তাহাজ্জুদৰ নামাজ কেতিয়া পঢ়ে নিয়্যত কেনেকৈ কৰিব লাগে আৰু কি দোআ পঢ়িলে ভাল

প্ৰশ্নঃ- তাহাজ্জুদৰ নামাজ কেতিয়া পঢ়ে,নিয়্যত কেনেকৈ কৰিব লাগে আৰু কি দোআ পঢ়িলে ভাল ?


উত্তৰঃ-তাহাজ্জুদৰ নামাজ পঢ়া ছুন্নত। ইয়াৰ সময় হৈছে ইশ্বাৰ নামাজ পঢ়ি শুই উঠাৰ পিছৰ পৰা ফজৰৰ আগলৈকে। শোৱাৰ আগতে পঢ়িলে সেয়া তাহাজ্জুদৰ অন্তৰ্ভুক্ত নহ’ব। নিম্নতম দুই ৰাকাত,আৰু নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ পৰা আঠ ৰাকাতলৈ প্ৰমাণিত। তাহাজ্জুদৰ নামাজ দুই দুই ৰাকাআতকৈ পঢ়িব লাগে। 

(ردالمحتار،کتاب الصلاۃ،باب الوتر و النوافل،مطلب في صلاۃ اللیل،ج۲،ص۵۶۶)

নিয়্যত নাৱাইতু আন উচ্ছাল্লিয়া লিল্লাহি তাআলা ৰাকাআতাই স্বালাতিত তাহাজ্জুদি ছুন্নাতি ৰাছুলিল্লাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কা’বাতিশ্বাৰীফাতি আল্লাহু আকবাৰ।

অৰ্থঃ মই কিব্লামুখী হৈ আল্লাহৰ উদ্দেশ্যে দুই ৰাকাআত তাহাজ্জদৰ ছুন্নত নামাজ পঢ়াৰ নিয়্যত কৰিলোঁ_ আল্লাহু আকবাৰ। বাকীখিনি অইন নামাজৰ দৰেই।

মহত্ব কিয়ামতৰ দিনা সকলো লোকক এখন ময়দানত একত্ৰিত কৰা হ’ব,সেই সময়ত এজন আহ্বান কৰোতাই আহ্বান কৰিব; ক’ত সেইসকল ব্যক্তি ! যাৰ পিঠি শোৱা কোঠাৰ পৰা পৃথক আছিল ? সেইসকল লোক থিয় হ’ব আৰু তেওঁলোকৰ সংখ্যা কম হ’ব তেওঁলোক বিনা হিচাপে জান্নাতত প্ৰৱেশ কৰিব। তাৰ পিছত অইন লোকৰ বাবে হিচাপৰ আদেশ হ’ব।

(صحیح مسلم،کتاب صلاۃ المسافرین،باب في اللیل ساعة مستجاب فیھا الدعاء،الحدیث:۷۵۷،ص۳۸۰)

দোআ

হাদিছ শ্বৰীফত আছে: নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম তাহাজ্জুদৰ বাবে উঠিলে এই দোআ পঢ়ে;

اَللّٰھُمَّ لَکَ الْحَمْدُ اَنْتَ قَـیِّمُ السَّمٰوَاتِ وَالْاَرْضِ وَمَنْ فِیْھِنَّ وَلَکَ الْحَمْدُ اَنْتَ نُوْرُ السَّمٰوَاتِ وَالْاَرْضِ وَمَنْ فِیْھِنَّ وَلَکَ الْحَمْدُ اَنْتَ مَلِکُ السَّمٰوَاتِ وَالْاَرْضِ وَمَنْ فِیْھِنَّ وَلَکَ الْحَمْدُ اَنْتَ الْحَقُّ وَ وَعْدُکَ الْحَقُّ وَ لِقَاءُکَ حَقٌّ وَّقَوْلُکَ حَقٌّ وَّالْجَنَّۃُ حَقٌّ وَّالنَّارُ حَقٌّ وَّ النَّبِیُّوْنَ حَقٌّ وَّمُحَمَّدٌ حَقٌ وَّالسَّاعَۃُ حَقٌّ اَللّٰھُمَّ لَکَ اَسْلَمْتُ وَبِکَ اٰمَنْتُ وَعَلَیْکَ تَوَکَّلْتُ وَاِلَیْکَ اَنَبْتُ وَبِکَ خَاصَمْتُ وَاِلَیْکَ حَاکَمْتُ فَاغْفِرْلِیْ مَا قَدَّمْتُ وَمَا اَخَّرْتُ وَمَا اَسْرَرْتُ وَمَا اَعْلَنْتُ وَمَا اَنْتَ اَعلَمُ بِہٖ مِنِّیْ اَنْتَ الْمُقَدِّمُ وَاَنْتَ الْمُؤَخِّرُ لَا اِلٰـہَ اِلَّا اَنْتَ وَلَا اِلٰـہَ غَیْرُکَ

আল্লহুম্মা লাকাল হামদু আন্‌তা কায়্যিমুছ ছামাতি ৱাল আৰদ্বি ৱা মান ফীহিন্না,ৱালাকাল হামদু আন্‌তা নূৰু ছামাতি ৱাল আৰদ্বি ৱা মান ফীহিন্না। ৱালাকাল হামদু আন্‌তা মালিকুছ ছামাতি ৱাল আৰদ্বি ৱা মান ফীহিন্না। ৱালাকাল হামদু আন্‌তাল হাক্কু,ৱা ৱাঅ’দুকাল হাক্কু,ৱা লিকাউকা হাক্কুন,ৱা কাওলুকা হাক্কুন। ৱাল জান্নাতু হাক্কুন। ৱান্নাৰু হাক্কুন। ৱান্নাবিয়্যূনা হাক্কুন। ৱা মুহাম্মাদুন হাক্কুন (আলাইহিমুচ্ছাতু ৱাত্তাছলীম)। ৱচ্ছা’আতু হাক্কুন। আল্লহুম্মা লাকা আছলামতু ৱা বিকা আ’মানতু ৱা আলাইকা তাৱাক্কালতু ৱা ইলাইকা আনাবতু ৱা বিকা খা’ছামতু ৱা ইলাইকা হাকামতু। ফাগফিৰ্‌লী মা কদ্দামতু ৱামা আখ্খাৰতু ৱামা আছৰাৰতু ৱামা আঅ’লানতু ৱামা আন্‌তা আঅ’লামু বিহি মিন্নী আন্‌তাল মুকাদ্দামু ৱা আন্‌তাল মুআখ্খাৰু লা ইলাহা ইল্লা আন্তা ৱালা ইলাহা গাইৰুকা।

অৰ্থঃ– হে মোৰ প্ৰতিপালক! তোমাৰেই বাবে প্ৰশংসা। আকাশসমূহ-পৃথিৱী আৰু তাত থকা সকলোকে তুমিয়েই চলাই আছা। তোমাৰেই বাবে প্ৰশংসা। আকাশসমূহ-পৃথিৱী আৰু তাত থকা সকলো বস্তুৰ তুমি নূৰ। তোমাৰেই বাবে প্ৰশংসা,আকাশসমূহ- পৃথিৱী আৰু তাত থকা সকলো বস্তুৰ গৰাকী তুমি।তোমাৰেই বাবে প্ৰশংসা,তুমি সত্য আৰু সত্য তোমাৰ প্ৰতিজ্ঞা। তোমাক প্ৰত্যক্ষ(কিয়ামত)কৰা সত্য। তোমাৰ কথা সত্য। জান্নাত সত্য। দোজোখ সত্য। নবীসকল সত্য আৰু সত্য মহম্মদ(ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম) আৰু কিয়ামত (পুনৰুত্থান) সত্য।

হে আল্লাহ! মই তোমাৰ বাবে ইছলাম আঁকোৱালি লৈছো আৰু মই তোমাৰ ওপৰত বিশ্বাস কৰিছোঁ আৰু মই তোমাৰ ওপৰত ভৰসা কৰিছো। আৰু মই তোমাৰ ওচৰলৈ ঘূৰি আহিছোঁ। আৰু মই তোমাৰেই পৰা সাহায্য প্ৰাৰ্থনা কৰিছোঁ। আৰু মই তোমাৰেই হাতত সিদ্ধান্তৰ চাবি কাঠি থৈছোঁ। গতিকে তুমি মোৰ সেই গুণাহ সমূহ ক্ষমা কৰা দিয়া যিবোৰ আগতে হৈ গৈছে। আৰু যি পিছফালে হৈ গৈছে। যি লুকুৱাই কৰিছোঁ আৰু যি প্ৰকাশ্য ভাৱে কৰিছোঁ। আৰু সেই পাপ য’ত তুমি মোতকৈ ভালকৈ অৱগত। তুমিয়েই আগুৱাই দিওঁতা আৰু তুমিয়েই পিছুৱাই দিওঁতা। তোমাৰ বাহিৰে কোনো উপাস্য নাই।

(صحیح البخاري،کتاب التھجد،باب التھجد باللیل،الحدیث؛۱۱۲۰،ج۱،ص۳۸۱)

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁

তাহাজ্জুদৰ নামাজ কেতিয়া পঢ়ে নিয়্যত কেনেকৈ কৰিব লাগে আৰু কি দোআ পঢ়িলে ভাল

আমাৰ ইউটিউব চেনেল click here 

আকিদা তকদিৰ ঈমান হাচৰ কাক বোলা হয় – ইছলামৰ পোহৰ click here 

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d