অজু কৰাৰ পিছত পেচাবৰ টোপাল ওলোৱাৰ সন্দেহ হ’লে কি কৰা উচিত প্ৰশ্নঃ- পেচাব কৰি উঠি বা অজু কৰাৰ পিছত পেচাবৰ টোপাল ওলোৱাৰ সন্দেহ হ’লে কি কৰা উচিত?
উত্তৰঃ-অজু বা প্ৰস্ৰাৱৰ পিছত টোপাল ওলোৱাৰ মাথোঁ সন্দেহ হ’লে অজু বা নামাজ ভংগ নহয়। ইয়াৰ উপায় হ’ল প্ৰস্ৰাৱৰ পিছত গুপ্তাঙ্গত অকণমান পানী ছটিয়াই দিয়ক,পিছত সন্দেহ হ’লে ভাবিব যে এয়া পেচাবৰ টোপাল নহয় বৰং ছটিয়াই দিয়া পানীহে। চয়তানৰ বৃহৎ দ’ল আছে যিবোৰ নিৰ্দিষ্ট কামত কৰ্মৰত। কিছুমান বজাৰত যদি আকৌ কিছুমান মছজিদত,অজু কৰোতেই হওঁক বা নামাজৰ মাজত মুঠতে সিহঁত ভিন্ন ঠাইত ভিন্ন কামত নিয়োজিত আৰু সিহঁতৰ এটাই লক্ষ্য যে মানুহক কেনেদৰে পথভ্ৰষ্ট কৰিব পাৰি,কেনেদৰে গুণাহত লিপ্ত কৰিব পাৰি। সিহঁতৰ প্ৰত্যেকৰে একো একোটা নামো আছে তাৰে মাজৰ ৱালহান নামি চয়তানে অজুৰ সময়ত মানুহৰ মনত ভিন্ন ধৰণৰ অশুভসূচক বা কুমন্ত্ৰণা দিয়ে। যেনে অজু কৰি থাকোতে সন্দেহৰ জন্ম লোৱা যে হাত খন ধোলো নে নাই!, ভৰি খন তিনিবাৰৰ ঠাইত চাৰিবাৰ ধোলো নেকি!, এনেধৰণে অজুত থকা ব্যক্তিকো কুমন্ত্ৰণা দিয়ে যে তোমাৰ অজু ভংগ হৈ গ’ল। অজু কৰাৰ ইমান দেৰি হ’ল এতিয়ালৈকে ক’ত থাকিব! ইত্যাদি। • এনে অৱস্থাত চয়তানৰ কুমন্ত্ৰণাৰ প্ৰতি মুঠেই ধ্যান নিদিয়া উচিত। অজুত কুমন্ত্ৰণা বা সন্দেহত পেলোৱা চয়তানৰ বিষয়ে আমাৰ নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: অজুৰ বাবে এটা চয়তান আছে যাৰ নাম হৈছে ৱালহান ,এতেকে তোমালোক পানীৰ ৱাছৱাছা(evil,সন্দেহ আদি)ৰ পৰা আঁতৰি থাকা। (سنن ابن ماجه،ج١،ص٢٥٢،حديث:٤٢١)
প্ৰস্ৰাৱৰ বা অজুৰ পিছত পেচাবৰ টোপাল ওলোৱাৰ সন্দেহ হ’লে দুটা কাম কৰিব পাৰে- ১)গোপন এঠাইত গৈ চাই লওক,যদি ওলাইছে তেন্তে ধুই অজু কৰি লওক। ২)অজু বা পেচাবৰ পিছত গুপ্তাঙ্গৰ ওপৰৰ কাপোৰত অকণমান পানী ছটিয়াই দিয়ক। হাদিছ শ্বৰীফত আহিছে- أنَّ رسولُ اللَّهِ صلَّى اللَّهُ عليهِ وسلَّمَ بالَ ثُمَّ توضَّأَ ونضحَ فرجَه
নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে প্ৰস্ৰাৱ কৰে তাৰ পিছত অজু কৰি চৰমগাহ(গুপ্তাঙ্গ)ত পানী ছটিয়াই দিয়ে।(سنن ابو داود،كتاب الطهارة،باب فِي الاِنْتِضَاحِ،٦٤)
ইয়াৰোপৰি হজৰত আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে কয়: নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: যেতিয়া তোমালোকে অজু কৰিবা(গুপ্তাঙ্গত)পানী ছটিয়াই দিয়া। (سنن ابن ماجه،ج١،ص٢٧٠،حديث:٤٦٣)
ছটিওৱাৰ পিছত যদি প্ৰস্ৰাৱৰ টোপাল ওলোৱাৰ সন্দেহ হয় তেন্তে ছটিয়াই দিয়া পানী বুলি ভাবি আওঁকাণ কৰি দিয়ক। এনেধৰণৰ মনৰ কুমন্ত্ৰণাত আল্লাহ পাকে গ্ৰেপ্তাৰী নকৰে। যথা নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: মোৰ কাৰণে মোৰ উম্মতৰ আন্তৰিক কুমন্ত্ৰণা বা অশুভসূচক কথা সমূহ ক্ষমা কৰি দিছে যেতিয়ালৈকে সেয়া কাৰ্যকৰী নকৰে।(صحيح بخاري،ج٢،ص١٥٣،الحديث:٢٥٢٨)
বাহাৰে শ্বৰীয়তত আছে:
অজুৰ মাজতে যদি কোনো এটা অংগ ধোৱাক লৈ সন্দেহ(evil)হৈ যায় আৰু যদি সেয়া জীৱনৰ প্ৰথম বাৰৰ বাবে হয় তেন্তে ধুই লওক। আৰু যদি এনেকুৱা হয়েই থাকে তেন্তে আওঁকাণ কৰক। তদ্ৰুপ অজু কৰাৰ পিছত যদি সন্দেহ হয় যে অজু আছে নে নাই তেন্তেও অজুৰ প্ৰয়োজন নাই যেতিয়ালৈকে ভংগ হোৱাৰ প্ৰতি দৃঢ় বিশ্বাস নহয়। মনত চয়তানে কুমন্ত্ৰণা দি সন্দেহত পেলোৱাৰ পিছত কেতিয়াও অজু কৰা নহ’ব। যদি অজু কৰে তেন্তে সেয়া সন্দেহ দূৰ নহয় বৰং চয়তানৰ অনুসৰণহে কৰা হ’ব। (بہار شریعت،ج۱،ص٣١٠،علمیہ) এনেদৰেই অভিশপ্ত চয়তানে কেতিয়াবা নামাজৰ মাজতো মনত কুমন্ত্ৰণা দিয়ে। নামাজ ভংগ হোৱাৰ বা বায়ু যোৱাৰ সন্দেহত কেতিয়াবা পেলায় যদি আকৌ কেতিয়াবা পেচাবৰ টোপাল ওলোৱাৰ সন্দেহত। এই সম্পৰ্কে ঈমাম আহ্লে ছুন্নত আলা হজৰত ৰাহমাতুল্লাহ আলাইহিয়ে কেইবাটাও হাদিছ উল্লেখ কৰাৰ পিছত কয় যে:এই হাদিছ সমূহৰ সম্পূৰ্ণ ভাৱাৰ্থ এয়া যে চয়তানে নামাজত ধোকা দিয়াৰ নিমিত্তে কেতিয়াবা মানুহৰ গুপ্তাঙ্গৰ আগৰ ফালে থু পেলায়,এতেকে পেচাবৰ টোপাল ওলোৱাৰ সন্দেহ হয়। কেতিয়াবা পিছফালে ফুক মাৰে বা নোম টানি দিয়ে,এতেকে বায়ু যোৱাৰ সন্দেহ হয়। এনেধৰণৰ কুমন্ত্ৰণাত দুৰ্গন্ধ,শব্দ অথবা কাপোৰ ভিজি নোযোৱালৈকে নামাজতেই থকাৰ আদেশ দিছে অৰ্থাৎ দৃঢ় বিশ্বাস নহ’লে মাথোঁ সন্দেহৰ কাৰণে নামাজ ভংগ কৰা নহ’ব। (فتاویٰ رضویہ مخرجه،ج۱،ص٧٧٤)
এনেধৰণৰ সন্দেহ হ’লে বা কুমন্ত্ৰণা আহিলে অন্তৰতেই কৈ দিয়ক *হে চয়তান তই মিছলীয়া।* যথা নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে:যেতিয়া তোমালোকৰ মনত চয়তানে অজু ভংগ হোৱাৰ প্ৰতি কুমন্ত্ৰণা দি সন্দেহত লিপ্ত কৰে তেতিয়া লগে লগে মনতেই তাক উত্তৰ দিয়া *হে চয়তান তই ধুৰন্ধৰ মিছলীয়া* , কিন্তু কাণেৰে শুনিলে বা নাকেৰে গোন্ধ পালে অজু যাব। (الاحسان بترتيب صحيح ابن حِبان،ج٤،ص١٥٤،حديث:٢٦٥٦)
সন্দেহৰ জন্ম হ’লে মনতেই “লা হাওলা ওৱালা কুওৱাতা ইল্লা বিল্লাহিল আলিয়্যিল আজীম বা আউজুবিল্লাহি মিনাচ চয়তানিৰ ৰাজীম” পঢ়ক ইনশ্বা আল্লাহ নিশ্চয় সন্দেহ দূৰ হ’ব।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁
অজু কৰাৰ পিছত পেচাবৰ টোপাল ওলোৱাৰ সন্দেহ হ’লে কি কৰা উচিত
আমাৰ ইউটিউব চেনেল click here
হাৰাম শব্দ ও বাক্য – ইছলামৰ পোহৰ click here
Recent Comments