খণ্ড/-১
ইছলামৰ প্ৰথম খুটি হৈছে কলিমা অৰ্থাৎ ইছলাম গ্ৰহণ,এইখিনিতে আকৌ
নামাজ হৈছে ইছলামৰ দ্বিতীয় ৰুকন(ভিত্তি,খুটি )যাৰ বিষয়ে আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছেঃ- নামাজ মোৰ চকুৰ শীতলতা। প্রতিজন নৰ-নাৰীৰ ওপৰত নামাজ ফৰজ।হাশ্বৰৰ কঠিন বিচাৰৰ দিনা আল্লাহ তাআলাই সর্বপ্রথম নামাজৰ হিচাপ ল’ব।নামাজ সাধাৰণতে ৫ প্রকাৰৰ,যথাঃ ফৰজ,ৱাযিব,ছুন্নত,মুস্তাহাব আৰু নফল। মানৱ জাতিৰ পিতা হজৰত আদম(আলাইহি ৱাছাল্লাম)ৰ সময়ৰ পৰাই মানৱ জাতিৰ ওপৰত নামাজ ফৰজ হৈছে । হজৰত মুহাম্মদ(ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)ৰ উম্মত (অনুগামী)সকলৰ ওপৰত পাঁচ ওৱাক্ত নামাজ যেনেঃ ফযৰ,জোহৰ ,আছৰ , মাগৰিব আৰু ইশ্বা ফৰজ কৰা হৈছে। নামাজৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ আলোচনা-
নামাজৰ বাবে একো একোটা সময় আল্লাহে নিৰ্ধাৰণ কৰিছে যেনেদৰে আল্লাহ তাআলাই কৈছে-
ۚ إِنَّ الصَّلَاةَ كَانَتْ عَلَى الْمُؤْمِنِينَ كِتَابًا مَوْقُوتً
নিশ্চয় নিৰ্ধাৰিত সময়ত নামাজ আদায় কৰা মুমিনসকলৰ বাবে অৱশ্য কৰ্তব্য। আৰু কৈছে-
فَسُبْحَانَ اللَّهِ حِينَ تُمْسُونَ وَحِينَ تُصْبِحُونَ
এতেকে তোমালোকে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা, যেতিয়া তোমালোকে সন্ধ্যাত উপনীত হোৱা(মাগৰিব আৰু ইশ্বাৰ নামাজ)আৰু যেতিয়া পুৱা সজাগ হোৱা(ফযৰৰ নামাজ),আৰু কৈছে
وَلَهُ الْحَمْدُ فِي السَّمَاوَاتِ وَالْأَرْضِ وَعَشِيًّا وَحِينَ تُظْهِرُونَ
আবেলি(আছৰৰ নামাজ) আৰু যেতিয়া তোমালোকে দুপুৰীয়াত উপনীত হোৱা(জোহোৰৰ নামাজ)। তেওঁৰ বাবেই সকলো প্ৰশংসা আকাশসমূহত আৰু পৃথিৱীত।
নামাজৰ ওৱাক্ত(সময়):
১/ফজৰ নামাজ ছুবহ ছাদিক (প্রভাত)ৰ পৰা আৰম্ভ কৰি সূর্যোদয়ৰ পূর্ব সময়লৈ থাকে।
২/দুপৰীয়া হােৱাৰ কিছু পিছত অর্থাৎ সূর্য মূৰৰ ওপৰৰ পৰা পশ্চিম পিনে অলপ হালি গলে জোহৰৰ ওৱাক্ত হয় । জোহৰৰ নামাজৰ সময় কোনাে বস্তুৰ ছাঁ দুগুণ ডাঙৰ হােৱালৈকে থাকে।
৩/জোহৰৰ নামাজৰ সময় পাৰ হৈ যােৱাৰ পিছৰ পৰা সূর্যাস্তৰ আগলৈকে আছৰৰ নামাজ পঢ়া হয়।
৪/মাগৰিবৰ নামাজ সূর্য অস্ত যােৱাৰ সময়ৰ পৰা পশ্চিম আকাশত ঈষৎ ৰঙা আভা(সূৰ্য ৰঙীন)থকালৈকে থাকে।
৫/ইশ্বাৰ নামাজৰ সময় মাগৰিবৰ নামাজৰ সময় পাৰ হৈ যােৱাৰ পিছৰ পৰা ছােবহছাদিক(পুৱাৰ প্ৰভাত) হােৱা পর্যন্ত থাকে।
এই নামাজ ৰাতিৰ এক তৃতীয়াংশ সময়ৰ ভিতৰত পঢ়া মোস্তাহাব।
ৰাতিৰ দ্বিপ্রহৰ লৈকে পিছুৱাই পঢ়া মোবাহ(পঢ়িব পাৰি)।
Recent Comments