ঋণ থাকিলে জাকাত দিব লাগিব নেকি ?

প্ৰশ্নঃ-বেংকৰ পৰা ঋণ(loan)লৈ ঘৰ(building)বনোৱা হৈছে। বহুত টকা ঋণত লোৱা হৈছে। এইক্ষেত্ৰত ব্যক্তিগৰাকীয়ে যাকাত দিব লাগিব নেকি ?

( ঋণ থাকিলে জাকাত দিব লাগিব নেকি )

─┄┅━▣✾❥✺❥✾▣━┅┅─

উত্তৰঃ- এজন ব্যক্তিৰ ওপৰত যাকাত ফৰজ হ’বলৈ কেইটামান চৰ্ত আছে। ১) মুছলমান হ’ব লাগিব। ২)বালিগ তথা প্ৰাপ্তবয়স্ক হ’ব লাগিব। ৩)জ্ঞানী হ’ব লাগিব পাগলৰ প্ৰতি যাকাত ফৰজ নহয়। ৪)স্বাধীন হ’ব লাগিব,দাসৰ প্ৰতি যাকাত ফৰজ নহয়। ৫)সম্পত্তি তথা মাল নিছাবৰ সমতুল্য থাকিব লাগিব,নিছাবতকৈ কম হ’লে যাকাত ৱাজিব নহ’ব। ৬)পৰিপূৰ্ণ ভাৱে মালখিনিৰ মালিক হ’ব লাগিব। ৭)মাল ঋণৰ পৰা মুক্ত হৈ নিছাবৰ সমতুল্য হ’ব লাগিব। ৮)নিছাব নিজৰ প্ৰয়োজনীয় মালৰ বাহিৰে হ’ব লাগিব। ৯)মাল বৃদ্ধি হোৱা হ’ব লাগিব যথা পোনপটীয়াকৈ হওঁক অথবা আওপকীয়া ভাৱে। ১০)নিছাবৰ মালখিনিত পৰিপূৰ্ণ ভাৱে এবছৰ অতিবাহিত হ’ব লাগিব, অৰ্থাৎ বছৰৰ আগতে যাকাত ৱাজিব নহ’ব। উপৰোক্ত চৰ্ত খিনিৰ গৰাকীৰ প্ৰতি যাকাত ফৰজ হ’ব।

(بہار شریعت،ج-١،ص٨٧٦-٨٨٤،علمیہ)

নিছাব কাক বোলে

যিমানখিনি মাল তথা সম্পত্তি হ’লে যাকাত ফৰজ হয় তাক নিছাব বোলে।

নিছাবৰ পৰিমাণ আৰু বৰ্তমানৰ হিচাপ

সোনৰ নিছাব বিশ মিছকাল অৰ্থাৎ ছাৰে সাত তোলা। বৰ্তমান সময়ত ইয়াৰ পৰিমাণ তিৰান্নব্বৈ গ্ৰাম তিনিশ বাৰ মিলিগ্ৰাম(৯৩.৩১২ মিলিগ্ৰাম) আৰু ৰূপৰ নিছাব দুশ দিৰহাম অৰ্থাৎ ছাৰে বাৱন্ন তোলা। বৰ্তমান সময়ত ইয়াৰ পৰিমাণ ছয়শ তেৱন্ন গ্ৰাম এশ চৌৰাশী মিলিগ্ৰাম(৬৫৩.১৮৪ মিলিগ্ৰাম)।

✾ যদি সোন ৰূপ পৃথক পৃথককৈ উপৰোক্ত পৰিমাণত নাই। কিন্তু দুয়োটা মিলালে যিকোনো এটাৰ পৰিমাণ হয় তেন্তে সেইজন ব্যক্তি নিছাবৰ মালিক,তেওঁৰ প্ৰতি যাকাত ৱাজিব হ’ব। উদাহৰণ স্বৰূপে এজন ব্যক্তিৰ ওচৰত বিশ গ্ৰাম সোন আছে আৰু দহ গ্ৰাম ৰূপ যিটো নিজে নিছাবৰ সমাতুল্য নহয়। কিন্তু দুয়োখিনিৰ দাম ইমান হৈ যায় যে যাৰ দ্বাৰা ছাৰে বাৱন তোলা(৬৫৩.১৮৪ মিলিগ্ৰাম)ৰূপ কিনিব পাৰি তেনেহলে সেইজন ব্যক্তি নিছাবৰ মালিক তেওঁৰ প্ৰতি যাকাত ৱাজিব হ’ব।

✾ যদি কোনো ব্যক্তিৰ ওপৰত তিৰান্নব্বৈ গ্ৰাম তিনিশ বাৰ মিলিগ্ৰাম (93.312)সোন অথবা ছয়শ তেৱন্ন গ্ৰাম এশ চৌৰাশী মিলিগ্ৰাম(653.184) ৰূপ বা তাৰ দামৰ পৰিমাণ ধন জমা আছে তেন্তে সেইজনৰ প্ৰতি যাকাত ৱাজিব হ’ব।

কিমান টকা থাকিলে যাকাত দিব লাগে

আজিৰ তাৰিখত (১৫-৪-২০২২)ৰূপৰ প্ৰতিগ্ৰামৰ মূল্য ৭৩.৮, এতেকে এই হিচাপে যদি কাৰোবাৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ বাহিৰে হাতত(বেংকত,সোন-ৰূপ বা ব্যৱসায়ৰ আকাৰত) নিম্নতম 46,878 টকা থাকে আৰু এবছৰ অতিবাহিত হৈছে যদি যাকাত ৱাজিব হ’ব(আমাৰ অঞ্চলত ৰমজান মাহত যাকাত আদায় কৰা হয় গতিকে প্ৰত্যেক ৰমজানৰ নিৰ্ধাৰিত তাৰিখে যাকাত ৱাজিব হয়)।

✾ উল্লেখিত প্ৰশ্ন মতে যদি উক্ত ব্যক্তিজনৰ ঋণ পৰিশোধ কৰাৰ পিছত নিছাবৰ সমাতুল্য(653.184 মিলিগ্ৰাম ৰূপ বা 931.312 মিলিগ্ৰাম সোন অথবা তাৰ দামৰ পৰিমাণ ধন জমা থাকে)তেন্তে তেওঁৰ প্ৰতি যাকাত ৱাজিব হ’ব অন্যথা নহ’ব কাৰণ যাকাত ৱাজিব হ’বলৈ নিছাব ঋণ মুক্ত হ’ব লাগিব।(ঋণ পৰিশোধত সুতৰ টকাক ধৰা নহয়)যথা আলমগিৰীত আছে:

و منها الفراغ عن الدين

অৰ্থাৎ যাকাত ৱাজিব হোৱা চৰ্ত সমূহৰ মাজৰ পৰা নিছাব ঋণৰ পৰা মুক্ত হোৱাও।

(فتاویٰ عالمگیری-١،١٧٣،دار الفکر بیروت)

✾ আনহাতে এই কথাত অতি গুৰুত্ব দিয়া উচিত যে যিজন ব্যক্তিৰ ঋণৰ কাৰণে নিছাবৰ সমতুল্য ধন নাই সেইজনৰ প্ৰতিহে যাকাত ৱাজিব নহয় কিন্তু যদি তেওঁৰ পত্নী বা ল’ৰা ছোৱালীৰ নিছাবৰ সমতুল্য অলংকাৰ বা ধন আছে তেনেহলে সিহঁতৰ প্ৰতিও পৃথককৈ যাকাত ৱাজিব হ’ব। এয়া পাৰিবাৰিক নহয় যে পৰিয়ালৰ এজন সদস্যই দিলেই হ’ব বৰং এয়া ব্যক্তিগত যে যিজন নিছাবৰ মালিক হ’ব তেওঁৰেই প্ৰতি যাকাত ৱাজিব হ’ব ।

বিঃদ্ৰঃ-মনত ৰাখিব যিখিনি মাল হ’লে যাকাত ৱাজিব হয় তাৰ পৰা ঋণ পৰিশোধত ঋণৰ সুতসহ ধৰা নহ’ব অকল আচল ঋণহে ধৰা হ’ব।

(فتاویٰ اہل سنت-کتاب الزكوٰت-ص٧٩)

যাকাত শতকৰা কিমান

যাকাত শতকৰা আঢ়ৈ টকাকৈ দিব লাখিব উদাহৰণ স্বৰূপে কাৰোবাৰ হাতত প্ৰয়োজনীয়তাৰ বাহিৰে ১ এক লাখ টকা আছে তেন্তে বছৰৰ মূৰত আঢ়ৈ হাজাৰ টকা যাকাত দিব লাখিব।

আল্লাহে আমাক সঠিক মাছাঈল শিকাৰ তৌফিক দান কৰক।

وَاللہُ اَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُہ اَعْلَم صَلَّی اللّٰہُ تَعَالٰی عَلَیْہِ وَاٰلِہٖ وَسَلَّم

ঋণ থাকিলে জাকাত দিব লাগিব নেকি

▁▁▁▁▁▁▁▁▁▁▁▁

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d