কছম কেই প্ৰকাৰৰ আৰু কি কি ?

প্ৰশ্নঃ-কছম কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ- শপত তিনি প্ৰকাৰৰ:

১)লগু,২)গমূছ,৩)মোনআকিদাহ। 

• অতীত বা বৰ্তমানৰ কোনো সঁচা কথাক মিছা বুলি ভুলক্ৰমে শপত ল’লে কোনো গুণাহ নহয়। • অতীত বা বৰ্তমানৰ কোনো মিছা কথাৰ ওপৰত জ্ঞাত থকা সত্বেও শপত লোৱা গুণাহ। • ভৱিষ্যতৰ কথা সম্পৰ্কে কছম ল’লে পূৰ্ণ নকৰিলে প্ৰতিফল বা কাফ্ফাৰাহ ভৰিব লাগিব।

১)লগু কছম অতীত অথবা বৰ্তমান কালৰ কোনো মিছা কথাক ভুলক্ৰমে সঁচা বুলি ভাৱি কছম খোৱা। অৰ্থাৎ অতীত অথবা বৰ্তমান কালৰ কোনো এনেকুৱা ভুল ও অশুদ্ধ কথাক নিজ বিবেকেৰে সত্য ও শুদ্ধ বুলি ভাৱি তাৰ ওপৰত শপত লোৱা(কিন্তু মূলতঃ ই সত্য নহয়)যেনে: “কোনোৱে শপত খালে যে আল্লাহৰ শপত জায়েদ আলী ঘৰত নাই” আৰু তাৰ জ্ঞানত এয়াই আছিল যে জায়েজ আলী ঘৰত নাই,সি তাৰ ধাৰণাত সঁচা কছম খাইছে কিন্তু আচলতে জায়েদ আলী ঘৰত আছিল তেন্তে এনেধৰণৰ কছমক লগু কছম বোলা হয়। এই কছম আওপকীয়া ভাৱে মিছা শপত কিন্তু এয়া আল্লাহে ক্ষমা কৰি দিছে,ইয়াৰ কোনো জৰিমনা ভৰিব নালাগে।

২)গমূছ কছম অতীত অথবা বৰ্তমান কালৰ কোনো মিছা কথাৰ ওপৰত জ্ঞান থকা সত্বেও মিছা কছম খোৱা। যেনে: কোনোৱে শপত খালে যে “আল্লাহৰ কছম জায়েদ আলী ঘৰত আছে আৰু সি জানে যে জায়েজ আলী ঘৰত নাই তেন্তে এনেধৰণৰ কছমক গমূছ কছম বোলা হয়। এনেধৰণৰ কছম লওঁতা ডাঙৰ গুণাহগাৰ হ’ব,আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা ও তৌবা কৰা ফৰজ কিন্তু ইয়াৰ কোনো জৰিমনা তথা কাফ্ফাৰাহ ভৰিব নালাগে।

৩)মোনআকিদাহ কছম ভৱিষ্যতে কোনো কাম তথা কাৰ্যৰ ওপৰত কছম খোৱাক বোলা হয় যেনে: কোনোৱে শপত খালে যে “আল্লাহৰ কছম কালি মই তোমাৰ ঘৰত নিশ্চয় আহিম” এতেকে যদি দ্বিতীয় দিন সি তাৰ ঘৰত নাহে তেন্তে তাৰ কছম তথা শপত ভাঙি গ’ল আৰু এনে অৱস্থাত সি তাৰ প্ৰতিফল ভুগিব লাগিব অৰ্থাৎ ইয়াৰ কাফ্ফাৰাহ তথা জৰিমনা ভৰিব লাগিব। আনহাতে কোনো অৱস্থাত গুণাহগাৰো হ’ব। (فتاوٰی عالمگیری ج۲ص۵۲)

কছমৰ বিষয়ে বিস্তাৰিত ভাৱে আলোচনা কৰা হৈছে, আপুনি চাৰ্চ কৰি অথবা ভিন্ন মাছাঈল category ত বিচাৰি পঢ়িব পাৰে।

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

কছম কেই প্ৰকাৰৰ আৰু কি কি ?

কছম কাক বোলে,মিছা শপত ল’লে কি হ’ব? – ইছলামৰ পোহৰ click here 

আমাৰ ইউটিউব চেনেল click here 

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d