প্ৰশ্নঃ- নাপিতৰ কাম কৰিব পাৰিনে ?
•┈┈┈┈••✦✿✦••┈┈┈┈•
উত্তৰঃ- নাপিতৰ কাম কৰিব পাৰি কিন্তু নাপিতৰ কিছু কাম চৰীয়তৰ দৃষ্টিত বৈধ আৰু কিছু অবৈধ। বৈধ কাম যেনে চুলি,গোঁফ কটা আৰু অবৈধ যেনে দাঢ়ি মুণ্ডন কৰা বা এমুঠিতকৈ কম কৰা,এয়া হাৰাম আৰু ইয়াৰ দ্বাৰা কৰা উপাৰ্জনো হাৰাম। ফতোৱা শ্বামীত আছে:
ولا تصح الإجارة لأجل المعاصى مثل الغناء والنوح والملاهى.اھ
গান গোৱা,শোক আৰু মনোৰঞ্জনৰ দৰে পাপৰ কামৰ বিনিময় লোৱাটো জায়েজ নহয়।
(در مختار جلد ٦ صفحہ ٥٥)
ফতোৱা ৰেজৱিয়্যাহত আছে: প্ৰত্যেক সেই কৰ্ম য’ত চৰীয়তৰ বিপৰীতে আদেশ দিব লগীয়া হয়,সেয়া হাৰাম।
(فتاوی رضویہ جلد ٣ صفحہ ٢٣٩)
• যদি কোনো নাপিতে বৈধ কামখিনি কৰে তেন্তে তেওঁৰ উপাৰ্জন হালাল হ’ব অন্যথা হাৰাম হ’ব। • যদি হাৰাম উপাৰ্জন কৰে তেন্তে সেয়া গৰাকীক ঘূৰাই দিয়া হ’ব লগতে তৌবাও কৰা হ’ব – যদি গৰাকীক নাপায় তেন্তে পৰিয়ালৰ লোকক ঘূৰাই দিয়া হ’ব অন্যথা দুখীয়াক ছদকা কৰি দিয়া হ’ব।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
Recent Comments