ৰাস্তাত পোৱা বস্তুটো কি কৰা উচিত

ৰাস্তাত পোৱা বস্তুটো কি কৰা উচিত 

প্ৰশ্নঃ- ৰাস্তাত পৰি থকা পোৱা টকাতো কি কৰা উচিত ?

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

উত্তৰঃ-আল্লাহৰ নবী স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামক পৰি থকা বস্তু উঠোৱাৰ বিষয়ে সোধাত তেওঁ কৈছে;পৰি থকা বস্তু(লোকতা) হালাল নহয় আৰু যি ব্যক্তিয়ে পৰি থকা বস্তু উঠাব তাৰ বাবে এবছৰ পৰ্যন্ত উক্ত বস্তুটোৰ ঘোষণা কৰা জৰুৰী যদি গৰাকী আহে তেন্তে দিয়া হ’ব আৰু যদি নাহে তেন্তে ছদকা কৰা হ’ব।(سنن دار قطنی،کتاب الرضاع،ج٤،ص٢١٥،حدیث٤٣٤٣)


ক’ৰবাত পৰি থকা বস্তু পাই তাৰ গৰাকীৰ সন্ধান উলিয়াই গতাই দিয়াৰ উদ্দেশ্যে উঠোৱা মোস্তাহাব(চোৱাবৰ কাম)আৰু যদি এনেকুৱা লাগে যে হ’ব পাৰে মই মালিকক নিবিচৰাকৈ নিজে ৰাখি থম তেন্তে নুঠোৱা উত্তম আৰু যদি অধিক পৰিমাণে মনত এনেকুৱা লাগে যে মালিকক নিদি নিজে ৰাখি থম তেন্তে উঠোৱা জায়েজ নাই আৰু নিজৰ বাবে উঠোৱা হাৰাম। যদি এনেকুৱা বিশ্বাস থাকে যে নুঠালে উক্ত বস্তুটো বেয়া তথা ধ্বংস হৈ যাব তেন্তে উঠোৱা জৰুৰী কিন্তু যদি নুঠাই আৰু পৰি থকা বস্তটো বেয়া হৈ যায় বা ধ্বংস হয় তেন্তে তাৰ ওপৰত ইয়াৰ পৰিৱৰ্তে কোনো বস্তু দিয়া তথা জৰিমনা জৰুৰী নহয়।(بہار شریعت-ح-١٠،ص٤٧٤-/الدر مختار،ج۶،ص٤٢٢)

যদি কোনোৱে পৰি থকা বস্তু নিজে ব্যৱহাৰ কৰাৰ উদ্দেশ্যে উঠাই আৰু তাৰ পিছত ভাবিলে যে এনেকুৱা কৰা ঠিক নহ’ব আৰু য’ৰ পৰা উঠাইছিল তাতেই থৈ আহিল তেন্তে সি দায়িত্ব মুক্ত নহ’ব অৰ্থাৎ যদি উক্ত বস্তুটো ধ্বংস বা বেয়া হৈ যায় তেন্তে উঠোৱা জনে তাৰ জৰিমনা ভৰিব লাগিব বৰং এতিয়া মালিকৰ সন্ধান তাৰ প্ৰতি বাধ্যতামূলক যে মালিকক বিচাৰক আৰু মাল গতাই দিয়ক,যদি মালিকক দিয়াৰ উদ্দেশ্যে উঠাইছিল কিন্তু পিছত আকৌ থৈ আহিল তেন্তে জৰিমনা ভৰিব নালাগে।

(بہار شریعت،ح١٠،ص-٤٧٤/الدر مختار،کتاب القطہ،ج-۶،ص٤٢٢)

গতিকে পৰি থকা মাল যদি বেয়া হোৱাৰ সম্ভাৱনা নাথাকে তেন্তে নুঠোৱা উত্তম আৰু বেয়া হোৱাৰ সম্ভাৱনা থাকিলে উঠাই মালিকক দিয়া হ’ব,নিজৰ কাৰণে উঠোৱাৰ অনুমতি নাই।

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

আমাৰ ইউটিউব চেনেল click here 

Hair Transplant সম্পৰ্কে চৰীয়তৰ ৰায়! – ইছলামৰ পোহৰ click here 

ৰাস্তাত পোৱা বস্তুটো কি কৰা উচিত

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d