প্ৰশ্নঃ-আকিদাহ কাক বোলে,এজন মুছলমানৰ কেনেকুৱা আকিদাহ থকা আৱশ্যকীয় ?
– আকিদা তকদিৰ ঈমান হাচৰ কাক বোলা হয় –
উত্তৰঃ-আকিদাহ শব্দৰ অৰ্থ হৈছে: বান্ধোন,টানকৈ বান্ধি লোৱা ইত্যাদি। শ্বৰীঅত অনুসৰি কোনো বস্তুক সত্য বুলি মানি তাৰ প্ৰতি দৃঢ় বিশ্বাস ৰখাক আকিদাহ বোলে। ইছলামৰ মূলতঃ দুটা ভাগ: আকিদাহ আৰু আমোল। যেনে ‘জান্নাত দোযোখ সত্য’,ইয়াৰ প্ৰতি দৃঢ় বিশ্বাস ৰাখিব লাগিব অন্যথা মুছলমান হ’ব নোৱাৰিব। ইয়াৰোপৰি নামাজ,ৰোজাৰ ক্ষেত্ৰত যদি মাথোঁ বিশ্বাস ৰাখে আৰু আমোলৰ অমান্য কৰে তেন্তেও মুছলমান হ’ব নোৱাৰিব।
তলত আৱশ্যকীয় আকিদাহ বা বিশ্বাস সম্পৰ্কীয় কথা দাঙি ধৰা হ’ল:
আল্লাহৰ প্ৰতি কেনেকুৱা বিশ্বাস (আকিদাহ)ৰাখিব লাগে:
❏ আল্লাহৰ প্ৰতি এনেধৰণৰ বিশ্বাস ৰখা প্ৰত্যেক মুছলমানৰ প্ৰতি ফৰজ যে:তেওঁ আল্লাহ,সত্য স্ৰষ্টা। এক-অদ্বিতীয়। তেওঁ কাৰো মুখাপেক্ষী নহয়,সকলো তেওঁৰেই মুখাপেক্ষী।তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ জন্ম লোৱা নাই। আৰু তেওঁৰ সমতুল্য কোনো নাই। তেওঁৰ সমস্ত গুণাৱলী মানি লোৱা যেনে তেওঁ দয়ালু,পবিত্ৰ ইত্যাদি। তেওঁ চিৰঞ্জীৱ। সকলো সত্ত্বাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আল্লাহ নিৰাকাৰ,তেওঁৰ কোনো আকাৰ নাই। তেওঁ ঠাই-জাগা,স্থান,হাত ভৰি,কাণ,নাক-মুখ যথা সৰ্ব শৰীৰৰ পৰা পাক ও পবিত্ৰ। কাৰণ এইসমূহ আল্লাহে সৃষ্টি কৰিছে আৰু স্ৰষ্টা নিজৰ সৃষ্টিৰ ওপৰত নিৰ্ভৰশীল ও মুখাপেক্ষী নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। তেওঁ সুউচ্চ,সুমহান। আকাশ-পৃথিৱী আৰু জগতৰ সমস্ত বস্তুৰ সৃষ্টিকৰ্তা তেৱেঁই। তেওঁৰ বাহিৰে আন কোনো ইবাদত-উপাসনাৰ উপযুক্ত নহয়। তেৱেঁই সকলোকে জীৱিকা প্ৰদান কৰে। ধনী-দুখীয়া,সভ্যতা-অসভ্যতা সকলাে তেওঁৰ ইচ্ছা অনুযায়ী; ‘যাক ইচ্ছা কৰে তেওঁক সন্মান দিয়ে আৰু যাক ইচ্ছা তেওঁ অসন্মানী কৰে।’ তেওঁৰ প্রত্যেকটো কাম হিকমত তথা গোপন ৰহস্যৰে আবৃত। বান্দাই বুজি পালেও নাপালেও তেওঁৰ প্রত্যেকটো কামেই অতুলনীয় যেনে আকাশ,বায়ু,পানী,ৰ’দ-বতাহ,অদৰকাৰী খাদ্য শৰীৰৰ বাহিৰ কৰাৰ প্ৰণালী,কবৰত মোমিনৰ প্ৰতি দয়া আৰু কাফিৰৰ প্ৰতি কঠোৰতা ইত্যাদি। আৰু অনুৰূপতাহীন। মিছা,ধােকা-প্ৰতাৰণা,অন্যায়-অত্যাচাৰ,মূৰ্খামি, আদিৰ পৰা তেওঁ পবিত্ৰ।
নবীৰ প্ৰতি আকিদাহ
❏ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম আল্লাহৰ বান্দা ও তেওঁৰ প্ৰেৰিত দূত (নবী ও ৰছুল)। তেওঁ শ্ৰেষ্ঠ নবী। তেওঁ আমাৰ,সাধাৰণ মানুহৰ দৰে নহয়। তেওঁ অন্তিম নবী। তেওঁৰ পিছত কিয়ামত পৰ্যন্ত আৰু কোনো নবী নাহে। তেওঁৰ প্ৰত্যেকটো কথা সত্য। তেওঁ নিস্পাপ। তেওঁ লৈ অহা অৰ্থাৎ কোৰআনৰ প্ৰতিটো আয়াত,শব্দ ও আদেশ, নীতি-নিয়ম সত্য ও হক্ক।
ফিৰিস্তা,কোৰআন ও ঐশী কিতাপৰ প্ৰতি বিশ্বাস
❏ ফিৰিস্তা নূৰী মখলোক অৰ্থাৎ নূৰেৰে সৃষ্ট আল্লাহৰ বান্দাহ। তেওঁলোক নিস্পাপ,অৰ্থাৎ মা’অছোম(যাৰ কোনো গুণাহ হোৱা অকাল্পনীয়)। আল্লাহৰ নৈকট্যপ্ৰাপ্ত সন্মানীয় বান্দাহ। খোৱা লোৱা আৰু লিংগ অৰ্থাৎ পুৰুষ,মহিলা হোৱাৰ পৰা পাক। ফিৰিস্তা না পুৰুষ না মহিলা। আল্লাহৰ এক অকাল্পনীয় সৃজন।
❏ কোৰআনৰ লগতে পূৰ্বৰ সকলো ঐশী কিতাপ যেনে জবূৰ,ইঞ্জিল,তৌৰিত ইত্যাদি সত্য।
❏ সমস্ত ৰছুলৰ প্ৰতি দৃঢ় বিশ্বাস থকা। কোনো এজনৰ অমান্য কাফিৰ হৈ পৰিব। যদিও সকলোৰে নাম বা সঠিক সংখ্যা অজ্ঞাত, তথাপিও এনেদৰে বিশ্বাস ৰখা হ’ব যে আল্লাহে যিমান নবী ও ৰছুল দুনীয়া আৰম্ভনিৰ পৰা অন্তিম নবী মোহাম্মদ ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম পৰ্যন্ত দুনীয়াত প্ৰেৰণ কৰিছে সকলোৱে সত্য ও সু-পথত পৰিচালিত।
হাচৰ বা কিয়ামতৰ প্ৰতি বিশ্বাস
❏ বিচাৰৰ দিৱস; অৰ্থাৎ যেনেদৰে প্ৰত্যেক বস্তুৰ এটা নিৰ্দিষ্ট সময় থাকে তদ্ৰুপ পৃথিৱী বা দুনীয়াৰো এটা নিৰ্দিষ্ট সময় আছে। উক্ত সময় অতিবাহিত হ’লে আল্লাহে সকলো শেষ কৰি দিব যাক কিয়ামত বোলে। সেইদিনা মৃতলোকক পুণৰ জীৱিত কৰি প্ৰত্যেক সৰু-ডাঙৰ সু-কু-কৰ্মৰ হিচাপ লোৱা হ’ব। আৰু প্ৰত্যেককে নিজৰ কৃতকৰ্ম অনুসৰি প্ৰতিফলস্বৰূপ জান্নাতি বা জাহান্নামী ঘোষণা কৰিব। আনহাতে এয়াও দৃঢ় বিশ্বাস ৰখা আৱশ্যকীয় যে পুণ্যবান লোকক জান্নাত বা গুণাহগাৰক শাস্তি দিয়া আল্লাহৰ প্ৰতি আৱশ্যকীয় কৰ্তব্য নহয়। নেক ব্যক্তিৰ সু-কৰ্মৰ লগত আল্লাহৰ দয়া ও ৰহমত থাকিলে নিশ্চয় আল্লাহে জান্নাত প্ৰদান কৰিব। আনহাতে ইয়াৰ বিপৰীতে হ’লেও কোনেও তেওঁক দোষাৰোপ কৰিব নোৱাৰে।
ভাগ্য বা তকদীৰৰ প্ৰতি আকিদাহ তথা বিশ্বাস
❏ তকদীৰ;দুনীয়াত যি ঘটে আৰু বান্দাই যি কৰে;সৎকৰ্ম,কু-কৰ্ম সমস্ত আল্লাহৰ অনন্ত,অসীম,অবৰ্ণনীয় জ্ঞান অনুসৰি হয়। যি হ’ব লগা আছে সকলোবোৰত তেওঁ জ্ঞাত। আৰু সেয়া তেওঁৰ ওচৰত লিপিবদ্ধ।
মনত ৰাখিব:বান্দাক আল্লাহে পুণ্য ও নেক আৰু অবাধ্য হোৱাৰ ক্ষমতা ও শক্তি দিছে। সিহঁতে যি আকোঁৱালি লয় সেয়া আল্লাহৰ অনন্ত জ্ঞানেৰে পূৰ্বতে লিপিবদ্ধ। এনেকুৱা নহয় যে আল্লাহে যি লিখি থৈছে বান্দা সেয়া কৰিবলৈ বাধ্য বৰং সি যি কৰিব লগীয়া আছিল সেয়াহে তেওঁৰ জ্ঞানেৰে লিপিবদ্ধ।
✰ দুনীয়া আল্লাহে সৃষ্টি কৰিছে,ই আগতে নাছিল। ✰ দুনীয়া এদিন শেষ হৈ যাব। ✰আল্লাহৰ বিনা অনুমতিত গছৰ পাতো লৰচৰ কৰিব নোৱাৰে,যথা কোৰআন শ্বৰীফত আল্লাহে কৈছে: গছৰ সৰি পৰা পাতৰ বিষয়ে আল্লাহ পাকে কয়:
وَعِنْدَهُ مَفَاتِحُ الْغَيْبِ لَا يَعْلَمُهَا إِلَّا هُوَ ۚ وَيَعْلَمُ مَا فِي الْبَرِّ وَالْبَحْرِ ۚ وَمَا تَسْقُطُ مِنْ وَرَقَةٍ إِلَّا يَعْلَمُهَا وَلَا حَبَّةٍ فِي ظُلُمَاتِ الْأَرْضِ وَلَا رَطْبٍ وَلَا يَابِسٍ إِلَّا فِي كِتَابٍ مُبِينٍ
আৰু গায়েবৰ চাবি-কাঠি আছে তেওঁৰেই ওচৰত। তেওঁৰ বাহিৰে কোনেও সেয়া নাজানে। স্থল আৰু সাগৰৰ অন্ধকাৰসমূহত যি আছে সেয়া কেৱল তেৱেঁই অৱগত। তেওঁৰ অজানিতে গছৰ এটা পাতো নসৰে। মাটিৰ অন্ধাকাৰত এনে কোনো শস্যকণাও অংকুৰিত নহয় অথবা ৰসযুক্ত নাইবা শুকান এনে কোনো বস্তু নাই যিটো স্পষ্ট কিতাবত নাই।(ছুৰা:আনআম:৫৯)
জৰুৰী উপৰোক্ত কথাসমূহৰ প্ৰতি সম্পূৰ্ণৰূপে দৃঢ় বিশ্বাস ৰাখিব লাগিব। বিন্দু পৰিমাণো সন্দেহ কৰিলে ঈমানৰ পৰা হাত ধুই অমুছলিমৰ শাৰীত থিয় হ’ব লাগিব। ইয়াৰোপৰি ইছলামৰ কোনো আৱশ্যকীয় কথাৰ অমান্য কৰিব নোৱাৰিব।
আল্লাহে আমাক সঠিক মাছাঈল বয়ান কৰাৰ তৌফিক দান কৰক। আ-মী-ন।
(المراجع:القران الكريم،العقائد النفسية لسعد التفتازاني،كتاب العقائد لصدر الافاضيل،،بہار شريعت لصدر الشريعة)
وَاللہُ اَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُہ اَعْلَم صَلَّی اللّٰہُ تَعَالٰی عَلَیْہِ وَاٰلِہٖ وَسَلَّم
-( আকিদা তকদিৰ ঈমান হাচৰ কাক বোলা হয় )-
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
Recent Comments