প্ৰশ্নঃ- হিন্দু বেংকৰ পৰা লোন লৈ মৃত্যু হ’লে টকাটো ফিৰাই দিব লাগিব নেকি,ঋণীজনৰ মৃত্যু হ’লে ঋণ কেনেকৈ পৰিশোধ কৰা হ’ব ?
•┈┈┈┈••✦✿✦••┈┈┈┈•
উত্তৰঃ- কাফিৰৰ লগতো প্ৰতাৰণা কৰাৰ বা ধোকা দিয়াৰ অনুমতি নাই,সেয়েহে মৃত্যুৰ পিছত তেওঁৰ সম্পত্তিৰে ঋণ পৰিশোধ কৰিব লাগিব।
• যদি ঋণীজনৰ মৃত্যু হয় আৰু সম্পত্তি এৰি থৈ যায় তেন্তে তেওঁৰ সম্পত্তিৰ পৰা তেওঁৰ ঋণ পৰিশোধ কৰা হ’ব। কাৰোবাৰ মৃত্যু হ’লে তেওঁৰ সম্পত্তিৰ পৰা প্ৰথম তিনিটা কাম পূৰ্ণ কৰা হ’ব। ১)কফন দফন। সাধাৰণতে বন্ধু-বান্ধৱ আৰু আত্মীয়ই ইয়াৰ ব্যৱস্থা কৰে আৰু কোনেও দাবী নকৰে এয়াও শুদ্ধ। কিন্তু যদি পত্নীৰ মৃত্যু হয় আৰু স্বামী জীয়াই থাকে তেন্তে তেওঁৰ কফন দফনৰ খৰছ তেওঁৰ ধনৰ পৰা কৰা নহ’ব বৰঞ্চ স্বামীয়ে কৰিব লাগিব। ২)মৃতকৰ সম্পত্তিৰ পৰা তেওঁৰ ঋণ পৰিশোধ কৰা হ’ব। ৩)যদি কোনো বৈধ অচিয়ত কৰি যায় তেন্তে কফন দফনৰ খৰছ কৰ্তন কৰাৰ পিছত আৰু ঋণ পৰিশোধ কৰাৰ পিছত তেওঁৰ পৰিত্যক্ত সম্পত্তিৰ এক তৃতীয়াংশৰে অচিয়ত(ইচ্ছা)পূৰণ কৰা হ’ব।ইয়াৰ পিছত বাকী থকা সম্পত্তিখিনি উত্তৰাধিকাৰীসকলৰ মাজত তেওঁলোকৰ ভাগ অনুযায়ী বিতৰণ কৰা হ’ব। ঋণ পৰিশোধ কৰাটো কিমান গুৰুত্বপূৰ্ণ সেইটো ইয়াৰ পৰা অনুমান কৰিব পাৰি যে উত্তৰাধিকাৰীসকলে ঋণ পৰিশোধ কৰাৰ আগতে সম্পত্তি ভাগ বিতৰণ কৰিব নোৱাৰিব কাৰণ ঋণ পৰিশোধৰ দায়িত্ব মৃতকৰ আছিল। যদি মৃত ব্যক্তিয়ে একো এৰি নাযায় তেন্তে উত্তৰাধিকাৰীসকলে পৰিশোধ কৰা জৰুৰী নহয় কিন্তু তথাপিও তেওঁৰ হৈ ঋণ পৰিশোধ কৰা উচিত।
• হজৰত আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত,নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ সন্মূখত এটি জানাজা অনা হ’ল,তেওঁ ক’লে: ইয়াৰ ওপৰত ঋণ আছে নেকি? চাহাবা সকলে ”হয় আছে” বুলি ক’লে। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ক’লে: তেওঁ ঋণ পৰিশোধ কৰিবলৈ কিবা(সম্পত্তি) এটা এৰি থৈ গৈছেনে ? কোৱা হ’ল: নাই। তেওঁ ক’লে: তোমালোকে এওঁৰ জানাজাৰ নামাজ পঢ়া। হজৰত আলী ৰাদ্বীয়াল্লাহু আনহুৱে নিবেদন কৰিলে: তেওঁৰ ঋণ পৰিশোধৰ দায়িত্ব মই ল’লো। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে তেওঁৰ জানাজা পঢ়াই দিলে। আন এটি বৰ্ণনাত আহিছে,নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: আল্লাহে তোমাক জাহান্নামৰ পৰা মুক্তিদান কৰক যিদৰে তুমি তোমাৰ মুছলমান ভাইক ঋণ মুক্ত কৰিছা। যিজন মুছলমানে নিজৰ ভাতৃৰ ঋণ পৰিশোধ কৰে,আল্লাহে কিয়ামতৰ দিনা তেওঁৰ ঋণ পৰিশোধ কৰিব।
(مشکوٰۃ المصابیح،ج١،ص٥٣٩،حدیث:٢٩٢٠)
• বেংকৰ টকাটো ঘুৰাই নিদিয়া এক প্ৰকাৰৰ ধোকা বা প্ৰতাৰণা। হাদিছ শ্বৰীফত আহিছে:
عَنْ أَبِي الْحَمْرَاءِ، قَالَ: رَأَيْتُ رَسُولَ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ مَرَّ بِجَنَبَاتِ رَجُلٍ عِنْدَهُ طَعَامٌ فِي وِعَاءٍ، فَأَدْخَلَ يَدَهُ فِيهِ، فَقَالَ: لَعَلَّكَ غَشَشْتَهُ مَنْ غَشَّنَا فَلَيْسَ مِنَّا
আবু আল-হামৰা ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে: মই ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামক দেখিছোঁ,পাত্ৰত ঘেঁহু থকা এজন মানুহৰ কাষেৰে পাৰ হৈ গৈছে,আৰু তেওঁ ঘেঁহুত হাত দিলে আৰু তাৰ পিছত ক’লে: হয়তো তুমি প্ৰতাৰণা কৰিছা। যিয়ে আমাৰ লগত প্ৰতাৰণা কৰে,তেওঁ আমাৰ মাজৰ এজন নহয়।
(سنن ابن ماجہ؛٢٢٢٥)
• সেয়ে মুছলিম হওঁক অথবা অমুছলিম,পাব লগীয়া থাকিলে আদায় কৰিব লাগিব।
وَاللہُ اَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُہ اَعْلَم صَلَّی اللّٰہُ تَعَالٰی عَلَیْہِ وَاٰلِہٖ وَسَلَّم
▁▁▁▁▁▁▁▁▁▁▁▁ ঋণীজনৰ মৃত্যু হ’লে ঋণ কেনেকৈ পৰিশোধ কৰা হ’ব ?
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
Recent Comments