খণ্ড/-৫
নামাজৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ আলোচনা :)-
কিয়ামত কঠিন আজাবৰ দিন,যি দিনৰ বিষয়ে আল্লাহে কৈছে-
يَوْمَ يَفِرُّ الْمَرْءُ مِنْ أَخِيهِ,وَأُمِّهِ وَأَبِيهِ,وَصَاحِبَتِهِ وَبَنِيه
সেইদিনা মানুহে পলায়ন কৰিব তাৰ ভাতৃৰ পৰা,আৰু তাৰ মাক-বাপেকৰ পৰা,তাৰ স্ত্ৰী আৰু সন্তানৰ পৰা,
لِكُلِّ امْرِئٍ مِنْهُمْ يَوْمَئِذٍ شَأْنٌ يُغْنِيه
সেইদিনা সিহঁত প্ৰত্যকৰে হ’ব এনে এক গুৰুতৰ অৱস্থা যিটো তাক সম্পূৰ্ণৰূপে ব্যস্ত ৰাখিব।
وُجُوهٌ يَوْمَئِذٍ مُسْفِرَةٌ,ضَاحِكَةٌ مُسْتَبْشِرَةٌ
সেইদিনা কিছুমান চেহেৰা হ’ব উজ্জ্বল,হাঁহিৰে ভৰা, আনন্দত উত্ফুল্ল,
وَوُجُوهٌ يَوْمَئِذٍ عَلَيْهَا غَبَرَة,تَرْهَقُهَا قَتَرَةٌ,أُولَٰئِكَ هُمُ الْكَفَرَةُ الْفَجَرَةُ
আৰু সেইদিনা কিছুমান চেহেৰা ধূলিৰে মলিন হ’ব, ক’লা আৱৰণে আৱৰি ধৰিব।
এওঁলোকেই কাফিৰ, অত্যন্ত পাপী।
• কিয়ামত দিনা আমাৰ একো একোটা নেকীৰ বহু প্ৰয়োজন হ’ব সেয়েহে এই সহজে আকোঁৱালি ল’ব পৰা মোছতাহাবৰ নামৰে নামাকৰণ নেকীবোৰ কিয় এৰি দিওঁ?
মোছতাহাব এনেকুৱা আমোলক কোৱা হয় যিবোৰ কৰিলে ছোৱাব পাব আৰু নকৰিলে গুণাহ নহয়,আৰু যদি কোনোবাই আমোল নকৰে তাৰ প্ৰতি বেয়া ভাব বা বেয়া চকুৰে চোৱা ঠিক নহ’ব।
নামাজৰ কিছু মোচতাহাব তলত লিপিবদ্ধ কৰা হ’ল।
❒︎থিয় অৱস্থাত ছিযদাহৰ ঠাইৰ পিনে চোৱা।
❒︎ৰুকুত ভৰিৰ পিঠিৰ পিনে চোৱা।
❒︎ছিযদাহত নাকৰ পিনে চোৱা।
❒︎বহা অৱস্থাত কোলাৰ পিনে চোৱা।
❒︎প্ৰথম ছালামত সোঁ কান্ধৰ পিনে চোৱা।
❒︎দ্বিতীয় ছালামত বাওঁ কান্ধৰ পিনে চোৱা।
❒︎পুৰুষে হাত কাপোৰৰ বাহিৰত বন্ধা।
❒︎মহিলাই হাত কাপোৰৰ ভিতৰত বন্ধা।
❒︎কাহ আহিলে নমাৰাকৈ থকা।
❒︎ইকামতত হায়্যা আলাল ফালাহ ক’লে সকলো থিয় হোৱা।
❒︎ দুয়ো ভৰিৰ মাজত চাৰি আঙুলিৰ সমান ঠাই ৰখা।
❒︎মোক্তাদিয়ে ইমামৰ লগতে নামাজ আৰম্ভ কৰা।
❒︎অসুবিধা নোহোৱাকৈ ছিজদাহ কৰা।
❒︎হামি আহিলে মুখ বন্ধ ৰাখক আৰু ৰখাব নোৱাৰিলে ওঁঠত দাঁতেৰে হেঁচা দিয়ক আৰু তাৰ পিছতো যদি হামি ৰখাব নোৱাৰে তেন্তে থিয় অৱস্থাত সোঁ হাতৰ পিঠিৰে মুখ ঢাকি ৰাখক আৰু ইয়াৰ বাহিৰে বাওঁ হাতৰ পিঠিৰে ঢাকি ৰাখক, অদৰকাৰত কাপোৰেৰে বা হাতেৰে মুখ ঢাকি ৰখা মকৰূহ,
হামি আহিলে মনত পেলাব যে আল্লাহৰ নবী সকলৰ হামি নাহিছিল তেতিয়া হামি গুচি যায়।
Recent Comments