ৰমজানৰ কাজা কেতিয়া আদায় কৰিব!
▁▁▁▁▁▁▁▁▁▁▁▁▁▁
❦ ৰমজান মাহত যিসকল মহিলাই মাহেকীয়া হোৱাৰ বাবে ৰোজা ৰাখিব পৰা নাছিল তেওঁলোকে যেন এতিয়া সময় সুবিধা লৈ সেই ৰোজা কেইটাৰ কাজা উঠাই দিয়ে।
❦ মাহেকীয়াৰ সময়ছোৱাত বাদ যোৱা নামাজৰ কাজা পঢ়িব নালাগে কিন্তু ৰোজাৰ কাজা ৰাখিব লাগিব। হাদিছ শ্বৰীফত আহিছে:
عَنْ مُعَاذَةَ،قَالَتْ سَأَلْتُ عَائِشَةَ فَقُلْتُ مَا بَالُ الْحَائِضِ تَقْضِي الصَّوْمَ وَلاَ تَقْضِي الصَّلاَةَ فَقَالَتْ أَحَرُورِيَّةٌ أَنْتِ قُلْتُ لَسْتُ بِحَرُورِيَّةٍ وَلَكِنِّي أَسْأَلُ . قَالَتْ كَانَ يُصِيبُنَا ذَلِكَ فَنُؤْمَرُ بِقَضَاءِ الصَّوْمِ وَلاَ نُؤْمَرُ بِقَضَاءِ الصَّلاَةِ
হজৰত মুআজাহ ৰাদ্বিয়াল্লাহু আনহাই হজৰত আঈশ্বা ছিদ্দিকা ৰাদ্বীয়াল্লাহু আনহাক সুধিলে;কি কাৰণ যে ঋতুস্ৰাব হোৱা মহিলা সকলৰ প্ৰতি ৰোজাৰ কাজা ৱাজিব কিন্তু নামাজৰ কাজা ৱাজিব নহয় ? হজৰত আঈশ্বা ছিদ্দিকা ৰাদ্বীয়াল্লাহু আনহাই কয়: নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ যুগত যেতিয়া আমাৰ মাহেকীয়া হয় তেতিয়া আমাক ৰোজাৰ কাজা ৰখাৰ আদেশ দিয়া হৈছিল কিন্তু নামাজ কাজা কৰাৰ আদেশ দিয়া নাছিল।
(صحيح مسلم؛١/٢٦٥)
❦ সেয়ে অনতিপলমে ৰমজানৰ ৰোজাৰ কাজাসমূহ আদায় কৰি নিজকে মুক্ত কৰি লোৱা উচিত।
• ইনশ্বা আল্লাহ আগলৈ, অযথা আৰু অনাৱশ্যকত ৰোজা এৰি দিয়াৰ কাজা কেনেদৰে আদায় কৰিব লাগিব সেই সম্পৰ্কে প্ৰকাশ কৰা হ’ব।
ৰমজানৰ কাজা কেতিয়া আদায় কৰিব! ):-
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
Recent Comments