কেই বছৰ বয়সত নামাজ ফৰজ হয়
কেই বছৰ বয়সত নামাজ ফৰজ হয় প্ৰশ্নঃ-কেই বছৰ বয়সত নামাজ ফৰজ হয় ? • জানি বুজি নামাজ এৰাৰ গুণাহ কি ?
▁▁▁▁▁▁▁▁▁▁▁
উত্তৰঃ- এজন ব্যক্তি বালিগ অৰ্থাৎ চৰীয়ত অনুযায়ী প্ৰাপ্তবয়স্ক হোৱাৰ পিছৰ পৰাই তেওঁৰ প্ৰতি আল্লাহৰ আদেশ সমূহ আহি যায়। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে:
مُرُوا أَوْلاَدَكُمْ بِالصَّلاَةِ وَهُمْ أَبْنَاءُ سَبْعِ سِنِينَ وَاضْرِبُوهُمْ عَلَيْهَا وَهُمْ أَبْنَاءُ عَشْرِ سِنِينَ وَفَرِّقُوا بَيْنَهُمْ فِيالْمَضَاجِعِ –
যেতিয়া তোমালোকৰ সন্তান সাত বছৰৰ হৈ যাব তেতিয়া তাক নামাজৰ আদেশ দিয়া আৰু যেতিয়া দহ বছৰৰ হৈ যাব তেতিয়া মাৰি নামাজ পঢ়োৱা(অৰ্থাৎ যদি দহ বছৰ বয়স হোৱাৰ পিছতো নামাজ নপঢ়ে তেন্তে মাৰি হ’লেও নামাজ পঢ়োৱা) আৰু বিছনা পৃথক কৰি দিয়া।(سنن أبي داؤد،کتاب الصلاة،باب حتى يومرا الغلام بالصلاة:٩٥٢،ج-۱,ص٢٠٨) এয়া সন্তানৰ অভ্যাস ও নামাজৰ মহত্ব গঢ়ি তোলাৰ বাবে অন্যথা প্ৰাপ্তবয়স্ক তথা বালিগ হোৱাৰ পঢ়া পিছত অনিবাৰ্য। প্ৰাপ্তবয়স্ক হোৱাৰ সীমা: ল’ৰা বাৰ বছৰৰ পৰা পোন্ধৰ বছৰৰ ভিতৰত যদি শুই থাকোতে হওঁক বা অইন অৱস্থাত বীৰ্য (মণি)ওলায় তেন্তে বালিগ বুলি গণ্য কৰা হ’ব আৰু যদি নোলায় তেন্তে হিজৰী চন হিচাপে পোন্ধৰ বছৰ হোৱাৰ লগে লগে বালিগ তথা প্ৰাপ্তবয়স্ক বুলি গণ্য কৰা হ’ব। আনহাতে ছোৱালীৰ নিম্নতম ৯ বছৰৰ পৰা ১৫ বছৰৰ ভিতৰত মাহেকীয়াৰ ৰক্ত আহে(শুই থাকোতে হওক বা অইন কাৰণত)যদি আহে তেন্তে বালিগ তথা প্ৰাপ্তবয়স্ক নহ’লে পোন্ধৰ বছৰত বালিগ বুলি গণ্য হ’ব। (درمختار مع الشامی، ۹/۲۲۵ تا ۲۲۷)
ইছলামৰ মূল খুটিৰ মাজৰ পৰা নামাজ হৈছে এটা অতি গুৰুত্বপূৰ্ণ খুঁটিঃ
কোৰআন শ্বৰীফ তথা হাদিছ শ্বৰীফত নামাজ আদায়ৰ প্ৰতি অতি কঠোৰ নিৰ্দেশ আহিছে। নামাজ নপঢ়াৰ প্ৰতি কঠোৰ শাস্তি ও আজাবৰ দুসংবাদ আহিছে। বে নামাজিয়ে কঠোৰ শাস্তি ও আজাব ভুগিব লাগিব। বে নামাজিৰ বিষয়ে আঈম্মায়ে ছালাছা(ইমাম আহমদ বিন হাম্মল,ইমাম মালিক,ইমাম শ্বাফী)ৰ আদেশ যে ইছলামী ৰজাই মৃত্যুদণ্ড দিব আৰু হানাফি মজহবৰ মতে তাৰ দুনিয়াত শ্বাৰঈ শাস্তি এয়া যে তাক নামাজ এৰাৰ পৰা তৌবা নকৰা পৰ্যন্ত কাৰাদণ্ড দিয়া হ’ব(ইছলামী দেশ হ’লে)। বে নামাজী কিয়ামতৰ দিনা আল্লাহৰ গজবৰ সৈতে উঠিব। মৃত্যুৰ পিছত তাৰ মূৰত কিয়ামত পৰ্যন্ত পাথৰেৰে মাৰি থকা হ’ব,বে নামাজিয়ে তাৰ প্ৰতিফল কবৰত,বিচাৰৰ দিনাখন আৰু মৃত্যুৰ সময়তো যন্ত্ৰনাদায়ত শাস্তি পাব। কিয়াতৰ দিনা বে নামাজিৰ কপালত লাজ্জাদায়ক চিহ্ন লিখা থাকিব। বে নামাজিৰ নাম জাহান্নামৰ সেই দৰ্জাত লিখি দিয়া হয় যিখনেৰে সি জাহান্নামত যাব।
বে নামাজি জাহান্নামৰ অতি ভয়ানক ভৈয়াম “গায়্য” ৰ যোগ্য সি তাত থাকিব। নামাজ এৰাটো বাদেই জামাতৰ সৈতে নপঢ়াজনৰ বিষয়ে নবী স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে; যদি সিহঁতৰ ঘৰত পত্নী আৰু ল’ৰা ছোৱালী নাথাকিল হেঁতেন তেন্তে মই ইশ্বা নামাজৰ পিছত জোৱান সকলক আদেশ দিলোঁ হৈ যে যিসকল ঘৰত আছে(নামাজৰ বাবে জামাতত উপস্থিত হোৱা নাই)সিহঁতৰ ঘৰ জলাই দিয়া।(مسند امام احمد، ۳/۲۹۶، حدیث: ۸۸۰۴) আনহাতে কোনো কোনো ঠাইত বে নামাজীক কাফিৰ বুলিও কোৱা হৈছে যেনে হাদিছত আহিছে; مَنْ تَرَكَ الصَّلاَةَ مُتَعَمِّدًا فَقَدْ كَفَرَ যিজনে নামাজ এৰিলে সি কুফুৰ কৰিলে অৰ্থাৎ কাফিৰ হৈ গ’ল।কেই বছৰ বয়সত নামাজ ফৰজ হয়। (شيخ ركن الدين عبد العظيم منذرى،الترغيب والترهيب،ج:١،ص:٣٨٦)
উৰাজহাজত নামাজ পঢ়িব পাৰিনে ? – ইছলামৰ পোহৰ click here
আমাৰ ইউটিউব চেনেল click here
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
Recent Comments