কোনো পূণ্যকৰ্মৰ চোৱাব আনলৈ প্ৰেৰণ কৰিব পাৰিনে ?

প্ৰশ্নঃ- কোনো পূণ্যকৰ্মৰ চোৱাব আনলৈ প্ৰেৰণ কৰিব পাৰিনে ?

আমাৰ অঞ্চলত মানুহ মৃত্যুবৰণ কৰিলে তেওঁৰ হৈ বেলেগে কোৰআন খতম কৰি চোৱাব প্ৰেৰণ কৰাটো চৰীয়ত সন্মতনে?

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

উত্তৰঃ- জীৱিত,মৃত সকলোলৈ চোৱাব প্ৰেৰণ কৰিব পাৰি; ইয়াত ঘৰৰ বা পৰৰ বুলি কোনো কথা নাই। এয়া ছহীহ হাদিছৰ দ্বাৰা প্ৰমাণিত। চোৱাব পাপী মুছলমানলৈয়ো প্ৰেৰণ কৰিব পাৰি আৰু নেক তথা আল্লাহৰ নৈকট্যপ্ৰাপ্ত লোকলৈকো পাৰি।

চোৱাব প্ৰেৰণৰ উদ্দেশ্য একমাত্ৰ এয়াই যে তাৰ দ্বাৰা মৃতকৰ গুণাহ ক্ষমা কৰা হ’ব অথবা আজাব হ্ৰাস কৰা হ’ব আনকি ইয়াৰ পৰিসৰ ইয়াতকৈয়ো অধিক। চোৱাব প্ৰেৰণ গুণাহ মাফৰ লগতে মৰ্যাদা বৃদ্ধিৰ বাবেও কৰা হয়। যাৰ বাবে চোৱাব প্ৰেৰণ কৰা হয় তেওঁ ইয়াৰ দ্বাৰা উৎফুল্লিত হয়। মিচকাত শ্বৰীফত আছে: হজৰত ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: কবৰত মৃত ব্যক্তিৰ উদাহৰণ হৈছে ডুবি থকা আৰু আশাৰে বাট চাই থকা ব্যক্তিজনৰ দৰে যিয়ে নিজৰ পিতৃ-মাতৃ,ভাতৃ অথবা কোনো বন্ধুৰ দোআৰ আশাত থাকে। যেতিয়া কোনো দোআ পায় তেওঁৰ বাবে সেয়া পৃথিৱীৰ সমস্ত বস্তুতকৈ পছন্দনীয় হয়। নিশ্চয় আল্লাহে পৃথিৱীৰ লোকসকলৰ দোআৰ দ্বাৰা কবৰবাসীক পাহাৰৰ সমতুল্য চোৱাব দান কৰে। মৃত ব্যক্তিৰ বাবে জীৱিত ব্যক্তিৰ উত্তম উপহাৰ হৈছে তাৰ বাবে ক্ষমা প্ৰাৰ্থনা আৰু ছদকা কৰা। (مشکٰوۃ المصابیح ،٢/٧٢٨-٢٣٥٥)

উল্লেখিত হাদিছত কোৱা হৈছে ” মৃতক কোনো বন্ধুৰ দোআৰ আশাত থাকে” ইয়াৰ পৰাই স্পষ্ট হয় যে আনেও অন্যৰ বাবে চোৱাব প্ৰেৰণ বা দোআ কৰিব পাৰে। ছুনানে আবু দাউদত এটি হাদিছ উল্লেখ আছে: নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: কিয়ামতৰ দিনা মছজিদে আশ্বাৰ (বাচ্‌ৰাত অৱস্থিত)ৰ পৰা এনেকুৱা ছহীদক উঠোৱা হ’ব যিসকলৰ লগত বদৰৰ ছহীদৰ বাহিৰে আন কোনো নাথাকিব। সেই মছজিদৰ কাষেৰে এটা দল পাৰ হৈ যাব লওঁতে হজৰত আবু হুৰাইৰাহ ৰাদ্বীয়াল্লাহু আনহুৱে(নিজৰ ব্যস্ততাৰ বাবে তেওঁলোকক)ক’লে: তোমালোকৰ মাজৰ কোন এনেকুৱা আছা যে তেওঁ মছজিদে আশ্বাৰত মোৰ বাবে দুই চাৰি ৰাকাত পঢ়িব আৰু এনেদৰে ক’ব:  هذا الابى هريرة_  এই (দুই ৰাকাত নফল) হজৰত আবু হুৰাইৰাৰ বাবে। (سنن ابى داؤود ؛٢/٢٤٤)

এই বৰ্ণনাত স্পষ্টকৈ আছে যে ইবাদতৰ চোৱাব আনলৈ প্ৰেৰণ কৰিব পাৰি। নেক ব্যক্তিসকলৰ এয়াই অভ্যাস আছিল যে নফল পঢ়ি আনলৈ চোৱাব প্ৰেৰণ কৰে। আনলৈ চোৱাব প্ৰেৰণ কৰা বৈধতাৰ দলিল ইয়াতকৈ আৰু কি হ’ব পাৰে যে নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে নিজেই পৰিয়ালৰ লগতে সমস্ত উম্মতৰ হৈ কোৰবানীৰ চোৱাব প্ৰেৰণ কৰিছিল। কোৰবানী কৰি তেওঁ আল্লাহৰ ওচৰত এনে দোআ কৰিছিল: الهم تقبل من محمد و آل محمد و من أمة محمد

হে আল্লাহ! মুহাম্মদ ﷺ,মুহাম্মদৰ ﷺ পৰিয়াল আৰু মুহাম্মদৰ ﷺ উম্মতৰ হৈ এই কোৰবানী কবূল কৰা। (سنن ابى داؤود ،٢/٣٠)

হজৰত আলী ৰাদ্বীয়াল্লাহু আনহুৱে সম্পূৰ্ণ জীৱন দুটাকৈ কোৰবানী দিছিল। তেওঁক সোধা হৈছিল যে কিয় দুটাকৈ দিয়ে ? তেওঁ ক’লে; أن رسول الله ﷺ اوصانى ان اضحى عنه فانا اضحى عنه

নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে তেওঁৰ হৈ মোক কোৰবানী কৰিব কৈ গৈছে সেয়ে দুটা কৰো। (سنن ابى داؤود -٢/٢٩)

কোৰআন খতমৰ চোৱাব আনলৈ প্ৰেৰণঃ

কোৰআন শ্বৰীফ বৰ মহত্বপূৰ্ণ কিতাপ। ইয়াৰ এটা এটা হৰফ বা শব্দৰ পৰিৱৰ্তে দহ দহটাকৈ চোৱাব পোৱা যায়। এই চোৱাব আনলৈ প্ৰেৰণ কৰিলে আল্লাহে সেয়া উক্ত ব্যক্তিক দান কৰে লগতে দিওঁতাৰো চোৱাবত কোনো হ্ৰাস নহয়। হজৰত আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত :

عن انس أن رسول الله ﷺ قال من دخل المقابر فقرأ سورة يٰسين خفف الله عنهم و كان له بعدد من فيها حسنات

নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: যিয়ে কবৰস্থানত গৈ ছুৰা ইয়াছীন পঢ়িব,তাৰ ফলত আল্লাহ পাকে কবৰবাসীৰ আজাব হ্ৰাস কৰিব ইয়াৰোপৰি পঢ়াজনেও সমানেই চোৱাব পাব। (شرح الصدور،١٣٠)

শ্বোঅবুল ঈমান(বাইহাকী)ত আছে:হজৰত আব্দুল্লাহ বিন ওমৰ ৰাদ্বীয়াল্লাহু আনহুৱে কৈছে:

سمعت النبى ﷺ يقول إذا مات احدكم فلا تجسوه و اسرعو به على قبره واليقراء عنه راسه فاتحة الكتاب و عند رجليه بخاتمه البقرة فى قبره

মই নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কোৱা শুনিছোঁ “তোমালোকৰ কোনোবাই মৃত্যুবৰণ কৰিলে দেৰিলৈকে ৰখাই নথবা অথচ সোনকালেই কবৰলৈ লৈ যোৱা আৰু মৃতকৰ শিৰৰ পিনে ছুৰা ফাতিহা আৰু ভৰিৰ ফালে ছুৰা বাকাৰৰ অন্তিম আয়াত পঢ়া। (شعب الايمان،٧/١٦؛٩٢٩٤)

শ্বেইখ আব্দুল হক মুহাদ্দিছে দেহলৱী ৰাহমাতুল্লাহ আলাইহিয়ে এই হাদিছৰ বাখ্যা কৰি আচিঅ আতুল্লামআতত লিখিছে; শুদ্ধ মত অনুসৰি চোৱাব প্ৰেৰণ কৰিলে সেয়া মৃতকক পৌঁছে। তাৰ পিছত অলপ আগত কোৰআন খতমৰ বৈধতা সম্পৰ্কে লিখিছে: কবৰত কোৰআন পঢ়া মকৰূহ নহয় আৰু এয়াই শুদ্ধ। এনেদৰেই শ্বেইখ ইবনে হুমামে লিখিছে। (اشعة اللمعات،١:٦٩٧)

হজৰত মুহাম্মদ বিন ইব্ৰাহিমে উল্লেখ কৰিছে যে: নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ এয়া অভ্যাস আছিল যে তেওঁ প্ৰতি বছৰৰ আৰম্ভণিতে ছহীদ সকলৰ কবৰত যায় আৰু তাৰ পাছত তেওঁ কয় : 

السلام عليكم بما صبرتم فنعم عقب الدار قال و كان ابو بكر و عمر و عثمان يفعلون ذلك

তোমালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰ্ষণ হওঁক,তোমালোকৰ ধৈৰ্যৰ পৰিৱৰ্তে। আখিৰাতত তোমালোকৰ বাবে উত্তম ঠিকনা ৰখা হৈছে। বৰ্ণনাকাৰীয়ে কৈছে: হজৰত আবু বকৰ,ওমৰ ও ওছমান ৰাদ্বিয়াল্লাহু আনহুমৰো এয়াই অভ্যাস আছিল।ঢ়(مصنف عبد الرزاق،ج٣،ح:٦٧١٦) 

ফতোৱা শ্বামীত আছে: أن يجعل ثواب عمله لغيره

অৰ্থাৎ নিজৰ আমোলৰ চোৱাব আনলৈ প্ৰেৰণ কৰা বৈধ। (رد المحتار،كتاب الصلاة،ج٣،ص١٨٢،كوئٹہ)

ফতোৱা শ্বামীৰেই‌ আন এঠাইত আছে:

الا ترى أن ابن عمر كان يعمر عنه ﷺ عمرا بعد موته من غير وصية و حج ابن المرفق وهو طبقة الجنيد عنه سبعين حجة و ختم ابن السراج عنه ﷺ اكثر من عشرين آلاف ختمة و ضحى عنه مثل ذلك

তুমি দেখা নাইনে ইবনে ওমৰ ৰাদ্বীয়াল্লাহু আনহুৱে নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম এই পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত তেওঁ কৈ নোযোৱাকৈয়ে তেওঁৰ হৈ ওমৰা হজ্জ কৰিছিল। ইবনে মওফিক ৰাহমাতুল্লাহ আলাইহিয়ে নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ হৈ সত্তৰ হজ্জ কৰে। ইবনে ছিৰাজ ৰাহমাতুল্লাহ আলাইহিয়ে নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ হৈ দহ হাজাৰতকৈয়ো অধিক কোৰআন খতম কৰিছে আৰু ইয়াৰ সমানেই তেওঁৰ হৈ কোৰবানী কৰিছে।(رد المحتار،مطلب؛فى اهداء القراءة للنبى ﷺ،ج٣،ص،١٨١،كوئٹہ)

শ্বাহ অলিউল্লাহ মুহাদ্দিছে দেহলৱী ৰাহমাতুল্লাহ আলাইহিয়ে কৈছে;মোৰ পিতা হজৰত শ্বাহ আব্দুৰ ৰাহিম ৰাহমাতুল্লাহ আলাইহিয়ে কৈছে; মই নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ প্ৰতি চোৱাব প্ৰেৰণৰ উদ্দেশ্যে কিছু খাদ্য তৈয়াৰ কৰাইছিলো। এবছৰ অভাৱৰ বাবে তৈয়াৰ কৰি পৰা নাছিলো,মাথোঁ ভজা বুট হাতত আছিল,মই সেয়াই বিতৰণ কৰিছোঁ।‌ মই নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামক সপোনত দেখা পাইছোঁ যে তেওঁৰ সন্মূখত এই ভজা বুট ৰখা আছিল আৰু তেওঁ সুখী আৰু আনন্দময় হৈ আছিল।

(مجموعہ رسائل امام شاہ ولی اللہ،ج۳،رسالہ انفاس العارفین،ص٢٠٣)

হজৰত আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত,তেখেতে কৈছে: এজন ব্যক্তিয়ে নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামক ক’লে- মোৰ মাৰ আকস্মিকভাৱে মৃত্যু ঘটে,কিন্তু মোৰ বিশ্বাস তেখেতে(মৃত্যুৰ পূৰ্বে)কথা ক’বলৈ সক্ষম হ’লে কিছু ছদ্‌কা কৰিলেহেঁতেন। এতিয়া তেখেতৰ হৈ ছদাকা কৰিলে তেখেতে ইয়াৰ প্ৰতিফল পাবনে ? তেখেতে(নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে)ক’লে: হয় পাব। (বোখাৰী-১৩৮৮)

আল্লামা ইবনে কায়্যুম জাওজীয়ে লিখিছে: চোৱাব প্ৰেৰণ কৰিলে মৃতকে নাপায় বুলি কোৱাটো বিদআত। ইয়াৰ অস্বীকাৰকাৰী বিদআতি। (الروح؛١٦٠)  বোখাৰী শ্বৰীফত আছে:

عن عتبان بن مالك رضي الله عنه عن النبي صلى الله عليه وسلم قال: إنَّ اللَّهَ حَرَّمَ عَلَى النَّارِ مَنْ قَالَ لا إِلَهَ إِلَّا اللَّهُ يَبْتَغِي بِذَلِكَ وَجْهَ اللَّهِ

নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: যি ব্যক্তিয়ে আল্লাহৰ সন্তুষ্টিৰ উদ্দেশ্যে লা ইলাহা ইল্লাল্লাহু পঢ়িব তেওঁক জাহন্নামৰ ওপৰত হাৰাম কৰি দিব। (صحيح البخارى-٤٢٥)

মিচকাত শ্বৰীফৰ বাখ্যা গ্ৰন্থ মিৰকাতত আছে:

عن النبي ﷺ أن من قال لا إِلَهَ إِلَّا اللَّهُ سبعین ألفا غفر له ومن قیل له غفرله أیضا

নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: যি ব্যক্তিয়ে সত্তৰ হাজাৰ বাৰ লা ইলাহা ইল্লাল্লাহু(সম্পূৰ্ণ কলিমা)পঢ়িব সেইজন ব্যক্তিক আল্লাহ পাকে ক্ষমা কৰি দিয়ে আৰু যাৰ বাবে পঢ়া হয় তেওঁকো ক্ষমা কৰি দিয়া হয়। (مرقاة ۳/۹۸،۹۹)

দেখিলে! এইটো হাদিছেটো সকলো সন্দেহ আঁতৰাই অন্যলোকে আনলৈ চোৱাব প্ৰেৰণৰ বৈধতা প্ৰমাণ কৰিলে। ইয়াৰোপৰি দেওবন্দি মতবাদৰ প্ৰসিদ্ধ কিতাপ ফাজাঈলে আমোলৰ জিকিৰৰ অধ্যায়ত মৌ: জাকাৰিয়া কান্দালৱীয়ে আনলৈ চোৱাব প্ৰেৰণ কৰিলে যে কামত আহে এই বিষয়ে এটি সুন্দৰ কাহিনী দলিল ভিত্তিত উল্লেখ আছে। আল্লাহে আমাক সত্য বুজাৰ তৌফিক দান কৰক।

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

▁▁▁▁▁▁▁▁▁▁▁▁

✍️ মৌলানা ইঞ্জামুল হক মিছবাহী,দৰং অসম।

কোনো পূণ্যকৰ্মৰ চোৱাব আনলৈ প্ৰেৰণ কৰিব পাৰিনে ?

কবৰ জিয়াৰতৰ পছন্দনীয় পদ্ধতি কেনে ধৰণৰ? Click here 

আমাৰ ইউটিউব চেনেল click here 

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d