নামাজত হাঁহিলে অজু যাব নেকি 

নামাজত হাঁহিলে অজু যাব নেকি 

নামাজত হাঁহিলে অজু যাব নেকি প্ৰশ্নঃ-নামাজত হাঁহিলে নামাজ বা অজু ভংগ হ’বনে?

▁▁▁▁▁▁▁▁▁▁▁▁

উত্তৰঃ- নামাজৰ ক্ষেত্ৰত হাঁহি দুই প্ৰকাৰৰ; ১)মিচিকিয়াই দিয়া, ২)শব্দ কৰি হঁহা। ৰুকু ছিজদাহ থকা নামাজত সজাগ অৱস্থাত বালিগ মানুহে ওচৰৰ লোকে শুনাকৈ শব্দ কৰি হাঁহিলে নামাজ আৰু অজু দুয়োটা ভংগ হ’ব। পুনৰাই অজু কৰি নামাজ পঢ়িব লাগিব। কিন্তু যদি কোনো শব্দ নোহোৱাকৈ মাথোঁ মিচিকিয়াই দিয়ে তেন্তে কোনো অসুবিধা নাই। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: তোমাৰ নিজৰ(মুছলমান)ভাতৃৰ বাবে মিচিকিয়াই দিয়া ছদকা। (جامِع بَیان عِلْم،ج١،ص٢٠١،حدیث:٢٢٠)

আন এক হাদিছত আহিছে: اَلْقَھْقَھَةُ مِنَ الشَّیْطَانِ وَالتَّبَسُّمُ مِنَ اللهِ 

উচ্চহাস্য(শব্দ কৰি হঁহা)চয়তানৰ ফালৰ পৰা আৰু মিচিকিয়াই দিয়া আল্লাহৰ ফালৰ পৰা। (ترمذی،کِتاب البِر وَالصِّلَة،ص٤٧٨،حدیث:١٩٥٦)

মনত ৰখা উচিত

যে শব্দ কৰি হঁহা যদিও চয়তানৰ ফালৰ পৰা,ছুন্নতো নহয়,বেয়াও কিন্তু গুণাহ নহয়। এতেকে কোনোৱে তেনেকৈ হাঁহিলে বেয়া দৃষ্টিৰে নোচোৱা উচিত।(نيکی کی دعوت،ص٢٤٩)

কাহ্কাহাৰ অৰ্থ হৈছে উচ্চহাস্য অৰ্থাৎ উচ্চ স্বৰত হঁহা। চয়তানে সেয়া পছন্দ কৰে। আৰু শব্দ কৰি হঁহা জনৰ ওপৰত উঠি যায়। আনহাতে শব্দ নকৰাকৈয়ে অকণমান হঁহাক মিচিকিয়াই হঁহা বা তাবাচ্ছুম বোলে। (فيض الْقَدِیر،ج٤،ص٧٠٦،تحت الحدیث:٦١٩٦)

যদি সজাগ অৱস্থাত ৰুকু ছিজদাহ থকা নামাজত বালিগ(প্ৰাপ্ত বয়স্ক)লোকে ওচৰৰ লোকে শুনা পোৱাকৈ হাঁহে তেন্তে অজু আৰু নামাজ দুয়োটা ভংগ হ’ব। হাদিছ শ্বৰীফত আহিছে:

ألا من ضحك منکم قهقهة فلیعد الوضوء والصلاۃ جمیعا

খবৰদাৰ! তোমালোকৰ মাজত যিয়ে নামাজত উচ্চ স্বৰত হাঁহিব সি যেন পুনৰাই অজু কৰি নামাজ পঢ়ে।

(الدر المختار و رد المحتار کتاب الطهارة،مط-نوم الأَنبياء غير ناقض،ج١،الدراية،ج١،ص٣٤،حديث:٢٧)

যদি নামাজৰ ভিতৰত শুই থকা অৱস্থাত বা জানাজাৰ নামাজত অথবা তিলাৱতৰ ছিজদাহত(কাহ্কাহা মাৰি)শব্দ কৰি হাঁহে তেন্তে অজু ভংগ নহয় কিন্তু উক্ত নামাজ বা ছিজদাহ ভংগ হ’ব।(তেনে ক্ষেত্ৰত লগে লগে আকৌ নিয়্যত কৰি পুনৰাই পঢ়িব পাৰিব।) যদি নামাজত হাঁহিলে কিন্তু নিজৰ বাহিৰে কোনেও শুনা নাই তেন্তে নামাজ ভংগ হ’ব অজু নহয়। যদি কোনো শব্দ নকৰাকৈ মিচিকিয়াই হাঁহি মাৰে য’ত মাথো দাঁত ওলায় তেন্তে অজু নামাজ একো ভংগ নহয়।

(الفتاوى الهندية،كتاب الطهارة،الباب الاول فى الوضوء،الفصل الخامس،ج١،ص١٢)

নামাজৰ বাহিৰে উচ্চ শব্দৰে হাঁহিলে অজু ভংগ নহয় কিন্তু কৰি লোৱা মোস্তাহাব। (م،ماخوذ از بہار شریعت،مَرَاقِی الْفَلَاح,ص۸۴)

বিঃদ্ৰঃ- ৰুকু ছিজদাহ থকা নামাজত উচ্চহাস্যৰে‌ অজু আৰু নামাজ দুয়োটা ভংগ হৈ যোৱা,যদিও‌ বিবেক সন্মত নহয় তথাপিও নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ আদেশ যিহেতু আছে সেয়েহে ইয়াত নিজৰ কোনো ‌মতবাদ বা যুক্তি দৰ্শোৱা নহ’ব। ৰুকু ছিজদাহ থকা নামাজ সম্পৰ্কে কোৱা হৈছে সেয়েহে অকল ৰুকু ছিজদাহ থকা নামাজতেই এই আদেশ কাৰ্যকৰী হ’ব। আল্লাহ পাকে আমাক চৰিয়তৰ বিধান মানি চলাৰ তৌফিক দান কৰক। নামাজত হাঁহিলে অজু যাব নেকি

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

Advance জাকাত আদায় কৰিব পাৰিনে ? – ইছলামৰ পোহৰ click here 

আমাৰ ইউটিউব চেনেল click here 

▁▁▁▁▁▁▁▁▁▁▁▁

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d