প্ৰশ্নঃ- ফাতেহা দোৱাজ দহম পালন কৰিব পাৰিনে ?
•┈┈┈┈••✦✿✦••┈┈┈┈•
উত্তৰঃ- নিশ্চয় পাৰি।
• ফাতেহা দোৱাজ দহম অৰ্থাৎ আমাৰ দয়াৰ নবী,অন্তিম নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ এই পৃথিৱীত আগমণৰ দিন, প্ৰসিদ্ধ হাদিছৰ গ্ৰন্থ তিৰমিজী শ্বৰীফৰ ভাষাত ক’ব গ’লে মিলাদুন্নবী,মিলাদ শ্বৰীফ বা নবীৰ জন্মদিন। ঈমাম তিৰমিজীয়ে তেওঁৰ কিতাপ তিৰমিজী শ্বৰীফৰ ১০৮২ পৃষ্ঠাত এই বিষয়ে নিৰ্দিষ্টকৈ এটা অধ্যায়ো আনিছে।
মিলাদ শ্বৰীফ মানে হ’ল –
• নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম এই পৃথিৱীত অহা সম্পৰ্কে আলোচনা কৰা।
• তেওঁৰ সৌন্দৰ্যতা,অলৌকিকতা,আচাৰ-ব্যৱহাৰৰ আলোচনা কৰা।
• তেওঁৰ ওপৰত দুৰূদ পঢ়া,নাট শ্বৰীফ(গুণাৱলী ও প্ৰশংসা মূলক কবিতা)পঢ়া।
• কোৰআন শ্বৰীফত আৰু হাদিছত তেওঁৰ যি মৰ্যাদা,গুণ উল্লেখ আছে সেয়া আলোচনা কৰা,মানুহক শুনোৱা। সৰু ল’ৰা-ছোৱালীক নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ ব্যক্তিত্বৰ পৰিচয় কৰোৱা।
• মেহফিল সজাই নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ সেই সময়বোৰক স্মৰণ তথা মনত কৰা যেতিয়া এই দুনীয়াত তেওঁ অৱতৰণ কৰিছিল।
• অমুছলিমৰ আগত নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ মহিমা বৰ্ণনা কৰা ইত্যাদি। এয়াই মিলাদ,ইয়াকেই মিলাদ বোলে। এনেধৰণৰ অগণন উদাহৰণ কোৰআনত আছে; আল্লাহে বহুতো নবীৰ জন্ম আলোচনা কৰিছে উদাহৰণস্বৰূপে -হজৰত ঈছা নবীৰ কথা -(তেওঁ কৈছিল)
وَالسَّلَامُ عَلَيَّ يَوْمَ وُلِدْتُ وَيَوْمَ أَمُوتُ وَيَوْمَ أُبْعَثُ حَيًّا
আৰু মোৰ প্ৰতি শান্তি যিদিনা মই জন্ম লাভ কৰিছো,যিদিনা মোৰ মৃত্যু হ’ব আৰু যিদিনা মই জীৱিত অৱস্থাত উত্থিত হ’ম। – ইয়াৰ দ্বাৰা জন্মদিনৰ,মৃত্যুদিনৰ আলোচনা কৰাৰ বৈধতাও প্ৰমাণ হয় যিটো ফাতেহা দোৱাজ দহম বা মিলাদুন্নবীত কৰা হয়।
• আশ্বৰফ আলী থানৱী তথা ৰাশ্বীদ আহমদ গাংগুহীয়ে নিজৰ কিতাপ ‘ইছলাহুৰ ৰুছুমত/ফতোৱা ৰাশ্বীদিয়াত লিখিছে-যে মিলাদ শ্বৰীফ পালন কৰা বৈধ।
•┈┈┈┈•••┈┈┈┈••
• যদি কোনোৱে কয় চাহাবাই পালন কৰিছিল নে ? তেন্তে তেওঁৰ বাবে উত্তৰ তলত উল্লেখ কৰা হৈছে –
মিলাদুন্নবী বৈধ নে ?
প্ৰশ্নঃ-এই বিষয়ে শ্বৰিঅতে কি কয় যে কিছুমান মানুহে কয় “ঈদে মিলাদুন্নবী(নবীজিৰ উপজা দিন),না নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে পালন কৰিছে না ছাহাবা সকলে গতিকে এয়া বিদআত ও হাৰাম,এয়া সত্য নে ?
─┄┅━▣✾❥✺❥✾▣━┅┅─
উত্তৰঃ-কোনো কাম নাজায়েজ তথা নিষিদ্ধ হোৱাৰ ফলাফল ও কাৰণ এয়া নহয় যে সেইটো আল্লাহৰ নবীয়ে বা ছাহাবা সকলে কৰা নাই অৰ্থাৎ তেওঁলোকে নকৰিলেই সেইটো নাজায়েজ হৈ নাযায় অথচ ই নিৰ্ভৰ কৰে এই কথাৰ ওপৰত যে সেই কামটো আল্লাহ আৰু তেওঁৰ ৰাছুলে নিষেধ কৰিছে নে নাই ? যদি নিষেধ কৰিছে,মানা কৰিছে তেন্তে সেয়া নাজাইজ ও গুণাহৰ কাম। আৰু নিষেধ নকৰিলে সেয়া বৈধ তথা জাইজ,কৰিব পাৰি। কাৰণ ফিক্কাৰ এয়া নিয়ম(rule)যে
الاصل فی الاشياء الإباحة
প্ৰত্যেক বস্তৰ আচল (reality) হৈছে মোবাহ, মুলতঃ ই বৈধ অৰ্থাৎ প্ৰত্যেক বস্ত মোবাহ(বৈধ)ও হলাল।
হয়! যদি কোনো বস্তুক শ্বৰিঅতে নিষিদ্ধ কৰে তেন্তে সেয়া নিষিদ্ধ অৰ্থাৎ এই নিষেধাজ্ঞাৰ দ্বাৰা সেয়া হাৰাম প্ৰমাণিত হ’ল,নতুন হোৱাৰ বাবে বা নতুন প্ৰচলনলৰ বাবে সেয়া হাৰাম হোৱা নাই। এই নিয়ম(rule)কোৰআন,ছাহিহ হাদিছ আৰু ফোকাহা সকলৰ কথাৰে প্ৰমাণিত।
কোৰআনত আহিছে;
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَسْأَلُوا عَنْ أَشْيَاءَ إِنْ تُبْدَ لَكُمْ تَسُؤْكُمْ وَإِنْ تَسْأَلُوا عَنْهَا حِينَ يُنَزَّلُ الْقُرْآنُ تُبْدَ لَكُمْ عَفَا اللَّهُ عَنْهَا ۗ وَاللَّهُ غَفُورٌ حَلِيمٌ
হে মুমিনসকল! তোমালোকে এনে কোনো বিষয়ে প্ৰশ্ন নকৰিবা যিটো তোমালোকৰ ওচৰত প্ৰকাশ কৰা হ’লে সেয়া তোমালোকক কষ্ট দিব। আৰু কোৰআন অৱতীৰ্ণ হোৱাৰ সময়ত তোমালোকে যদি তেনেকুৱা কোনো প্ৰশ্ন কৰা তেন্তে সেয়া তোমালোকৰ ওচৰত প্ৰকাশ কৰা হ’ব। আল্লাহে সেইবোৰ ক্ষমা কৰিছে আৰু আল্লাহ ক্ষমাশীল,সহনশীল।
(ছুৰা মাঈদাহ:আয়াত-১০১)
হজৰত আল্লামা মৌলানা ছায়্যীদ নাঈমুদ্দিন মুৰাদাবাদী আলাইহিৰ ৰাহমাই ফৰমাইছে; এই আয়াতৰ দ্বাৰা প্ৰমাণিত হ’ল যে যি কামৰ নিষেধাজ্ঞা শ্বাৰাই(আল্লাহ আৰু তেওঁৰ ৰাছুলে) প্ৰদান কৰা নাই সেই কাম মোবাহ(মূলতঃ ই বৈধ)। হজৰত ছলমান ৰাদ্বিয়াল্লাহু আনহুৰ হাদিছত আহিছে;হালাল সেয়া যিটো আল্লাহে তেওঁৰ কিতাপত হালাল বুলি কৈছে আৰু হাৰাম সেইটো যিটো আল্লাহে তেওঁৰ কিতাপত হাৰাম বুলি কৈছে আৰু যাৰ বিষয়ে কোনো আদেশ নাই সেয়া মাফ কৰা হৈছে এতেকে অসুবিধাৰ সৃষ্টি নকৰিবা।
(خزائن العرفان،ص۲۲۴)
আন এক হাদিছ শ্বৰীফত আহিছে;
«الْحَلاَلُ مَا أَحَلَّ اللَّهُ فِي كِتَابِهِ، وَالْحَرَامُ مَا حَرَّمَ اللَّهُ فِي كِتَابِهِ، وَمَا سَكَتَ عَنْهُ فَهُوَ مِمَّا عَفَا عَنْهُ»
হালাল সেয়া যিটো আল্লাহে তেওঁৰ কিতাপত হালাল বুলি কৈছে আৰু হাৰাম সেইটো যিটো আল্লাহে তেওঁৰ কিতাপত হাৰাম বুলি কৈছে আৰু যাৰ বিষয়ে কোনো আদেশ নাই সেয়া মাফ।
(ترمذي،ج۳،ص٢٨٠، ١٧٣٢)
আৰু মেহফিল সজাই ঈদে মিলাদুন্নবী পালনৰ নিষেধাজ্ঞা কোৰআন,হাদিছ তথা ফোকাহা সকলৰ মত আৰু শ্বৰিঅতত ক’তো অহা নাই (অথচ ঈদে মিলাদুন্নবী পালনৰ পক্ষেহে অগনিত হাদিছ তথা ফোকাহাৰ মত আছে) এতেকে ঈদে মিলাদুন্নবী পালন কৰা এই জাইজ কৰ্মটো হাৰাম হোৱাৰ কোনো ছহিহ প্ৰমাণ ও সঠিক দলিল নাই আৰু বহু যুগৰ পৰাই উলামা সকলে ইয়াক বৈধ ও শ্বৰিঅত সন্মত,মোছতাহছান অৰ্থাৎ পছন্দনীয় কৰ্ম বুলি কৈছে। [আনহাতে মিলাদুন্নবী বৈধ সম্পৰ্কে অগণিন কিতাপ উপলব্ধ,তাৰে মাজৰ উল্লেখযোগ্য:ইমাম ইবনে জাওজীৰ “আল মাউলিদুল আৰুছ” , ইমাম ছাখাৱীৰ “মাওলিদুন্নবী”, মোল্লা আলী ক্কাৰীৰ “আল মউৰিদুৰ ৰৱী ফিল মউলিদুন্নবৱী” , ইমাম ইউছূফ বিন ইছমাইল নবহানীৰ “জাৱাহিৰুন্নযমীল বাদীঅ ফি মউলিদুশ্বাফীঅ” , বিশ্ববিখ্যাত মোহাদ্দিছ ইমাম জালালুদ্দীন ছুয়ূতীৰ “হুছনুল মাকছাদি ফি আমালিল মউলিদ” ইত্যাদি]।
শ্বাৰিহ বোখাৰী(বোখাৰী শ্বৰীফৰ বিশ্লেষক)ইমাম ক্কাছতালানী ৰাহমাতুল্লাহি আলাইহিয়ে লিখিছে;ৰবিউল আওৱাল মাহ যিহেতু আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ জন্ম লাভৰ মাহ,এতেকে প্ৰত্যেক মুছলমানে যুগমীয়া ভাৱে এই দিনটোত মিলাদৰ (নবীৰ জন্মৰ) আনন্দত মেহফিল,জলচাৰ আয়োজন কৰি আহি আছে, ইয়াৰ ৰাতিটোত ছদকা আৰু পুণ্যৰ কাম বেছিকৈ কৰে। বিষেশ কৈ সেই দিনটোত নবীৰ চৰ্চা কৰি আল্লাহৰ বৰকত লাভ কৰে। আল্লাহে সেই ব্যক্তিক ক্ষমা ও বৰকত দান কৰক যিয়ে মেহফিলৰ আয়োজন কৰে।(এই বুলি মাৱাহিবুল্লাদুন্নীয়্যাহত আছে)
(المواهب اللدنية،۱/٢٧)
শ্বেইখ আব্দুল হক মোহাদ্দিছে দেহলৱী ৰাহমাতুল্লাহি আলাইহিয়ে কৈছে;নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ জন্ম দিনক মেহফিল ৰূপে পানল কৰা পূৰ্বৰ পৰাই প্ৰচলিত,ইয়াৰ ৰাতিটোত ছদকা, আনন্দ উল্লাখ প্ৰকাশ কৰা আৰু উক্ত সময়ত নবীৰ জন্মৰ সময়ৰ ঘটনা বয়ান কৰা মুছলমানৰ এক বিশেষ কাম আছিল।
(ماثبت بالسنة-١٠٢)
ইমাম জালালুদ্দিন চুয়ুটী ৰাহমাতুল্লাহি আলাইহিয়ে লিখিছে;নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ জন্ম দিনটো অতি পৰিচিত ও বৰকতময়,প্ৰবিত্ৰ ও সন্মানীয় দিন। তেওঁৰ অনুগামীসকলে আল্লাহৰ অনুগ্ৰহ পাব। যিজনেই নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ জন্মদিনত আনন্দৰ প্ৰকাশ্য কৰিলে সি নিজকে জাহান্নামৰ পৰা নিৰাপদে ৰাখিলে। এতেকে এনে তিথিত আনন্দ প্ৰকাশ্য কৰা আৰু নিজৰ সামৰ্থ্য অনুসৰি খৰচ কৰা উচিত।
(سبيل الهدي والرشاد،١/٣٦٤)
আৰু এনেকৈ কোৱা যে “প্ৰত্যেক নতুন কৰ্ম বিদআত আৰু প্ৰত্যেক বিদআত পথভ্ৰষ্ট” সেয়া ঠিক নহয়, কাৰণ বিদআতৰ মূলতঃ দুটা ভাগ আছে; বিদআতে হাছানাহ আৰু বিদআতে ছায়্যীআহ। বিদআতে হাছানাহ ; কোৱা হয় : প্ৰত্যেক সেই নতুন কাম যিটো কোনো ছুন্নতৰ বিপৰীতে (খেলাফে)নহয়। যেনে; নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ জন্ম দিনত মেহফিলে মিলাদৰ আয়োজন,জুলুছ, বছৰীয়া পৰীক্ষা,খতমে বোখাৰীৰ আয়োজন ইত্যাদি। বিদআতে ছায়্যীআহ বোলা হয়; প্ৰত্যেক সেই কাম যিটো কোনো ছুন্নতৰ বিপৰীতে হয় বা ছুন্নত উঠাই দিয়ে যেনে অআৰাবীক ভাষাত জুমআ’,ঈদৰ খোতবা পঢ়া ইত্যাদি।
এতেকে শ্বেইখ আব্দুল হক মোহাদ্দিছে দেহলৱী ৰাহমাতুল্লাহি আলাইহিয়ে লিখিছে যে ; জানি ৰখা উচিত যে যি বস্তু আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পিছত ওলাইছে (উদ্ভাৱন, প্ৰচলিত) সেই সকলো সমূহক বিদআত বোলা হয়। তাৰ পিছত যিবোৰ শ্বৰিঅতৰ উছুল(নিয়ম) অনুযায়ী থাকে আৰু ছুন্নতৰ নিয়ম অনুসৰি হয় আৰু কিতাব (কোৰআন)ও ছুন্নতৰ(হাদিৰ) ওপৰত ভিত্তি কৰা হয় সেইসমূহক বিদআতে হাছানাহ কোৱা হয়। আৰু যিটো শ্বৰিঅতৰ উছুল ও নিয়মৰ বিপৰীতে হ’ব তাক বিদআতে(ডলালল অৰ্থাৎ পথভ্ৰষ্ট বিদআত)ছায়্যীআহ বোলা হয়।
(اشعةاللمعات مترجم،١/٤٢٢)
অথচ হাদিছত নতুন আৰু ভাল, পুণ্যপূৰ্ণ কৰ্মৰ উদ্ভাৱন কৰোঁতাক চোৱাবৰ সুসংবাদ দিছে এতেকে “মুছলিম শ্বৰীফ”ত আছে;
قَالَ رَسُولُ اللَّهِ صَلَّى اللَّه عَلَيْهِ وَسَلَّمَ: مَنْ سَنَّ فِي الإِسْلامِ سُنَّةً حَسَنَةً فَلَهُ أَجْرُهَا وَأَجْرُ مَنْ عَمِلَ بِهَا بَعْدَهُ مِنْ غَيْرِ أَنْ يَنْقُصَ مِنْ أُجُورِهِمْ شَيْءٌ وَمَنْ سَنَّ فِي الإِسْلامِ سُنَّةً سَيِّئَةً كَانَ عَلَيْهِ وِزْرُهَا وَوِزْرُ مَنْ عَمِلَ بِهَا مِنْ بَعْدِهِ مِنْ غَيْرِ أَنْ يَنْقُصَ مِنْ أَوْزَارِهِمْ شَيْءٌ
যিজনে ইছলামত কোনো ভাল পদ্ধতি (কৰ্মৰ) উদ্ভাৱন বা প্ৰচলন কৰিলে সি তাৰ চোৱাব পাব আৰু তাৰ পিছত যিমান লোকে সেই কৰ্মৰ ওপৰত আমোল কৰিব তেওঁবোৰৰ সম চোৱাব সেই উদ্ভাৱন তথা প্ৰচলন কৰা ব্যক্তিজনেও পাব আৰু সিহঁতৰ চোৱাবত কোনো হ্ৰাস নহ’ব। আৰু যিজনে ইছলামত কোনো বেয়া পদ্ধতি (কৰ্মৰ) উদ্ভাৱন কৰিলে সি তাৰ গুণাহ পাব আৰু তাৰ পিছত যিমান লোকে সেই কৰ্মত লিপ্ত হ’ব সিহঁতবোৰৰ সম গুণাহ সেই উদ্ভাৱন কৰা ব্যক্তিজনেও পাব আৰু সিহঁতৰ গুণাহত কোনো হ্ৰাস নহ’ব।
[ مسلم،٣٩٤-حديث-١٠١٧،الترمذي،النسائي،ابن ماجة،أحمد،الدارمي ]
নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ জন্ম দিনত মেহফিল সজাই মিলাদ উদযাপন কৰাও এটা ভাল কৰ্ম যিটো কোনো ছুন্নতৰ বিপৰীতে তথা খেলাফে নহয় অথচ একেবাৰে কোৰআন আৰু হাদিছৰ নিয়ম মতে হয়। আল্লাহৰ নিয়ামতত আনন্দ প্ৰকাশৰ আদেশ নিজ কোৰআনে দিছে যথা কোৰআনত আহিছে;
قُلْ بِفَضْلِ اللَّهِ وَبِرَحْمَتِهِ فَبِذَٰلِكَ فَلْيَفْرَحُوا هُوَ خَيْرٌ مِمَّا يَجْمَعُونَ
(হে নবী!)কোৱা,‘এইটো আল্লাহৰেই অনুগ্ৰহ(ফজল) আৰু তেওঁৰ কৃপা(ৰহমত); এতেকে সিহঁতে এই বিষয়ে আনন্দিত হোৱা উচিত’। সিহঁতে যি পুঞ্জীভূত কৰে তাতকৈয়ো এইটো উত্তম।
(ছুৰা ইউনূছ:আয়াত-৫৮)
নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম আল্লাহৰ ৰহমত,নিয়ামত আৰু সৰ্ববৃহৎ ফজল গতিকে তেওঁ এই দুনিয়াত অহাৰ দিৱস পালন কৰা নিশ্চয় শ্বৰিঅত সন্মত। আনহাতে আল্লাহে ঘোষণা কৰিছে;
وَأَمَّا بِنِعْمَةِ رَبِّكَ فَحَدِّثْ
আৰু তোমাৰ প্ৰতিপালকৰ নিয়ামতৰ(অনুগ্ৰহৰ) কথা প্ৰচাৰ কৰা।
(ছুৰা আল-দ্বোহা,আয়াত:১১)
আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ৰোজা ৰাখি নিজে তেওঁৰ মিলাদ পালন কৰিছিল।
যথা؛তেওঁ প্ৰত্যেক সোমবাৰে ৰোজা ৰখা কৰিছিল,এই বিষয়ে তেওঁক সোধাত তেওঁ কৈছে যে
( فِيهِ وُلِدْتُ وَفِيهِ أُنْزِلَ عَلَيَّ )
এই দিনটোতে মোৰ জন্ম হৈছিল আৰু এই দিনটোতেই মোৰ ওপৰত অহি নাজিল হৈছিল।
(مسلم،٤٥٥،حدیث2750/1162)
শ্বৰীয়তৰ ভিতৰত থাকি আনন্দ প্ৰকাশ কৰা,ভিন্ন প্ৰকাৰে উল্লাখ কৰা সুখী প্ৰকাশ্য কৰা আৰু মিলাদে মেহফিল সজাই নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ সেই সময়বোৰক স্মৰণ তথা মনত কৰা যেতিয়া এই দুনিয়াত তেওঁ অৱতৰণ কৰিছিল। তেওঁৰ প্ৰশংসা কৰা ইত্যাদি নিসন্দেহে বৈধ ও জাইজ। অবৈধ কোৱাবোৰে গ্ৰহণযোগ্য দলীলৰ দ্বাৰা খণ্ডন কৰে যেন।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
Recent Comments