প্ৰশ্নঃ-কবৰ জিয়াৰতৰ পছন্দনীয় পদ্ধতি কেনে ধৰণৰ?
উত্তৰঃ- যেতিয়াই কোনো ব্যক্তি কবৰ জিয়াৰতত যায় তেন্তে তলত উল্লেখিত কামসমূহ কৰা মোস্তাহাব।পোনপ্ৰথমে নিজৰ ঘৰত(মকৰূহ সময় ব্যতীত) দুই ৰাকাত নফল নামাজ পঢ়ক,প্ৰত্যেক ৰাকাতত ছুৰা ফাতিহাৰ পিছত আয়াতুল কুৰছি আৰু তিনিবাৰ ছুৰা ইখলাছ পঢ়িব আৰু উক্ত নামাজৰ চোৱাব মৃতব্যক্তিৰ প্ৰতি প্ৰেৰণ কৰক,আল্লাহ পাকে মৃতকৰ কবৰত নূৰ সৃষ্টি কৰিব আৰু প্ৰেৰণ কৰোঁতাক অধিক চোৱাব প্ৰদান কৰিব। (عالمگیری،کتاب الکراھیۃ، الباب السادس عشر فی زیارۃ القبور الخ،۵/۳۵۰)
কবৰস্থানত গ’লে অদৰকাৰী কথা-বতৰাত ব্যস্ত নহ’ব
কবৰ জিয়াৰতৰ পদ্ধতি উলামা সকলে লিখিছে যে তুমি যেতিয়া কবৰস্থানত প্ৰৱেশ কৰিবা তেতিয়া উক্ত কবৰটোত মৃতকৰ ভৰিৰ ফালেৰে গৈ এনেকুৱা ভাৱে থিয় হোৱা যে কিবলাৰ পিনে অৰ্থাৎ পশ্চিম ফালে তোমাৰ পিঠি হওঁক,আৰু মৃত ব্যক্তিৰ মুখৰ ফালে তোমাৰ মুখ। মূৰৰ ফালেৰে নাহিবা এয়া মৃতজনৰ কষ্টৰ কাৰণ হয়,যে কোন আহিছে মূৰটো ঘূৰাই ছাব লাগে।(ردالمحتار،كتاب الصلاة،باب صلاۃ الجنازۃ،مطلب في زيارة القبور،۳ / ۱۷۹)
ইয়াৰ পিছত এই দোআ পঢ়ক-
اَلسَّلَامُ عَلَیْکُمْ یَاۤ اَھْلَ الْقُبُوْرِ یَغْفِرُاللّٰهُ لَنَا وَلَکُمْ اَنْتُمْ سَلَفُنَا وَ نَحْنُ بِالْاَثْرِ
উচ্ছাৰণ:-আচ্ছালা’মু আলাইকুম য়া’ আহলাল কুবু’ৰি য়াগফিৰুল্লা’হু লানা’ ৱালাকুম আনতুম ছালাফুনা’ ৱা নাহনু বিল আছৰি।
অৰ্থ:-ৰহমত বৰ্ষিত হওঁক তোমালোকৰ ওপৰত এ কবৰবাসি ! আল্লাহে عَزَّ وَجَلَّ তোমালোকক আৰু আমাক ক্ষমা কৰি দিয়ক, তোমালোক আমাৰ আগত গৈছা আৰু আমি তোমালোকৰ পিছত আহি আছোঁ। (ترمذی،كتاب الجنائز،۲ / ۳۲۹، حديث: ۱۰۵۵)
অথবা এনেকৈ কওঁক-
اَلسَّلَامُ عَلَیْکُمْ دَارَ قَوْمٍ مُّؤْمِنِیْنَ اَنْتُمْ لَنَا سَلَفٌ وَّاِنَّـاۤ اِنْ شَآءَ اللّٰهُ بِکُمْ لَاحِقُوْنَ
উচ্ছাৰণ:-আচ্ছালা’মু আলাইকুম দা’ৰা কাওমিম্মুঅমি’নিনা আনতুম লানা’ ছালাফুওৱা ইন্না’ ইনশ্বা’ আল্লা’হু বিকুম লা’হিকু’না। বিঃদ্ৰঃ-উদ্ধ(‘)কমা দিয়া ঠাইত অলপ টানি পঢ়িব লাগিব। অৰ্থ:- হে মুছলমানৰ ঘৰবাসি তোমাৰ ওপৰত আল্লাহৰ প্ৰশান্তি বৰ্ষিত হওঁক! আপোনালোক অগ্ৰগামী আমি পশ্চাদগামী(তোমালোক আমাৰ আগত গ’লা আৰু ইনশ্বা’ আল্লাহ তোমালোকৰ পিছত আমি লগ হ’ম।) (بہارِ شریعت، کتاب الجنائز، زیارتِ قبور، ۱ / ۸۴۹ مختصراً)
আৰু দুৰূদ শ্বৰীফ, ছুৰা ফাতিহা,আয়াতুল কুৰছি,ছুৰা ঝিলজাল আৰু তাকাছুৰ পঢ়ক,ছুৰা মুলক বা অইন ছুৰাও পঢ়িব পাৰে আৰু ইয়াৰ চোৱাব মৃকক প্ৰেৰণ কৰক অৰ্থাৎ হাত উঠাই আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি কওঁক যে ইয়া আল্লাহ মই যি কোৰআন পাঠ কৰিলোঁ,দুৰূদ শ্বৰীফ পঢ়িলো ইয়াৰ চোৱাব তোমাৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ আচিলাই মৃকক প্ৰেৰণ কৰি দিয়া ইত্যাদি। যদি বহিব বিচাৰে তেন্তে ইমানখিনি ওচৰত অথবা দূৰত বহক যিমানখিনি দূৰত অথবা ওচৰত উক্ত ব্যক্তি গৰাকী জীৱিত থকা অৱস্থাত তেওঁৰ লগত বহিছিল। (ردّ المحتار،كتاب الصلاة، باب صلاۃ الجنازۃ،مطلب في زيارة القبور، ۳/ ۱۷۹)
উপৰোক্ত দোআসমূহ মুখস্থ কৰা উচিত যদি নহয় নিম্নতম এইটো পঢ়ক যে আচ্ছালামু আলাইকুম ইয়া আহলাল কুবুৰ,তাৰ পিছত কোৰআনৰ পৰা যি ছুৰা জানে সেইসমূহ পঢ়ি তাৰ চোৱাব মৃতকক প্ৰেৰণ কৰক। আল্লাহে আমাক সঠিক মাছাঈল শিকাৰ তৌফিক দান কৰক।
وَاللہُ اَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُہ اَعْلَم صَلَّی اللّٰہُ تَعَالٰی عَلَیْہِ وَاٰلِہٖ وَسَلَّم
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
কবৰ জিয়াৰতৰ পছন্দনীয় পদ্ধতি কেনে ধৰণৰ? click here
আমাৰ ইউটিউব চেনেল click here
Recent Comments