মুছলিম ধৰ্মত‌(Meditation)ধ্যান কৰা যায় নেকি এই বিষয়ে শ্বৰিয়তে কি কয়?

প্ৰশ্নঃ-মুছলিম ধৰ্মত‌(Meditation)ধ্যান কৰা যায় নেকি,এই বিষয়ে শ্বৰিয়তে কি কয়?

 


উত্তৰঃ- হয় কৰা যায়। ধ্যান(Meditation)যাক উৰ্দু ভাষাত মুৰাকাবাহ কোৱা হয়। এই এক বিশেষ ধ্যানৰ প্ৰতি ইছলামে বহু গুৰুত্ব দিছে। পোনপ্ৰথমে ধ্যান তথা মুৰাকাবাহ (meditation)কাক বোলা হয় ইছলামৰ ভাষাত জনা দৰকাৰ। মুৰাকাবাহৰ আভিধানিক অৰ্থ হৈছে:দেখা শুনা ও নিৰীক্ষণ কৰা। ইয়াৰ প্ৰকৃত অৰ্থ হৈছে আল্লাহৰ প্ৰতি সমস্ত মনযোগ ও গুৰুত্ব দিয়া তথা আল্লাহৰ প্ৰতি লক্ষ্য ৰখা। যেতিয়া বান্দাৰ দৃঢ় বিশ্বাস হৈ পৰিব যে আল্লাহে দেখি আছে,তেওঁ সকলোৰে অন্তৰৰ সকলো গোপন কথাৰ ওপৰত জ্ঞাত,আল্লাহে সকলো আমোল তথা কৰ্ম দেখি আছে তথা কোনো মানুহ যেতিয়া এনেধৰণৰ জ্ঞানৰ ওপৰত জ্ঞাত হ’ব আৰু সন্দেহ বিশ্বাসত পৰিণত হৈ অন্তৰত যিটো অৱস্থাৰ সৃষ্টি হয় তাক মুৰাকাবাহ তথা ধ্যান(meditation)বোলে।(احیاء العلوم-٥/٣٢٨)

মনত ৰখা উচিত

যে সচাৰচৰ সমাজত অকলশৰীয়া ভাৱে তথা প্ৰকাশ্যে ভাৱে বহি আল্লাহৰ জিকিৰ বা কোনো পীৰ চাহাবৰ মাজাৰত গৈ তেওঁৰ অচিলা লৈ গভীৰভাৱে আল্লাহক স্মৰণ কৰা,আল্লাহৰ কঠিন আজাবৰ কথা মনত পেলোৱা আৰু অন্তৰৰে ক্ষমা খোজা,আল্লাহৰ প্ৰেমত মগ্ন হৈ পৰা আদিকো মুৰাকাবাহ বোলা হয় কিন্তু উপৰোক্তৰ দৰে নহয়। আল্লামা কুশ্বাইৰী ৰাহমাতুল্লাহ আলাইহিয়ে লিখিছে: ধ্যান তথা মুৰাকাবাহ অৰ্থাৎ এই কথাৰ ওপৰত পৰিপূৰ্ণ ভাৱে দৃঢ় বিশ্বাস ৰখা যে আল্লাহে সকলো দেখি আছে, আৰু এয়া (meditation)সকলো নেকীৰ মূল ও খুটি। Meditation নকৰাকৈ কোনো কাম আন্তৰিকতাৰে কৰিব নোৱাৰে। হজৰত ছায়্যিদুনা আত্বা ৰাহমাতুল্লাহি আলাইহিক উত্তম ইবাদতৰ বিষয়ে সোধাত তেওঁ কৈছে:  مراقبة الحق على دوام الاوقات 

সকলো সময়তে মুৰাকাবাহ(ধ্যান)কৰা অৰ্থাৎ এই কথাৰ ওপৰত পৰিপূৰ্ণ ভাৱে বিশ্বাস ৰখা যে সকলো সময়তে আল্লাহে দেখি আছে।(এই বুলি ভাৱি মৌনতাৰে তথা একান্ত মনেৰে আল্লাহক স্মৰণ কৰা। (رسالة القشيرية-باب المراقبة-٢٢٥)

ইবাদত তথা যিকোনো কাম বিশুদ্ধ আৰু পৰিপূৰ্ণ ভাৱে আদায় কৰিবলৈ মুৰাকাবাহ কৰক যে আল্লাহে দেখি আছে ইনশ্বা আল্লাহ‌ ভাল তথা পূণ্য কৰ্ম হ’লে কৰক অন্যথা এৰি দিয়ক। এই বিষয়ে অধিক জানিবলৈ ইমাম গজালীৰ কিতাপ ইহয়াউল উলুম ৫ নং খণ্ড তথা ৰিছালায়ে কুশ্বাইৰিয়্যাহ বাবুল মুৰাকাবাহ পঢ়ক।

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

▁▁▁▁▁▁▁▁▁▁▁▁

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

মুছলিম ধৰ্মত‌(Meditation)ধ্যান কৰা যায় নেকি এই বিষয়ে শ্বৰিয়তে কি কয়?

আমাৰ ইউটিউব চেনেল click here

মানসিক ভাৱে ভাগৰুৱা হৈ পৰিলে কি কৰা উচিত – click here 

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d