নামাজত অজু গ’লে কি হ’ব ‌

নামাজত অজু গ’লে কি হ’ব ‌

নামাজত অজু গ’লে কি হ’ব ‌প্ৰশ্নঃ- যদি নামাজ পঢ়ি থাকোঁতে অজু গুচি যায় তেতিয়া কি কৰিব লাগে ?▁▁▁▁▁▁▁▁▁▁▁▁

উত্তৰঃ-‌ নামাজ পঢ়ি থাকোঁতে অজু গ’লে লগে লগে গোপনে ছালাম ফিৰাই অজু কৰি আহি পুনৰাই পঢ়া উত্তম। নামাজ পঢ়ি থাকোতে অজু গুচি গ’লে নামাজ এৰি নাকত হাত ৰাখি কোনো কথা-বতৰা নোকোৱাকৈ পোনে পোনে গৈ অজু কৰি আহি য’ৰ পৰা এৰা গৈছিল তাৰেই পৰা পঢ়িব পাৰি কিন্তু ইয়াৰ আদেশ কিছু জটিল সেয়ে জনসাধাৰণৰ প্ৰতি ছালাম ফিৰাই নামাজ ভঙ্গ কৰি পুনৰাই পঢ়া উচিত ও উত্তম। ঈমামৰ এনেকুৱা হ’লে পিছৰ পৰা কোনো যোগ্য ব্যক্তিক ইংগিতেৰে আগুৱাই দি অজু কৰি মোক্তাদিৰ শাৰীত থিয় হ’ব।(الفتاوی الھندیة،كتاب الصلاۃ، الباب السادس في الحدث في الصلاۃ،فصل في الاستخلاف،ج١،ص٩٥)

নতুনকৈ নপঢ়ি জামাতৰ লগতেই পঢ়িব বিচাৰিলে অজু কৰি আহি আগতে গুচি যোৱা ৰাকাত আদায় কৰা হ’ব তাৰ পিছত ঈমাম যদি নামাজত আছে অংশগ্ৰহণ কৰা হ’ব অন্যথা বাকীখিনিও অকলেই পঢ়া হ’ব। (ردالمحتار،کتاب الصلاۃ،باب الإمامة،مطلب فیما لو أتی بالرکوع ۔۔۔إلخ،ج۲،ص۴۱۶)

হজৰত আঈশ্বা ছিদ্দিকা ৰাদ্বীয়াল্লাহু আনহাৰ পৰা বৰ্ণিত;

قال النبي صلى الله عليه وسلم؛إذا احدث احدكم في صلاته فلياخذ بانفه ثم لينصرف

নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে:যেতিয়া কাৰোবাৰ নামাজত অজু গুচি যায় তেন্তে তেওঁ নাকত ধৰক তাৰ পিছত গুচি যাওক।(سنن أبي داود،كتاب الصلاۃ،باب اسْتِئْذَانِ الْمُحْدِثِ الإِمَامَ،الحدیث؛۱۱۱۴،ج١،ص۴۱۲)

আন এটি হাদিছত আহিছে:

إِذَا فَسَا أَحَدُکُمْ فِي الصَّلَاةِ فَلْیَنْصَرِفْ فَلْیَتَوَضَّأْ وَلْیُعِدْ صَلَاتَهُ

তোমালোকৰ মাজৰ কাৰোবাৰ যেতিয়া নামাজত বায়ু যায় তেতিয়া(নামাজ)এৰি গুচি যাওক আৰু অজু কৰি আকৌ পঢ়ক।(ابو داود،السنن،١/٥٣،رقم:٢٠٥،بیروت:دار الفکر)

নামাজত যাৰ অজু গুচি ‌যায় ছালাম ফিৰুৱাৰ আগত অন্তিম বৈঠকতেই নহওঁক কিয় অজু কৰি য’ত এৰি গৈছিল তাৰ পৰাই পঢ়িব পাৰে,ইয়াক বিনা বোলা হয়, কিন্তু নতুনকৈ পঢ়া উত্তম। বিনা অৰ্থাৎ য’ৰ পৰা এৰি গৈছিল তাৰ পৰাই পঢ়িবলৈ মুঠ তেৰটা চৰ্ত অনুসৰণ কৰিব লাগিব,কোনো এটাও পোৱা নগ’লে পুনৰাই পঢ়িব লাগিব। ১)মাত্ৰ অজু ভঙ্গকাৰী কোনো কাৰণ হ’ব লাগিব। গোচল ভঙ্গকাৰী হ’লে নহ’ব। ২)তাৰ কাৰণটো অস্বাভাবিক হ’ব নালাগিব যেনে অচেতন অথবা চিঞৰি হাঁহি দিয়া ইত্যাদি। ৩)সেই কামটো বা কাৰণটো তাৰ ইচ্ছাকৃতভাৱে প্ৰকট হ’ব নালাগিব যেনে নিজে নিজে বমি কৰি দিয়া ইত্যাদি। হা‌ঁচি মাৰোতে বা কাহোটে বায়ু ওলালে পুনৰাই পঢ়িব লাগিব। ৪)অজু ভঙ্গকাৰী কাৰণটো তাৰ শৰীৰৰ পৰা হ’ব লাগিব। কোনোৱে যদি তাৰ শৰীৰত নাপাকী লগাই দিয়ে অধিক হ’লে পাক কৰাৰ পিছত বিনা অৰ্থাৎ এৰি যোৱা ঠাইৰ পৰা পঢ়িব নোৱাৰিব বৰং পুনৰাই পঢ়িব লাগিব। ৫)অজু ভঙ্গ হোৱাৰ পিছত নামাজৰ কোনো এটা ৰুকুন(ৰুকু,ছিজদাহ আদি)আদায় কৰিব নালাগিব। ৰুকু বা ছিজদাহত অজু গুচি গ’ল আৰু সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে মূৰ উঠাই দিলে তেন্তে পুনৰাই পঢ়িব লাগিব অৰ্থাৎ বিনা কৰিব নোৱাৰিব। ৬)অপ্ৰয়োজনত এক ৰুকুন (তিনিবাৰ ছুবহানাল্লাহ)আদায়ৰ সময় ৰ’ব নালাগিব। ৭)অজু কৰিব গৈ থাকোঁতে কোনো অংশ(ৰুকুন)আদায় কৰিব নালাগিব। ৮)নামাজত নকৰিব লগীয়া কাম কৰিব নালাগিব।৯)নামাজত অনুমতি থকা কোনো কামৰ অধিক কৰিব নোৱাৰিব।১০)অজু যোৱা বৰ্তমান পোৱা কাৰণৰ পূৰ্বৱৰ্তী কোনো কাৰণ পাব নালাগিব। ১১)অজু যোৱাৰ পিছত চাহিবে তৰতীবৰ পূৰ্বৰ কাজা মনত পৰিব নালাগিব(এই বিষয়ে সুকীয়া লিখনি দিয়া হৈছে,এডমিনৰ পৰা ল’ব পাৰে)। ১২)মোক্তাদি হ’লে ঈমাম নামাজত থকা অৱস্থাত অইন ঠাইত আদায় নকৰা। ১৩)ঈমাম হ’লে যোগ্যজনক প্ৰতিনিধিত্ব দিয়া।(بہار شریعت،نماز میں بے وضو ہونے کا بیان،ح۳)

টোকা: নাকত ধৰাৰ কথা কোৱাৰ‌ কাৰণ হৈছে যাতে মানুহে নাকৰ পৰা তেজ বা মুখত কোনো অসুবিধা পোৱা বাবে ওলাই গৈছে বুলি ভাবে। নামাজত অজু গ’লে কি হ’ব ‌

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

মাজত খালী ঠাই ৰাখি নামাজ পঢ়িব পাৰিনে ? – ইছলামৰ পোহৰ Click here 

আমাৰ ইউটিউব চেনেল Click here 

▁▁▁▁▁▁▁▁▁▁▁▁

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d