প্ৰশ্নঃ- ঈমাম কেনেকুৱা হ’ব লাগে ?
▁▁▁▁▁▁▁▁▁▁▁▁
উত্তৰঃ- ঈমামতিৰ কাৰ্য এটা বহুত ডাঙৰ কাম।
এই পদটোৰ বিষয়ে কি কোৱা যাব! যিটোৰ দায়িত্ব আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে নিজেই লৈছিল,নিজেই নিয়োজিত হৈ এই কাৰ্য কৰি গৈছিল আৰু তেওঁৰ পিছত খোলাফায়ে ৰাশ্বিছিদীনে আৰু এই পদৰ দায়িত্ব পালনৰ বাবে সদায় উক্তম তথা নেক লোকক বাছি লোৱা হৈছিল। যথা নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে; ইমাম চাহাবে সেই সকলো চোৱাব পাব যিমান পিছত নামাজ পঢ়া সকলো মোক্তাদিয়ে পাব।
(نسائی-١,١١٢, حدیث-٦٤٣)
সকলো মানুহ ইমাম হ’ব নোৱাৰে,তাৰ বাবে কিছু চৰ্ত আছে শ্বৰিঅত মতে যিবোৰ থকা আৱশ্যকীয়।
চৰ্ত সমূহ হৈছে: ১) মুছলমান। ২) প্ৰাপ্তবয়স্ক। ৩)বালিগ,নাবালক ইমাম হ’ব নোৱাৰিব। ৪)পুৰুষ হ’ব লাগিব মহিলা ইমাম হ’ব নোৱাৰিব। ৫)কিৰাত(বিশুদ্ধ ৰূপত কোৰআন পঢ়িব পৰা হ’ব লাগিব) শুদ্ধ তথা সঠিক মাখাৰিজৰ সৈতে পঢ়িব পাৰিব লাগিব। ৬)শ্বাৰঈ মাজুৰ হ’ব নালাগিব (এই বিষয়ে অধিক জানিবলৈ পঢ়ক- বাহাৰে শ্বৰিঅত-খণ্ড-১,ভাগ-৩,পৃঃ৫৬১-৫৯১)।
ফাছিকে মোঅলিন অৰ্থাৎ প্ৰকাশ্য ভাৱে তথা গোপনীয় অৱস্থাত গুণাহকৰ্তা হ’ব নোৱাৰিব। ঈমাম জামাতৰ সৈতে নামাজত সৃষ্টিকৰ্তা আৰু বান্দাহৰ মাজত মাথোঁ এটা ৰাস্তা, এতেকে ৰাস্তা যিমান মজবুত হ’ব সিমানেই লাভ হ’ব। উক্ত কথাখাৰৰ ওপৰত ভিত্তি কৰি এজন উদাহৰণীয় ইমামৰ বাবে চাৰিটা গুণ থকাটো জৰুৰী (ফৰজ,ৱাযিব নহয়)।
১) ঈমাম চাহাব আৰু কথা-বতৰা চাল চলন। ২)ইমাম চাহাব আৰু ওৱাজ নচিহত,বয়ান। ৩)ইমাম চাহাব আৰু নামাজিৰ সমাগম। ৪)ইমাম চাহাবৰ মহলাবাসিৰ লগত জড়িত চৰিত্ৰ আৰু কমিটিৰ লগত ভাল ব্যৱহাৰ।
১) ঈমাম চাহাব আৰু কথা-বতৰা চাল চলন। তাক্কৱা(আল্লাহৰ প্ৰতি ভয়),পৰহেজগাৰিৰ(হাৰাম তথা সন্দেহযুক্ত কথা,বস্তৰ পৰা দূৰত্ব অৱলম্বনত কৰা) কথা মাত্ৰ পঢ়ি বা শুনি ৰখাই যথেষ্ট নহয় অথচ তাৰ ওপৰত আমোলো জৰুৰী। তাক্কৱা তথা আল্লাহৰ প্ৰতি ভয় প্ৰত্যেক মুছলমানৰ প্ৰতি অৱশ্যেকীয় এতেকে এজন ইমাম নিশ্চয় তাক্কৱাৰ আগশাৰীত থকা উচিত। এয়া নামাজ কবুল হোৱা সৰ্ববৃহৎ কাৰণ। আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে যদি তোমালোকে বিচৰা যে তোমালোকৰ নামাজ কবুল হওঁক তেন্তে তোমালোকৰ মাজৰ নেক তথা ভাল লোকক ইমাম বনোৱা।
(مستدرک لحاکم،٤/٢٣٧،حدیث-٥٠٣٤)
ইমামে প্ৰত্যেক সেই বস্তৰ পৰা দূৰত থকা উচিত যিটো সাধাৰণ মানুহৰ চকুত অপছন্দনীয় যেনে চিগাৰেট সেৱন কৰা,ৰাস্তাৰ কাষত প্ৰস্বাৱ কৰা,ধাৰ ঋণ সুধি ফুৰা, ৰাস্তাত ঠিয় হৈ খোৱা ইত্যাদি। ঈমামে কোনো এনেকুৱা কাম নকৰা উচিত য’ত বদনাম হোৱাৰ সম্ভাৱনা থাকে,ধাৰ ঋণ পৰিশোধ কৰোঁতে কোনো অপছন্দনীয় পদ্ধতিৰে কথা নোকোৱা উচিত। কথা-বতৰাৰ পৰা মানুহৰ মাজত বহুত প্ৰভাৱ পৰে গতিকে ইমাম চাহাবে মিছা,গালি গালাজ,ধোকা,গিবত,ছুগলি আদিৰ পৰা বিৰত থকা উচিত। পোচাক তথা সাজ পাৰৰো সমাজত বহু প্ৰভাৱ পৰে গতিকে ইমামে চাহাবে নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ দৰেই কাপোৰ পৰিধান কৰা উচিত পোচাক সাধাৰণ হওঁক,সন্মানীয় তথা পৰিষ্কাৰ হওঁক, ইয়াতেই সন্মান ও ইজ্জত আছে। পৰালৈকে মূৰত পাগুৰী পিন্ধা উচিত।
২) ঈমাম চাহাব আৰু ওৱাজ নচিহত,বয়ান।
ঈমাম চাহাবে জুমআৰ দিনাৰ বাহিৰেও ওৱাজ, নচিহত,বয়ান আদি কৰি থকা উচিত বিশেষ ভাৱে নামাজ,পাক প্ৰবিত্ৰতা সম্পৰ্কে। জৰুৰী মাছাঈল সমূহ বয়ান কৰি থকা উচিত। নামাজৰ ছুন্নত,ফৰজ,ৱাযিব নিজে জনা তথা আনকো জনোৱা জৰুৰী।
৩) ইমাম চাহাব আৰু নামাজিৰ সমাগম।নামাজিৰ লগত ভাল আচৰণ কথা বতৰা পতা,ভুলটো শুধৰণি কৰা,কোনো প্ৰশ্ন সুধিলে জানিলে কোৱা, নাজানিলে চাই কম বুলি সন্মান ৰখা উচিত। আৰু অকলশৰীয়া ভাৱে মানুহক নামাজৰ প্ৰতি আগ্ৰহী কৰা।৪) ইমাম চাহাবৰ মহলাবাসিৰ লগত জড়িত চৰিত্ৰ আৰু কমিটিৰ লগত ভাল ব্যৱহাৰ।মছযিদত জামাতৰ সৈতে নামাজত পঢ়োৱাৰ পিছত ইমাম চাহাব সকলৰ গুৰুত্বপূৰ্ণ দায়িত্ব হৈছে মছজিদত মানুহৰ সমাগম বঢ়োৱা, আৰু মছযিদত সমাগম হ’ব নামাজিৰে গতিকে ইমাম চাহাব সকলৰ বাবে অতি প্ৰয়োজনীয় যে ওৱাজ নচিহতৰ পিছত নামাজৰ গুৰুত্ব ও মহত্ব দাঙি ধৰা উচিত।
আল্লাহে আমাক সঠিক মাছাঈল শিকাৰ তৌফিক দান কৰক।
ঈমাম কেনেকুৱা হ’ব লাগে ?
দোআ কুনূত নাজানিলে কি পঢ়িব ? – ইছলামৰ পোহৰ
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
Recent Comments