খণ্ড/-২
ইছলামত প্ৰৱেশ কৰাৰ পিছতে সৰ্বপ্ৰথম গুৰুত্বপূৰ্ণ কৰ্ম হৈছে নামাজ যাৰ বিষয়ে আল্লাহে কৈছে
إِنَّنِي أَنَا اللَّهُ لَا إِلَٰهَ إِلَّا أَنَا فَاعْبُدْنِي وَأَقِمِ الصَّلَاةَ لِذِكْ
‘নিশ্চয় ময়েই আল্লাহ,মোৰ বাহিৰে আন কোনো সত্য উপাস্য নাই।এতেকে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ স্মৰণাৰ্থে নামাজ আদায় কৰা। নামাজ যেনেদৰে গুৰুত্বপূৰ্ণ ইবাদৎ তদ্ৰূপ ইয়াৰ অৱশ্য-কৰ্তব্য সমূহৰো জ্ঞান লোৱা অতিকৈ গুৰুত্বপূৰ্ণ আৰু নামাজ আদায় কৰিবলৈ হ’লে কিছুমান নীতি – নিয়ম বাধ্যতামূলকভাৱে পালন কৰিব লাগে তেতিয়াহে নামাজ পৰিপূৰ্ণ ভাবে আদায় হয় আৰু সেইবােৰক নামাজৰ ফৰজ বােলে। নামাজৰ ফৰজ মুঠ বাৰটা। ইয়াৰ ছয়টা নামাজৰ বাহিৰত আৰু ছয়টা ভিতৰত আছে । নামাজৰ বাহিৰত থকা ছয়টা ফৰজক নামাজৰ চৰ্ত বােলে । আনহাতে নামাজৰ ভিতৰত থকা ছয়টা ফৰজক নামাজৰ ৰুকুন বােলে। নামাজ আৰম্ভ কৰাৰ পৰা লৈকে যিবােৰ কাম কৰা ফৰজ সেইবােৰেই নামাজৰ ৰুকুন
নামাজৰ বাহিৰৰ ছয়টা ফৰজ(চর্ত)
১ ) শৰীৰ পাক পৱিত্ৰ থকা,(পৰিধান কৰা পােছাক পাক, স্থান পাক)
২ ) শৰীৰ আচ্ছাদিত কৰা অর্থাৎ পুৰুষৰ নাভিৰ পৰা ভৰিৰ আঁঠু লৈকে ঢাকি লােৱা আৰু মহিলাসকলৰ গােটেই শৰীৰ ঢাকি ৰখা অৰ্থাৎ , মুখ,হাতৰ সৰু গাঁঠিৰ পৰা আগৰ অংশ,ভৰিৰ সৰু গাঁঠিৰ পৰা আগৰ অংশৰ বাহিৰে সৰ্বশৰীৰ কাপােৰৰ দ্বাৰা ঢাকি লােৱা।
৩ ) কাবা শ্বৰীফৰ পিনে মুখ কৰা ,
৪ ) ওৱাক্ত অনুসৰি নির্দিষ্ট সময়ৰ ভিতৰত পঢ়া
৫ ) যি ওৱাক্ত নামাজ আদায় কৰিব তাৰ নিয়ত কৰা
৬ ) তাকবীৰে তাহৰীমা কোৱা,অর্থাৎ নামাজৰ নিয়ত কৰি ‘ আল্লাহু আকবাৰ ‘ বুলি কৈ নামাজ আৰম্ভ কৰা
নামাজৰ ভিতৰৰ ছয়টা ফৰজ(ৰুকুন)
১ ) থিয় হৈ নামাজ আদায় কৰা
2 ) নামাজৰ মাজত কোৰাণ শ্বৰীফৰ পৰা কিছু আয়াত পাঠ কৰা
৩ ) ৰুকু কৰা,
৪ ) ছিজদা কৰা
৫ ) শেষৰ বৈঠক অৰ্থাৎ (তাছাহুদ”আত্যাহিয়্যাতু”” পাঠ কৰা,
৬ ) ছালামৰ সৈতে নামাজ সমাপ্ত কৰা
বিঃ দ্রঃ নামাজৰ ফৰজসমূহৰ কোনাে এটি ভুল হলে নামাজ শুদ্ধ নহ’ব ; পূনৰাই পঢ়িব লাগিব।
নামাজৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ আলোচনা
Recent Comments