অমুছলিমৰ ঘৰত বা হোটেলত খোৱা-বোৱা !

অমুছলিমৰ ঘৰত বা হোটেলত খোৱা-বোৱা !

প্ৰশ্নঃ-অমুছলিমৰ(হিন্দুৰ)ঘৰত বা restaurant ত খোৱা- বোৱা কৰিব পাৰিনে ?

▁▁▁▁▁▁▁▁▁▁▁▁

উত্তৰঃ-কাফিৰৰ ঘৰত/resturant ত মাংসৰ বাহিৰে অন্য বস্তু খাব পাৰি যদিহে হাৰাম তথা নাপাক নহয় আৰু মাংসও খাব পাৰি যদিহে মুছলমানে জবেহ কৰে আৰু তাৰ সন্মুখতে ধোৱা-মেলা ৰন্ধা বঢ়া কৰে।

কাফিৰৰ ঘৰত বা restaurant ত মাংস খোৱা জাইজ নাই অৰ্থাৎ খোৱাৰ অনুমতি চৰীয়তে দিয়া নাই কাৰণ সিহঁতৰ জবেহকৃত পশু হাৰাম। আৰু যদি মুছলমানৰ জবেহকৃত পশু হয় আৰু ৰান্ধি তৈয়াৰ কৰাৰ আগৰ সময়খিনিৰ খবৰ নাজানে তেন্তেও খোৱাৰ অনুমতি নাই আৰু যদি মুছলমানে জবেহ কৰে আৰু খোৱা পৰ্যন্ত মুছলমানৰ চকুৰ পৰা আঁৰ নহয় অৰ্থাৎ তাৰ সন্মুখতে ধোৱা-মেলা,ৰন্ধা হৈছে তেন্তে সেয়া ভক্ষণ কৰিব পাৰি।

মুছলমানৰ জবেহকৃত পশুৰ মাংস তাৰ সন্মুখত ৰন্ধা-বঢ়া নকৰিলে বা তেওঁ দেখা নাপালে সেয়া খোৱা জাইজ নাই,নোৱাৰি তদ্ৰূপ মাংসৰ বাহিৰে অন্য বস্তুও খোৱা জায়েজ নাই যদিহে তাত কোনো হাৰাম বস্তু মিহলি হৈ থাকে আৰু হাৰাম বস্তু মিহলি হৈ থকা বুলি নাজানিলে সেয়া সিহঁতৰ জবেহকৃত পশু ব্যতীত অইন বস্তু খাব পাৰি কিন্তু বিৰত থকা উত্তম। এনেদৰেই ঈমাম আহলে ছুন্নত আলা হজৰত ৰাহমাতুল্লাহ আলাইহিয়ে লিখিছে; হিন্দুৰ ঘৰত মাংস খোৱা জাইজ নাই (এয়া হাৰাম) যেতিয়ালৈ উক্ত মাংসখিনি সেই পশুৰ নহ’ব যিটোক কোনো মুছলমানে জবেহ কৰিছে আৰু খোৱা পৰ্যন্ত সকলো তেওঁৰশ(মুছলমান)ৰ চকুৰ আগতে হৈছে। আনহাতে(কাফিৰৰ ঘৰত মুছলমানে)মাংস ভক্ষণ কৰিবলৈ খোৱা পৰ্যন্ত মুছলমানৰ চকুৰ পৰা আঁৰ থাকিব নোৱাৰিব অৰ্থাৎ আঁৰ থাকিলে,ৰন্ধা বঢ়াৰ কথা গম নামালে খোৱাৰ অনুমতি নাই। মাংসৰ বাহিৰে অন্য বাকী বস্তু খোৱা লোৱা জায়েজ অৰ্থাৎ অমুছলিমৰ ঘৰত মাংসৰ বাহিৰে অন্য বস্তু খাব পাৰি যেতিয়ালৈ হাৰাম হোৱাৰ কোনো কাৰণ পোৱা নাযায়।

(فتاوى رضويه،ج23،ص96،دعوت اسلامي)

আৰু অধিক কৈছে; হিন্দুৰ ঘৰত খাদ্য যদি মাংখ হয় তেন্তে সেয়া হাৰাম আৰু ইয়াৰ বাহিৰে অইন বস্তু মোবাহ(অৰ্থাৎ খাব পাৰি)যেতিয়ালৈ সেয়া হাৰাম অথবা নাপাক বুলি জনা নাযায় আৰু বিৰত থকা উত্তম।

(فتاوى رضويه،ج21ص664،دعوت اسلامي)

কাফিৰৰ পৰা ধোকা তথা নঠগোৱাকৈ যি বস্তু পোৱা যায় বা দিয়ে,সেয়া লোৱা জায়েজ অৰ্থাৎ ল’ব পাৰি আৰু যেনেকৈ য’ত ইচ্ছা ব্যৱহাৰ কৰিব পাৰে।

(الملفوظ،ج١/١٦٢)

অমুছলিমৰ ঘৰত বা হোটেলত খোৱা-বোৱা !

আল্লাহে আমাক সঠিক মাছাঈল শিকাৰ তৌফিক দান কৰক।

▁▁▁▁▁▁▁▁▁▁▁▁

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

খেতি নষ্ট কৰাৰ ফলত জীৱ জন্তুক মাৰিব পাৰিনে – Bright Islam

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d