প্ৰশ্নঃ-পিতৃৰ তথা বাপেকৰ কছম খাব পাৰি নে নোৱাৰি আৰু কছমৰ বাক্য কি কি?
উত্তৰঃ- আল্লাহৰ নবী স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামে হজৰত ওমৰ ফাৰুক ৰাদ্বিয়াল্লাহু আনহুক বাহনত থকা অৱস্থাত দেখা পালে,যেতিয়া তেওঁ(ফাৰুক ৰাদ্বিয়াল্লাহু আনহু)নিজ পিতৃৰ শপত লৈছিল তেতিয়া আল্লাহৰ নবী স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে আল্লাহে তোমালোকক তোমালোকৰ পিতৃৰ কছম খাব মানা কৰিছে। যিজনে কছম খায় সি আল্লাহৰ খাওক অন্যথা চুপ থাকক।(صَحیح بُخاری ج۴ص۲۸۶حدیث ۶۶۴۶)
মুফতি আহমদ য়াৰ খান নাঈমী ৰাহমাতুল্লাহ আলাইহিয়ে এই হাদিছৰ বাখ্যা কৰি লিখিছে যে এই হাদিছত আল্লাহ ব্যতীতৰ শপত ল’ব মানা কৰা হৈছে,যিহেতু সচাৰচৰ আৰব বাসীয়ে নিজ পিতা-নানাৰ কছম খোৱা কৰিছিল সেয়েহে তাৰ উল্লেখ হৈছে। আল্লাহ ব্যতীতৰ কছম খোৱা মকৰূহ।(مرقاۃ ج۶ص۵۷۹)
আল্লাহৰ নাম অৰ্থাৎ আল্লাহৰ ব্যক্তিগত নামাৱলী আৰু গুণাৱলী নাম সমূহ গতিকে কোৰআন শ্বৰীফৰ কছম খোৱা জায়েজ কাৰণ কোৰআন শ্বৰীফ আল্লাহৰ কালাম(কথা)ৰ নাম আৰু আল্লাহৰ কালাম আল্লাহৰ গুণাৱলীৰ অন্তৰ্ভূক্ত। কোৰআন শ্বৰীফত “যুগ,কাল,ইনজীৰ,যাইতুন আদিৰ কছম আহিছে এয়া শ্বাৰঈ কছম নহয় আৰু উপৰোক্ত আদেশ আমাৰ কাৰণে আল্লাহৰ কাৰণে নহয় গতিকে যাইতুন,চহৰ আদিৰ কছম আল্লাহৰ লগত স্বকীয়। (مراٰۃ ج ۵ ص ۱۹۴، ۱۹۵)
কছমৰ বাক্য
ৱাল্লাহ,বিল্লাহ,তাল্লাহ(আল্লাহৰ কছম)।খোদাৰ কছম। মালিকৰ কছম। কছম খাই কলোঁ। হলফে চৰঈ উঠাই কলোঁ। আল্লাহক হাজিৰ নাজিৰ তথা সাক্ষী বনাই কলোঁ। আল্লাহক ছামিঅ ও বাছীৰ তথা দেখোতা শুনোতা মানি কলোঁ। BY GOD ইত্যাদি এই সকলোবোৰ শপতৰ শব্দ যিকোনো এটাৰে শপত ল’লে শপত হৈ যায়। আল্লাহক হাজিৰ নাজিৰ মানি কছম উঠালে কছম হ’ব কিন্তু এনেকুৱা কোৱা নিষেধ। (قسم کے بارے میں مدنی پھول)
কছমৰ বিষয়ে বিস্তাৰিত ভাৱে আলোচনা কৰা হৈছে, আপুনি চাৰ্চ কৰি অথবা ভিন্ন মাছাঈল category ত বিচাৰি পঢ়িব পাৰে।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
পিতৃৰ তথা বাপেকৰ কছম খাব পাৰি নে নোৱাৰি আৰু কছমৰ বাক্য কি কি?
আমাৰ ইউটিউব চেনেল click here
কোনো বস্তু নিজৰ ওপৰত নিষিদ্ধ কৰি ল’লে বা কোনোৱে কছম দিলে কি হ’ব? click here
Recent Comments