইমাম বুখাৰী:পৃষ্ঠা:১৬,হাদিছ নং:৬)
ধাইমাতৃৰো সন্মান জৰুৰীঃ ২) হজৰত আবু ত্বুফাইল ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। তেওঁ কয়: মই নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামক জি’ৰানা নামী ঠাইত মাংস বিতৰণ কৰি থকা দেখিলোঁ আৰু তেতিয়া মই সৰু আছিলোঁ,উটৰ হাড় কঢ়িয়াইছিলোঁ। সেই সময়ছোৱাত এগৰাকী মহিলা আহিল,আৰু নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামৰ একেবাৰে ওচৰলৈ গ’ল। ৰাছুলুল্লাহ স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামে তেওঁৰ বাবে নিজৰ চাদৰ খন পাৰি দিলে আৰু মহিলা গৰাকী তাত বহিল। মই সুধিলোঁ: মহিলাগৰাকী কোন? চাহাবা সকলে উত্তৰ দিলে: তেওঁ নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ধাইমাতৃ(ayah)।(ছুনানে আবু দাউদ শ্বৰীফ,কিতাবুল আদব,বাবু ফি বিৰ্ৰিল ৱালিদাইন,৫/২২২,হাদিছ নং:৫১৪৪)
অমুছলিম মাতৃৰ লগতো ভাল ব্যৱহাৰ জৰুৰীঃ ৩) হজৰত আছমা বিনতে আবু বকৰ ছিদ্দিক ৰাদ্বীয়াল্লাহু আনহুৱে কয়: মোৰ মুশ্বৰিক মা’ এদিনাখন নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামৰ যুগত মোৰ ওচৰলৈ আহিল। মই নবী স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামক সুধিলোঁ যে মোৰ মা’ই মোৰ পৰা ভাল ব্যৱহাৰৰ আশা কৰিছে। মই তেওঁৰ লগত ভাল ব্যৱহাৰ কৰিমনে? তেখেতে ক’লে: হয়,নিজৰ মা’ৰ লগত ভাল ব্যৱহাৰ কৰা। (বুখাৰী,কিতাবুল হিবা,বাবুল হাদিয়্যাতি লিল মুশ্বৰিক,২/১৬৪,হাদিছ নং:২৬১৯)
মাতৃৰ প্ৰতি ভাল আচৰণ হৈছে পাপৰ জৰিমনাঃ ৪) হজৰত ইবনে ওমৰ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। তেওঁ কয়: এজন ব্যক্তি নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰত আহি কয় যে মই বহুত পাপ কৰিছোঁ,মোৰ বাবে তৌবাৰ কোনো ৰাস্তা আছেনে ? তেখেতে ﷺ ক’লে: তোমাৰ পিতৃ মাতৃ জীয়াই আছেনে? ব্যক্তিজনে ক’লে: নাই। তাৰ পিছত তেওঁ ﷺ সুধিলে: তোমাৰ মাহী জেঠী কোনোবা জীয়াই আছেনে? তেওঁ ক’লে: হয়,আছে। তেতিয়া নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: তেনেহ’লে তুমি তেওঁলোকৰ লগত সদাচৰণ কৰা। (আল মুস্তাদৰাক আলাছ ছাহিহাইন,কিতাবুল বিৰ্ৰি ৱাস্বিলাহ,৪/২৬৬,হাদিছ নং:৭৩৪১)
মাতৃৰ প্ৰতি ভাল আচৰণ জান্নাত হৈছে প্ৰৱেশৰ কাৰণঃ ৫) হজৰত আইশ্বা ছিদ্দিকা ৰাদ্বীয়াল্লাহু আনহাৰ পৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: মই শুই থকা অৱস্থাত(সপোনত)জান্নাতত প্ৰৱেশ কৰিলোঁ,সেই সময়ত কাৰোবাৰ পঢ়াৰ মাত শুনা পাই সুধিলোঁ এইটো কাৰ মাত? কোৱা হ’ল যে: এয়া হাৰিছা বিন নু’মান ৰাদ্বীয়াল্লাহু আনহুৰ মাত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: এয়া ভাল কাম কৰাৰ ফল,ভাল কামৰ প্ৰাপ্য,ভাল কামৰ পুৰস্কাৰ। বৰ্ণনাকাৰীয়ে কয়: হজৰত হাৰিছা বিন নু’মান ৰাদ্বীয়াল্লাহু আনহু নিজৰ মা’ৰ লগত ভাল ব্যৱহাৰ কৰা মানুহবোৰৰ ভিতৰত অন্যতম আছিল। (ছুনানে নাছাঈ শ্বৰীফ,কিতাবুল মানাকিব,বাবু হাৰিছাতিবনিন নু’মান ৰাদ্বীয়াল্লাহু আনহু,৭/৩৪২,হাদিছ নং:৮১৭৬)
মাতৃৰ হৈ হজ্জ পালন কৰাটো লাভজনকঃ ৬) হজৰত জা’বিৰ বিন আব্দুল্লাহ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: যিয়ে নিজৰ পিতৃ-মাতৃৰ হৈ হজ্জ কৰিলে,তেওঁলোকৰ হৈ ফৰজ আদায় কৰিলে আৰু তেওঁ দহটা হজ্জৰ চাৱাব পাব। {অৰ্থাৎ সন্তান,যিয়ে পিতৃ-মাতৃৰ হৈ হজ্জ কৰে তেওঁ দহটা হজ্জৰ চাৱাব পায় লগতে পিতৃ-মাতৃৰ হজ্জো আদায় হয়।}(ছূনুনে দাৰ কুতনী,কিতাবুল হজ্জ,৩/৩০০,হাদিছ নং:২৬১০)
মাতৃৰ ঋণ পৰিশোধ কৰাটো চাৱাবৰ কামঃ ৭) হজৰত ইবনে আব্বাছ ৰাদ্বীয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে জুহাইনা নামী ঠাইৰ পৰা এগৰাকী মহিলা নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰত আহি কয়: মোৰ মা’ই হজ্জ কৰাৰ প্ৰতিজ্ঞা কৰিছিল কিন্তু হজ্জৰ আগতেই তেওঁৰ মৃত্যু হয়। হজ্জৰ জৰিয়তে মই তেওঁৰ প্ৰতিজ্ঞা পূৰণ কৰিব পাৰিমনে? নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: হয়,তেওঁৰ হৈ হজ্জ কৰা। তোমাৰ মা’ৰ ঋণ থাকিলে তুমি পৰিশোধ নকৰিলাহৈ নেকি? আল্লাহৰ হক্ আদায় কৰা কাৰণ তেওঁৰ হক্ আদায় কৰাটো সমস্ত হক্তকৈ আগত। (বুখাৰী শ্বৰীফ,কিতাবুল হজ্জ,বাবুল হজ্জি ৱান্নযৰি আনিল মায়্যিত,২/১৮,হাদিছ নং:১৮৫২)
মা’ৰ হক্ সকলোতকৈ আগতঃ ৮) হজৰত ৰিমছাহ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। তেওঁ কৈছে: মই নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰত গ’লো তেতিয়া তেওঁ কোৱা শুনিছোঁ যে “মা,পিতা,ভনী আৰু ভাতৃৰ লগত সদাচৰণ কৰা তাৰ পিছত যিজন সকলোতকৈ কাষৰীয়া তেওঁৰ লগত ভাল ব্যৱহাৰ কৰা।” (আল মুস্তাদৰাক,কিতাবুল বিৰ্ৰি ৱাস্বিলাহ,৪/২৬১,হাদিছ নং:৭৩২৫)
নিজৰ পিতৃ-মাতৃৰ প্ৰতি দয়া কৰাটো আল্লাহৰ পছন্দনীয় কামঃ ৯) হজৰত আব্দুল্লাহ ইবনে মছউদ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। তেওঁ কৈছে: মই ৰাছুলুল্লাহ স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামক সুধিলোঁ যে কোনটো কাম আল্লাহৰ আটাইতকৈ প্ৰিয়? তেখেতে ﷺ ক’লে: নিৰ্ধাৰিত সময়ত নামাজ আদায় কৰা। মই সুধিলোঁ: তাৰ পিছত কোনটো? তেওঁ ﷺ ক’লে: পিতৃ মাতৃৰ লগত সদাচৰণ কৰা। আকৌ নিবেদন কৰিলোঁ: তাৰ পিছত পছন্দনীয় কামটো কি? তেওঁ ﷺ ক’লে: আল্লাহৰ ৰাস্তাত যুদ্ধ কৰা(ত্যাগ দিয়া)। (বুখাৰী শ্বৰীফ,কিতাবুল আদব,বাবু কউলিল্লাহি তাআ’লা ৱা ৱাস্বইনাল ইনছানা বিৱালিদাইহ্,৪/২,হাদিছ নং:৫৯৭০)
সন্তানৰ ধন-সম্পত্তি আৰু উপাৰ্জনত পিতৃ-মাতৃৰ অধিকাৰঃ ১০) হজৰত আইশ্বা ছিদ্দিকা ৰাদ্বীয়াল্লাহু আনহাৰ পৰা বৰ্ণিত। তেওঁ কয় যে নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: তোমালোকৰ সন্তান আল্লাহৰ ফালৰ পৰা তোমালোকৰ বাবে উপহাৰ। যাক ইচ্ছা কৰে আল্লাহে ছোৱালী আৰু ল’ৰা সন্তান প্ৰদান কৰে। সিহঁত আৰু আৰু সিহঁতৰ ধন-সম্পত্তিৰ যেতিয়া তোমাৰ প্ৰয়োজন হ’ব সেয়া তোমাৰ বাবে। (আল মুস্তাদৰাক,কিতাবুত তফছিৰ,২/৩৪০,হাদিছ নং:৩১৮২)
পিতৃ-মাতৃ বা তেওঁলোকৰ এজনক পালে আৰু জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিলে! ১১) হজৰত আবু হুৰাইৰা ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: সেইজন ব্যক্তি অপমানিত হ’ল,সেইজন ব্যক্তি লজ্জিত হ’ল,সেইজন ব্যক্তিৰ নাক ধূলিৰে ভৰি গ’ল। নিবেদন কৰা হ’ল:হে আল্লাহৰ ৰাছূল ﷺ কোনজন ব্যক্তিৰ ? তেওঁ ﷺ ক’লে: যিয়ে নিজৰ পিতৃ-মাতৃ বা কোনো এজনক বৃদ্ধ বয়সত পালে আৰু আৰু তেওঁ জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিলে। {অৰ্থাৎ বুঢ়া পিতৃ মাতৃৰ সেৱা কৰি নিজকে জান্নাতত প্ৰৱেশৰ উপযুক্ত কৰিব নোৱাৰিলে}(ছহীহ মুছলিম শ্বৰীফ,কিতাবুল বিৰ্ৰি ৱাস্বিলাতি ৱাল আদাব,বাবু ৰগমি আনফি মান আদৰকা আবাৱাইহ্,৮/৫)
পিতৃ-মাতৃৰ লগত ভাল ব্যৱহাৰ আয়ু আৰু জীৱিকা বৃদ্ধিৰ কাৰণ হয়ঃ ১২) হজৰত আনাছ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: যিয়ে নিজৰ আয়ুস আৰু জীৱিকা বৃদ্ধি হোৱাটো বিচাৰে তেওঁ যেন নিজৰ পিতৃ মাতৃৰ লগত ভাল ব্যৱহাৰ(তেওঁলোকৰ কল্যাণ কামনা)আৰু আত্মীয়ৰ লগত সদাচৰণ কৰে। (মুছনাদে আসমদ বিন সাম্বল,২১/৯৩,হাদিছ নং:১৩৪০১)
অতি সোনকালে পিতৃ-মাতৃৰ দোৱা কবুলঃ ১৩) হজৰত আবু হুৰাইৰা ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: তিনিজন মানুহৰ দোৱা কবুল হোৱাত কোনো সন্দেহ নাই;১)নিপীড়িতৰ কাকূতি-মিনতি। ২)মুছাফিৰৰ প্ৰাৰ্থনা। ৩)আৰু সন্তানৰ বিৰুদ্ধে পিতৃ-মাতৃৰ দোৱা। (আল আদাবুল মুফৰদ ইমাম বুখাৰী,বাবু দা’ৱাতুল ৱালিদাইন,১/১৯,হাদিছ নং:৩২)
পিতৃ মাতৃ অথবা কোনোবা এজনক পোৱাঃ ১৪) হজৰত উবাই বিন মালিক ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: যিয়ে পিতৃ মাতৃ বা তাৰ মাজৰ কোনোবা এজনক পোৱাৰ পিছতো জাহান্নামত প্ৰৱেশ কৰিলে,তাৰ অৰ্থ হৈছে আল্লাহে তেওঁৰ ৰসমতৰ পৰা সেইজনক দূৰ কৰি দিলে। (শ্বুআবুল ঈমান,বাবু ফি বিৰ্ৰিল ৱালিদাইন:১০/২৮৫,হাদিছ নং:৭৫০১)
পিতৃ-মাতৃৰ অবাধ্যতা হাৰামঃ ১৫) হজৰত মুগ্বীৰাহ বিন শ্বু’বাহ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: নিশ্চয় আল্লাহে তোমালোকৰ ওপৰত মাতৃৰ অবাধ্যতা,কণ্যা সন্তানক মাৰি পেলোৱা,তোমালোকৰ দিব লগীয়াখিনি নিদিয়া আৰু যিটো তোমাৰ নহয় সেইটো দাবী কৰা হাৰাম কৰিছে। আৰু আল্লাহে আজেবাজে কথা,অত্যন্ত প্ৰশ্ন কৰা আৰু মাল অপচয় কৰাটো অপছন্দ কৰে। (বুখাৰী শ্বৰীফ, কিতাবুল আদব, বাবু ওকুকুল ৱালিদাইন মিনাল কাবাইৰ:৪/৪,হাদিছ নং:৫৯৭৫)
মাতৃৰ আজ্ঞা পালন কৰাটো বাধ্যতামূলকঃ ১৬) হজৰত আবু দৰদা ৰাদ্বীয়াল্লাহু আনহুৱে কৈছে: নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে মোক ৯টা বস্তুৰ উপদেশ দিছে: ১)কাটি পেলোৱা বা জ্বলাই দিয়া হ’লেও তুমি আল্লাহৰ লগত কাকো অংশীদাৰ নকৰিবা। ২)ইচ্ছাকৃতভাৱে ফৰজ নামাজ নেৰিবা কাৰণ জানি বুজি নামাজ এৰাজন আল্লাহৰ ৰসমতৰ পৰা বিৰত থাকে(আল্লাহৰ দায়িত্বৰ পৰা বাহিৰ হয়)। ৩)মদ্যপান নকৰিবা কাৰণ ই হৈছে সকলো বেয়াৰ মূল। ৪)তোমাৰ পিতৃ-মাতৃয়ে যদি এই দুনীয়া(মোহ মায়া)পৰিত্যাগ কৰিবলৈ কয় তেন্তে তেওঁলোকৰ আজ্ঞা পালন কৰি দুনীয়াৰ পৰা নিজকে দূৰত ৰাখা। ৫)ৰজাৰ লগত যুদ্ধ নকৰিবা,যদিও তুমি নিজকে ৰজাৰ উপযুক্ত বুলি ভাবা। ৬) তোমাৰ লগৰজন যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰাৰ পিছতো তুমি ময়দান নেৰিবা যদিও তুমি শ্বহীদ হৈ যোৱা। ৭)নিজৰ ধন-সম্পত্তি নিজৰ পৰিয়ালত খৰচ কৰা। ৮)নিজৰ পৰিয়ালৰ ক্ষেত্ৰত অসাৱধানতা অৱলম্বন নকৰিবা। ৯)আৰু সিহঁতক আল্লাহৰ ভয়ত অৱগত কৰোৱা। (আল আদাবুল মুফৰদ;ইমাম বুখাৰী,বাবু..য়াবাৰ্ৰু ৱালিদাইহি মালাম য়াকুন মা’ছিয়াহ,১/১২,হাদিছ নং:১৭)
পিতৃ-মাতৃৰ প্ৰতিশ্ৰুতি পূৰণ কৰাটো পুণ্যৰ কামঃ ১৭) হজৰত আবু উছাইদ মালিক বিন ৰাবিয়া ছাইদি ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। তেওঁ কয়: আমি নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কাষত বহি আছিলোঁ,সেই সময়ছোৱাত বণী ছালমা জনগোষ্ঠীৰ এজন ব্যক্তি আহি নিবেদন কৰিলে: হে আল্লাহৰ ৰাছূল ﷺ! পিতৃ-মাতৃৰ মৃত্যুৰ পিছত তেওঁলোকৰ হৈ কৰিব পৰা কিবা পূণ্যৰ কাম আছে নেকি? তেখেতে ﷺ ক’লে: হয়,পূণ্যৰ কাম হৈছে তেওঁলোকৰ মৃত্যুৰ পিছত তেওঁলোকৰ বাবে দোৱা কৰা,ইস্তিগফাৰ কৰা,তেওঁলোকৰ প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰা আৰু সহানুভূতিশীল হোৱা ঠিক সেইদৰেই যিদৰে তেওঁলোকৰ প্ৰতি হোৱা যায় আৰু তেওঁলোকৰ দুয়োৰে বন্ধুবৰ্গক সন্মান কৰা।(ছুনানে আবু দাউদ,কিতাবুল আদব,বাবু ফি বিৰ্ৰিল ৱালিদাইন,৫/২২১,হাদিছ নং:৫১৪২)
পিতৃ-মাতৃক সহায় কৰিবলৈ ওলাই যোৱাটো জিহাদৰ সমতুল্যঃ ১৮) হজৰত কা’ব বিন ওজ্ৰা ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। তেওঁ কয়: এজন ব্যক্তি নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কাষেৰে পাৰ হৈ গ’ল,চাহাবা সকলে তেওঁৰ সক্ৰিয়তা আৰু সুস্বাস্থ্য দেখি ক’লে: হে আল্লাহৰ ৰাছূল ﷺ এওঁ আল্লাহৰ ৰাস্তাত যুদ্ধৰ বাবে ওলালে কিমান ভাল হ’ল হেঁতেন! নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: যদি সেই ব্যক্তিজন নিজৰ সন্তানৰ ৰক্ষণাবেক্ষণৰ বাবে ওলাই যায় তেন্তে তেওঁ আল্লাহৰ ৰাস্তাত আছে। আৰু যদি সেই ব্যক্তিজন নিজৰ বৃদ্ধ পিতৃ-মাতৃৰ ৰক্ষণাবেক্ষণৰ বাবে ওলায় তেন্তে তেওঁ সৰ্বশক্তিমান আল্লাহৰ বাটত আছে। যদি তেওঁ নিজকে ব্যভিচাৰৰ পৰা ৰক্ষা কৰিবলৈ নিজৰ জীৱিকাৰ বাবে ওলাই যায়,তেন্তে তেওঁ আল্লাহৰ পথত আছে। আৰু যদি তেওঁ আনক দেখুওৱাৰ উদ্দেশ্য আৰু অহংকাৰেৰে ওলাই যায়,তেন্তে তেওঁ শ্বয়তানৰ পথত আছে।(আল মুজামুল কাবিৰ,ইমাম ত্বব্ৰানী,১৯/১২৯,হাদিছ নং:২৮২)
মাতৃৰ ধাৰ আদায় কৰাটো অসম্ভৱঃ ১৯) হজৰত বুৰাইদাহ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। তেওঁ কৈছে: এজন ব্যক্তিয়ে নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কাষত আহি নিবেদন কৰিলে। হে আল্লাহৰ ৰাছূল ﷺ! কঠিন গৰম মাটিত মা’ক মোৰ কান্ধত উঠাই লৈ ছয় মাইল ফুৰিলোঁ। ইমানেই গৰম মাটি,মাংসৰ টুকুৰা এটা তাত থোৱা হেঁতেন তাৰ তাপত সেই মাংস পোৰা গ’ল হেঁতেন। মই তেওঁৰ হক(কৃতজ্ঞতা)আদায় কৰিলোঁনে? নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: সম্ভৱতঃ তোমাৰ মা’ৰ প্ৰসৱৰ এটা জোকাৰণিৰ কৃতজ্ঞতা আদায় কৰিছা। (আল মু’জামুস্বগীৰ,ইমাম ত্বব্ৰানী,বাবুল আলিফ,১/৯২)
পিতৃ-মাতৃক কন্দুৱা নাজায়েজঃ ২০) হজৰত আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰত এজন ব্যক্তিয়ে আহি ক’লে: হে আল্লাহৰ ৰাছূল ﷺ মই মোৰ মা’ বাবাক কান্দি থকা অৱস্থাত এৰি আপোনাৰ ওচৰত বায়াত হ’বলৈ আহিছোঁ। ৰাছুলুল্লাহ স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: তুমি তৎক্ষণাৎ মা’ বাবাৰ ওচৰত যোৱা আৰু যিদৰে তেওঁলোকক কন্দুৱাইছা তেনেদৰেই হঁহুৱা। (শ্বুআবুল ঈমান,বাবু ফি বিৰ্ৰিল ৱালিদাইন,১০/২৪৫,হাদিছ নং:৭৪৪৪)
পিতৃৰ অধিকাৰতকৈ মাতৃৰ অধিকাৰক অগ্ৰাধিকাৰঃ ২১) হজৰত আবু হুৰাইৰা ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। এজন ব্যক্তিয়ে নবীৰ ﷺ কাষত আহি সুধিলে: হে আল্লাহৰ ৰাছূল ﷺ মোৰ দয়াৰ,সদাচৰণৰ আটাইতকৈ যোগ্য কোন? নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: তোমাৰ মা। ব্যক্তিজনে ক’লে: তাৰ পিছত কোন? নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: তোমাৰ মা। ব্যক্তিজনে পুনৰ সুধিলে: তাৰ পিছত কোন? ৰাছুলুল্লাহ স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: তোমাৰ মা। সেই ব্যক্তিজনে আকৌ সুধিলে তাৰ পিছত কোন? নবীয়ে ﷺ ক’লে: তোমাৰ পিতৃ। (বুখাৰী শ্বৰীফ,কিতাবুল আদব,বাবু মান আসাক্কুন্নাছি বিসুছনিস্বুসবাহ,৪/২,হাদিছ নং:৭১)
মাতৃৰ লগত ভাল ব্যৱহাৰ কৰাটো জিহাদৰ সমতুল্যঃ ২২) হজৰত আনাছ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। এজন ব্যক্তিয়ে নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰত আহি ক’লে: মই আল্লাহৰ ৰাস্তাত যুঁজিব বিচাৰোঁ কিন্তু মোৰ শক্তি নাই। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: তোমাৰ পিতৃ- মাতৃৰ মাজৰ পৰা কোনোবা জীয়াই আছেনে? মানুহজনে ক’লে: মোৰ মা আছে। তেতিয়া নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: তুমি আল্লাহৰ ওচৰত মাৰ লগত ভাল আচৰণৰ অজুহাত আগবঢ়োৱা। যদি তুমি এনেকুৱা কৰা তেন্তে তোমাক হজ,উমৰা আৰু জিহাদ কৰা সকলৰ মাজত গণ্য কৰা হ’ব। যেতিয়া তোমাৰ মা তোমাৰ ওপৰত সন্তুষ্ট হ’ব তেতিয়া আল্লাহক ভয় কৰা আৰু তেওঁৰ(মা)লগত ভাল কৰি যোৱা।(আল মু’জামুস্বগীৰ,বাবুল আলিফ:১/৮০)
২৩) হজৰত আবু ছাইদ খুদ্ৰী ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। এজন ব্যক্তিয়ে য়েমেনৰ পৰা হিজৰত কৰি নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কাষত উপস্থিত হয়। তেখেতে ﷺ সুধিলে: য়েমেনত তোমাৰ কোনোবা আছেনে? ব্যক্তিজনে ক’লে: হয়,মোৰ পিতৃ-মাতৃ জীৱিত আছে। তেখেতে(স্বল্লাল্লাহু আলাইহি ৱাছাল্লাম)সুধিলে: তেওঁলোক দুয়োৰে পৰা অনুমতি লৈ আহিছানে ? তেওঁ ক’লে: নাই(অনুমতি অবিহনে আহিছোঁ)। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: উভতি যোৱা আৰু মা’ বাবাৰ পৰা অনুমতি লৈ আহা। অনুমতি দিলে আল্লাহৰ ৰাস্তাত যুদ্ধ কৰা আৰু অনুমতি নিদিলে তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰি থাকা।(ছুনানে আবু দাউদ,কিতাবুল জিহাদ,বাবু ফিৰ্ৰজুলি য়াগজু ৱা আবৱাহু কাৰিহান,৩/২৯,হাদিছ নং:৩০২৫)
মা’ৰ ভৰিৰ তলত জান্নাতঃ ২৪) হজৰত মুৱায়ীয়াহ বিন জাহিমা আচ্ছালমী ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। তেওঁৰ পিতৃয়ে নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰত আহি নিবেদন কৰিলে: মই আল্লাহৰ ৰাস্তাত যুদ্ধ কৰিব বিচাৰোঁ। এই বিষয়ে আপোনাৰ পৰামৰ্শ বিচাৰি হাজিৰ হৈছোঁ। আল্লাহৰ ৰাছূলে ﷺ ক’লে: তোমাৰ মা জীৱিত আছেনে ? তেওঁ ক’লে: হয়,আছে। তেতিয়া নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: নিষ্ঠাৰ সৈতে তেওঁৰ সেৱা কৰা,তেওঁ ভৰিৰ তলতেই জান্নাত আছে। (ছুনানে নাছাঈ শ্বৰীফ,কিতাবুল জিহাদ,বাবুৰ ৰুখস্বতি ফিত্তাখাল্লুফি লিমান লাহু ৱালিদাহ,৩/৮,হাদিছ নং:৪৩১২)
পিতৃ-মাতৃ অত্যাচাৰী হ’লেও তেওঁলোকৰ অবাধ্যতা হাৰামঃ ২৫) হজৰত ইবনে আব্বাছ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: যিজন মুছলমানৰ ওপৰত পিতৃ- মাতৃৰ ছাঁ আছে,যদি তেওঁলোকৰ লগত ভাল কৰে তেন্তে বিনিময়ত আল্লাহে তেওঁৰ বাবে জান্নাতৰ দুখন দুৱাৰ খুলি দিব। পিতৃ-মাতৃৰ মাজৰ পৰা এজন থাকিলে জান্নাতৰ এখন দুৱাৰ খুলি দিব। যদি তেওঁলোকৰ মাজৰ পৰা কোনো এজন অসন্তুষ্ট থাকে তেন্তে আল্লাহ তাৰ ওপৰত সন্তুষ্ট নহ’ব। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামক কোৱা হ’ল যে যদি তেওঁলোক অত্যাচাৰী হয় তেন্তে? তেওঁ ﷺ ক’লে: যদিও সিহঁতে নিজৰ সন্তানক অত্যাচাৰ কৰে। (আল আদাবুল মুফৰদ ইমাম বুখাৰী, বাবু বিৰ্ৰু ৱালিদাইহি ৱা ইন যালিমা:১/৬,হাদিছ নং:৭)
পিতৃ-মাতৃৰ অবাধ্যতা বৃহৎ গুণাহঃ ২৬) হজৰত আবু বকৰাহ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: তোমালোকক মই তিনিটা ডাঙৰ পাপৰ বিষয়ে অৱগত নকৰামনে? চাহাবা সকলে ক’লে: অৱশ্যেই কৰাওক। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে; “আল্লাহৰ লগত অংশীদাৰ সংযুক্ত কৰা।” “পিতৃ-মাতৃৰ অবাধ্য হোৱা।” ৰাছুলুল্লাহ স্বল্লাল্লাহু আলাইহি ৱাছাল্লাম আওঁজি বহি আছিল তাৰ পৰা উঠি বহি ল’লে আৰু ক’লে “সাৱধান মিছা কথা কোৱা মিছা সাক্ষ্য দিয়া।” বৰ্ণনাকাৰীয়ে কৈছে: নবীজিয়ে ﷺ শেষৰ বাক্যষাৰ আওৰাই আছে এতেকে আমাৰ মুখৰ পৰা ওলাই গ’ল যে তেওঁ কোৱা বন্ধ কৰা হেঁতেন। (বুখাৰী শ্বৰীফ,কিতাবু ইস্তিতাবাতুল মুৰ্তাদ্দিন,বাবু আছিমা মান আশ্বৰাকা বিল্লাহ:৪/১৩,হাদিছ নং:৬৯১৯)
২৭) হজৰত আব্দুল্লাহ বিন ওমৰ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। তেওঁ কয় যে এজন গাঁৱলীয়া চাহাবী নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰত নিবেদন কৰিলে: হে আল্লাহৰ ৰাছূল ﷺ ডাঙৰ পাপ কি? নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰা। চাহাবীজনে ক’লে: তাৰ পিছত? নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: পিতৃ-মাতৃৰ অবাধ্য হোৱা। সেই চাহাবীজনে আকৌ সুধিলে,তাৰ পিছত? ৰাছুলুল্লাহ স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: মিছা কছম। তেওঁ ক’লে মিছা কছম মানে কি ? তেতিয়া নবীজিয়ে ﷺ ক’লে: মিছা কথা কৈ কোনো মুছলমানৰ বস্তু লোৱা। (বুখাৰী শ্বৰীফ,কিতাবু ইস্তিতাবাতুল মুৰ্তাদ্দিন,বাবু আছিমা মান আশ্বৰাকা বিল্লাহ:৪/১৪,হাদিছ নং:৬৯২০)
পিতৃ-মাতৃৰ কল্যাণ নফল নামাজৰ আগতঃ ২৮) হজৰত আবু হুৰাইৰা ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: এগৰাকী মহিলাই গীৰ্জাত নামাজ আদায় কৰি থকা পুত্ৰক মাতিলে: “হে জুৰাইস শুনাচোন”। তেওঁৰ পুত্ৰই ক’লে:হে আল্লাহ,মই কি কৰিম মোৰ মা’ই মোক মাতিছে আৰু মই নামাজ পঢ়ি আছোঁ। মহিলা গৰাকীয়ে আকৌ মাতিলে:”জুৰাইস অকণমান আহাচোন”। তেওঁৰ পুত্ৰই ক’লে: হে আল্লাহ,মই কি কৰিম মোৰ মায়ে মোক মাতি আছে আৰু মই নামাজ পঢ়ি আছোঁ। মহিলা গৰাকীয়ে পুনৰ মাতিলে:”জুৰাইস শুনাচোন অকণমান”। সেই ল’ৰাজনে একেদৰে ক’লে: হে আল্লাহ,মই কি কৰিম মোৰ মায়ে মোক মাতি আছে আৰু মই নামাজ পঢ়ি আছোঁ। ল’ৰাজন উপস্থিত নহ’ল। মাতৃৰ মুখৰ পৰা অভিশাপ ওলাল আৰু ক’লে: হে আল্লাহ জুৰাইস যেন ব্যভিচাৰিণীৰ মুখ নেদেখালৈকে মৃত্যু নহয়। ইফালে ব্যভিচাৰিণী মহিলাসকল ছাগলী এৰাল দিবলৈ আহি সেই গীৰ্জাটোতেই বিশ্ৰাম লৈছিল। এদিনাখন ব্যভিচাৰিণী মহিলা এজনীয়ে এটা সন্তান জন্ম দিলে। মহিলা গৰাকীক সোধা হ’ল যে শিশুৰ পিতৃ কোন? তেতিয়া মহিলা গৰাকীয়ে ক’লে: জুৰাইস,তেওঁ গীৰ্জাৰ পৰা ওলাই মোৰ লগত অসৎ কামত লিপ্ত হয় আৰু তাৰেই ফল এইটো। জুৰাইসে ক’লে: তাই কেনেকৈ সাহস কৰিলে মোৰ ল’ৰা বুলি ক’বলৈ! জুৰাইসে ক’লে: হে শিশু তোমাৰ দেউতা কোন ? শিশুটিয়ে ক’লে ছাগলী ৰখীয়া।(ছহিহ বুখাৰী,কিতাবুল আমালি ফিস্বলাহ,বাবু ইজা দাআতিল উম্মু ৱালাদুহা ফিস্বলাহ,১/৬৩,হাদিছ নং:১২০৬)
মাতৃৰ অবাধ্যতাই মৃত্যুৰ সময়ত কলিমা পঢ়াত বাধা দিয়েঃ ২৯) হজৰত আব্দুল্লাহ বিন আওফা ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। তেওঁ কৈছে: এজন ব্যক্তিয়ে নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰত আহি ক’লে: হে আল্লাহৰ ৰাছূল ﷺ! এজন ল’ৰাৰ মৃত্যু ওচৰ চাপি আহিছে আৰু তেওঁক “লা ইলাহা ইল্লাল্লাহ” ক’বলৈ কোৱা হৈছে কিন্তু তেওঁ ক’ব পৰা নাই। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: তেওঁ জীৱনত কলিমা পঢ়া নাছিল নেকি? সকলোৱে ক’লে: অৱশ্যেই পঢ়িছিল। তেতিয়া নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: এনেকুৱা কি কথা হ’ল যিয়ে তাক মৃত্যুৰ সময়ত কলিমা পঢ়িবলৈ বাধা দি আছে? এইখিনিৰ পিছত আমি আৰু নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লাম থিয় হ’লো। তাৰ পিছত নবীজি ﷺ ল’ৰাজনৰ ওচৰলৈ গ’ল। আৰু ক’লে: হে পুত্ৰ “লা ইলাহা ইল্লাল্লাহ” পঢ়া। ল’ৰাজনে ক’লে পঢ়িবলৈ মোৰ ক্ষমতা নাই। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: এনেকুৱা কিয়? ল’ৰাজনে ক’লে: মোৰ মা’ৰ অবাধ্য হোৱাৰ বাবে মই কলিমা পঢ়িব পৰা নাই। নবীজিয়ে ﷺ ক’লে: তোমাৰ মা’ জীৱিত আছেনে? তেওঁ ক’লে: হয়,আছে। নবীজিয়ে ﷺ ক’লে: ইয়াৰ মা’কক মাতা। যেতিয়া মা’ক আহিল নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: এইজন তোমাৰ সন্তান? মহিলা গৰাকীয়ে ক’লে: হয়,মোৰেই সন্তান। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: যদি অগ্নি জ্বলাই তোমাক কোৱা হয় যে তুমি যদি নবচোৱা তেন্তে তোমাৰ ল’ৰাক আমি জুইত পেলাই দিম তেতিয়া তুমি কি কৰিবা? মহিলা গৰাকীয়ে ক’লে: মই অৱশ্যেই বচাম। নবীজিয়ে ﷺ ক’লে: তুমি আল্লাহ আৰু আমাক সকলোকে সাক্ষী বনাই কোৱা যে তুমি তোমাৰ সন্তানৰ ওপৰত সন্তুষ্ট হৈছা। মহিলা জনীয়ে ক’লে: মই মোৰ সন্তানৰ ওপৰত সন্তুষ্ট হৈছোঁ। তাৰ পিছত নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: হে পুত্ৰ! লা ইলাহা ইল্লাল্লাহ পঢ়া। ল’ৰাজনে তৎক্ষণাৎ লা ইলাহা ইল্লাল্লাহ পঢ়িলে। ৰাছুলুল্লাহ স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: সকলো প্ৰশংসা আল্লাহৰ বাবে যিয়ে মোৰ বাবে এই ল’ৰাজনক অগ্নিৰ পৰা ৰক্ষা কৰিলে। (শ্বুআবুল ঈমান,ইমাম বাইহাকী, বাবু ফি বিৰ্ৰিল ৱালিদাইন:১০/২৯০,হাদিছ নং:৭৫০৮)
মাতৃৰ অবাধ্যতা এই দুনীয়াতেই শাস্তিৰ কাৰণঃ ৩০) হজৰত আলী ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: মোৰ উম্মতে যেতিয়া ১৫ টা কাম কৰিবলৈ আৰম্ভ কৰিব তেতিয়া বুজি ল’বা যে সিহত বিপদ আৰু কষ্টৰ সন্মূখীন হৈ গ’ল; যেতিয়া গণিমতৰ বস্তু ব্যক্তিগত সম্পদত পৰিণত হ’ব। আমানতক গণিমতৰ বস্তু বুলি ভবা হ’ব আৰু জাকাত জৰিমনাৰূপে গণ্য কৰা হ’ব। স্বামী পত্নীৰ কথা মতে চলিব আৰু মাতৃৰ অবাধ্য হ’ব। বন্ধুৰ সৈতে ভাল ব্যৱহাৰ কৰিব কিন্তু পিতাৰ লগত বেয়া ব্যৱহাৰ কৰিব। মছজিদত মুখৰ মাত উচ্চ হ’ব ধৰিব। আটাইতকৈ বেয়া চৰিত্ৰৰ লোক হ’ব তেওঁলোকৰ নেতা। বেয়া ব্যক্তিক সন্মান কৰিব তাৰ অনিষ্টতাৰ পৰা ৰক্ষা পাবলৈ। মদ্যপান সাধাৰণ কথা হৈ পৰিব। ৰেশ্বম কাপোৰ পৰিধান কৰা হ’ব। গায়িকা আৰু মিউজিকৰ আয়োজন কৰিব। পিছৰ লোক সকলে পূৰ্বপুৰুষক গালি আৰু অভিশাপ দিব। তেতিয়া তোমালোকে অগ্নিবায়ু বা ভূমিষ্ঠ অথবা চেহেৰা বিকৃতিৰ আজাবৰ অপেক্ষা কৰা।(তিৰমিজি শ্বৰীফ,কিতাবুল ফইতআন,বাবু মা জা আ ফি আলামাতি হুলুলিল মাছখি ৱাল খাছাফ,পৃষ্ঠা:৫০০,হাদিছ নং:২২১০) বিঃদ্ৰঃ যুদ্ধত মুছলমানে কাফিৰৰ পৰা যি ধন-সম্পত্তি পায় তাক গণিমতৰ বস্তু বোলা হয়। আৰু কোনোবাই যদি কাৰোবাক কোনো বস্তুৰ দায়িত্ব অৰ্পণ কৰে তেন্তে সেই বস্তুটো সুৰক্ষিত ৰাখি সময়মতে সম্পূৰ্ণকৈ ঘূৰাই দিয়াক সচৰাচৰ আমানত বোলা হয়।
পিতৃ- মাতৃক গালি দিয়াৰ কাৰণ হোৱাটো ডাঙৰ পাপঃ ৩১) হজৰত আব্দুল্লাহ বিন আম্ৰ বিন আছ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: পিতৃ-মাতৃক গালি-গালাজ কৰাটো এটা ডাঙৰ পাপ। চাহাবা সকলে সুধিলে: হে আল্লাহৰ ৰাছূল ﷺ! কোনোবাই নিজৰ পিতৃ মাতৃকো গালি দিব পাৰে নেকি? নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: এজনে কাৰোবাৰ পিতৃক গালি দিলে সেইজনেও তাৰ পিতৃক গালি দিব,তাৰ মাতৃক গালি দিলে সেইজনেও তাৰ মাতৃক গালি পাৰিব।{অৰ্থাৎ আনৰ পিতৃ মাতৃক গালি দিয়াটো নিজৰেই পিতৃ মাতৃক গালি দিয়া স্বৰূপ আৰু এয়া কবিৰা গুণাহ}(ছহিহ মুছলিম শ্বৰীফ,কিতাবুল ইমান,বাবু বয়ানিল কাবাইৰি ৱা আকবাৰিহা:১/৬৪)
পিতৃ-মাতৃৰ অবাধ্য হোৱাজন অভিশপ্তঃ ৩২) হজৰত আবু হুৰাইৰা ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: সৰ্বশক্তিমান আল্লাহে সাত আচমানৰ ওপৰৰ পৰা সাতজন লোকক অভিশাপ দিছে। তাৰ মাজৰ পৰা এজনৰ ওপৰত তিনিবাৰ অভিশাপ দিছে আৰু বাকী কেইজনৰ ওপৰত এবাৰকৈ,তেওঁলোকৰ বাবে এয়াই যথেষ্ট। আল্লাহ পাকে কৈছে: যিয়ে লূত সম্প্ৰদায়ৰ দৰে কাম(Homosex)কৰিব তেওঁ অভিশপ্ত। যিয়ে লূত সম্প্ৰদায়ৰ দৰে কাম কৰিব তেওঁ অভিশপ্ত। যিয়ে লূত সম্প্ৰদায়ৰ দৰে কাম কৰিব তেওঁ অভিশপ্ত। যিয়ে আল্লাহৰ বাহিৰে আন কাৰোবাৰ নামত জবেহ কৰিলে তেওঁ অভিশপ্ত। পিতৃ-মাতৃৰ অবাধ্য হোৱাজন অভিশপ্ত। জন্তুৰ পৰা যৌন তৃপ্তি লোৱাজন অভিশপ্ত। মাক জীয়েকক একেলগে নিকাহত ৰখাজন অভিশপ্ত। জমিনৰ সীমা যিয়ে পৰিৱৰ্তন কৰিলে তেওঁ অভিশপ্ত। যিয়ে নিজকে নিজৰ মালিকৰ বাহিৰে আনৰ লগত সংযুক্ত কৰে তেওঁ অভিশপ্ত।(আল মুজামুল আওছাত:৮/২৩৪,হাদিছ নং:৮৪৯৭)
৩৩) হজৰত আবু ত্বুফাইল ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। তেওঁ হজৰত আলী ৰাদ্বীয়াল্লাহু আনহুক ক’লে: যদি নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে আপোনাক কিবা গোপন কথা কৈছে তেন্তে আমাক অৱগত কৰাওকছোন? তেওঁ ক’লে: মোক এনে কোনো কথা কোৱা নাই যিটো গোপনে আছে। কিন্তু মই নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামক কোৱা শুনিছোঁ: আল্লাহ পাকে সেইজনৰ ওপৰত অভিশাপ দিছে যিয়ে তেওঁৰ বাহিৰে অন্য কাৰোবাৰ নামত জবেহ কৰে। আৰু সেইজনৰ ওপৰত অভিশাপ দিছে যিয়ে কোনো বিদআতক আশ্ৰয় দিছে। আল্লাহে সেইজনৰ ওপৰত অভিশাপ দিছে যিয়ে নিজৰ পিতৃ মাতৃক অভিশাপ দিয়ে। আৰু জমিনৰ সীমা যিয়ে পৰিৱৰ্তন কৰিলে তেওঁৰ ওপৰত অভিশাপ দিছে। (মুছলিম শ্বৰীফ,কিতাবুস্বইদ ৱাজ্জাবাইস:৫/৮৪)
পিতৃ-মাতৃৰ অবাধ্যতা জান্নাতত প্ৰৱেশৰ বাধাঃ ৩৪) হজৰত ইবনে ওমৰ ৰাদ্বীয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: আল্লাহে কিয়ামতৰ দিনা তিনিজন মানুহৰ পিনে ৰসমতৰ দৃষ্টিৰে নাচাব; পিতৃ-মাতৃৰ অবাধ্য সন্তান। পুৰুষৰ সাদৃশ্যতা(সাজপাৰত হওঁক বা অন্য দিশেৰে)অৱলম্বন কৰা মহিলা। আৰু যিজনে নিজৰ পৰিয়ালৰ লোকৰ অশ্লীলতাক লৈ লজ্জিত নহয়। ইয়াৰোপৰি তিনিজন মানুহ জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব; পিতৃ-মাতৃৰ অবাধ্য হোৱাজন। অহৰহ মদ্যপান কৰাজন। আৰু উপকাৰ কৰি মনত পেলাই দিয়াজন।(ছুনানে আবু দাউদ,কিতাবুজ জাকাত,বাবুন মন্নানি বিমা আ’ত্বা: ৩/৬২,হাদিছ নং:২৩৫৪)
অবাধ্যসকলৰ কৰ্ম অগ্ৰহণযোগ্যঃ ৩৫) হজৰত আবু উমামা ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: আল্লাহ পাকে তিনিজন মানুহৰ পৰা ফৰজ নফল একো গ্ৰহণ নকৰে; পিতৃ-মাতৃৰ অবাধ্য হোৱাজন,উপকাৰ কৰি মনত পেলাই দিয়াজন। তকদিৰ বা ভাগ্যক অস্বীকাৰ কৰাজন। (ছুনান ইবনে আবু আস্বিম, বাবু মা জাকাৰা আনিন্নাবিয়্যি ফিল মুকাজ্জিবীনা বিকাদৰিল্লাহ:১/২৩১)
অবাধ্যতাৰ পৰিণাম বৰ ভয়ংকৰঃ ৩৬) হজৰত আম্ৰ বিন মুৰ্ৰাহ আল জুহনী ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰত এজন ব্যক্তিয়ে আহি ক’লে: হে আল্লাহৰ ৰাছূল ﷺ মই সাক্ষী দিছোঁ যে আল্লাহৰ বাহিৰে আন কোনো উপাসনাৰ উপযুক্ত নহয় আৰু আপুনি তেওঁৰ ৰাছূল,পাঁচ ওৱাক্তৰ নামাজ পঢ়িলোঁ,ধন-সম্পত্তিৰ জাকাত দিলোঁ আৰু ৰমজানৰ ৰোজা ৰাখিলোঁ,মই কি পুৰস্কাৰ পাম? নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে নিজৰ কথা আৰু মধ্য আঙুলি একত্ৰিত কৰি ক’লে: যি ব্যক্তি এই অৱস্থাত মৃত্যুবৰণ কৰে তেওঁ কিয়ামতৰ দিনা নবী,ছিদ্দিক আৰু শ্বহীদ সকলৰ লগত এনেকুৱাকৈ থাকিব যেনেদৰে এই দুটা আঙুলি।কিন্তু চৰ্ত হৈছে তেওঁ নিজৰ পিতৃ মাতৃৰ অবাধ্য হ’ব নোৱাৰিব। (মুছনাদে আসমদ বিন হাম্বল:২২৭২৯)
পিতৃ-মাতৃৰ পৰা আঁতৰি অহা আৰু অসন্তুষ্ট থকা কিয়ামতৰ দিনা বঞ্চনাৰ কাৰণঃ ৩৭) হজৰত মুৱাজ বিন আনাছ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: কিয়ামতৰ দিনা কিছুমান অত্যাধিক ইবাদত কৰা ব্যক্তি হ’ব যাৰ লগত আল্লাহে কালাম নকৰিব(কথা নাপাতিব),সিহঁতৰ পিনে ৰসমতৰ দৃষ্টিৰে নাচাব,সিহঁতক বিশুদ্ধ নকৰিব আৰু সহায়ো নকৰিব। চাহাবা সকলে সুধিলে: হে আল্লাহৰ ৰাছূল ﷺ সেইসকল কোন হ’ব? নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে: যিয়ে পিতৃ,মাতৃৰ পৰা আঁতৰি গৈছে,সিহঁতৰ পৰা মুখ ফিৰাইছে আৰু যিয়ে নিজৰ সন্তানৰ পৰা আঁতৰি গৈছে। আৰু সেইজন ব্যক্তি যাক কোনো এটা জাতিয়ে সহায় কৰিলে,তাৰ পৰিৱৰ্তে সিহঁতৰ সেই সহায়ক অস্বীকাৰ কৰিলে আৰু সিহঁতৰ পৰা আঁতৰি আহিল। (আল মুজামুল কাবিৰ:২০/১৯৫,হাদিছ নং:৪৩৭)
কৰ্ম অনুযায়ী ফলঃ ৩৮) হজৰত আব্দুল্লাহ বিন ওমৰ ৰাদ্বীয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: তুমি নিজৰ পিতৃ-মাতৃৰ লগত ভাল কৰা,তোমাৰ সন্তানে তোমাৰ লগত ভাল কৰিব। আৰু তুমি বেয়াৰ পৰা আঁতৰি থাকা,তোমালোকৰ মহিলাসকল বেয়াৰ পৰা আঁতৰি থাকিব।(আল মুজামুল আওছাত:১/২৯৯,হাদিছ নং:১০০২)
পিতৃ-মাতৃৰ মুখৰ পিনে চোৱা ইবাদতঃ ৩৯) নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: কা’বা শ্বৰীফ চোৱাটো ইবাদত,পিতৃ-মাতৃৰ মুখৰ পিনে চোৱাটো ইবাদত আৰু আল্লাহৰ কিতাবক চোৱাটো ইবাদত।(কানজুল ওম্মাল:৩৪৭২৩)
পিতৃ-মাতৃৰ সেয়া দোৱা কবুলৰ কাৰণঃ ৪০) হজৰত ইবনে ওমৰ ৰাদ্বীয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: তিনিজন মানুহ খোজ কাঢ়ি গৈ আছিল। সেই সময়ছোৱাত বৰষুণ দিব ধৰিলে,তেতিয়া তেওঁলোকে এখন পাহাৰৰ এটা গুহাত আশ্ৰয় ল’লে। হঠাৎ পাহাৰৰ পৰা এটা ডাঙৰ শিল পৰি গুহাৰ ৰাস্তা বন্ধ হৈ গ’ল। তেওঁলোকৰ এজনে আনসকলক ক’লে: তোমালোকে যদি কেৱল আল্লাহৰ বাবে কিবা নিষ্ঠাসহকাৰে কোনো কাম কৰিছা তেন্তে তাৰ অচিলা লৈ দোৱা কৰা,হয়তো আল্লাহে সেই কামৰ বিনিময়ত ৰাস্তাটো খুলি দিব। তেতিয়া তেওঁলোকৰ এজনে এইবুলি দোৱা কৰিলে: হে আল্লাহ! মোৰ বৃদ্ধ পিতৃ-মাতৃ আৰু সৰু ল’ৰা-ছোৱালী আছিল। মই সদাই পথাৰত উট চাৰিবলৈ গৈছিলোঁ। সন্ধিয়া ঘূৰি আহিয়েই মই গাখীৰ খিৰাই ল’ৰা-ছোৱালীতকৈ আগত মা-দেউতাক খাবলৈ দিছিলোঁ। এদিনাখন খৰি বিচাৰি থকাৰ কাৰণে উভতি অহাত পলম হ’ল যাৰ ফলত মই মা-বাবা শোৱাৰ পিছতহে ঘৰ আহি পালোঁ। আগতে গাখীৰ খিৰোৱাৰ দৰে গাখীৰ খিৰাই আনি দুয়োৰে মূৰৰ কাষত থিয় দি ৰলো। সন্তানৰ বাবে দুয়োকে জগাই দিয়াটো ভাল হ’ব বুলি ভবা নাছিলোঁ। আৰু তেওঁলোকতকৈ আগত ল’ৰা-ছোৱালীক খাবলৈ দিয়াটোও মই পছন্দ কৰা নাছিলোঁ। আৰু মোৰ ভৰিৰ ওচৰত ল’ৰা-ছোৱালীয়ে কন্দা কটা কৰি আছিল। সিহঁতৰ আৰু মোৰ মাজত এই পৰিস্থিতি অব্যাহত থাকিল,অৱশেষত ৰাতিপুৱা হৈ গ’ল। হে আল্লাহ! তোমাৰ জ্ঞান অনুযায়ী যদি মই এয়া তোমাৰ সন্তুষ্টিৰ বাবে কৰিছো তেন্তে তুমি গুহাৰ পৰা পাথৰটো অকণমান গুচাই দিয়া যাতে আমি আকাশখন চাব পাৰো। সেই ব্যক্তিজনৰ দোৱাত আকাশখন চাব পৰাকৈ আল্লাহে পাথৰটো অকণমান গুচাই দিলে। দ্বিতীয়জন ব্যক্তিয়ে এই বুলি দোৱা কৰিলে: হে আল্লাহ! মোৰ খুৰাৰ এজনী ছোৱালী আছিল। তাইক মোৰ বৰ ভাল লাগিছিল। তাইক মই অকলে লগ পাবলৈ কোৱাত তাই ক’লে ১০০ টা সোনৰ দিৰহাম(পইছা)দিলে মই সহমত প্ৰকাশ কৰিম। সেইদিনাৰ পৰা মই এশটা সোণৰ মুদ্ৰা জমা কৰাত ব্যস্ত হ’লোঁ। আৰু জমা কৰি তাইক লগ কৰিলোঁ। মই যেতিয়া তইৰ লগত জিনা(sex)কৰাৰ উদ্দেশ্য ল’লো তেতিয়া তাই ক’লে: হে আল্লাহৰ বান্দা! আল্লাহক ভয় কৰা,জিনা নকৰিবা,মোৰ কুমাৰীত্ব ধ্বংস নকৰিবা। তেতিয়া মই আল্লাহৰ ভয়ত তাৰ পৰা উঠি গ’লোঁ। হে আল্লাহ! তুমি জানা যে তোমাৰ সন্তুষ্টিৰ উদ্দেশ্যেই মই এইটো কাম কৰিছোঁ,তুমি গুহাৰ দুৱাৰখন অকণমান খুলি দিয়া। তেওঁৰ দোৱাত গুহাৰ দুৱাৰখন অকণমান খোলা গ’ল। তৃতীয়জনে এই বুলি দোৱা কৰিলে: হে আল্লাহ! মই এজন ব্যক্তিক অকণমান চাউলৰ বিনিময়ত শ্ৰমিক নিয়োগ কৰিছিলোঁ। তেওঁ নিজৰ কাম শেষ কৰি ক’লে: মোৰ প্ৰাপ্য মোক দিয়ক। মই তেওঁক তেওঁৰ প্ৰাপ্য দিলোঁ। কিন্তু তেওঁ সেয়া নল’লে আৰু প্ৰত্যাখ্যান কৰি গুচি গ’ল। তাৰ পিছত তেওঁৰ উপাৰ্জনৰ ভাগটো অবিৰতভাৱে কৃষি কামত ব্যৱহাৰ কৰিবলৈ ধৰিলোঁ। এতেকে তাৰ টকাৰে মই বহুতো গৰু আৰু তাৰ ৰখীয়াৰ মালিক হৈ গ’লো। তাৰ পিছত সি এদিন মোৰ ওচৰলৈ আহি ক’লে: আল্লাহক ভয় কৰা,মোক অত্যাচাৰ নকৰিবা আৰু মোৰ প্ৰাপ্য মোক দিয়া। মই ক’লোঁ: সেই গৰুবোৰ আৰু তাৰ ৰখীয়াসকলক লৈ যোৱা। তেওঁ ক’লে: আল্লাহক ভয় কৰা,মোৰ লগত উপহাস নকৰিবা। মই ক’লোঁ: মই তোমাৰ লগত উপহাস কৰা নাই। তুমি সেই গৰুবোৰ আৰু সিহঁতৰ ৰখীয়াক লৈ যোৱা। তাৰ পাছত তেওঁ এয়া শুনি সকলোবোৰ লৈ গুচি গ’ল। হে আল্লাহ! তুমি জানা যে মই কেৱল তোমাক সন্তুষ্ট কৰিবলৈহে এয়া কৰিছোঁ,গতিকে তুমি গুহাৰ বাকীখিনি ৰাস্তা মুকলাই দিয়া। তাৰ পিছত আল্লাহে তেওঁলোকৰ বাবে সম্পূৰ্ণ ৰাস্তা খুলি তেওঁলোকক বিপদ মুক্ত কৰিলে। (বুখাৰী শ্বৰীফ,কিতাবুল আদব,বাবু ইজাবাতি দুৱাই মান বাৰ্ৰা ৱালিদাইহ:৪/৩,হাদিছ নং:৫৯৭৪) ؎وَاللّٰهُ تَعَالٰى اَعْلَم
✍️ মুফতি মৌলানা কাৰী হাফিজ ইঞ্জামুল হক মিছবাহী। দৰং,অসম।
༺ ২ ৰবিউল আখিৰ ১৪৪৫ হিজ্ৰী,১৭ অক্টোবৰ ২০২৩
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
লিখকৰ চমু পৰিচয়:
নাম: ইঞ্জামুল হক মিছবাহী।
পিতৃ: মহম্মদ আলী।
জন্ম: ২৪ মাৰ্চ ১৯৯৭
জন্মস্থান: দৰং,অসম।
শিক্ষা অৰ্জন: আশ্ৰাফুল উলূম কালিয়াপাৰা হাফিজিয়া মাদ্ৰাছা,দৰং অসম।
জামিয়া মৰ্ৰকজুছ ছাকাফাতিছ ছুন্নিয়্যাহ আৰবী ইউনিভাৰ্ছিটি,কালিকত,কেৰালা।
জামিয়াতুল মদিনা ফইজানে আত্তাৰ নেপালগঞ্জ,ফুলতেগ্ৰা ৰোড,নেপাল।
আল জামিয়াতুল আশ্বৰাফিয়া আৰবী ইউনিভাৰ্ছিটি,মুবাৰকপুৰ,আজমগড়,উত্তৰ প্ৰদেশ।
মৰ্কজে তৰবিয়তে ইফতা দাৰুল উলুম আমজাদিয়া আহলে ছুন্নত আৰ্শ্বাদুল উলুম,ওঝাগঞ্জ,বস্তি,উত্তৰ প্ৰদেশ।
যোগাযোগ +918638731917
বোখাৰী আৰু মুছলিমত সকলো হাদিছ আছেনে click here
আমাৰ ইউটিউব চেনেল click here
Recent Comments