চকীত বহি নামাজ পঢ়িব পাৰিনে
চকীত বহি নামাজ পঢ়িব পাৰিনে প্ৰশ্নঃ-চকীত বহি নামাজ পঢ়া শ্বৰীয়ত বিৰোধী নেকি যেনেদৰে আজি কালি প্ৰায় মছজিদত চকী দেখা যায় য’ত বহি বহু সংখ্যক মানুহে নামাজ পঢ়ে ?▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
কেইটামান চৰ্তৰ সৈতে চকীত বহি নামাজ পঢ়িব পাৰি।
উত্তৰঃ- প্ৰয়োজনত চকীত বহি নামাজ পঢ়িব পাৰি।আজি কালি প্ৰায় সংখ্যক লোকে আঁঠু বা কঁকালৰ বিষ,Stress ৰ কাৰণে ৰুকু আৰু ছিজদাহ বা অকল ছিজদাহ কৰিব নোৱাৰে যে ইয়াৰ বাবে কঁকাল আৰু আঁঠু ভাঁজ বা বেঁকা কৰিব লাগিব যিটো অত্যন্ত বিষ,ক্ষতিকাৰক আৰু কষ্টকৰ,অশান্তি বা বিপত্তিৰ কাৰণ হ’ব। এনে লোক চৰিয়তৰ দৃষ্টিত অক্ষম বুলি গণ্য কৰা হয়। এওঁলোকে চকীত বহি নামাজ পঢ়িব পাৰিব কোনো অসুবিধা নাই। চকীত বহি সেইজনে নামাজ পঢ়িব পাৰিব, যাৰ থিয় হোৱাৰ আৰু ৰুকু ছিজদাহ কৰাৰ ক্ষমতা একেবাৰে নাই।চকীত বহি নামাজ পঢ়াটো কোনো পদ্ধে শ্বৰীয়ত বিৰোধী নহয়। হাদিছ শ্বৰীফত আহিছে,
عن أنس – رضي الله عنه – قال: قال رسول الله – صلى الله عليه وسلم يسِّروا ولا تعسِّروا، وبشِّروا ولا تنفِّروا؛ متفق عليه.
ৰছুলুল্লাহ স্বাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছেঃ-সহজ কৰি দিয়া আৰু কঠিন নকৰিবা,সুসংবাদ দিয়া আৰু ঘৃণা সৃষ্টি নকৰিবা। আন এটা হাদিছত আহিছেঃ- وما أمرتكم به فأتوا منه ما استطعتم যি কামৰ মই তোমালোকক হুকুম তথা আদেশ দিওঁ সিমান খিনিয়েই কৰা যিমান তুমি কৰিব পাৰিবা । কোৰআন শ্বৰীফত আহিছে- لا يُكَلِّفُ اللَّهُ نَفْسًا إِلَّا وُسْعَهَا আল্লাহে কাকো তাৰ সামৰ্থ্যৰ বাহিৰত কোনো দায়িত্ব নিদিয়ে। কোৰআন শ্বৰীফৰ অন্য আয়াতত আল্লাহে কৈছে:
يُرِيدُ اللَّهُ بِكُمُ الْيُسْرَ وَلَا يرِيدُ بِكُمُ الْعُسْرَ
(আল্লাহ পাকে যিকেনো হুকুম নাজিল কৰিলে) আল্লাহে তোমালোকৰ পৰা সহজ ভাৱে আদায় কৰাটো বিছাৰে আৰু তোমালোকৰ বাবে কষ্ট নিবিচাৰে । দাফিজ ইবনে হাযাৰ আস্বকালানি ৰাহমাতুল্লাহ আলাইহিয়ে “বুলুগুল মাৰাম”ত আৰু “ছুনানুল কুবৰাত “ইমাম বাইহাকিয়ে লিখিছে যে :-
« وَعَنْ جَابِرٍ قَالَ: عَادَ النَّبِیُّ ﷺ مَرِیْضًا فَرآہُ یُصَلِّيْ عَلٰی وِسَادَۃٍ فَرَمٰی بِہَا وَقَالَ: صَلِّ عَلَی الْأَرْضِ إِنِ اسْتَطَعْتَ ، وَإِلاَّ فَأَوْمِ إِیْمَائً وَّاجْعَلْ سُجُوْدَکَ أَخْفَضَ مِنْ رُکُوْعِکَ»
হজৰত জাবিৰ ৰাদ্বিয়াল্লাহু তাআ’লা আনহুৰ দ্বাৰা বৰ্ণিত:-নবীয়ে কৰীম স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামে এজন ৰোগীৰ খবৰ ল’বলৈ গৈছিল,সেই সময়ত ৰোগীজনে এটা বালিছত নামাজ পঢ়ি আছিল নবীয়ে কৰীম স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামে তেওঁৰ পৰা বালিছটো(গাৰু) আঁতৰাই দিয়ে আৰু তাৰ পিছত তেখেত স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে শক্তি থাকিলে জমিন(মাটি)ত নামাজ পঢ়া,শক্তি নাথাকিলে ইংগিতেৰে নামাজ আদায় কৰা আৰু ৰুকুৰ তুলনাত ছিযদাহত অলপ বেছিকৈ হাঁলি যোৱা।(الصحیحۃ حدیث نمبر 323، السنن الکبریٰ للبیہقی جلد2 ص 306) আন এক হাদিছত আহিছে,হজৰত উমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত
عاد رَسولُ اللهِ صلَّى اللهُ عليه وسلَّمَ رَجُلًا من أصحابِهِ مريضًا وأنا معه فدَخَل عليه وهو يُصلِّي على عُودٍ فوَضَعَ جَبهتَه على العودِ، فأومأَ إليه فطَرَحَ العُودَ وأخَذَ وسادةً، فقال رسولُ اللهِ صلَّى اللهُ عليه وسلَّمَ: “دعْها عنك إنِ اسْتَطَعْتَ أنْ تسْجُدَ على الأرضِ وإلَّا فأَوْمِ إيماءً واجْعَلْ سُجودَك أخْفَضَ من رُكوعِك”
তেওঁ কয় যে মই নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ লগত এজন চাহাবীৰ বেমাৰৰ খবৰ ল’ব গৈছিলো সেই সময়ত ৰোগীজনে কাঠৰ এটুকুৰা এটাত কপাল ৰাখি নামাজ পঢ়ি আছিল,ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইংগিত কৰাত সেইটো আঁতৰাই এটা বালিছ(গাৰু)ল’লে,আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে এইটো আঁতৰাই দিয়া,যদি ক্ষমতা থাকে তেন্তে মাটিত ছিজদাহ কৰা,নহ’লে ইংগিতেৰে নামাজ আদায় কৰা আৰু ৰুকুৰ তুলনাত ছিজদাহত অলপ বেছিকৈ হাঁলি যোৱা। (جامع الكبير لاطبراني-٢٦٩/١٣٠٨٢)
আনহাতে হিদায়াহ শ্বৰীফত আহিছে:
ولا يرفع الى وجهه شيء يسجد عليه لقوله عليه السلام ان استطعت ان تسجد على الأرض فاسجد وإلا فأَوْمِ…
আৰু নিজৰ মুখৰফালে কোনো এনেকুৱা বস্তু ৰাখিব নোৱাৰিব য’ত সি ছিযদাহ কৰিব,কাৰণ আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে যদি তুমি মাটিত ছিযদাহ কৰিব পৰা তেন্তে কৰা অন্যথা ইংগিতেৰে পঢ়া।(هدايه-١٤١ باب صلاة المريض) (বালিছৰ ওপৰত মূৰ ৰাখি ছিযদাহ কৰি আছিল কিন্তু বালিছৰ ওপৰত বহা নাছিল,এই কথা উপৰৰ হাদিছ তথা হিদায়া শ্বৰীফৰ পৰা স্পষ্ট ভাৱে প্ৰমাণিত হয় তদ্ৰূপ ইবনে শ্বাইইবাৰ মুছান্নাফ,ইমাম তাহতাৱীৰ হাচিয়াতুত্তাহতাৱী আলা মাৰাকিল ফালাহ আৰু ইমাম নবৱীৰ আল মাযমুৰ পৰা।
(المصنَّف لإبن أبي شيبة- المريض يسجد على الوِسَادة والمِرفَقَة-1/ 304- 305؛حاشية الطحطاوی على مراقي الفلاح،ص 126، وقال الإمام النووي في “المجموع”(3/398)
হাফিজ ইবনে হাযাৰ আস্বকালানিয়ে উল্লেখিত হাদিছটো লিখাৰ পিছত কয়:যে মোহাম্মদ বিন ইছমাঈল আস্বানাঈয়ে(مصنف سبل السلام) “ছুবুল স্বালামত”(খণ্ড ১,পৃষ্ঠা ৩০৮ত)
এই হাদিছৰ বাখ্যা এনেদৰে কৰিছে যে :-
« وَالْحَدِیْثُ دَلِیْلٌ عَلَی أَنَّہُ لاَ یَتَّخِذِ الْمَرِیْضُ مَا یَسْجُدُ عَلَیْہِ حَیْثُ تَعَذَّرَ سُجُوْدُہُ عَلَی الْأَرْضِ
হাদিছটো এই কথাৰ ওপৰত দলিল যে যেতিয়া ৰোগীয়ে জমিনত(মাটিত) ছিযদাহ কৰিব নোৱাৰিব তেতিয়া কোনো ওখ বস্তু ৰাখি তাৰ ওপৰত ছিযদাহ কৰিব নোৱাৰিব(হাদিছ শ্বৰীফত বালিছৰ ওপৰত বহি নামাজ পঢ়াৰ কথা কোৱা নাই বৰং মাটিত যদি ছিযদাহ কৰিব নোৱাৰে তেন্তে বালিছ তথা গাৰু বা কাঠৰ টুকুৰাৰ দৰে কোনো ওখ বস্তুত ছিযদাহ কৰিবহে নিষেধ কৰিছে),এই হাদিছক যদি কোনোবাই চকীত বহিব নোৱোৰাৰ দলিল বনাই তেন্তে কোনো সত্বেও জ্ঞান থকা মানুহ তথা আলিমে মানি নলয়।উপৰত উল্লেখিত কোৰআনৰ আয়াত,হাদিছবোৰৰ পৰা এটা কথা স্পষ্টকৈ বুজি পোৱা গ’ল যে আল্লাহ তাআ’লাৰ ইবাদতত কোনো ধৰণৰ জোৰজবৰদস্তি নাই যে এনেকৈ কৰিবই লাগিব নকৰিলে নহয়েই। গতিকে যিমান সম্ভৱ আৰু যেনেকুৱাকৈ সম্ভৱ সিমানেই আৰু তেনেকৈ হ’লেও কৰিব লাগিব। এতিয়া কথা হ’ল “চকীত বহি নামাজ পঢ়াটো” এইটো শ্বৰীয়তৰ কোনো পদ্ধে শ্বৰীঅত বিৰোধী নহয়। কিন্তু চকীত বহি নামাজ পঢ়িবৰ কাৰণে কেইটামান চৰ্ত অনুসৰণ কৰিব লাগিব, সৰ্বপ্ৰথম কথা হ’ল; নামাজত থিয় হোৱা ফৰজ(এয়া সেই ব্যক্তিৰ বাবে যাৰ থিয় হোৱাৰ শক্তি আছে)। দ্বিতীয় কথা ৰুকু আৰু ছিযদাহ ফৰজ(সেই ব্যক্তিৰ বাবে যাৰ ৰুকু আৰু ছিযদাহ কৰাৰ শক্তি আছে)আৰু যি ব্যক্তি নিজে বহিব নোৱাৰে কিন্তু কোনো বস্তুৰ আশ্ৰয় লৈ বহিব পাৰে,তেতিয়া সি তাৰ সহায়ত বহি আদায় কৰিব লাগিব।
চকীত বহি নামাজ পঢ়াৰ চৰ্ত।
১) থিয় হ’ব নোৱাৰে,থিয় হোৱাৰ ক্ষমতা নাই। ২) এনে অক্ষম ব্যক্তি যিজনে ৰুকু,ছিযদাহ কৰিব নোৱাৰে। ৩)মছযিদত চকী কাটাৰৰ তথা লাইনৰ (ছফৰ)কাষত(side)লগাব লাগিব। এতিয়া যদি থিয় হোৱাৰ ক্ষমতা নাই তেন্তে বহি নামাজ পঢ়িব লাগিব আৰু ৰুকু,ছিযদাহ কৰিব লাগিব(বহিয়েই)। আৰু যি ব্যক্তি ৰুকু,ছিযদাহ কৰিব নোৱাৰে সেইজনে ইচ্ছা কৰিলে বহি পঢ়িব পাৰে অথবা থিয় হৈ আৰু ৰুকু,ছিযদাহ ইংগিতেৰে আদায় কৰিব লাগিব। ৰুকুৰ বাবে ছিজদাতকৈ অলপ কম হালিব লাগিব,কিন্তু ইংগিতৰ সৈতে বহি আদায় কৰা উত্তম(হিদায়া শ্বৰীফ)। মূল কথা হ’ল চকীত বহি সেইজনে নামাজ পঢ়িব পাৰিব যাৰ থিয় হোৱাৰ আৰু ৰুকু ছিযদাহ কৰাৰ ক্ষমতা একেবাৰে নাই। ইয়াত কেইটামান কথা মনত ৰখা জৰুৰী যে কোনো ব্যক্তি সম্পূৰ্ণ ৰাকাত থিয় হ’ব নোৱাৰে কিন্তু অলপ সময় বা তকবিৰে তাহৰিমাৰ(আল্লাহু আকবাৰ)সমান পাৰে,তেন্তে ইমান খিনি সময় থিয় হৈ থকা ফৰজ। প্ৰশ্ন:-যদি কোনোবাই এনেকৈ কয় যে হাদিছ শ্বৰীফত আহিছে:- যদি থিয় হৈ নামাজ পঢ়িব নোৱাৰা তেন্তে বহি পঢ়া,যদি বহিবও নোৱাৰা তেতিয়াহলে শুই পঢ়া,গতিকে থিয় হ’ব নোৱাৰিলে মাটিত বহি নামাজ পঢ়িব লাগিব কাৰণ ইয়াতটো মাটিত বহি নামাজ পঢ়াৰ হুকুম দিছে,নোৱাৰিলে শুই পঢ়িব দিছে কিন্তু চকীত বহি পঢ়াৰৰ কথা ক’ৰ পৰা আহিল ? উত্তৰঃ-আল্লাহৰ নবী স্বাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কোনো হাদিছত “জমিন(মাটি)ত বহি” শব্দটো ব্যৱহাৰ কৰা নাই যে মাটিত বহি নামাজ পঢ়া । যদি কোনো মানুহ শাৰিৰীক অক্ষমতাৰ বাবে থিয় হ’ব নোৱাৰে তেন্তে মাত্র বহি পঢ়িব কৈছে তাত কোনো এনেকুৱা শব্দ ব্যৱহাৰ কৰা নাই যিটোৰ পৰা হুকুম দিয়া হ’ব মাটিতেই বহি পঢ়া বুলি মাত্র বহাৰ(جالسا/قاعدا) শব্দটো কৈছে আৰু মাটিতেই বহক বা চকীতেই বহক দুয়োটাকে বহা বুলিয়েই কোৱা হয় আৰু নিয়ম হৈছে(أصول )যেতিয়ালৈকে নবীৰ ﷺ কথাৰ ওপৰত আমল কৰা সম্ভৱ তেতিলৈকে অন্য কথাৰ ফালে যোৱা নহব,(অৰ্থাৎ জমিনত বহাকো বহা কয় আৰু চকীত বহাকো বহা কোৱা হয় আৰু হাদিচত বহাৰ কথা উল্লেখ আছে গতিকে যি ভাবেই হওঁক যেতিয়ালৈকে বহা পোৱা যাব তেতিয়ালৈকে শুই পঢ়া ঠিক নহয়)। আৰু আল্লাহৰ নবী স্বাল্লাল্লাহু আলাইহি ওৱাছাল্লামেﷺ মাটিত বহি নামাজ পঢ়াৰ হুকুম দিছে বুলি কোৱাটো মুৰ্খামী আৰু দলিলহীন কথা। নবীৰ ﷺ হাদিছ দলিল অবিহনে এটা অৰ্থত (মা’নাত) খাপ খুৱাই তথা খাছ কৰি দিয়া কোনো পদ্ধে জায়েজ নাই। (عامة كتب أصول الفقة) • যদি কোনোবাই কয় যে চকীত বহি নামাজ পঢ়িলে কাটাৰ ভাঙি যায়,ছিধা বা পোন নহয় তেন্তে এইটো সম্পূৰ্ণ ভুল কথা আৰু বিবেকৰ উলোটা,কাৰণ মই প্ৰথমে লিখিছোঁ যে চকী কাটাৰৰ ছাইদত ৰখাব লাগিব আৰু এনে অৱস্থাত কাটাৰ নাভাঙে কাৰণ তাত এজন মানুহো থাকে খালি চকী নাথাকে,আৰু যেতিয়া ঠাই খালি নাথাকে তেতিয়া কাটাৰ ভাঙা বুলি কোৱাও নহয়। যদি কোনোবাই এনেকৈ কয় যে কাটাৰ ছিধা(পোন)ৰাখা,ভৰিৰ গোৰোহা সমান কৰা আৰু এজনৰ কান্ধ আনজনৰ কান্ধৰ লগত সমান কৰা ৱাযিব(বাধ্যতামূলক)বুলি তেন্তে এইতো কথা সম্পূৰ্ণ ঠিক কিন্তু এনেকুৱা তেতিয়া কৰা ৱাযিব যেতিয়া সকলো মানুহ থিয় হ’ব পাৰিব,নহ’লে চকীত বহাৰ কথা বাদ দিয়ক যদি কোনোবা মাটিত বহি নামাজ পঢ়ে তাৰ ভৰিৰ গোৰোহা আৰু কান্ধ আনজনৰ কান্ধৰ লগত সমান হ’ব নেকি ?কেতিয়াও নহয় কিন্তু তাৰ নামাজ পৰিপূৰ্ণ ভাৱে আদায় হয়। তেতিয়া হ’লে চকীত বহি নামাজ পঢ়িলে ভৰিৰ গোৰোহা আৰু এজনৰ কান্ধ আনজনৰ কান্ধৰ লগত সমান নহয় আৰু নামাজো নহয় বুলি কোৱাটো একেবাৰে ভুল আৰু লা ইলমী তথা অজ্ঞ হোৱাৰ দলিল। আনহাতে ফতোৱা শ্বামিত আছে:
ولنا ان القيامه وسيلة الى السجود للخرور والسجود اصل لأنه شرع عبادة بلا قيام كسجدة التلاوة والقيام لم يشرع عبادة وحده……..واذا عجز عن الاصل سقطت الوسيلة كالوضوء مع الصلاة
কিয়াম অৰ্থাৎ নামাজত থিয় হোৱা এয়া মাথোঁ ছিজদাহৰ কাৰণে এটা অচিলা নিজস্ব কোনো ইবাদত নহয় আৰু যেতিয়া আচল(ছিযদাহ)কোনো কাৰণত পোৱা নাযায় তেতিয়া অচিলাৰ(থিয় হোৱাৰ) দৰকাৰ নোহোৱা হয়। (شامي-باب صفة الصلاة-١٣٢،مكتبة الوقفية) ওপৰত উল্লেখ কৰা হৈছে যে নামাজৰ কিয়াম(অৰ্থাৎ নামাজত ঠিয় হোৱা)এয়া নিজস্ব ইবাদত নহয় বৰং ছিযদাহৰ সন্মানাৰ্থে তাত যাবৰ বাবেহে ঠিয় হোৱা হয়,যেতিয়া ছিযদাহেই পোৱা নাযাব তেতিয়া কিয়াম অৰ্থাৎ থিয় হোৱা এনেই তথা স্বয়ংক্ৰিয় ভাৱে নোহোৱা হ’ব(উদাহৰণ স্বৰূপে যদি সূৰ্য্য নোলায় তেন্তে পোহৰ কেনেকৈ হ’ব)আনহাতে ফতোৱা শ্বামীৰ অইন এঠাইত আহিছে:
من تَعذَّر علیہ القیام لمرض أو خاف زیادتہ أو وجد لقیامہ ألمًا شدیدًا- صلی قاعدًا- کیف شاء-ای کیف تیسر بغیر ضرر من تربع او غیرہ-
যিজনৰ আৱশ্যকীয় হ’ব যে বেমাৰৰ বাবে থিয় হ’ব নোৱাৰে বা থিয় হ’লে বেছি হ’ব অথবা কঠিন ভাৱে বিষাব তেন্তে যেনেদৰে সুবিধা বহি পঢ়িব পাৰে।(رد المحتار علی در المختار-باب صلاة المريض-٢/٥٦٥) উপৰোক্ত কথা হিচাপে যদি বেছি সুবিধা চকীত বহিলে হয় তেন্তে ইয়াত কোনো দোষ নাই যদিওঁ মাটিত বহা উত্তম। আনহাতে বেৰেলী শ্বৰীফত ২০১৩ চনৰ মে মাহত অনুষ্ঠিত হোৱা শ্বাৰঈ কাউন্সিল অফ ইণ্ডিয়াৰ দশম চেমিনাৰত আন বহুতো নতুন সিদ্ধান্তৰ লগতে এইটোও হয় যে ওজৰে শ্বাৰঈ(শ্বৰিঅত সন্মত আৱশ্যেকীয়তা)থাকিলে চকীত বহি নামাজ পঢ়িব পাৰি। এই ফতোৱা “মাহনামা ছুন্নি দুনিয়া” বেৰেলী শ্বৰীফতো প্ৰকাশ কৰা হৈছে ।
(شرعی کونسل آف انڈیا کا دسواں فقہی سمینار منعقدہ ١٣-١٤-١٥/ رجب المرجب ١٤٣٤ھ/٢٤-٢٥-٢٦/مئی٢٠١٣ء)
উল্লেখিত আয়াত,ফতোৱা আৰু হাদিচৰ পৰা এটা কথা স্পষ্ট হল যে চকীত বহি নামাজ পঢ়া কোনো পদ্ধে ওজৰে শ্বাৰঈৰ সৈতে শ্বৰীঅত বিৰোধী নহয় অথচ ঠিক শ্বৰীঅত হিচাপে হয়,নাজাইজ কোৱাটো মুৰ্খামী। আল্লাহ তাআলাই কৈছে: لَا إِكْرَاهَ فِي الدِّينِ ۖۖ অৰ্থাৎ দ্বীনে ইছলামত কোনোধৰণৰ জবৰদস্তি নাই।গতিকে চকীত বহি নামাজ যাইজ বা বৈধ নমনাটো কোৰআন,হাদিছ আৰু বিবেকৰ একেবাৰে ওলোটা (খিলাফ)। আল্লাহ তাআলাই সঠিক বুজিবৰ তৌফিক দিয়ক আমিন।
বিঃদ্রঃ– ইয়াৰ মাজৰ পৰা এটা ফতোৱা হজৰত আল্লামা মৌলানা মুফতি ফুজাইল ৰাজা আত্তাৰি আল মদনিৰ(যাৰ প্ৰশিক্ষনত ৬০/৭০ টাতকৈও অধিক দাৰুল ইফতাৰ (ফতোৱাৰ)শাখা চলে)কিতাপ “কুৰছি পৰ নামাজ কে আহকাম”ৰ পৰা লোৱা হৈছে,এই কিতাপৰ প্ৰতি ভাৰতৰ ভিতৰতেই নহয় অথচ বিশ্ব বিখ্যাত মাদ্ৰাছা আলজামিআতুল আশ্বৰাফিয়াৰ বহুতো মুফতিয়ানে কিৰামেও অভিমত প্রকাশ কৰিছে। আৰু এই বিষয়টোত বৰ্তমানৰ বিখ্যাত মুফতী ও মোহাক্কীক,গৱেষক,ভাৰত বৰ্ষৰ বিখ্যাত ইউনিভাৰ্ছিটি আল জামিয়াতুল আশ্ৰাফিয়াৰ পূৰ্বৰ প্ৰিন্সিপাল মোহাক্কিকে মাছাইলে জাদিদাহ হজৰত আল্লামা মৌলানা মুফতি নিজামুদ্দিন ৰেজ্ৱী,মিচবাহি দামাত বাৰাকাতুহুমুল আলিয়াৰ ফতোৱাও আছে যিটো বহু আলোচনী,গ্ৰন্থ আদিতো প্ৰকাশিত। বিশেষকৈ ২০২১ বৰ্ষৰ মাৰ্চ মাহত প্ৰকাশিত “মাহনামা আশ্বৰাফীয়াৰ ৯ নং পৃষ্ঠা। চকীত বহি নামাজ পঢ়াও বহাৰ হুকুমৰে অন্তৰ্ভুক্ত। শ্বৰঈ ওজৰ অৰ্থাৎ চৰিয়ত সন্মত আৱশ্যেকীয়তা থাকিলে চকীত বহি নামাজ পঢ়াত কোনো অসুবিধা নাই। এনেদৰেই মুফতী ও মোহাক্কীক নিজামুদ্দিন ৰেজৱীয়ে লিখিছে। চকীত বহি নামাজ পঢ়িব পাৰিনে (মাহনামা আশ্বৰাফিয়া, মাৰ্চ ২০২১, পৃষ্ঠা ৯ • শ্বৰঈ কাউন্সিল অফ ইণ্ডিয়া, মে’ ২০১৩ ত এনেদৰেই প্ৰকাশ পাইছে আৰু সিদ্ধান্ত লোৱা হৈছৈ ইয়াৰোপৰি ফতাৱা আলিমিয়া,১ম খণ্ড,পৃষ্ঠা:১৪৪,সংস্কৰণ:কুবুবখানা আমজাদিয়াতো আছে,যি কিতাপ আৰু তাৰ লিখকৰ প্ৰশংসা স্বয়ং তাজুশ্বৰীয়া আলাইহিৰ ৰসমাহ আৰু মুহাদ্দিছে কাবিৰ আল্লামা জিয়াউল মুস্তাফা দামাত বাৰাকাতুহুমুল আলিয়াই কৰিছে।)
চকীত বহি নামাজ পঢ়িব পাৰিনে
অংগ দান কৰিব পাৰিনে –click here
আমাৰ ইউটিউব চেনেল click here
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
,▁▁▁▁▁▁▁▁▁▁▁▁,
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম
2021 MaRch(Mahnama AsHraFia)
Recent Comments