কোৰআন এপ থকা মোবাইলৰ আদেশ

কোৰআন এপ থকা মোবাইলৰ আদেশ

কোৰআন এপ থকা মোবাইলৰ আদেশ প্ৰশ্নঃ- ১)মোবাইল ফোনত কোৰআন এপ বা অন্যান্য ইছলামী এপ্লিকেচন থকা অৱস্থাত উক্ত মোবাইলটো শৌচালয়ত বা বাথৰুমত লৈ গ’লে বা সেই এপ্লিকেচনটো Unstall কৰি দিলে কিবা গুণাহ হ’ব নেকি ?

২)এনে ক্ষেত্ৰত মোবাইলটো ভৰিত লগাব বা অজু নোহোৱাকৈ মোবাইলত কোৰআন অথবা ইছলামী কিতাপ পঢ়িব পাৰিনে ?

▁▁▁▁▁▁▁▁▁▁▁▁

উত্তৰঃ-১) স্ক্ৰীন(screen)বন্ধ থকা অৱস্থাত মোবাইল ফোন শৌচালয়ত বা বাথৰুমত লৈ গ’লে কোনো অসুবিধা নাই। ইয়াৰোপৰি Unstall কৰিলেও কোনো গুণাহ নহয়।

সন্মানীয় ইছলামী ফটো যেনে কা’বা শ্বৰীফ,মদিনা(নবীৰ ৰৌজা)শ্বৰীফ,আল্লাহৰ নাম,নবীৰ ﷺ নাম বা কোৰআনৰ আয়াত আদি মোবাইলৰ স্ক্ৰীনত বা image folder,image gallery ত থকা অৱস্থাত শৌচাগাৰত লৈ যোৱাত কোনো অসুবিধা নাই,কিন্তু ইয়াৰ পৰা বিৰত থকা উত্তম। এনে ক্ষেত্ৰত যিহেতু এইসমূহ বস্তু বা কোৰআন এপ মোবাইলৰ ভিতৰত থকাৰ উপৰিও পকেটৰ ভিতৰত থকাৰ বাবে আঁৰ হৈ যায় সেয়ে ইয়াক অপমান বা অসন্মান কৰাৰ কোনো সন্দেহ নাথাকে। আৰু যিহেতু কোনো ধৰণৰ অপমান নহয় সেয়েহে‌ তেনে ক্ষেত্ৰত মোবাইলত কোৰআন বা অইন ইছলামী এপ,ফটো থকা অৱস্থাত মোবাইলৰ স্ক্ৰীনত ভাঁহি নাথাকিলে শৌচালয়ত লৈ যোৱাত কোনো অসুবিধা নাই। লৈ যাব পাৰি।

স্ক্ৰীনত ওলাই থকা অৱস্থাত শৌচাগাৰত লৈ যোৱাৰ অনুমতি নহ’ব সেয়েহে লৈ গ’লে আগেয়ে স্ক্ৰীন বন্ধ কৰি লোৱা হ’ব। ইয়াৰ উদাহৰণ হৈছে শৌচলয়ত তাবিজ লৈ যোৱা,ফতোৱা শ্বামীত আছে:

رقية فى غلاف متجاف لم يكره دخول الخلاء والاحتراز افضل

এটা সুকীয়া আৱৰণৰ ভিতৰত থকা তাবিজ লৈ শৌচাগাৰলৈ যোৱাটো মকৰুহ নহয়।(অৰ্থাৎ উক্ত তাবিজ পিন্ধি শৌচালয়ত যাব পাৰি)কিন্তু আঁতৰি থকা উত্তম।

(الدر المختار مع رد المحتار:۱/۱۷۸،دار الفکر،بیروت)

ইয়াৰোপৰি ৰদ্দুল মোহতাৰত আছে:

فلو نقش اسمه تعالىٰ او اسم نبيهﷺ استحب او يجعل الفص فى كمه إذا دخل الخلاء

যদি আঙুঠিত আল্লাহ বা তেওঁৰ ৰাছুলৰ ﷺ নাম লিখা থাকে,তেন্তে শৌচাগাৰলৈ যোৱাৰ সময়ত আঙঠিটো হাতৰ আঁচলত লুকুৱাই ৰখাটো ভাল আৰু মুস্তাহাব।

(رد المحتار،ج٩،ص٥١٩،زكريا بك ڈپو،دیوبند)

যিদৰে বোৰ্ডত কোনো আয়াত লিখি মচি পেলোৱাত কোনো অসুবিধা নাই তদ্ৰুপ কোৰআন এপ বা অন্যান্য ইছলামী এপ্লিকেচন মোবাইলৰ পৰা Delete কৰাতো কোনো অসুবিধা নাই। যথা ফতোৱা আলমগিৰিত আছে:

ولو محا لوحاً كتب فيه القرآن واستعمله في أمر الدنيا يجوز

কোৰআনৰ আয়াত লিপিবদ্ধ কোনো ফলি(বস্তু)ৰ পৰা সেয়া মচি উক্ত ফলিখন অইন কামত ব্যৱহাৰ কৰিব পাৰি।

(فتاویٰ عالمگیری،الباب الخامس في آداب المسجد والقبلة والمصحف وما كتب فيه شيء من القرآن،٥/٣٢٢)

ইয়াৰ পৰা স্পষ্ট হ’ল যে মোবাইল ফোনত কোৰআন এপ অথবা অন্যান্য ইছলামী এপ্লিকেচন বা ইছলামী ফটো আঁৰ কৰা থাকিলে উক্ত মোবাইলটো toilet বা বাথৰুত লৈ যোৱাত কোনো অসুবিধা নাই। কোনো গুণাহ নহয়। আৰু মোবাইল ফোনৰ পৰা আঁতৰাই দিয়াতো কোনো গুণাহ নহয়।

২) অজু অবিহনে মোবাইল ফোনৰ স্ক্ৰীনত থকা কোৰআন স্পৰ্শ কৰিব পাৰি কিন্তু আদব ও সন্মানৰ প্ৰতি লক্ষ্য ৰাখি বিনা অজুৰে স্পৰ্শ নকৰা ভাল। • ইয়াৰোপৰি অজু নথকা অৱস্থাত কোৰআন তিলাৱত কৰিব পাৰি। • অজু নোহোৱাকৈ মোবাইলৰ বাহিৰে কোৰআন স্পৰ্শ কৰিব নোৱাৰি এয়া হাৰাম কিন্তু চাই চাই স্পৰ্শ নকৰাকৈ পঢ়াত অসুবিধা নাই।

(ماخوذ از موبائل فون کے ضروری مسائل،صفحہ۱۵۶)

কোৰআন স্ক্ৰীনত ওলাই থকা অৱস্থাত ভৰিত লগোৱা নাযাব। • মোবাইলটো কোলাত লৈ তিলাৱত কৰাত বাধা নাই। • মোবাইল বন্ধ থাকিলে অথবা স্ক্ৰীনত কোৰআন ওলাই নাথাকিলে উক্ত মোবাইলটো ভৰিত লাগিলে কোনো অসুবিধা নাই।

কোৰআন এপ থকা মোবাইলৰ আদেশ! 

মছজিদ বা মাদ্ৰাছাত Cinema,Funny Video চোৱা- মোবাইলত কোৰআন পঢ়া • – Click here 

Follow us on YouTube

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

▁▁▁▁▁▁▁▁▁▁▁▁

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d