প্ৰশ্নঃ-অমুছলিমৰ ধৰ্মীয় কাম বা তিথিৰ বাবে চান্দা দিব পাৰিনে?
উত্তৰঃ-দুৰ্গাপূজা বা দুৰ্গোৎসৱ,কালী পূজা অথবা অন্যান্য অমুছলিমৰ ধৰ্মীয় তিথিত নিজৰ সন্তুষ্টি ও আগ্ৰহ তথা শ্ৰদ্ধাৰে চান্দা দিয়া চূড়ান্ত ভাৱে হাৰাম,নিষিদ্ধ ও কুফুৰৰ পিনে ধাৱিত কৰ্ম। কাৰণ এয়া কুফুৰীৰ প্ৰতি সন্তুষ্টি প্ৰকাশ আৰু কুফুৰীৰ প্ৰতি সঁহাৰি জনোৱা স্বৰূপ হ’ব। আৰু দুয়োটাই(কুফুৰিত সন্তুষ্টি আৰু ইয়াৰ প্ৰতি সহায় বা সহাঁৰি)কুফুৰী হয়। যথা আল্লাহ পাকে কোৰআন শ্বৰীফত কৈছে: ۖ وَلَا تَعَاوَنُوا عَلَى الْإِثْمِ وَالْعُدْوَانِ ۚ
(হে মুমিনসকল!)আৰু পাপ কৰ্ম আৰু সীমালংঘনত এজনে আনজনৰ সহায়-সহযোগিতা নকৰিবা।(ছুৰা আল মাঈদাহ:২) ইয়াৰোপৰি ফতোৱা আলমগীৰিৰ লগতে ফিক্কাহৰ অন্যান্য গ্ৰহনযোগ্য গ্ৰন্থত আছে: الرضاء بالکفر کفر
অৰ্থাৎ কুফুৰী কৰ্মত সন্মতি বা সহাঁৰি জনোৱাও কুফুৰী।(فتاویٰ عالمگیری،ج۶،ص۲۵۷)
এতেকে যি মুছলমানে অমুছলীমৰ ধাৰ্মিক অনুষ্ঠানৰ প্ৰতি সন্তুষ্ট থাকি,আগ্ৰহী হৈ বা সন্মানাৰ্থে চান্দা দিয়ে তেওঁলোকে অজ্ঞাত ভাৱে কুফুৰী কৰে। এনে ব্যক্তিয়ে পুনৰ কলিমা পঢ়ি মুছলমান হোৱা আৰু বিবাহিত হ’লে পুনৰ নিকাহ পঢ়োৱা আৱশ্যকীয়। আনহাতে অমুছলিমে যদি সিহঁতৰ ধৰ্মীয় কোনো কামৰ চান্দা দিবলৈ জবৰদস্তি কৰে যে নিদিলে মুছলমানৰ ক্ষতি তথা লোকচান কৰিব বা মাৰপিট অথবা এনেধৰণৰ কোনো কষ্ট দিব বা সিহঁতৰ অঞ্চলত থকাত বাধা বিঘিনিৰ সৃষ্টি কৰিব,তেনে অৱস্থাত নিজৰ ৰক্ষাৰ্থে কোনো বস্তু বা টকা পইচা দিলে দিব পাৰি।(فتاویٰ شارح بخاری،ج۲،ص ٥٧٤-٥٧٦)
আল্লাহে আমাক শ্বৰীয়তৰ বিধানসমূহ মানি চলাৰ ক্ষমতা দান কৰক।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
অমুছলিমৰ ধৰ্মীয় কাম বা তিথিৰ বাবে চান্দা দিব পাৰিনে
আমাৰ ইউটিউব চেনেল click here
কা’বা শ্বৰীফ,মছজিদে নবৱী,মদিনা শ্বৰীফৰ ফটো থকা জায়-নামাজত নামাজ পঢ়িব – ইছলামৰ পোহৰ click here
Recent Comments