প্ৰশ্ন:-ক্ৰিকেট,লুডু,কেৰেম,ফুটবল,কাবাডী আদি বাজি লগাই তথা হৰা-জিকাৰ খেল খেলিব পাৰিনে,খেলত চৰ্ত লগাব পাৰিনে ?
-( চৰ্ত লগাই খেল বা Carrom খেলিব পাৰিনে )-
▁▁▁▁▁▁▁▁▁▁▁▁
উত্তৰঃ-জুৱা খেলা হাৰাম।
জুৱা তথা প্ৰত্যেক সেই খেল য’ত নিজৰ সমস্ত মাল অথবা আধা মাল গুচি যোৱাৰ সন্দেহ থাকে বা অধিক পোৱাৰ আশা থাকে,সেয়া হাৰাম। Chess(দবাখেল),Ludo (লুডু,ঢ়াল খেল),Carrom,(কেৰেম)billiards(কিছুমান বল আৰু এডাল লাঠী লৈ এখন মেজৰ ওপৰত খেলা এবিধ খেল),ক্ৰিকেট তথা সেই সকলো জিকা হাৰাৰ(হৰা-জিকাৰ)খেল য’ত বাজি লগোৱা হয়,এই সকলোবোৰ জুৱাৰ অন্তৰ্ভুক্ত আৰু হাৰাম। ক্ৰিকেটত বা একো একোটা বলত যি টকা লগোৱা হয় সেয়াও জুৱাৰ অন্তৰ্ভুক্ত,এনেদৰেই ঘৰত অথবা অফিচত বা অইন কোনো ঠাইত সৰু সৰু কথাত এনেকৈ চৰ্ত লগোৱা হয় যে যদি মোৰ কথা সঁচা হয় তেন্তে তুমি পাৰ্টি দিবা বা কিবা খুওৱাবা আৰু যদি তোমাৰ সঁচা হয় তেন্তে মই খুওৱাম,এই সকলোবোৰ জুৱাৰ ভিতৰত পৰে,হাৰাম। তদ্ৰূপ লটাৰী আদিও জুৱাৰ অন্তৰ্ভুক্ত। আজি কালি মোবাইল কোম্পানীক মেচেজ কৰিলে এক বিশেষ টকা কাটে আৰু তাৰ ওপৰতো Gift আদি পুৰষ্কাৰ হিচাপে দিয়ে সেয়াও জুৱাৰ অন্তৰ্ভুক্ত,হাৰাম।
(تفسیر صراط الجنان،ج١،زیر تفسیر یَسْــٴَـلُوْنَكَ عَنِ الْخَمْرِ وَ الْمَیْسِرِ)
ক্ৰিকেট বা অইন কোনো খেল যদি খেল-ধেমালিৰ উদ্দেশ্যে খেলে তেন্তে সেয়া হাৰাম ও গুণাহৰ কাম গতিকে ইয়াৰ পৰা দূৰত থকা জৰুৰী এতেকে কোৰআন শ্বৰীফত আহিছে:
وَمِنَ النَّاسِ مَنْ يَشْتَرِي لَهْوَ الْحَدِيثِ لِيُضِلَّ عَنْ سَبِيلِ اللَّهِ بِغَيْرِ عِلْمٍ وَيَتَّخِذَهَا هُزُوًا ۚ أُولَٰئِكَ لَهُمْ عَذَابٌ مُهِينٌ
আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিসকলে আল্লাহৰ পথত বাধা দিয়াৰ বাবে খেল ধেমালিৰ কথা তথা অসাৰ বাক্য কিনি লয়, বিনা জ্ঞানে আৰু আল্লাহে দেখুৱা পথক ঠাট্টা-বিদ্ৰূপ কৰে। সিহঁতৰ বাবেই আছে অৱমাননাকৰ শাস্তি।
(ছুৰা লোকমান,আয়াত:৬) এই আয়াতৰ তফছিৰত ইমাম নচফি ৰাহমাতুল্লাহ আলাইহিয়ে লিখিছে:
عن ابن عباس انه قال لهو الحديث كل لهو و لعب و ترنمات و فضول كلام قوله ليضل عن سبيل الله اى ليعرف الناس عن دين الله بغير علم اى بلا حجة ولا برهان و يتخذها هزوا أُولَٰئِكَ يعنى يستهزئ بكتاب الله-
আনহাতে যেনেদৰে খেল খেলা হাৰাম তদ্ৰূপ দেখাও হাৰাম এনেদৰেই হাদিছ শ্বৰীফত আহিছে এতেকে ইমাম ছদৰে শ্বাহীদ হুছামুদ্দীন উমৰ ছামাকন্দীয়ে হাদিছ বৰ্ণনা কৰিছে;
قال النبي صلَّى اللهُ عَلَيْهِ وَعَلَى آلِهِ وَصَحْبِهِ وَسَلَّمَ: «اسْتِمَاعُ المَلَاهِي مَعْصِيَةٌ، وَالْجُلُوسُ عَلَيْهَا فِسْقٌ، وَالتَّلَذُّذُ بِهَا كُفْرٌ» هكذا فى الكافى-
এই বিষয়ে তিৰমিজী শ্বৰীফতো আহিছে ;
كُلُّ مَا يَلْهُو بِهِ الرَّجُلُ الْمُسْلِمُ بَاطِلٌ إِلاَّ رَمْيَهُ بِقَوْسِهِ وَتَأْدِيبَهُ فَرَسَهُ وَمُلاَعَبَتَهُ أَهْلَهُ فَإِنَّهُنَّ مِنَ الْحَقِّ
(ترمذى شريف-١/ص٢٩٣)
যি খেলত বিধিসন্মত তথা জায়েজ লাভ হ’ব সেই খেল কেইটামান চৰ্ত সহ খেলিব পাৰি। গতিকে সক্ৰিয়তা তথা ব্যামৰ উদ্দেশ্যে ক্ৰিকেট,ফুটবল,কাবাডী,দৌৰ আদি খেলিব পাৰি যদি নিম্নলিখিত চৰ্ত পোৱা যায়। ১)নামাজৰ সময়ত খেলা নহ’ব। ২)দ্বিনী ব্যস্ততাক বা জ্ঞান আহৰণক আওঁকাণ কৰি খেলাতেই মগ্ন হ’ব নালাগিব। ৩)কৰঙন তথা আঠুৰ পৰা নাভি পৰ্যন্ত ঢাকি ৰখা আৱশ্যেকীয়।
(فتاویٰ مرکز تربیت افتاء،ج٢-ص٤٩٠)
ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে তিনিটা খেলক বৈধ কৰিছে:১)ধনুৰ(Arrow)খেল তথা তিৰ খেলা,২)ঘোঁৰাক শিক্ষা দিয়া,৩) পত্নীৰ লগত ধেমালি কৰা,এই তিনিটা ব্যতীত সকলো খেল হাৰাম এতেকে দুৰ্ৰে মোখতাৰত আছে;
وكره كل لهو لقوله صلى عليه وسلم كل لهو المسلم حرام إلا ثلالة ملاعبته أهله وتأديبه بفرسه و مناضلته بقوسه
(در مختار-ج٦-ص٣٩٥)
ব্যাম তথা স্বাস্থ্য ঠিকে ৰাখিবলৈ উপৰোক্ত চৰ্ত মানি ক্ৰিকেট, ফুটবল আদি খেলাত বাধা নাই কিন্তু খেল ধেমালি,জিতা হাৰাৰ উদ্দেশ্যে অনুমতি নাই বৰং যদি শৰীৰত শক্তি বৃদ্ধি কৰিবলৈ বা সুস্থ থাকিবলৈ খেলে তেন্তে পাৰি।
(فتاویٰ مرکز تربیت افتاء،ج٢-ص٤٩١)
ফতোৱা ৰেযৱীয়্যাহত আছে; প্ৰত্যেক সেই খেল আৰু অসাৰ তথা Meaningless কাম য’ত না দ্বীনৰ মুনাফা আছে না দুনীয়াৰ বৈধ লাভ _ সকলোবোৰ মকৰূহ।
(فتاویٰ رضویہ،ج٩-ص٤٤)
এনেদৰেই ৰদ্দুল মোহতাৰ,বাহাৰে শ্বৰীঅতত আছে:
فی الجواھر قد جاء الاثر فی رخصة المسارعة لتحصيل المقاتلة دون التلهى فإنه مكروه-
(رد المحتار ج٦-ص٣٩٥/بہار شریعت-ح١٦-ص١٣٢)
আল্লাহে আমাক সঠিক মাছাঈল শিকিবলৈ ক্ষমতা দিয়ক।
وَاللہُ اَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُہ اَعْلَم صَلَّی اللّٰہُ تَعَالٰی عَلَیْہِ وَاٰلِہٖ وَسَلَّم
চৰ্ত লগাই খেল বা Carrom খেলিব পাৰিনে
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
Recent Comments