প্ৰশ্নঃ- কছম কাক বোলে,মিছা শপত ল’লে কি হ’ব?
উত্তৰঃ- আল্লাহ পাকে কোৰআন শ্বৰীফত কৈছে; وَلَا تَجْعَلُوا اللَّهَ عُرْضَةً لِأَيْمَانِكُمْ
আৰু আল্লাহৰ নামৰ শপতসমূহক প্ৰতিবন্ধক হিচাপে ব্যৱহাৰ নকৰিবা।(ছুৰা আল বাকাৰাহ, আয়াত:২২৪)
কিছু মুফাচ্ছিৰীনে লিখিছে এই আয়াতৰ অন্তৰ্ভুক্ত অতিৰিক্ত কছম খোৱোও।(حاشیۃُ الصّاوی ج۱ص۱۹۰)
হাদিছ শ্বৰীফত আহিছে আল্লাহৰ নবী স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে; আল্লাহৰ লগত কাৰোবাক অংশীদাৰ কৰা,মা-বাবাৰ অমান্য কৰা, কাৰোবাক হত্যা কৰা আৰু মিচা কছম খোৱা কবিৰাহ গুণাহ। (بُخاری-ج۴ص۲۹۵حدیث-۶۶۷۵)
কিয়ামতৰ দিনাখন এজন ব্যক্তিক আল্লাহৰ সন্মূখত উপস্থিত কৰোৱা হ’ব আৰু আদেশ হ’ব যে এইজনক জাহান্নামত লৈ যোৱা তাৰ পিছত উক্ত ব্যক্তিজনে সুধিলে ইয়া আল্লাহ! কি কাৰণত মোক জাহান্নামত দিলে ? কোৱা হ’ব; নামাজৰ সময় উকলি যোৱাৰ পিছত পঢ়াৰ কাৰণে আৰু মোৰ নাম লৈ মিচা কছম খোৱাৰ বাবে।(مُکاشَفَۃُ الْقُلو ب ص۱۸۹)
কছম কাক বোলে
শ্বৰীঅত হিচাপে কছম তথা শপত সেই বান্ধোনক বোলা হয় যাৰ দ্বাৰা শপত লওঁতাই কোনো কাম কৰা বা নকৰাৰ পৰিপক্ক ভাৱে উদ্দেশ্য তথা পৰিকল্পনা কৰে। উদাহৰণ স্বৰূপে কোনোৱে এনেদৰে ক’লে যে আল্লাহ পাকৰ কছম অহা কালি মই এই কামটো কৰিম তেন্তে এয়া কছম হ’ব।(دُرِّمُختار-ج۵،ص-۴۸۸)
কছমৰ বিষয়ে বিস্তাৰিত ভাৱে আলোচনা কৰা হৈছে, আপুনি চাৰ্চ কৰি অথবা ভিন্ন মাছাঈল category ত বিচাৰি পঢ়িব পাৰে।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
কছম কাক বোলে,মিছা শপত ল’লে কি হ’ব?
অজানিতে বা ভুলক্ৰমে শপত তথা কছম খালে তাৰ আদেশ কি হ’ব ? – ইছলামৰ পোহৰ click here
আমাৰ ইউটিউব চেনেল click here
Recent Comments