ছহীহ হাদিছৰ দৃষ্টিত চবে বৰাতত ইবাদত • চবে বৰাতৰ কৰণীয় ও মহত্ব তথা গুৰুত্ব
▁▁▁▁▁▁▁▁▁▁▁▁▁▁
◍ {চবে বৰাত বিদআত নহয় বৰং বিদআত বোলাহে বিদআত}
◍ {চবে বৰাতৰ অস্বীকাৰকাৰী চয়তানৰ সহোদৰ}
◍ {চয়তানে ইবাদতৰ পৰা বঞ্চিত ৰাখিবলৈ বিদআত নামৰ অস্ত্ৰটো ব্যৱহাৰ কৰে}
ছহীহ হাদিছৰ দৃষ্টিত চবে বৰাতত ইবাদত
( চবে বৰাতত ইবাদত কৰাৰ আদেশ দিছে নবীয়েﷺ )
{চবে বৰাতক বিদআত বোলা জন আচলতে চয়তানৰ অন্ধভক্ত}
◈ চবে বৰাতৰ মহত্ব হাদিছৰ দ্বাৰা প্ৰমাণিত। আনকি এই ৰাতি ইবাদত আৰু দিনত ৰোজা ৰখাৰ আদেশ নবীয়ে ﷺ নিজেই দিছে। এই ৰাতি দোআ কবুল হয় আৰু গুণাহৰ পৰা মুক্তিদান পোৱা যায়,এয়াও প্ৰমাণিত হাদিছৰ দ্বাৰা। অস্বীকাৰ কৰা জন আচলতে চয়তান ও প্ৰবৃত্তিৰ অন্ধ অনুসৰণকাৰী। দলিল অবিহনেই চবে বৰাতক,এই ৰাতি বিদআত কয়,আচলতে বিদআত সিহঁতৰ মস্তিষ্কহে। সম্পূৰ্ণ লিখনি পঢ়িবলৈ অনুৰোধ জনালোঁ।
◈ আল্লাহ পাকে কিছু বস্তুক কিছু বস্তুৰ ওপৰত ফজিলত তথা প্ৰাধান্য দিছে যেনে মদিনা শ্বৰীফৰ সন্মান সমস্ত চহৰতকৈ বেছি তদ্ৰুপ মক্কাৰ ভৈয়ামৰ সমস্ত ভৈয়ামতকৈ,জমজম কুঁৱাৰ সমস্ত কুঁৱাতকৈ,মছজিদে হাৰামৰ সমস্ত মছজিদতকৈ,মেৰাজৰ ছফৰ সমস্ত ছফৰতকৈ,এজন অলীৰ সমস্ত মোমিনতকৈ,এজন চাহাবীৰ সমস্ত অলীতকৈ,এজন ৰাছূলৰ সমস্ত নবীতকৈ আৰু সমস্ত ৰাছূলতকৈ আমাৰ নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ সন্মান তথা মহত্ব বেছি।
◈ এনেদৰেই আল্লাহ পাকে কিছু দিনক কিছু দিনৰ ওপৰত প্ৰাধান্য প্ৰদান কৰিছে যেনে জুমআৰ দিনক অইন দিনৰ ওপৰত,ৰমজানৰ মাহ সমস্ত মাহৰ ওপৰত,কবুলৰ সময়ৰ সমস্ত সময়ৰ ওপৰত,কদৰৰ নিশাৰ সমস্ত নিশাৰ ওপৰত আৰু বৰাতৰ ৰাতি(চবে বৰাত)ৰ অইন ৰাতিৰ ওপৰত প্ৰধান্য দিয়া হৈছে।
পোন্ধৰ শ্বাবানক চবে বৰাত কোৱাৰ কাৰণ
◈ পোন্ধৰ শ্বাবানৰ ৰাতিক চবে বৰাত কোৱাৰ কাৰণ হৈছে এই ৰাতি আল্লাহ পাকে তেওঁৰ ৰহমতত মোমিন বান্দাক জাহান্নামৰ পৰা মুক্তিদান দিয়ে সেয়েহে এই ৰাতিক বৰাতৰ ৰাতি কোৱা হয় যিহেতু বৰাত মানে মুক্তি আৰু চব মানে ৰাতি।
মতবিৰোধ মাছাঈলত কোৰআন ও ছুন্নতৰ পিনে প্ৰত্যাৱৰ্তনৰ আদেশ
◈ কোৰআনত আহিছে:
ۖ فَإِنْ تَنَازَعْتُمْ فِي شَيْءٍ فَرُدُّوهُ إِلَى اللَّهِ وَالرَّسُولِ إِنْ كُنْتُمْ تُؤْمِنُونَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ ۚ ذَٰلِكَ خَيْرٌ وَأَحْسَنُ تَأْوِيلًا
(হে মুমিনসকল!) তাৰ পিছত তোমালোকৰ মাজত কোনো বিষয় লৈ মতভেদ ঘটিলে সেয়া উপস্থাপন কৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত, যদি তোমালোকে আল্লাহ আৰু আখিৰাতক বিশ্বাস কৰা। এই পন্থাই উত্তম আৰু পৰিণামত প্ৰকৃষ্টতৰ।(ছুৰা নিছা:৫৯) • অইন এঠাইত আছে:
فَلَا وَرَبِّكَ لَا يُؤْمِنُونَ حَتَّىٰ يُحَكِّمُوكَ فِيمَا شَجَرَ بَيْنَهُمْ ثُمَّ لَا يَجِدُوا فِي أَنْفُسِهِمْ حَرَجًا مِمَّا قَضَيْتَ وَيُسَلِّمُوا تَسْلِيمًا
এতেকে (হে নবী),তোমাৰ প্ৰতিপালকৰ শপত! সিহঁত মুমিন হ’ব নোৱাৰে যেতিয়ালৈকে সিহঁতে সিহঁতৰ মাজত সৃষ্টি হোৱা বিবাদ-বিসম্বাদৰ বিচাৰ কাৰ্যত তোমাক মীমাংসাকাৰী হিচাপে মানি নলয়; তাৰ পিছত তোমাৰ মীমাংসা সম্পৰ্কে সিহঁতৰ মনত কোনো দ্বিধা থাকিব নালাগে আৰু যেতিয়ালৈকে সেয়া সৰ্বান্তকৰণে মানি নলয়।(ছুৰা নিছা:৬৫)
ছুৰা আহজাবত আছে:
وَمَا كَانَ لِمُؤْمِنٍ وَلَا مُؤْمِنَةٍ إِذَا قَضَى اللَّهُ وَرَسُولُهُ أَمْرًا أَنْ يَكُونَ لَهُمُ الْخِيَرَةُ مِنْ أَمْرِهِمْ ۗ وَمَنْ يَعْصِ اللَّهَ وَرَسُولَهُ فَقَدْ ضَلَّ ضَلَالًا مُبِينًا
আল্লাহ আৰু তেওঁৰ ৰাছুলে কোনো বিষয়ৰ ফয়চালা দিলে কোনো মুমিন পুৰুষ অথবা কোনো মুমিনা নাৰীৰ বাবে সেই বিষয়ত তেওঁলোকৰ আন কোনো (সিদ্ধান্তৰ) অধিকাৰ নাথাকে। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক অমান্য কৰিলে সি স্পষ্টভাৱে পথভ্ৰষ্ট হৈ গ’ল।(আয়াত:৩৬)
• আকৌ কৈছে:
۞ يَا أَيُّهَا الَّذِينَ آمَنُوا أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ وَلَا تُبْطِلُوا أَعْمَالَكُمْ
হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ কথা মানি চলা,আৰু তোমালোকে নিজৰ আমলসমূহ বিনষ্ট নকৰিবা।(ছুৰা মুহাম্মদ:৩৩)
◈ চবে বৰাতো একাংশ অজ্ঞ লোকৰ দৃষ্টিত হেনো বিদআত বা ইছলামত অতিৰিক্ত,সেয়েহে আহক এই বিষয়ে চৰিয়তে কি কয় জানো।
◈ সমস্ত মতবাদৰ লোক এই কথাত ঐক্যমত যে যিটো কথা কোৰআন ও ছুন্নত বা ছুন্নতৰ দ্বাৰা প্ৰমাণিত তাৰ প্ৰতি আমোল কৰা হ’ব,সি অবৈধ বা বিদআত নহ’ব। আনহাতে চবে বৰাত সম্পৰ্কে ইমানেই বেছি হাদিছ বৰ্ণিত হৈছে আৰু ইমান বেছি চাহাবা,তাবিঈন সকলে বৰ্ণনা কৰিছে যাক অমান্য কৰা কোনো অৱস্থাতেই গ্ৰহণযোগ্য নহ’ব বৰং ইয়াৰ অমান্যকাৰী স্পষ্টকৈ হাদিছ অমান্যকাৰী আৰু চাহবায়ে কেৰাম আৰু বুজুৰ্গানে দ্বীনৰ কৰ্মৰ অমান্যকাৰী বুলি আখ্যায়িত আৰু ইবাদতৰ প্ৰতি অকামিলা বুলি পৰিগণিত হ’ব।
◈ ইনশ্বা আল্লাহ চবে বৰাত সম্পৰ্কে অসংখ্য হাদিছ উপলব্ধ তাৰে মাজৰ কেইটামান উল্লেখ কৰা হ’ব যাৰ দ্বাৰা স্পষ্টকৈ চবে বৰাতৰ এক সুকীয়া মহত্ব প্ৰমাণিত হয়।
• ছহীহ হাদিছৰ দ্বাৰা চবে বৰাতৰ মহত্ব প্ৰমাণিত,তথাপিও একাংশই ক’ব পাৰে এইবোৰ হাদিছ জাঈফ,তেন্তে মই কওঁ যে নিম্নোক্ত সকলো হাদিছ জাঈফ বা কমজোৰ নহয় বৰং ছহীহ,তাৰোপৰি এটা ক্ষণৰ বাবে যদি সমস্ত হাদিছক জঈফ মানিও লোৱা হয় তথাপিও ভিন্ন জঈফ হাদিছৰ একত্ৰিতৰ দ্বাৰা শক্তিশালী হৈ হাছান হৈ যায় আৰু আমোলৰ যোগ্য হৈ পৰে যেনেদৰে এই কথা প্ৰায়ে উছূলে হাদিছৰ কিতাপত উপলব্ধ।
◈ হজৰত আবু বকৰ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত:
حدثنا عمرو بن مالک، قال: حدثنا عبد اﷲ بن وهب، قال: حدثنا عمرو بن الحارث، قال: حدثني عبد الملک بن عبد الملک، عن مصعب بن أبی ذئب، عن القاسم بن محمد، عن أبيه أو عمه، عن أبی بکر رضی الله عنه قال: قال رسول اﷲ صلی الله عليه وآله وسلم : إِذَا کَانَ لَيْلَةُ النِّصْفِ مِنْ شَعْبَانَ يَنْزِلُ ﷲُ تَبَارَکَ وَتَعَالَی إِلَی سَمَاءِ الدُّنْيَا فَيَغْفِرُ لِعِبَادِهِ إِلَّا مَا کَانَ مِنْ مُشْرِکٍ أَوْ مُشَاحِنٍ لِأَخِيْهِ
যেতিয়া পোন্ধৰ শ্বাবানৰ ৰাতি আহে দুনীয়াৰ আচমানত আল্লাহৰ বিশেষ তথা খাছ ৰহমত নাজিল হয় এতেকে তেওঁ মুশ্বৰীক আৰু নিজ (মুছলমান)ভাতৃৰ লগত শত্ৰুতা ৰখা জনৰ বাহিৰে সকলোকে ক্ষমা কৰি দিয়ে।
• ঈমাম বাজ্জাৰে তেওঁৰ মছনদৰ ১/২০৬-৮০ ত এই হাদিছ উল্লেখ কৰি লিখিছে:এই হাদিছ হজৰত আবু বকৰ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা মাত্ৰ এই ৰাৱীৰ দ্বাৰা বৰ্ণিত ইয়াৰোপৰি মাথোঁ এটাই বৰ্ণনা নহয় বৰং একেই হাদিছ অইন বহুতো চাহাবাৰ পৰা বৰ্ণিত। সবাতোকৈ উত্তম ছনদসহ হজৰত আবু বকৰ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। ইয়াৰোপৰি যদিও ইছনাদত কিছু থাকে ইয়াক হজৰত আবু বকৰ ৰাদ্বীয়াল্লাহু আনহুৰ প্ৰতাপীয়ে সুন্দৰ কৰি তুলিলে,আব্দুল মালিক বিন আব্দুল মালিক প্ৰসিদ্ধ ৰাৱী নহয়। এয়াই নহয় তেওঁ অধিক লিখে যে;
وقد روی هذا الحديث أهل العلم ونقلوه و احتملوه فذکرنا لذالک
এই হাদিছটো বিদ্বান সকলে নিজৰ কিতাপত বৰ্ণনা কৰিছে আৰু বিশ্বাস কৰিছে এতেকে আমিও ইয়াক উল্লেখ কৰিছোঁ।
• ঈমাম আবু বকৰ আহমদ বিন আম্ৰ প্ৰসিদ্ধ বাজ্জাৰৰ ওফাতৰ তাৰিখ ২৯২, তেওঁৰ কোৱা মতে পোন্ধৰ শ্বাবান অৰ্থাৎ চবে বৰাতৰ মহত্ব ও ফজিলত আৰু তাক বয়ান কৰা এই ৰাতি বিশেষ ইবাদত কৰাৰ অভ্যাস বিদ্বান সকলৰ প্ৰথমাৱস্থাৰ পৰাই আছিল। এতেকে বৰ্তমান সময়ত যদি কোনোৱে চবে বৰাতৰ মহত্বক অমান্য কৰি সাধাৰণ ৰাতিৰ দৰে কয় তেন্তে সি আচলতে হাদিছ শ্বৰীফত অৱগত নথকা আৰু পূৰ্বপুৰুষ(ছলফে ছালিহীন)ৰ আমোল সম্পৰ্কে নজনাৰ বাবেহে কৰে।
• মাজমাউজ জাৱাঈদত হাইছামীয়ে লিখিছে: আব্দুল মালিক বিন আব্দুল মালিকক ইবনে আবি হাতিমে তেওঁৰ কিতাপ “আল জাৰহু ৱাত্তাঅদীল” ত উল্লেখ কৰিছে আৰু তেওঁ জঈফ কোৱা নাই(এয়া তেওঁক গ্ৰহণৰ পক্ষে প্ৰমাণিত হয়)ইয়াৰোপৰি উক্ত হাদিছৰ সমস্ত ৰাৱী তথা বৰ্ণনা কাৰী ছিকাহ বা গ্ৰহণযোগ্য।
(مجمع الزوائد،٨/٦٥)
• ইয়াৰোপৰি একাংশই মনৰ ইচ্ছামতে যিকোনো ছহীহ(মজবুত) হাদিছক জাঈফ(কমজোৰ)কৈ দিয়ে, ধিক্কাৰ এনে মস্তিষ্কৰ প্ৰতি। আহক আৰু হাদিছৰ পিনে চকু ফুৰাও।
◈ হজৰত আলী বিন আবু তালীব ৰাদ্বীয়াল্লাহুৰ পৰা বৰ্ণিত হাদিছ: ছুনান ইবনে মাজা শ্বৰীফত আহিছে: হজৰত আলী ৰাদ্বীয়াল্লাহু আনহুই কয়: নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে:
إِذَا کَانَتْ لَيْلَةُ النِّصْفِ مِنْ شَعْبَانَ، فَقُومُوا لَيْلَهَا وَصُومُوا نَهَارَهَا فَإِنَّ اﷲَ يَنْزِلُ فِيهَا لِغُرُوبِ الشَّمْسِ إِلَی سَمَاءِ الدُّنْيَا فَيَقُولُ: أَلَا مِنْ مُسْتَغْفِرٍ لِي فَأَغْفِرَ لَهُ؟ أَلَا مُسْتَرْزِقٌ فَأَرْزُقَهُ؟ أَلَا مُبْتَلًی فَأُعَافِيَهُ؟ أَلَا کَذَا؟ أَلَا کَذَا؟ حَتَّی يَطْلُعَ الْفَجْرُ
যেতিয়া চাবানৰ পোন্ধৰ তাৰিখ আহিব তেতিয়া তোমালোকে ৰাতি নামাজ পঢ়া আৰু দিনত ৰোজা ৰাখা,নিশ্চয় আল্লাহ পাকে(চৈধ্য তাৰিখে)সূৰ্যাস্তৰ পিছৰ পৰাই পৃথিৱীৰ প্ৰতি বিশেষ অনুগ্ৰহ প্ৰদান কৰে আৰু কয় : আছে নেকি কোনোবা মোৰ পৰা ক্ষমা বিচাৰোঁতা যে মই তাক ক্ষমা কৰি দিম ? আছে নেকি কোনোবা মোৰ পৰা ৰিজিক(জীৱিকা)খোজোতা যে মই তাক প্ৰদান কৰিম ? আছে নেকি কোনোবা দোষাগ্ৰস্ত যে মই তাক শান্তি প্ৰদান কৰিম ? আছে কোনোবা এনেকুৱা ? আছে কোনোবা এনেকুৱা ?(এনেদৰে ফজৰ পৰ্যন্ত কোৱা হৈ থাকে)এতেকে ফজৰ আৰম্ভ হয়।
(سنن ابن ماحه،کتاب إقامة الصلاة والسنة فيها، باب ما جاء فی ليلة النصف من شعبان،٢/١٦٠،حديث-١٣٨٨،دار المعرفة بيروت)
◈ উম্মুল মোমিনীন হজৰত আঈশ্বা ৰাদ্বীয়াল্লাহু আনহাৰ পৰা বৰ্ণিত হাদিছ: এদিনাখন মই বিচনাৰ পৰা উঠি নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামক নেদেখি তেওঁক বিচাৰি ওলালো,পিছত দেখিলোঁ যে তেওঁ আচমানৰ পিনে শিৰ(Beloved Head)মোবাৰক উঠাই জান্নাতুল বাক্কীত আছে। তেওঁ কয়: হে আঈশ্বা তুমি ভয় খালা নেকি যে আল্লাহ ও ৰাছূলে তোমাৰ লগত অন্যায় কৰিব ? তেওঁ ক’লে: ইয়া ৰাছূলাল্লাহ ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম! মই ভাবিলো আপুনি অইন কোনো পত্নীৰ ওচৰলৈ গৈছে। তেতিয়া নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ক’লে:
إِنَّ اﷲَ عَزَّ وَجَلَّ يَنْزِلُ لَيْلَةَ النِّصْفِ مِنْ شَعْبَانَ إِلَی السَّمَاءِ الدُّنْيَا فَيَغْفِرُ لِأَکْثَرَ مِنْ عَدَدِ شَعَرِ غَنَمِ کَلْبٍ
নিশ্চয় আল্লাহ পাকে শ্বাবান মাহৰ পোন্ধৰ তাৰিখে (চবে বৰাতত) পৃথিৱীৰ প্ৰতি বিশেষ অনুগ্ৰহ প্ৰদান কৰে আৰু তেওঁ বানূ কাল্ব(সম্প্ৰদায়ৰ)ছাগলীৰ নোমতকৈয়ো অধিক লোকক ক্ষমা কৰি দিয়ে।(বানূ কাল্বৰ ছাগলীৰ আৰবৰ অইন ছাগলীতকৈ বহুগুণে নোম আছিল বা সিহঁতে অধিক পুহিছিল সেয়েহে তুলনাত উল্লেখ কৰিছে)
(احمد بن حنبل، المسند:٦/٢٣٨)
◈ এই হাদিছ গ্ৰহণযোগ্য। নিম্নোক্ত কিতাপসমূহ তাৰেই সাক্ষী।(মাঅৰিফাতুছ ছিকাত:১/২৮৪,ত্বব্ক্কাতুল হুফ্ফাছ:১/৮৮,জামিউত তাহস্বীল:১/২৯৯)
◈ হজৰত আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বীয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত হাদিছ:
حَدَّثَنَا حَسَنٌ حَدَّثَنَا ابْنُ لَهِيعَةَ حَدَّثَنَا حُيَيُّ بْنُ عَبْدِ اﷲِ عَنْ أَبِي عَبْدِ الرَّحْمَنِ الْحُبُلِيِّ عَنْ عَبْدِ اﷲِ بْنِ عَمْرٍو رضی الله عنه أَنَّ رَسُولَ اﷲِ صلی الله عليه وآله وسلم قَالَ: يَطَّلِعُ اﷲُ عَزَّوَجَلَّ إِلَی خَلْقِهِ لَيْلَةَ النِّصْفِ مِنْ شَعْبَانَ،فَيَغْفِرُ لِعِبَادِهِ إِلَّا لِاثْنَيْنِ :مُشَاحِنٍ وَقَاتِلِ نَفْسٍ
নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: শ্বাবান মাহৰ অৰ্ধভাগ(বৰাত)ৰ ৰাতি আল্লাহ তাআ’লাৰ খাছ তথা বিশেষ ৰহমতে বান্দাৰ প্ৰতি অনুগ্ৰহ প্ৰদান কৰে,এতেকে তেওঁ দুই ধৰণৰ লোকৰ বাহিৰে নিজৰ বান্দাক ক্ষমা কৰি দিয়ে:১)অত্যন্ত অসদ্ভাৱতা বা বিদ্বেষতা ৰাখোতা(ঈৰ্ষান্বিত হোৱা)২)আৰু হত্যাকাৰী।
(احمد بن حنبل،المسند،٢/١٧٦،رقم:٦٣٥٣٣)
◈ এই হাদিছৰ সমস্ত বৰ্ণনাকাৰী মোহাদ্দিছ সকলৰ দৃষ্টিত গ্ৰহণযোগ্য। হয়! ইবনে লাহিআহ সম্পৰ্কে ইবনে কাত্তানে কৈছে তেওঁ জাঈফ কিন্তু ঈমাম আহমদে কৈছে তেওঁ গ্ৰহণযোগ্য অৰ্থাৎ ছিকাহ ৰাৱী। চাওক ত্বব্ক্কাতুল হুফ্ফাছ:১/১০৭,আস্বক্কালানী’ তাহজীবুত্তাহজীব:২/২৭৯, ইবনে হাব্বান’ আছ্ছিকাত:৬/২৩৬)
◈ হজৰত মুআজ বিন জাবাল ৰাদ্বীয়াল্লাহুৰ পৰা বৰ্ণিত হাদিছ:
أخبرنا محمد بن المعافی العابد بصيدا وابن قتيبة وغيره قالوا: حدثنا هشام بن خالد الأزرق قال حدثنا أبو خليد عتبة بن حماد عن الأوزاعی وابن ثوبان عن أبيه عن مکحول عن مالک بن يخامر عن معاذ بن جبل عن النبي صلی الله عليه وآله وسلم قال: يَطَّلِعُ ﷲُ إِلٰی خَلْقِهِ فِی لَيْلَةِ النِّصْفِ مِنْ شَعْبَانَ، فَيَغْفِرُ لِجَمِيْعِ خَلْقِهِ إلَّا لِمُشْرِکٍ أَوْ مُشَاحِنٍ
নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: চবে বৰাতত আল্লাহ পাকৰ বিশেষ ৰহমত নিজৰ মখলোক(বান্দা)ক লক্ষ্য কৰি প্ৰকাশ্য হয়,এতেকে মুশ্বৰীক আৰু ঘৃণা ৰখা ঈৰ্ষান্বিত লোকৰ বাহিৰে সকলো বান্দাকে মাফ কৰি দিয়ে।
• এই হাদিছটো ছহীহ ইবনে হাব্বান,ত্বাব্ৰাণী শ্বৰীফৰ দৰে কেইবাখনো গ্ৰহণযোগ্য কিতাপত উল্লেখ আছে,ইয়াৰোপৰি ঈমাম হাইছামীয়ে এই হাদিছ সম্পৰ্কে মাজমাউজ জাৱাঈদ ৮/৬৫ ত লিখিছে:এই হাদিছটো ত্বাব্ৰাণীয়ে আল মুঅজামুল কাবীৰ আৰু আওছাতত বৰ্ণনা কৰিছে আৰু তাৰ সকলো বৰ্ণনা কাৰী ছিকাহ বা গ্ৰহণযোগ্য।
(ابن حبان،الصحيح،١٢/٤٨١،رقم:٥٦٦٥،،طبرانی،المعجم الأوسط،٧/٣٦،رقم:٦٧٧٦،،طبرانی،المعجم الکبير،٢٠/١٠٨،رقم:٢١٦)
• এই হাদিছৰ দ্বাৰা ওপৰৰ হাদিছটো আৰু মজবুত ও শক্তিশালী হৈ গ’ল।
◈ হজৰত আবু হুৰাইৰাহ ৰাদ্বীয়াল্লাহুৰ পৰা বৰ্ণিত হাদিছ:
ওপৰৰ হাদিছ দুয়োটাৰ দৰেই একেই বাক্যৰে হজৰত আবু হুৰাইৰাহৰ ৰাদ্বীয়াল্লাহুৰ পৰা বৰ্ণিত:
إِذَا کَانَ لَيْلَةُ النِّصْفِ مِنْ شَعْبَانَ، يَغْفِرُ اﷲُ لعباده إلَّا لِمُشْرِکٍ أَوْ مُشَاحِنٍ
নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: যেতিয়া অৰ্ধ শ্বাবান(পোন্ধৰ নং ৰাতি)আহে তেতিয়া আল্লাহ পাকে মুশ্বৰীক আৰু ঘৃণা ৰখা ঈৰ্ষান্বিত লোকৰ বাহিৰে সকলো বান্দাকে মাফ কৰি দিয়ে।
(بزار،المسند،٢:٤٣٥-٤٣٦)
• এই হাদিছ সম্পৰ্কে মাজমাউজ জাৱাঈদত আছে: এই হাদিছৰ সমস্ত বৰ্ণনা কাৰী ছিকাহ অৰ্থাৎ গ্ৰহণযোগ্য আৰু ইয়াৰ এজন ৰাৱী হিশ্বাম বিন আব্দুৰ ৰাহমান যাৰ বিষয়ে মই জ্ঞাত নহয়।
(مجمع الزوائد،٨/٦٥)
◈ হজৰত আবু ছা’লাবা আল খশ্বনী ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হাদিছঃ
حدثنا أحمد بن نضر العسکری ثنا محمد بن آدم المصيصی ثنا المحاربي عن الأحوص بن حکيم عن حبيب بن صهيب عن مکحول عن أبي ثعلبة أن النبي صلی الله عليه وآله وسلم قال: يَطْلُعُ اﷲُ عَلٰی عِبَادِهِ لَيْلَةَ النِّصْفِ مِنْ شَعْبَانَ،فَيَغْفِرُ لِلْمُؤْمِنِيْنَ وَيُمْهِلُ الْکَافِرِيْنَ،وَيَدَعُ أهْلَ الْحِقْدِ بِحِقْدِهِمْ حَتَّی يَدَعُوْهُ
হজৰত ছা’লাবা ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত; নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: আল্লাহ পাকে পোন্ধৰ শ্বাবান(বৰাত)ৰ ৰাতি নিজৰ বান্দাৰ প্ৰতি অনুগ্ৰহ(বিশেষ ৰহমতৰ দৃষ্টি)প্ৰদান কৰে,এতেকে তেওঁ মুমিনক ক্ষমা কৰি দিয়ে আৰু কাফিৰক সুযোগ ও অৱকাশ দিয়ে। তেওঁ ঈৰ্ষান্বিত লোকক সিহঁতৰ অৱস্থাতেই এৰি দিয়ে অৱশেষত সিহঁতে বাদ দিয়ে।
(طبرانی،المعجم الکبير،٢٢/٢٢٣،رقم:٥٩٠،ابن ابی عاصم،السنة،١/٢٢٣،رقم:٥١١)
• আহ্লে হাদিছ মতবাদৰ ঈমাম নাছিৰুদ্দিন আলবানীয়ে “যিলালুল জান্নাতি ফি তাখৰীজিছ ছুন্নাহ লি ইবনে আ’স্বীম: ২/২২৩ ত” এই হাদিছক ছহীহ বুলি কৈছে। ইয়াৰোপৰি ইয়াৰ বৰ্ণনা কাৰী গ্ৰহণযোগ্য।
◈ হজৰত আওফ বিন মালিক ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হাদিছঃ
يَطْلُعُ ﷲُ عَلَی خَلْقِهِ لَيْلَةَ النِّصْفِ مِنْ شَعْبَانَ فَيَغْفِرُ لَهُمْ کُلَّهُمْ إِلَّا لِمُشْرِکٍ أوْ مُشَاحِنٍ
আওফ বিন মালিক ৰাদ্বীয়াল্লাহু আনহুৱে কৈছে:নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ফৰমাইছে: আল্লাহ পাকে পোন্ধৰ শ্বাবান(বৰাত)ৰ ৰাতি নিজৰ বান্দাৰ প্ৰতি অনুগ্ৰহ(বিশেষ ৰহমতৰ দৃষ্টি)প্ৰদান কৰে,এতেকে শ্বীৰ্ক কৰোতা আৰু ঘৃণা ৰখা ঈৰ্ষান্বিত লোকৰ বাহিৰে সকলো বান্দাকে মাফ কৰি দিয়ে।
(بزار،المسند،٧/١٨٦،رقم:٢٧٥٤)
◈ হজৰত আবু মূছা আশ্বআৰী ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হাদিছঃ
إِنَّ اﷲَ لَيَطَّلِعُ فِي لَيْلَةِ النِّصْفِ مِنْ شَعْبَانَ فَيَغْفِرُ لِجَمِيعِ خَلْقِهِ إِلَّا لِمُشْرِکٍ أوْ مُشَاحِنٍ
নিসন্দেহে আল্লাহ পাকে পোন্ধৰ শ্বাবান(বৰাত)ৰ ৰাতি(নিজৰ বান্দাৰ প্ৰতি) অনুগ্ৰহ(বিশেষ ৰহমতৰ দৃষ্টি)প্ৰদান কৰে,এতেকে শ্বীৰ্ক কৰোতা আৰু ঘৃণা ৰখা ঈৰ্ষান্বিত লোকৰ বাহিৰে সকলো বান্দাকে মাফ কৰি দিয়ে।
(ابن ماجه،کتاب اقامة الصلاة والسنة فيها،باب ماجاء فی ليلة النصف من شعبان،١/٤٤٥رقم:١٣٩٠)
• এই হাদিছৰ ছনদ বহুত উত্তম লগতে ই মাৰফু হাদিছ ইয়াৰোপৰি একেই বাক্যৰে কেইবাটাও হাদিছ বৰ্ণিত সেয়েহে ই ছহীহ মাৰফু মুত্তাছ্ছিল হোৱাত কোনো ধৰণৰ সন্দেহ নাই। চাওক ঈমাম মাজনীৰ তাহজীবুল কামাল ৯/৩০৮,হাদিছ নং ১৯৬৪
◈ হজৰত ওছমান বিন আবিল আ’স্ব ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হাদিছঃ বাইহাক্কী শ্বৰীফত আছে:
إِذَا کَانَ لَيْلَةُ النِّصْفِ مِنْ شَعْبَانَ فَإِذَا مُنَادٍ : هَلْ مِنْ مُسْتَغْفِرٍ فَأغْفِرَ لَهُ؟ هَلْ مِنْ سَائِلٍ فَأعْطِيَهُ؟ فَـلَا يَسْألُ أحَدٌ إَلَّا أعْطِيَ إِلَّا زَانِيَةٌ بِفَرْجِهَا أوْ مُشْرِکٌ
নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: যেতিয়া পোন্ধৰ শ্বাবানৰ ৰাতি আহে তেতিয়া এজন আহ্বায়কে আহ্বান কৰে; আছে নেকি কোনোবা মোৰ পৰা ক্ষমা বিচাৰোঁতা যে মই তাক ক্ষমা কৰি দিম ? আছে নেকি কোনোবা বিচাৰোঁতা যে মই তাক দান কৰিম ? এতেকে জিনাকাৰী (ব্যভিচাৰত লিপ্ত হোৱা জন) আৰু মুশ্বৰিকৰ বাহিৰে সকলো বিচাৰোঁতাকেই প্ৰদান কৰা হয়।
(بيهقی،شعب الإيمان،٣/٣٨٣،رقم:٣٨٣٦)
আৱশ্যকীয় আৰু সাৰমৰ্ম
◈ এই সমস্ত হাদিছৰ দ্বাৰা চবে বৰাত প্ৰমাণিত হোৱাৰ উপৰিও তাৰ ফজিলত,গুৰুত্ব তথা মহত্বও গোপনে থকা নাই। আৰু এই ভ্ৰান্তিও ভাঙি গ’ল যে সকলো হাদিছৰ ৰাৱী জাঈফ। তথাপিও এটা ক্ষণৰ বাবে মানি ল’লেও একেই বিষয়ৰ অত্যাধিক হাদিছ পাৰস্পৰিক লগ লাগি হাছান তথা মজবুত ও শক্তিশালী হৈ গ’ল।
◈ সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে চবে বৰাত সম্পৰ্কে হাদিছ বৰ্ণনা কৰা চাহাবীৰ সংখ্যা ইমানেই বেছি যে তাৱাতুৰৰ সীমা পায় গৈ। এতেকে কোনো এটা বিষয়ত ইমান চাহাবাই হাদিছ বৰ্ণনা বা ৰিৱায়ত কৰাটো তাৰ মজবুত দলীল,গ্ৰহণযোগ্য তথা গুৰুত্বপূৰ্ণ হোৱাৰ প্ৰতি নিশ্চিত ৰূপে ধাৱিত।
◈ যদি উল্লেখ কৰা কিছু সংখ্যক হাদিছ জঈফো যদি হয় তেন্তে মোহাদ্দিছ সকলে নিজেই এই কথা স্পষ্ট কৰি দিছে যে জঈফ হাদিছ ভিন্ন ৰিৱায়তৰ দ্বাৰা শক্তিশালী হৈ হাছানত পৰিণত হৈ যায়। এতেকে চবে বৰাতৰ বিপৰীতে কোনো ধৰণৰ কথাই গ্ৰহণযোগ্য নহ’ব।
◈ মোহাদ্দিছ সকলে এইটোও স্পষ্ট কৰি দিছে যে ইবাদতত সাৱধানতা অৱলম্বন বা ফজিলতৰ ক্ষেত্ৰত জঈফ হাদিছৰ ওপৰত কৰা যাব অথচ চবে বৰাতৰ ক্ষেত্ৰত অসংখ্য ছহীহ হাদিছ উপলব্ধ। ঈমাম জালালুদ্দীন ছুয়ুটী ৰাহমাতুল্লাহ আলাইহিয়ে লিখিছে:
و یعمل بالضعيف ايضاً في الاحكام إذا كان فيه احتياط
আহকামৰ (বিধানৰ)ক্ষেত্ৰতো জঈফ হাদিছৰ ওপৰত আমোল কৰা হ’ব যদি তাত সাৱধানতা তথা সতৰ্কতা থাকে।
(تدريب الراوى؛النوع الثانى والعشرون،المقلوب،مؤسسة الريان،ص٦٥٧،بيروت)
◈ ইবাদতত জঈফ হাদিছৰ ওপৰত আমোলৰ উদাহৰণ: মাগৰিবৰ বাহিৰে সকলো আজানৰ পিছত লগে লগে ইকামত দিয়া মকৰূহ কাৰণ তিৰমিজী শ্বৰীফত এটা হাদিছ আছে:
عَنْ جَابِرِ بْنِ عَبْدِ اللَّهِ، أَنَّ رَسُولَ اللَّهِ صلى الله عليه وسلم قَالَ لِبِلاَلٍ “ يَا بِلاَلُ إِذَا أَذَّنْتَ فَتَرَسَّلْ فِي أَذَانِكَ وَإِذَا أَقَمْتَ فَاحْدُرْ وَاجْعَلْ بَيْنَ أَذَانِكَ وَإِقَامَتِكَ قَدْرَ مَا يَفْرُغُ الآكِلُ مِنْ أَكْلِهِ وَالشَّارِبُ مِنْ شُرْبِهِ وَالْمُعْتَصِرُ إِذَا دَخَلَ لِقَضَاءِ حَاجَتِهِ
হজৰত জাবিৰ বিন আব্দুল্লাহ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: আজান থামি থামি দিয়া আৰু তকবীৰ শীঘ্ৰতাৰে,আৰু দুয়োটাৰ মাজত ইমান সময় ৰাখা যাতে খাই থকা জন খোৱাৰ পৰা আৰু পান কৰি থকা জন পানৰ পৰা আৰু আৱশ্যকীয়তা থকা জন প্ৰয়োজনৰ পৰা আজৰি হয়।
(جامع الترمذي،ج١،ص٢٧،ابواب الصلاة؛باب ما جاء في الترسل فى الآذان،مجلس البركات)
◈ ওপৰোক্ত হাদিছটো জঈফ কিন্তু এই হাদিছৰ ওপৰত সকলোৱে আমোল কৰে যে কোনেও আজানৰ পিছত লগে লগে জামাত আৰম্ভ নকৰে। তদ্ৰুপ যদি চবে বৰাত সম্পৰ্কীত হাদিছবোৰ জঈফো নহয় তেন্তেও পালনত কোনো অসুবিধা নাই কিয়নো ইয়াৰ পক্ষত অসংখ্য হাদিছ আছে বৰং ছহীহ হাদিছ কিন্তু নকৰাৰ পক্ষত মনৰ ইচ্ছা আৰু চয়তানৰ অনুসৰণৰ বাহিৰে একোৱেই নাই।
চবে বৰাতত ইবাদতৰ প্ৰস্তুতি আৰু চাহাবা ও বুজুৰ্গসকল
◈ হজৰত আলী,হজৰত আঈশ্বা,হজৰত ওচমান বিন আবিল আ’স্ব ৰাদ্বীয়াল্লাহু আনহুমৰ পৰা বৰ্ণিত উল্লেখিত হাদিছ সমূহৰ পৰা নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ ছুন্নত আৰু আদেশৰ পৰা তাৰ দলীল প্ৰমাণিত হয়।
◈ নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ৰমজানৰ বাহিৰে অইন মাহতকৈ শ্বাবান মাহত অধিক বেছিকৈ ইবাদত কৰিছিল,এতেকে চবে বৰাতক ইয়াৰ পৰা কেনেকৈ আওঁকাণ বা বাহিৰ কৰিব পাৰি ? অথচ এই ৰাতি অইন ৰাতিতকৈ বেছি ইবাদতৰ যোগ্য।
◈ হজৰত আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বীয়াল্লাহু আনহুমাই কয়:
خمس ليال لا ترد فيهن الدعاء: ليلة الجمعة، وأول ليلة من رجب،وليلة النصف من شعبان،و ليلتی العيدين
পাঁচটা ৰাতি এনেকুৱা আছে য’ত দোআ অগৃহীত নহয়;জুমআৰ ৰাতি,ৰজবৰ প্ৰথম ৰাতি, পোন্ধৰ শ্বাবান(বৰাত)ৰ ৰাতি,দুয়ো ঈদৰ ৰাতি।
(عبد الرزاق، المصنف،٤/٣١٧رقم:٧٩٢٧)
◈ আহ্লে হাদিছ তথা ওৱাহাবী মতবাদৰ ঈমাম ইবনে তৈমিয়াই এই ৰাতিত ইবাদত সম্পৰ্কে লিখিছে:
سئل ابن تيمية عن صلاة نصف شعبان؟ فأجاب : إذا صلی الانسان ليلة النصف وحده أو فی جماعة خاصة کما کان يفعل طوائف من السلف فهو أحسن
ইবনে তৈমিয়াক বৰাতৰ ৰাতি নফল নামাজ সম্পৰ্কে সোধাত কয়: যেতিয়া কোনোৱে পোন্ধৰ শ্বাবানৰ ৰাতি (অৰ্থাৎ বৰাতৰ ৰাতি) অকলশৰীয়া ভাৱে অথবা জামাত হৈ নামাজ পঢ়ে যেনেদৰে পূৰ্বৰ বুজুৰ্খানে দ্বীনৰ বহুতো দলে পঢ়িছিল তেন্তে এয়া বহুত উত্তম।
(مجموع فتاوی ابن تيميه،٢٣/١٣١)
◈ হাফিজ ৰজব হাম্বলিয়ে লিখিছে: পোন্ধৰ শ্বাবানৰ ৰাতি শ্বাম দেশৰ তাবিঈ; হজৰত খালিদ বিন মাঅ’দান,লোকমান বিন আমিৰ আৰু ইয়াৰ বাহিৰে বহুতেই এই ৰাতিৰ সন্মান কৰিছিল আৰু খুব ইবাদতত ব্যস্ত থাকিছিল। আৰু এই ৰাতি মছজিদত ইবাদত কৰিছিল। ইয়াৰোপৰি ঈমাম ৰা’হৱাইহিয়ে ইয়াত একমত পোষন কৰিছে আৰু কৈছে এই ৰাতি মছজিদত ইবাদত কৰা বিদআত নহয়।
(لطائف المعارف:٢٦٣)
চবে বৰাতত জন্ম মৃত্যুৰ সিদ্ধান্ত
◈ চবে বৰাতত আগন্তুক এবছৰত জন্ম আৰু মৃত্যু হ’ব লগীয়া সকলৰ নাম লিপিবদ্ধ কৰা হয়।
এই বিষয়ে অসংখ্য হাদিছ বৰ্ণিত,ইয়াতে কেইটামান উল্লেখ কৰা হ’ল। হজৰত আঈশ্বা ৰাদ্বীয়াল্লাহু আনহাৰ পৰা বৰ্ণিত: তেওঁ কয়;
ورُويَ عن عائشةَ (أنَّ النبيَّ صلَّى اللهُ عليهِ وسلَّمَ كانَ يَصُومُ شعبانَ كُلَّهُ، قالت: قُلتُ: يا رسولَ اللهِ أَحَبُّ الشُّهُورِ إليكَ أنْ تَصُومَهُ شعبَانُ؟ قالَ: إِنَّ اللهَ يَكتُبُ على كُلِّ نَفْسٍ مَيِّتَةٍ تلكَ السَّنةَ، فأُحِبُّ أنْ يَأْتِيَني أَجَلِي وأنا صائمٌ) رواه أبو يعلى وحسَّنه المنذري والبوصيري
নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে সম্পূৰ্ণ শ্বাবান মাহৰ ৰোজা ৰাখিছিল,মই সুধিলো ইয়া ৰাছূলাল্লাহ! শ্বাবান মাহ অইন সকলো মাহতকৈ আপোনাৰ পছন্দনীয় নেকি যে আপুনি ৰোজা ৰাখে ? তেওঁ ক’লে: আল্লাহ পাকে প্ৰত্যেক বছৰটোত মৃত্যু হ’ব লগীয়া ব্যক্তিৰ নাম এই মাহত লিপিবদ্ধ কৰে। এতেকে মই ৰোজা থকা অৱস্থাত এই দুনীয়াৰ পৰা যোৱাটো পছন্দ কৰো।
(اخرجه ابو يعلى في المسند؛٨/٣١١،الرقم:٤٩١١)
এনেদৰেই হজৰত আঈশ্বা ৰাদ্বীয়াল্লাহু আনহাৰ পৰা আন এটি হাদিছ বৰ্ণিত, নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে:
ھل تدرین ما فی هذه الليلة يعني ليلة النصف من شعبان قالت: ما فيها يا رسول الله ؟ فقال: فيها ان يكتب كل مولود بنى آدم فى هذه السنة و فيها ان يكتب كل هالك من بنى آدم فى هذه السنة و فيها ترفع أعمالهم و فيها تنزل ارزاقهم
হে আঈশ্বা তুমি জানানে এই ৰাতি অৰ্থাৎ পোন্ধৰ শ্বাবান (বৰাত)ৰ ৰাতি কি আছে ? তেওঁ ক’লে: ইয়া ৰাছূলাল্লাহ কি আছে ? নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ক’লে: এই ৰাতি আগন্তুক বছৰত জন্ম হ’ব লগীয়া সমস্ত আদম সন্তানৰ নাম লিখি দিয়া হয়। এই ৰাতিতেই এই বছৰত মৃত্যু হ’ব লগীয়া সমস্ত আদম সন্তানৰ নাম লিখা হয়। এই ৰাতিতেই আমোল উঠোৱা(আল্লাহৰ বাৰগাহত প্ৰস্তুত কৰা)হয় আৰু এই ৰাতিতেই জীৱিকা নাজিল কৰা হয়।
(اخرجه یہقی فی فضائل الاوقات،١٢٨،،مشكوٰة المصابيخ،ص١١٥،فاروقيہ بک ڈپو،دھلی)
◈ ঈমাম মুহয়ুছ ছুন্নাহ বাগৱী ৰাহমাতুল্লাহ আলাইহিয়ে বৰ্ণনা কৰিছে: নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে চবে বৰাতত এই শ্বাবানৰ পৰা আগন্তুক শ্বাবান মাহৰ সমস্ত বস্তু ও ব্ৰহ্মাণ্ডৰ কথা লিপিৱদ্ধ বহী ফিৰিস্তাক গতাই দিয়া হয়। আনকি মানুহৰ বিবাহ,তাৰ সন্তানৰ জন্ম,সি আনন্দিত হোৱা,ঘৰ বনোৱা অথচ তাৰ নাম মৃতলোকৰ শাৰীত লিখি দিয়া হয়।
(تفسير بغوى،٤/١٣٣،،دار الکتب العلمیہ،بيروت)
◈ হজৰত আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বীয়াল্লাহু আনহুমাই কয়:
إن الله تعالىٰ يقضى الأقضية في ليلة النصف من شعبان و يسلمها الى أربابها
নিশ্চয় পোন্ধৰ শ্বাবানৰ ৰাতি বছৰটোৰ আদেশ সমূহ সিদ্ধান্ত কৰি “মুদাব্বীৰাতে আম্ৰ”(যাৱতীয় কাম নিৰ্বাহকাৰীসকল)ক গতাই দিয়া হয়।
(تفسير بغوى،ص١١٧٤،دار ابن حزم،بيروت)
◈ মুদাব্বীৰাতে আম্ৰ চাৰি গৰাকী ফিৰিস্তাক কোৱা হয়:১)হজৰত জিব্ৰিল আলাইহিচ্ছালাম ২)হজৰত মিকাঈল আলাইহিচ্ছালাম ৩)হজৰত ইছৰাফীল আলাইহিচ্ছালাম ৪)হজৰত ইজৰাইল আলাইহিচ্ছালাম।
মৰমৰ ইছলামী ভাই ভনী সকল! ইতিমধ্যে চবে বৰাত আৰু এই ৰাতি ইবাদত সম্পৰ্কে হাদিছ পঢ়িলে। সেয়েহে অইন বিপথগামী লোকৰ কথা নুশুনি এই ৰাতি আল্লাহৰ ইবাদতত ব্যস্ত থাকক। আৰু এই ৰাতিৰ ফজিলতৰ অমান্যকাৰীক মই যিদৰে বৈধতা প্ৰমাণ কৰিলোঁ তেনেদৰেই অবৈধতা প্ৰমাণ কৰিব দিয়ক,ইনশ্বা আল্লাহ কিয়ামত পৰ্যন্ত নোৱাৰিব আৰু পলায়নৰ পথ বিচাৰিব।
চবে বৰাত অমান্যকাৰীলৈ চেলেঞ্জ!
চবে বৰাত নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম,চাহাবা সকলোৱে পালন কৰিছে। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: যেতিয়া পোন্ধৰ শ্বাবান আহিব তেতিয়া তোমালোকে ৰাতি নামাজ পঢ়া আৰু দিনত ৰোজা ৰাখা(কিয়নো এই ৰাতি আল্লাহে ক্ষমাদান প্ৰদান কৰে আৰু দোআ কবুল কৰে¹) • হাদিছৰ আলোকত চবে বৰাত হৈছে মুক্তিদান তথা দোআ গৃহীত হোৱাৰ ৰাতি। হজৰত ওমৰ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত: পাঁচটা ৰাতি এনেকুৱা আছে য’ত দোআ অগৃহীত নহয়; জুমআৰ ৰাতি,ৰজবৰ প্ৰথম ৰাতি,পোন্ধৰ শ্বাবানৰ(বৰাতৰ)ৰাতি,আৰু দুয়ো ঈদৰ ৰাতি।²
যিয়েই নহওঁক চবে বৰাত ইতিমধ্যে আমি হাদিছৰ দ্বাৰা প্ৰমাণ কৰিছো। এতিয়া অমান্যকাৰীসকলে মাথোঁ এটা,ছহীহ হাদিছৰ প্ৰয়োজন নাই,গৰীব হাদিছৰ কথাও নকওঁ,মাত্র জঈফ হাদীছ দেখাওক যিটো হাদিছ বোখাৰী,মুছলিম,তিমিজীৰ পৰা নহ’লেও চলিব। প্রসিদ্ধ হাদিছৰ কিতাপ নহ’লেও চলিব মাথো এটি হাদিছৰ প্রয়োজন য’ত স্পষ্টকৈ লিখা আছে যে চবে বৰাত পালন কৰা অবৈধ বা হাৰাম অথবা বিদআত। দেখাওক কোনো চাহাবাই,তাবিঈ বা তাবে তাবিঈয়ে চবে বৰাভ পালন কৰিব মানা কৰিছে বা নিষেধ কৰিছে। • অগণিত এনে কাম আছে যিটো কোনো নবী,চাহাবাই কৰা নাই কিন্তু সমাজত প্ৰচলিত। কাৰণ ইয়াৰ নিষেধাজ্ঞা চৰীয়তে আৰোপ কৰা নাই। শ্বৰীয়ত বিৰোধী নহয় বাবে কৰি থকা হৈছে। আহলে হাদিছৰ ঈমাম নাছিৰুদ্দিন আলবানীৰ স্বীকৃতি প্রাপ্ত হাদিছো আছে। এই সম্পর্কে।
¹ছুনান ইবনে মাজা:১৩৮৮ ²মুছান্নাফ ইবনে আব্দুৰ ৰাজ্জাক:৪/৩১৭,৭৯২৭। এয়া নাভাবিব যে আমাৰ ওচৰত মাত্ৰ এইটোৱেই দলীল। আলহামদুলিল্লাহ! অগনিত ছহীহ হাদিছৰ লগতে অমান্যকাৰীৰ কিতাপৰ পৰাই ইয়াৰ বৈধতা বাদেই ছুন্নত প্ৰমাণ কৰাৰ দলীলো আছে, যিটো ইতিমধ্যে বহুবাৰ প্ৰকাশ কৰা হৈছে।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
অজানিতে বা ভুলক্ৰমে শপত তথা কছম খালে তাৰ আদেশ কি হ’ব ? Click here
আমাৰ ইউটিউব চেনেল click here
ছহীহ হাদিছৰ দৃষ্টিত চবে বৰাতত ইবাদত ছহীহ হাদিছৰ দৃষ্টিত চবে বৰাতত ইবাদত ছহীহ হাদিছৰ দৃষ্টিত চবে বৰাতত ইবাদত ছহীহ হাদিছৰ দৃষ্টিত চবে বৰাতত ইবাদত ছহীহ হাদিছৰ দৃষ্টিত চবে বৰাতত ইবাদত
Recent Comments