প্ৰশ্নঃ- যেতিয়া অতিমাত্রা মানসিক ভাৱে ভাগৰুৱা হৈ পৰো,ক্লান্ত হৈ পৰো,তেতিয়া কি কৰা উচিত?
•┈┈┈┈••✦✿✦••┈┈┈┈•
উত্তৰঃ- খুউব ধুনীয়াকৈ মনপুতি অজু কৰি নিজানত দুই ৰাকাত নফল নামাজ নিষ্ঠাপূৰ্ণৰূপে বিনয়তাসহ পঢ়ক য’ত প্ৰথম ৰাকাতত ছুৰা ফাতিহাৰ পিছত তিনিবাৰ ক্কুলহুৱাল্লাহ আৰু দ্বিতীয় ৰাকাতত দুবাৰ পঢ়ি যাৱতীয় ৰূপে নামাজ সম্পন্ন কৰি দুৰূদ শ্বৰীফ পঢ়ি হাত উঠাই দোআ কৰক য’ত এই দোআটোও মিলাই লোৱা হ’ব “আল্লাহুম্মাজ হাব আন্নিল হাম্মা ওৱাল হুজনা”। ইনশ্বা আল্লাহ নিশ্চয় প্ৰশান্তি লাভ হ’ব।
মনত কেতিয়াবা কোনো কাৰণ নোহোৱাকৈয়ে বৰ অশান্তিৰ সৃষ্টি হয়। যদি তেনেকুৱা হয় তেন্তে দান দক্ষিণা কৰক,চাব লগে লগে মনটো ভাল লাগিব ধৰিছে। আমি প্ৰত্যেকেই কেতিয়াবা নহয় কেতিয়াবা দুঃখিত হওঁ বা মানসিকভাৱে ভাগৰুৱা হৈ পৰোঁ। কিন্তু এই দুখঃ এসপ্তাহ বা দুসপ্তাহলৈ চলি থকা আৰু ৰোগত পৰিণত হৈ দৈনন্দিন জীৱনত প্ৰভাৱ পেলাব ধৰিলে তাক Depression বুলিও কোৱা হয়।
মূখ্য কাৰণঃ
কেতিয়াবা দৈনন্দিন জীৱনত কষ্টকৰ ঘটনাৰ আবিৰ্ভাৱ যেনে কোনো আত্মীয়ৰ মৃত্যু,বিবাহ বিচ্ছেদ(Divorce)হোৱা বা চাকৰি আদি গুচি যোৱাত কিছুদিন দুঃখিত বা হতাশাগ্ৰস্ত হৈ থকা। ২) শাৰীৰিক অসুস্থতা যেনে কেন্সাৰ,হৃদৰোগ(Heart Diseases)বা এনে অসুখ যিটো বহু দিনৰ পৰা চলি আছে যেনে উশাহ-নিশাহৰ সমস্যা।
প্ৰত্যেক বেমাৰীৰ এই লক্ষণসমূহ থকা জৰুৰী নহয়। কিন্তু কোনো ৰোগীৰ নিম্নোক্তৰ মাজৰ যিকোনো চাৰিটা লক্ষণ পোৱা গ’লে তেওঁ নিশ্চয় Depression ৰ ভুক্তভোগী। ১) দুঃখিত হৈ থকা,মন মাৰি থকা। ২) যিবোৰত পূৰ্বে মন লাগিছিল কিন্তু বৰ্তমান নলগা। ৩) শাৰীৰিক ভাগৰুৱা আৰু অশান্তি অনুভৱ কৰা। ৪) দৈনন্দিন কাৰ্যসূচীত ধ্যান নথকা। ৫) নিজকে আনতকৈ কমজোৰ, অৱমাননাযোগ্য(Contemptible)বুলি ভবা বা আত্মবিশ্বাস নথকা। ৬) নিজকে অদৰকাৰী(Wasteful and useless)বুলি ভবা আৰু অতীতৰ সৰু সৰু কথাত নিজকে আক্ষেপ দি থকা। ৭) ভবিষ্যতৰ পৰা নিৰাশা হৈ পৰা। ৮) টোপনি উৰি যোৱা। ৯)ভোক নলগা। ১০) আত্মহত্যা (Suicide)ৰ চিন্তা ধাৰা অহা বা আত্মহত্যাৰ চেষ্টা কৰা।
উপায় কেতিয়াবা Depression এ গঢ় লৈ উঠে যে বিনা ডাক্তৰৰ চিকিৎসাই ঠিক নহয়। • যেনেদৰে অন্যান্য বেমাৰীক সহানুভূতি আৰু চিকিৎসাৰ প্ৰয়োজন তদ্ৰুপ Depression ৰ ভুক্তভোগীও। • যদি এনে ব্যক্তিয়ে মস্তিষ্ক অভিজ্ঞ চিকিৎসক(Cycatrist)ৰ কাষ চাপে তেন্তে ভালেমান লাভৰ আশা থাকে।ইয়াৰোপৰিও কিছু দিহা ইয়াতে উল্লেখ কৰা হ’ল; ১)নিজৰ আবেগ বা মনৰ অনুভূতিক গোপনে নাৰাখি কোনো বিশ্বাসযোগ্য বন্ধুৰ লগত Share কৰা উচিত। ২)বাৰ বাৰ Repeat কৰিলে,কান্দি ল’লে বা নিজৰ ভিতৰৰ পৰিস্থিতি,যাৰ বাবে দুঃখিত হৈ আছে সেয়া Share কৰিলে,সেই বিষয়ে আলোচনা কৰিলে অন্তৰৰ বোজা কমি যায়। ৩) শাৰীৰিক কাম-কাজ, exercise ত ব্যস্ত থাকিলে শৰীৰ আৰু টোপনি ভাল হ’ব। ব্যস্ত থকা ঘৰৰ কামতেই হওঁক বা কিতাপ পত্ৰ পঢ়াতেই। ৪) ভাল ফল-মূল গ্ৰহণ কৰা উচিত;ইয়াৰ দ্বাৰা ভিটামিনৰ পূৰ্ণতা লাভ হয়। ৫) মাদক দ্ৰব্যৰ পৰা আঁতৰি থকা; কিছুমানে ভাবে মদ্যপান কৰিলে Depression শেষ হৈ যায় কিন্তু তেনেকুৱা নহয় বৰং ইয়াৰ ওলাটাহে হয়। ৬) যদি Depression ৰ কাৰণ জানে তেন্তে লিখি তাৰ ওপৰত চিন্তা ধাৰা কৰা উচিত যে কি দৰে ইয়াৰ সমাধান পাব পাৰি। ৭) নিৰাশা নহৈ নিজকে স্মৰণ কৰোৱা উচিত যে তুমি যি পৰিস্থিতিৰে গুজৰি আছা এই ৰাস্তাৰে আৰু বহুতো লোক গৈছে,ইয়াৰ দ্বাৰা ইনশ্বা আল্লাহ তৎক্ষণাৎ Depression দূৰ হৈ যাব, যদিওঁ লগালগ অনুভৱ নহয়। (It’s taken from psychiatrist Dr.Faraz Naz)
Depression ৰ Spiritual Treatment
ফজৰৰ দুই ছন্নতত,জোহোৰ,মাগৰিব আৰু ইশ্বাৰ ফৰজৰ পিছৰ দুই ছুন্নতত ছুৰা ফাতিহাৰ পিছত কোৰআন শ্বৰীফৰ অন্তিম ছয় ছুৰা এনেদৰে পঢ়ক; প্ৰথম ৰাকাতত ছুৰা কাফিৰুন,ছুৰা নছৰ আৰু ছুৰা লাহাব আৰু দ্বিতীয় ৰাকাতত ছুৰা ইখলাছ,ছুৰা নাছ আৰু ছুৰা ফালাক। প্ৰত্যেক ছুৰাৰ আৰম্ভণিত বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহিম পঢ়া হ’ব। ইনশ্বা আল্লাহ এনেদৰে পঢ়িলে নিশ্চয় লাভ হ’ব। নিৰাময় পৰ্যন্ত পঢ়ি থকা হ’ব। (مینڈک سوار بچھو ، ص27ملخصاً) আল্লাহ পাকে আমাক প্ৰকৃত প্ৰশান্তি দান কৰক। আ-মী-ন।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
মানসিক ভাৱে ভাগৰুৱা হৈ পৰিলে কি কৰা উচিত মানসিক ভাৱে ভাগৰুৱা হৈ পৰিলে কি কৰা উচিত
আমাৰ ইউটিউব চেনেল click here
দোআ কুনূত নাজানিলে কি পঢ়িব ? Click here
Recent Comments