জানাযাৰ পিছত আৰু দাফনৰ পিছত দোৱা কৰাৰ বিধান

প্ৰশ্নঃ- জানাযাৰ নামাজৰ বা দাফনৰ পিছত দোৱা কৰা যাবনে ? কিছু ঠাইত নামাজৰ পিছত দোৱা কৰা দেখা যায় যদি আকৌ কিছু ঠাইত দোৱা নকৰা পৰিলক্ষিত হয়, এই বিষয়ে শ্বৰীয়তৰ আদেশ কি উপযুক্ত দলীলেৰে জনাব ?

বিছমিল্লাহিৰ ৰসমানিৰ ৰাসীম।

উত্তৰঃ- জানাযাৰ নামাজৰ পিছত দাফনৰ আগতে মৃতকৰ হৈ দোৱা কৰিব পাৰি। তদ্ৰুপ মৃত ব্যক্তিক দাফন কৰাৰ পিছতো দোৱা কৰিব পাৰি।
আনকি স্বয়ং নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে জানাযাৰ নামাজৰ পিছত দোৱাৰ আদেশ দিছে।
হাদীছ শ্বৰীফত আছে:
‏‏‏‏‏‏عَنْ أَبِي هُرَيْرَةَ، ‏‏‏‏‏‏قَالَ:‏‏‏‏ سَمِعْتُ رَسُولَ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ يَقُولُ:‏‏‏‏ إِذَا صَلَّيْتُمْ عَلَى الْمَيِّتِ فَأَخْلِصُوا لَهُ الدُّعَاءَ.
অৰ্থাৎ হজৰত আবু হুৰাইৰাহ ৰাদ্বীয়াল্লাহু আনহুৱে কৈছে: মই নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কওঁতে শুনিছোঁ: তোমালোকে যেতিয়া জানাযাৰ নামাজ আদায় কৰি ল’বা, তাৰ পিছত মৃতকৰ বাবে একান্ত মনে বিনয়ৰ সহিতে দোৱা কৰা। ছুনান ইবনে মাজা শ্বৰীফ, জানাযাৰ নামাজৰ আলোচনা আৰু ইয়াৰ দোৱা, হাদীছ নং: ১৪৯৭।
ওপৰোক্ত হাদীছটো আবু দাউদ শ্বৰীফতো উল্লেখ কৰা হৈছে:
عَنْ أَبِي هُرَيْرَةَ، ‏‏‏‏‏‏قَالَ:‏‏‏‏ سَمِعْتُ رَسُولَ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ، ‏‏‏‏‏‏يَقُولُ:‏‏‏‏ إِذَا صَلَّيْتُمْ عَلَى الْمَيِّتِ، ‏‏‏‏‏‏فَأَخْلِصُوا لَهُ الدُّعَاءَ.
অৰ্থাৎ নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: তোমালোকে জানাযাৰ নামাজ পঢ়াৰ পিছত মৃতকৰ হৈ দোৱা প্ৰাৰ্থনা কৰা। অধ্যায়: জানাযাৰ নামাজৰ বিবৃতি, পৰিচ্ছেদ: মৃতকৰ বাবে দোৱাৰ আলোচনা, হাদীছ নং: ৩১৯৯।
এই হাদীছৰ বাখ্যা কৰি মিৰআতুল মানাজিহত আছে: জানাযাৰ নামাজৰ পিছত দোৱা কৰা নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামৰ আৰু চাহাবাসকলৰ ছুন্নত হয়। এয়া হাদীছৰ পৰা প্ৰমাণিত। আৰু যিসকল ফিকাহবিদে দোৱা কৰিবলৈ মানা কৰিছে, তেওঁলোকে ছালামৰ পিছত লাইন নভঙাকৈয়ে, জানাযাৰ নামাজ পঢ়িবলৈ বন্ধা লাইনত থাকিয়েই নামাজৰ দৰে থিয় হৈ দোৱা কৰিবলৈ নিষেধ কৰিছে। যাতে দোৱা কৰোঁতে নামাজত থকা যেন নালাগে (লাইন ভাঙি কৰাত কোনো সমস্যা নাই। কোনেও মানা কৰা নাই)। অথবা যাতে অতি দীঘলীয়া দোৱাৰ ফলত দাফনত বহু পলম নহয়। (যিসকলে মানা কৰিছে, তেওঁলোকৰ দলীলসহ ইয়াৰ সঠিক বাখ্যা জা-আল- হাক্ক্, খণ্ড: ১, পৃষ্ঠা ২৩৬, প্ৰকাশন: কুতুবখানা আমজাদিয়াত আছে)। মিৰআতুল মানাজিহ, খণ্ড: ২, পৃষ্ঠা: ৪৯৭, হাদীছ নং: ১৬৭৪, প্ৰকাশন: নাঈমী কুতুবখানা গুজৰাট।
আন এটি হাদীছ শ্বৰীফত আছে:
أَنَّ عَلِیًّا صَلَّی عَلٰی جَنَازَۃٍ بَعْدَ مَا صُلِّیَ عَلَیْها.
অৰ্থাৎ হজৰত আলী ৰাদ্বীয়াল্লাহু আনহুৱে জানাযাৰ নামাজ পঢ়াৰ পিছত মৃতকৰ বাবে দোৱা কৰিছিল। ছুনানুল কুবৰা লিল বাইহাকী, খণ্ড: ৪, পৃষ্ঠা: ৭৪, প্ৰকাশন: দাৰুল কুতুবুল ইল্মিয়্যাহ, বেইৰুট।
হাদীছ শ্বৰীফত আছে: হজৰত আওফ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে:
صَلَّی رَسُولُ اللَّهِ صَلَّی اللَّهُ عَلَيْهِ وَسَلَّمَ عَلَی جَنَازَةٍ فَحَفِظْتُ مِنْ دُعَائِهِ.
অৰ্থাৎ নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে জানাযাৰ নামাজ আদায় কৰে, (তাৰ পিছত) যি দোৱা কৰিছে, সেইটো মই মুখস্থ কৰি লৈছোঁ। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে এইদৰে দোৱা কৰিছে: “হে আল্লাহ এওঁক ক্ষমা কৰা। দয়া কৰা। এওঁৰ গুণাহবোৰ মুচি দিয়া। আখিৰাতৰ ক্ষেত্ৰত ভাল কৰা। কবৰৰ পৰিসৰ বৃদ্ধি কৰি দিয়া। এওঁক ঠাণ্ডা পবিত্ৰ পানীৰে পাক কৰা, যিদৰে বগা কাপোৰৰ পৰা লেতেৰা আঁতৰোৱা হয়। এওঁক ভাল আৰু উত্তম স্থান প্ৰদান কৰা। উত্তম সংগী দান কৰা। কবৰৰ কষ্ট আৰু ইয়াৰ পৰীক্ষাৰ পৰা ৰক্ষা কৰা। ছহীহ মুছলিম শ্বৰীফ, জানাযাৰ আলোচনা, হাদীছ নং: ২২৩৪।
ওপৰোক্ত হাদীছ শ্বৰীফৰ বাক্য “মই মুখস্থ কৰি লৈছোঁ” ৰ বাখ্যা কৰি ইমাম নবৱী ৰাসমাতুল্লাহ আলাইহিয়ে শ্বাৰহে ছহীহ মুছলিম শ্বৰীফত লিখিছে:
أَیْ عَلَّمَنِیْه بَعْدَ الصَّلٰوۃ فَحَفِظْتُه.
অৰ্থাৎ দোৱা নামাজৰ পিছত শিকাইছে, এতেকে তেওঁ সেয়া মুখস্থ কৰি লয়। শ্বৰহু ছহীহ মুছলিম লিন্নাবৱী, কিতাবুল জানাইয, বাবুদ্দুৱাই লিল মায়্যিতি ফিস্বালাহ।
উল্লেখ কৰা হাদিছৰ পৰাও স্পষ্টকৈ বুজা যায় যে জানাযাৰ নামাজৰ পিছত দোৱা কৰা নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ছুন্নত।

বুখাৰী শ্বৰীফৰ বাখ্যা গ্ৰন্থ ওমদাতুল ক্কাৰীত উল্লেখিত এটি হাদীছ শ্বৰীফত আছে।
حَدثنِي مُحَمَّد بن صَالح عَن عَاصِم بن عمر بن قَتَادَة، وحَدثني عبد الْجَبَّار بن عمَارَة عَن عبد الله بن أبي بكر، قَالَا: لما التقى النَّاس بمؤتة جلس رَسُول الله صلى الله عَلَيْهِ وَسلم على الْمِنْبَر وكشف لَهُ مَا بَينه وَبَين الشَّام،

فَهُوَ ينظر إِلَى معتركهم، فَقَالَ صلى الله عَلَيْهِ وَسلم: أَخذ الرَّايَة زيد بن حَارِثَة فَمضى حَتَّى اسْتشْهد، وَصلى عَلَيْهِ ودعا لَهُ: وَقَالَ: اسْتَغْفرُوا لَهُ وَقد دخل الْجنَّة وَهُوَ يسْعَى.
অৰ্থাৎ গজৱায়ে মূতাৰ প্ৰেক্ষাপটত যেতিয়া ইছলাম আৰু কুফ্‌ৰৰ মাজত যুদ্ধ হ’ব ধৰিলে তেতিয়া নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লাম মিম্বৰত অৱস্থান কৰে আৰু যুদ্ধৰ পৰিস্থিতিৰ বুজ লয়। আৰু যেতিয়া তেওঁৰ মৰমৰ দাস যাইদ বিন হাৰিছাহ শ্বহীদ হয় আৰু তেওঁৰ জানাযাৰ নামাজ সম্পন্ন কৰা হয় তেতিয়া নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে তেওঁৰ বাবে দোৱা কৰে আৰু চাহাবা সকলকো আদেশ দিয়ে যে তোমালোকে তেওঁৰ বাবে ইস্তিগফাৰ কৰা। তেওঁ জান্নাতত আছে। আৰু তাত চলা-ফুৰা কৰি আছে। খণ্ড: ৮, পৃষ্ঠা: ২২, প্ৰকাশন: দাৰু ইসয়াইত্তুৰাছিল আৰবী।

এইটো হাদীছ শ্বৰীফতো স্পষ্টকৈ জানাযাৰ নামাজৰ পিছত দোৱা কৰাৰ কথা উল্লেখ আছে। যে নবীজিয়ে ﷺ হজৰত যাইদ বিন হাৰিছাহ ৰাদ্বীয়াল্লাহু আনহুৰ জানাযাৰ পিছত নিজেও দোৱা কৰিছে আৰু চাহাবাসকলকো দোৱাৰ আদেশ দিছে।

আল মবছূতত এটা হাদীছ শ্বৰীফ উল্লেখ কৰা হৈছে যে হজৰত আব্দুল্লাহ বিন ওমৰ ৰাদ্বীয়াল্লাহু আনহু, এটি জানাযাত নামাজৰ পিছত উপস্থিত হ’ল। তেতিয়া তেওঁ কৈছে:
إنْ سَبَقْتُمُونِي بِالصَّلَاةِ عَلَيْهِ فَلَا تَسْبِقُونِي بِالدُّعَاءِ لَهُ.
অৰ্থাৎ তোমালোকে যদিও মোৰ আগতে জানাযাৰ নামাজ পঢ়িলা কিন্তু দোৱাত মোৰ আগ নাবাঢ়িবা। কিতাবুস্বলাহ, বাবু গছলুল মায়্যিত, খণ্ড: ২, পৃষ্ঠা: ৬৭, প্ৰকাশন: দাৰুল মাৰিফাহ, বেইৰুট।
বাদাইউস্বানাঈত আছে:
أَنَّ النَّبِيَّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ صَلَّى عَلَى جِنَازَةٍ فَلَمَّا فَرَغَ جَاءَ عُمَرُ وَمَعَهُ قَوْمٌ فَأَرَادَ أَنْ يُصَلِّيَ ثَانِيًا، فَقَالَ لَهُ النَّبِيُّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ:
অৰ্থাৎ নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে এটি জানাযাৰ নামাজ আদায় কৰাৰ পিছত, হজৰত ওমৰ ফাৰুক ৰাদ্বীয়াল্লাহু আনহু আৰু তেওঁৰ লগত কেইজনমান লোক উপস্থিত হয়। তেওঁলোকে দ্বিতীয়বাৰ নামাজ আদায় কৰিব বিচাৰোঁতে, নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে:
الصَّلَاةُ عَلَى الْجِنَازَةِ لَا تُعَادُ، وَلَكِنْ اُدْعُ لِلْمَيِّتِ وَاسْتَغْفِرْ لَهُ.
অৰ্থাৎ জানাযাৰ নামাজ দুবাৰ পঢ়া নহ’ব। কিন্তু তোমালোকে তেওঁৰ বাবে ক্ষমা প্ৰাৰ্থনা আৰু দোৱা কৰিব পাৰিবা, সেয়া কৰা। অধ্যায়: নামাজৰ বিবৃতি, ফচ্ছলুন: বয়ানু ফাৰিদ্বাতি স্বালাতিল জানাযাহ, খণ্ড: ১ পৃষ্ঠা: ৩১১, প্ৰকাশন: দাৰুল কুতুবুল ইল্মিয়্যাহ, বেইৰুট।
ইয়াৰ পৰাও প্ৰমাণ হয় যে জানাযাৰ নামাজৰ পিছত দোৱা কৰিব পাৰি।
জানাযাৰ নামাজৰ পিছত দোৱা কৰিলে কাটাৰ বা লাইন ভাঙি দোৱা কৰিলে ভাল।
ফতাৱা আমজাদিয়াত আছে: জানাযাৰ নামাজৰ পিছত মৃতকৰ বাবে দোৱা কৰিলে কৰিব পাৰি, কোনো সমস্যা নাই। কিন্তু লাইন বা ছফ ভাঙি দোৱা কৰা উচিত। বাবুল জানাইয, খণ্ড: ১, পৃষ্ঠা: ৩১৯, প্ৰকাশন: কুতুবখানা আমজাদিয়াহ।

যিদৰে জানাযাৰ নামাজৰ পিছত দোৱা কৰিব পাৰি তদ্ৰুপ দাফনৰ পিছতো দোৱা কৰিব পাৰি। কবৰৰ কাষত থাকি মৃত ব্যক্তিজনৰ বাবে দোৱা কৰা ছুন্নত। আনকি স্বয়ং নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে ইয়াৰ আদেশ দিছে।
হাদীছ শ্বৰীফত আছে:
عَنْ عُثْمَانَ بْنِ عَفَّانَ، ‏‏‏‏‏‏قَالَ:‏‏‏‏ كَانَ النَّبِيُّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَإِذَا فَرَغَ مِنْ دَفْنِ الْمَيِّتِ، ‏‏‏‏‏‏وَقَفَ عَلَيْهِ، ‏‏‏‏‏‏فَقَالَ:‏‏‏‏ اسْتَغْفِرُوا لِأَخِيكُمْ، ‏‏‏‏‏‏وَسَلُوا لَهُ بِالتَّثْبِيتِ، ‏‏‏‏‏‏فَإِنَّهُ الْآنَ يُسْأَلُ.
অৰ্থাৎ হজৰত ওছমান বিন আফ্ফান ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। মৃত ব্যক্তিক কবৰস্থ কৰাৰ পিছত নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে সেই কবৰত (কিছু সময়) থমকি যায় আৰু কয়: নিজৰ ভাতৃৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু (আল্লাহৰ ওচৰত) তেওঁৰ বাবে (কবৰত সুধিব লগীয়া প্ৰশ্নসমূহৰ সঠিক উত্তৰত) অটলে থকাৰ বাবে দোৱা কৰা। কাৰণ এতিয়া তেওঁক প্ৰশ্ন কৰা হ’ব। ছুনান আবু দাউদ শ্বৰীফ, জানাযাৰ আলোচনা, দাফনৰ পিছত ঘূৰি অহাৰ সময়ত দোৱাৰ আলোচনা, হাদীছ নং: ৩২২১।
হাদীছ শ্বৰীফত আছে:
عَن عُمَیْرِ بْنِ سَعِیدٍ ، أَنَّ عَلِیًّا کَبَّرَ عَلَی یَزِیدَ بْنِ مُکَفَّفٍ أَرْبَعًا ، ثُمَّ قَامَ عَلَی الْقَبْرِ فَقَالَ : اللَّهمَّ عَبْدُك…
অৰ্থাৎ হজৰত ওমাইৰ বিন ছাঈদ ৰাদ্বীয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। হজৰত আলী ৰাদ্বীয়াল্লাহু আনহুৱে য়াযীদ বিন মুকাফ্ফাফ ৰাদ্বীয়াল্লাহু আনহুৰ জানাযাৰ নামাজৰ চাৰি তকবীৰ পঢ়াৰ পিছত তেওঁ কবৰৰ কাষত থিয় হৈ দোৱা কৰিছে। মুছান্নাফ ইবনে আবী শ্বায়বাহ, অধ্যায়: দোৱাৰ আলোচনা, মৃতকক দাফন কৰাৰ পিছত তেওঁৰ বাবে দোৱা কৰাৰ বিৱৰণ, হাদীছ নং: ৩০৪৭১।
আন এটি হাদীছ শ্বৰীফত আছে:
عَن عبد الله بْنِ أَبِی بَکْرٍ ، قَالَ : کَانَ أَنَسُ بْنُ مَالِك إذَا سُوِّیَ عَلَی الْمَیِّتِ قَبْرُہُ قَامَ عَلَیْه، ثُمَّ قَالَ : اللَّهمَّ عَبْدُك رُدَّ عَلَیْك، فَارْأَفْ بِه وَارْحَمْه ، اللَّهمَّ جَافِ الأَرْضَ عَنْ جَنْبَیْه وَافْتَحْ أَبْوَابَ السَّمَائِ لِرُوحِه، وَتَقَبَّلْه مِنْك بِقَبُولٍ حَسَنٍ ، اللَّهمَّ إِنْ کَانَ مُحْسِنًا فَضَاعِفْ لَه فِی إحْسَانِه وَإِنْ کَانَ مُسِیئًا فَتَجَاوَزْ عَن سَیِّئَاتِه.
অৰ্থাৎ হজৰত আব্দুল্লাহ বিন আবু বকৰ ৰাদ্বীয়াল্লাহু আনহুৱে কৈছে। মৃতকক দাফন কৰি মাটি দিয়াৰ পিছত হজৰত আনাছ ৰাদ্বীয়াল্লাহু আনহু কবৰৰ কাষত থিয় হৈ এইদৰে দোৱা কৰিছিল। হে আল্লাহ! তোমাৰ বান্দাক তোমাৰ ওচৰলৈ ঘূৰাই দিয়া হৈছে, গতিকে তেওঁক দয়া আৰু কৃপা কৰা। হে আল্লাহ! তাৰ কবৰৰ পৰিসৰ বৃদ্ধি কৰা। আৰু তেওঁৰ আত্মাৰ বাবে আচমানৰ দুৱাৰ মুকলি কৰা। তেওঁৰ কামবোৰ তুমি কবুল কৰি লোৱা। হে আল্লাহ! যদি তেওঁ ভাল মানুহ আছিল, তেন্তে তেওঁৰ ভাল কামৰ বিনিময় বৃদ্ধি কৰি দিয়া। আৰু যদি তেওঁ পাপী আছিল, তেন্তে তেওঁৰ পাপ ক্ষমা কৰা। মুছান্নাফ ইবনে আবী শ্বায়বাহ, অধ্যায়: দোৱাৰ আলোচনা, মৃতকক দাফন কৰাৰ পিছত তেওঁৰ বাবে দোৱা কৰাৰ বিৱৰণ, হাদীছ নং: ৩০৪৭০।
এই দুয়োটা হাদীছ শ্বৰীফত খুব স্পষ্টকৈ উল্লেখ কৰা আছে যে দাফনৰ পিছত কবৰৰ কাষত থিয় হৈ দোৱা কৰা হৈছে। এয়া নবীজি ﷺ আৰু তেওঁৰ চাহাবীৰ পদ্ধতি আছিল। গতিকে মুছলমানে এ‌য়া মানি চলা উচিত।

জানাযাৰ নামাজৰ পিছত দোৱা কৰা কোনো ধৰণৰ বিদআত বা গুণাহৰ কাম নহয়। বৰং মৃত ব্যক্তিৰ হকে এটি পছন্দৰ কাম। মৃত্যুৰ পিছত মৃত ব্যক্তিৰ সবাতোকৈ প্ৰয়োজন হয় দোৱাৰ।
হাদীছ শ্বৰীফত আছে:
عَنْ عَبْدِ اللَّهِ بْنِ عَبَّاسٍ قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: «مَا الْمَيِّتُ فِي الْقَبْرِ إِلَّا كَالْغَرِيقِ الْمُتَغَوِّثِ يَنْتَظِرُ دَعْوَةً تَلْحَقُهُ مِنْ أَبٍ أَوْ أُمٍّ أَوْ أَخٍ أَوْ صَدِيقٍ فَإِذَا لَحِقَتْهُ كَانَ أَحَبَّ إِلَيْهِ مِنَ الدُّنْيَا وَمَا فِيهَا وَإِنَّ اللَّهَ تَعَالَى لَيُدْخِلُ عَلَى أَهْلِ الْقُبُورِ مِنْ دُعَاءِ أَهْلِ الْأَرْضِ أَمْثَالَ الْجِبَالِ وَإِنَّ هَدِيَّةَ الْأَحْيَاءِ إِلَى الْأَمْوَاتِ الِاسْتِغْفَارُ لَهُمْ» . رَوَاهُ الْبَيْهَقِيُّ فِي شعب الْإِيمَان.
অৰ্থাৎ হজৰত আব্দুল্লাহ বিন আব্বাছ ৰাদ্বীয়াল্লাহু আনহুমাৰ দ্বাৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: কবৰত মৃত ব্যক্তিৰ উদাহৰণ হৈছে পানীত ডুবি থকা আৰু আশাৰে বাট চাই থকা ব্যক্তিজনৰ দৰে, যিয়ে নিজৰ পিতৃ-মাতৃ, ভাতৃ অথবা কোনো বন্ধুৰ দোৱাৰ আশাত থাকে। যেতিয়া কাৰোবাৰ দোৱা পায়, তেওঁৰ বাবে সেয়া পৃথিৱীৰ সমস্ত বস্তুতকৈ পছন্দনীয় হয়। নিশ্চয় আল্লাহে পৃথিৱীৰ লোকসকলৰ দোৱাৰ কাৰণে কবৰবাসীক পাহাৰৰ সমতুল্য চাৱাব দান কৰে। মৃত ব্যক্তিৰ বাবে জীৱিত ব্যক্তিৰ উত্তম উপহাৰ হৈছে, তাৰ বাবে ক্ষমা প্ৰাৰ্থনা আৰু ছদকা কৰা। মিশ্বকাত শ্বৰীফ, অধ্যায়: দোৱাৰ আলোচনা, পৰিচ্ছেদ: ইস্তিগফাৰ আৰু তৌবাৰ বিবৃতি, হাদীছ নং: ২৩৫৫।

সেয়ে মৃত ব্যক্তিৰ বাবে কোনো সময় নিৰ্ধাৰণ নকৰি বেছি বেছিকৈ দোৱা কৰা উচিত।
জানাযাৰ নামাজৰ পিছত দোৱা কৰিবলৈ শ্বৰীয়তে নিষেধাজ্ঞা আৰোপ কৰা নাই। বৰং ইতিমধ্যে দোৱাৰ বৈধতা স্পষ্ট হৈ পৰিছে। আনকি কোৰআনত আল্লাহ পাকে কোনো চৰ্ত অবিহনে স্পষ্টকৈ কৈছে:
ادْعُونِي أَسْتَجِبْ لَكُمْ.
অৰ্থাৎ তোমালোকে মোৰ ওচৰত দোৱা কৰা, মই তোমালোকৰ দোৱা কবুল কৰিম। ছুৰা মুমিন, আয়াত নং: ৬০।
যিসকল মানুহৰ মাজত জানাযাৰ নামাজ পঢ়ি দোৱা কৰিলে হায়-কাজিয়া আৰু বিশৃংখলতা সৃষ্টি কৰাৰ মানসিকতা পোৱা যায়, তেওঁলোকে সঁচা অন্তৰেৰে এই হাদীছ শ্বৰীফসমূহৰ ওপৰত চকু দিয়া উচিত।
হয়! যদি কোনোৱে দোৱা নকৰে তেন্তে তেওঁক গুণাহগাৰ বা পাপী বোলা নাযাব। আৰু তেওঁক বাধ্য কৰোৱা নহ’ব।
বিঃদ্ৰঃ দোৱা হাত উঠাই কৰা পছন্দনীয় আৰু মুস্তাহাব। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে হাত উঠাই দোৱা কৰিছে। গতিকে জানাযাৰ পিছত দোৱা হাত উঠাই কৰাত কোনো সমস্যা নাই বৰং এয়া অতি পছন্দনীয়।
ইমাম নবৱী ৰাহমাতুল্লাহ আলাইহিয়ে লিখিছে:
فى استحباب رفع اليدين في الدعاء خارج الصلاة… اعلم انه مستحب اه‍.
অৰ্থাৎ নামাজৰ বাহিৰে যিকোনো দোৱা হাত উঠাই কৰা মুস্তাহাব আৰু পছন্দনীয়। কিতাবুল মজমূ শ্বাৰসুল মুহায্যাব, ফাৰউন: ফী ইস্তিসবাবি ৰাফইল য়াদাইনি ফিদ্দুৱাই, খণ্ড: ৩, পৃষ্ঠা: ৪৮৭, প্ৰকাশন: মকতবাতুল ইৰশ্বাদ।
এই সম্পৰ্কে কিছুলোকে হাদীছ শ্বৰীফ আৰু ফিকাহৰ কিছু বাক্য ভুলকৈ বুজি সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা পৰিলক্ষিত হয়। তেওঁলোকে প্ৰতিটো প্ৰশ্নৰ আৰু দলীলৰ উত্তৰ পাব “আল ইজাযাতু বিদ্দুৱাই বা-দা স্বালাতিল জানাযাহ (নামাজে জানাযা কে বা-দ দোৱা কা হুক্‌ম) আৰু “জা-আল হাক্ক্” নামী কিতাপৰ জানাযাৰ নামাজৰ পিছত দোৱাৰ সঠিক প্ৰমাণ, খণ্ড: ১, পৃষ্ঠা: ২৩১- ২৩৬, প্ৰকাশন: কুতুবখানা আমজাদিয়া পঢ়িব পাৰে। আল্লাহ সৰ্বোত্তম জ্ঞানী।▁▁▁▁▁▁▁▁▁▁▁▁

ইঞ্জামুল হক মিছবাহী,দৰং অসম। ১৪ জুমাদাল উলা ১৪৪৫ হিজ্‌ৰী, ১৯ নবেম্বৰ ২০২৩
kusia khabo parine  – Click here

আমাৰ ইউটিউব চেনেল – Click here
জানাযাৰ পিছত আৰু দাফনৰ পিছত দোৱা কৰাৰ বিধান

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –