মই শপত ল’লো কিন্তু পূৰ্ণ কৰিব নোৱাৰোঁ!

মই শপত ল’লো কিন্তু পূৰ্ণ কৰিব নোৱাৰোঁ!

প্ৰশ্নঃ- মোৰ এজনৰ লগত বিবাদ হোৱাত মই তেওঁক ক’লোঁ যে মই পবিত্ৰ কোৰআনৰ শপত খাই ক’লো এমাহ তোমাৰ ঘৰলৈ নাযাওঁ,এতিয়া মই তেওঁৰ ঘৰত এমাহ আগতে যাব বিচাৰো,ইয়াৰ বাবে শ্বৰীয়তৰ সমাধান জানিব বিচাৰিছোঁ ?


•┈┈┈┈••✦✿✦••┈┈┈┈•

উত্তৰঃ- উল্লেখিত অৱস্থাত শপত ভংগ নকৰাকৈ এমাহৰ ভিতৰত তেওঁৰ ঘৰলৈ যোৱাৰ কোনো উপায় নাই। শপত লোৱাৰ পৰা এমাহৰ ভিতৰত যদি ব্যক্তিজনৰ ঘৰলৈ যায় তেন্তে শপত ভংগ হ’ব। ইয়াৰ বিনিময়ত কাফ্ফাৰা(জৰিমনা)ভৰিব লাগিব। কিন্তু এমাহৰ পিছত যাব বিচাৰিলে,তেতিয়া যাব পাৰিব সেইটোত কোনো সমস্যা নাই। শপত ভংগ কৰাৰ বাবে কাফ্ফাৰা হ’ল এজন দাস মুক্ত কৰা বা দহজন দুখীয়াক দুসাঁজ পেট ভৰাই আহাৰ খুওৱা যি খাদ্য পৰিয়ালৰ মানুহক যোগান ধৰা হয়। একেদিনাই দহোজনক অথবা প্ৰতিদিনে দুসাঁজ এজন এজনকৈ খুৱাব পাৰি বা একেজন ব্যক্তিক দহ দিন দুসাঁজকৈ খুৱাব পাৰি বা দহজন দুখীয়াক পৰ্যাপ্ত মানৰ কাপোৰ দিব পাৰি। আৰু যদি কোনোবাই এই তিনিটাৰ কোনো এটাও কৰিব নোৱাৰে,তেন্তে একেৰাহে তিনিদিন ৰোজা ৰাখিব লাগে। এতেকে কোৰআন শ্বৰীফত আছে:

فَكَفَّارَتُهُ إِطْعَامُ عَشَرَةِ مَسَاكِينَ مِنْ أَوْسَطِ مَا تُطْعِمُونَ أَهْلِيكُمْ أَوْ كِسْوَتُهُمْ أَوْ تَحْرِيرُ رَقَبَةٍ ۖ فَمَنْ لَمْ يَجِدْ فَصِيَامُ ثَلَاثَةِ أَيَّامٍ ۚ ذَٰلِكَ كَفَّارَةُ أَيْمَانِكُمْ إِذَا حَلَفْتُمْ ۚ

এতেকে ইয়াৰ কাফফাৰা হৈছে,দহজন মিছকীনক মধ্যম ধৰণৰ খাদ্য প্ৰদান কৰা যিবোৰ তোমালোকে নিজ পৰিয়ালত খোৱা,অথবা সিহঁতক বস্ত্ৰ দান কৰিবা নাইবা এজন দাস মুক্ত কৰিবা। যাৰ সামৰ্থ নাই সি তিনি দিন ৰোজা ৰাখিব। তোমালোকে শপত কৰিলে এইটোৱে তোমালোকৰ শপতৰ কাফফাৰা।(ছুৰা আল মাঈদাহ:৮৯)

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

মই শপত ল’লো কিন্তু পূৰ্ণ কৰিব নোৱাৰোঁ!

শপত লোৱাৰ পিছত কৰণীয় কি আৰু জৰিমনা কেতিয়া ভৰিব লাগিব ? – ইছলামৰ পোহৰ click here 

আমাৰ ইউটিউব চেনেল click here 

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d