মই মোৰ মা-বাবাৰ জানাজাৰ নামাজ পঢ়াব পাৰিমনে ?
প্ৰশ্নঃ-মই আলীম নহয় কিন্তু যদি কোৰআন বা দোআ সমূহ গ্ৰামাৰসহ শুদ্ধকৈ শিকি লওঁ তেন্তে মই মোৰ মা-বাবাৰ জানাজাৰ নামাজ পঢ়াব পাৰিমনে ?
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
উত্তৰঃ-যদি শুদ্ধকৈ সকলোবোৰ পঢ়িব পাৰে তেন্তে পঢ়াব পাৰিব কিন্তু ইমাম হ’বলৈ যিখিনি চৰ্ত আছে তাৰে মাজৰ এটা হৈছে প্ৰকাশ্য গুণাহগাৰ হ’ব নোৱাৰিব অৰ্থাৎ ফাছিকে মোঅ’লিন। ঈমাম হ’বলৈ হ’লে কি কি চৰ্ত তথা আৱশ্যকীয় ? পঢ়ক লিংকটোৰে Click here
যি ব্যক্তিয়ে দাঢ়ি মুণ্ডন অথবা শ্বৰীয়তৰ নিৰ্ধাৰিত সীমা;এমুঠিতকৈ কম কৰে তেন্তে তেওঁ ফাছিকে মোঅ’লিন বা প্ৰকাশ্য গুণাহগাৰ বুলি বিবেচিত হ’ব। আৰু ফাছিকে মোঅ’লিনক ইমাম বনোৱা নিষেধ ও গুণাহ। তাৰ পিছত পঢ়া নামাজ পুনৰাই পঢ়া ওৱাজিব। যথা ফিকহে হানাফিৰ বিশ্ব বিখ্যাত গ্ৰন্থ হিদায়া শ্বৰীফত আছে: ويكره تقديم…… الفاسق لانه لا يهتم الأمر دينه…
আৰু ফাছিকৰ ইমামতি মকৰূহ(নাজায়েজ)। কাৰণ সি শ্বৰীয়তৰ আদেশ লঙ্ঘন কৰে।
(هدايه،كتاب الصلاة،باب الامامة،ج١،ص٣٦٤)
ইয়াৰোপৰি ফতোৱা শ্বামীত আছে:
و اما الفاسق فقد عللوا كراهة تقديمه بانه لا يهتم الأمر دينه،وبأن فى تقديمه للامامة تعظيمه،وقد وجب عليهم اهانتة شرعاً،[أن كراهة تقديم الفاسق كراهة تحريم]
ফোকাহায়ে কেৰামে ফাছিকৰ ইমামতি মকৰূহ হোৱাৰ কাৰণ লিখিছে যে: সিহঁতে নিজৰ দ্বীন(শ্বৰীয়ত)ৰ সন্মান ও অনুসৰণ নকৰে। (অতিৰিক্ত লিখিছে যে:)এনে ব্যক্তিক ইমামতিত আগুৱাই দিলে তাক সন্মান দিয়া হ’ব,যিহেতু এনেকুৱা মানুহ শ্বৰীয়তৰ চকুত সন্মানৰ যোগ্য নহয় বৰং অপছন্দৰ আদেশ দিয়া হৈছে।(فتاوى شامى،ج١،ص٥٦٠،دار الفكر-بيروت)
ইয়াৰোপৰি এমুঠি দাড়ি ৰখা হাদিছ ও ইজমা তথা ফোকাহাৱে কেৰামে ওৱাজিব বুলি কৈছে যথা বিশ্ব বিখ্যাত গ্ৰন্থ “হাশ্বিয়াতুত্তাহ তাৱী আলা মাৰাক্কীল ফালাহ”ত আছে:
الاخذ من الحية وهى دون القبضة كما فعله بعض المغاربه و مخنثة الرجال فلم يبحه احدٌ
দাড়ি এমুঠিতকৈ কম কৰা যেনেদৰে কিছুমান পশ্চিমীয়ালোকে আৰু হিজৰাই কৰে, কাৰো মতেই হালাল নহয়। (অৰ্থাৎ হিজৰা আৰু Western সকলৰ দলে ছুটি দাড়ি ৰখাৰ পক্ষত কোনো নাই। (طحطاوى،ص-٦٨١)
[জ্ঞানীৰ বাবে এটা দলীলেই যথেষ্ট। অজ্ঞানীৰ বাবে হাজাৰটাও কম। অৱশ্যে প্ৰয়োজন হ’লে +918638731917 নম্বৰত ৱাটচাপ কৰিব পাৰে। সংক্ষেপে এটা দলীলেই উল্লেখ কৰা হৈছে]
জানাজাৰ নামাজ ফৰজে কিফায়া হয়,সেয়েহে এজনে পঢ়িলেই ফৰজ আদায় হৈ যাব। গতিকে ফাছিকে মোঅ’লিন অৰ্থাৎ প্ৰকাশ্য গুণাহগাৰে জানাজাৰ নামাজ পঢ়াই দিলেও ফৰজ আদায় হৈ যাব। পুনৰাই পঢ়াৰ প্ৰয়োজন নাই। যথা “ফতোৱা ৰেজৱীয়্যাহ”ত আছে:জানাজাৰ নামাজত তাক(ফাছিকক) ইমাম বনোৱা অতি অপছন্দনীয় কাৰ্য। এই নামাজ দোআ ও শ্বাফাআত তথা ছুপাৰিছৰ উদ্দেশ্যেৰে পঢ়া হয়। আৰু ফাছিকক শ্বাফাআতৰ বাবে আগুৱাই দিয়া মূৰ্খামীৰ বাবে একো নহয়। আনহাতে যদি সি পঢ়ায় তেন্তে নামাজৰ বৈধতা আৰু ফৰজ আদায় সম্পৰ্কে ক’ব লগীয়া নাই। যিটো গোপনীয় নহয়। (فتاوی رضویہ،ج۶،ص٣٩٠،رضا فاؤنڈیشن لاہور)
আল্লাহ পাকে আমাক সঠিক ৰূপত তেওঁৰ ইবাদত উপসনা কৰাৰ তৌফিক দান কৰক।
মই মোৰ মা-বাবাৰ জানাজাৰ নামাজ পঢ়াব পাৰিমনে ?
দোআ কুনূত নাজানিলে কি পঢ়িব ? – ইছলামৰ পোহৰ
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
Recent Comments