প্ৰশ্নঃ- কাৰোবাৰ পৰা “ইনশ্বা আল্লাহ পইচাখিনি ঘূৰাই দিম” বুলি পইচা ধাৰলৈ লৈ যদি লোৱা পইচাখিনি ঘূৰাই নিদিয়ে, তেন্তে তেওঁ গুনাহগাৰ হ’ব নে নহয় ?
বিছমিল্লাহিৰ ৰস্মানিৰ ৰসীম।
উত্তৰঃ- “ইনশ্বা আল্লাহ”ৰ দ্বাৰা গুণাহ মাফ নহয় আৰু কাৰোবাৰ প্ৰাপ্য বা অধিকাৰো মাৰ্জিত নহয়। যদি ঋণ লওঁতে পৰিশোধ কৰাৰ সত্য নিয়্যত আছিল আৰু ইনশ্বা আল্লাহও কৈছে কিন্তু পিছত অসচ্ছল অৱস্থাৰ বাবে পৰিশোধৰ সামৰ্থ্য নহ’লে গুণাহ নহয়। অৱশ্যে ঋণ মাফ হৈ নাযায়, অৱস্থা ভাল হ’লে বা সামৰ্থ্য হ’লে পৰিশোধ কৰিব লাগিব। ইয়াৰোপৰি এনে অৱস্থাত যদি ঋণী ব্যক্তিজনৰ মৃত্যু হয় তেন্তে গুণাহ নহয়, এনেক্ষেত্ৰত তেওঁৰ সম্পত্তিৰ পৰা ঋণ পৰিশোধ কৰা হ’ব। ঋণ লোৱাটো গুণাহ নহয় আৰু ঘূৰাই দিয়াৰ ক্ষমতা নথকাটো নিজৰ কৰ্ম নহয়। আল্লাহ পাকে অযথা কোনো ব্যক্তিক শাস্তি প্ৰদান নকৰে।
এনেদৰেই ফতাৱা ৰেজৱীয়্যাহ, খণ্ড: ২৫, পৃষ্ঠা: ৬৩, প্ৰকাশন: ৰাজা ফাউণ্ডেশ্বন লাহোৰ।
ক্কুৰ্আন শ্বৰীফত আছে:
وَ مَنْ یَّعْمَلْ سُوْٓءًا اَوْ یَظْلِمْ نَفْسَهٗ ثُمَّ یَسْتَغْفِرِ اللّٰهَ یَجِدِ اللّٰهَ غَفُوْرًا رَّحِیْمًا.
অৰ্থাৎ আৰু যিয়ে বেয়া কৰ্মত লিপ্ত হোৱাৰ অথবা নিজৰ ওপৰত অন্যায় কৰাৰ পিছত অনুতপ্ত হৈ আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে তেওঁ আল্লাহ পাকক ক্ষমাশীল আৰু পৰম দয়ালু পাব। ছুৰা নিছা, ছুৰা নং: ৪, আয়াত নং: ১১০।
অৰ্থাৎ গুণাহ ক্ষমা হ’বলৈ হ’লে অনুতপ্ত হোৱাটো বা তৌবাহ কৰাটো প্ৰয়োজনীয়।
হাদীছ শ্বৰীফত আছে:
عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللَّهُ عَنْهُ، أَنَّ رَسُولَ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ، قَالَ: مَطْلُ الْغَنِيِّ ظُلْمٌ، فَإِذَا أُتْبِعَ أَحَدُكُمْ عَلَى مَلِيٍّ فَلْيَتْبَعْ.
অৰ্থাৎ হজৰত আবু হুৰাইৰাহ ৰাদ্বীয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: “ঋণ পৰিশোধ কৰোতে ধনী ব্যক্তিয়ে অজুহাত বা বাহানা বনোৱা অন্যায়”। বুখাৰী শ্বৰীফ, হাৱাল আলোচনা, হাদীছ নং: ২২৮৭।
হাদীছ শ্বৰীফত আছে:
عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللَّهُ عَنْهُ، عَنِ النَّبِيِّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ، قَالَ: مَنْ أَخَذَ أَمْوَالَ النَّاسِ يُرِيدُ أَدَاءَهَا أَدَّى اللَّهُ عَنْهُ، وَمَنْ أَخَذَ يُرِيدُ إِتْلَافَهَا أَتْلَفَهُ اللَّهُ.
অৰ্থাৎ হজৰত আবু হুৰাইৰাহ ৰাদ্বীয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: “যিয়ে ঘূৰাই দিয়াৰ নিয়্যতত মানুহৰ পৰা ধন ধাৰে লয় আল্লাহ তেওঁক সহায় কৰে। যিয়ে ঘূৰাই নিদিয়াৰ উদ্দেশ্যে টকা ধাৰে লয় আল্লাহে সিহঁতক ধ্বংস কৰে”। বুখাৰী শ্বৰীফ, ঋণ দিয়া আৰু পৰিশোধ কৰাৰ আলোচনা, হাদীছ নং: ২৩৮৭।
হাদীছ শ্বৰীফত আছে:
منْ أدانَ دَينًا ينوِي قضاءَهُ أدّاهُ اللهُ عنهُ يومَ القيامةِ
অৰ্থাৎ নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: “যিয়ে আচলতে ঘূৰাই দিয়াৰ উদ্দেশ্যত ঋণ ল’ব। (দুনীয়াত ঘূৰাই দিব নোৱাৰিলে) আল্লাহ পাকে ক্কিয়ামতৰ দিনা তেওঁৰ হৈ আদায় কৰিব। কানযুল ওম্মাল, খণ্ড: ৬, পৃষ্ঠা: ২২১, হাদীছ নং: ১৫৪২৭, প্ৰকাশন: মুৱাচ্ছাছাতুৰ্ৰিছালাহ, বেইৰুট। আল্লাহ পাক সৰ্বোত্তম জ্ঞানী।
মুফ্তী ইঞ্জামুল হক মিছবাহী, দৰং, অসম।
২৩ ছফৰ ১৪৪৭ হিজ্ৰী, ১৮ আগষ্ট ২০২৫ খৃষ্টাব্দ।
মুৰ্গী হালাল কৰি গৰম পানীত বা জুইত ৰাখিলে হাৰাম হৈ যায় নেকি ? CLICK HERE
How to Make your life Peaceful – CLICK HERE
New Social Media Platform- CLICK HERE
Recent Comments