অংগ দান কৰিব পাৰিনে
অংগ দান কৰিব পাৰিনে প্ৰশ্নঃ-মানুহে নিজৰ শৰীৰৰ অংগ(Kidney,eye etc)দান কৰিব পাৰি নেকি ?▁▁▁▁▁▁▁▁▁▁▁▁
উত্তৰঃ- চৰীয়ত অনুযায়ী কোনো অৱস্থাতেই শৰীৰৰ অংগ যেনে কিডনি,লিভাৰ,চকু ইত্যাদি দান বা বিক্ৰী কৰাৰ অনুমতি নাই,জায়েজ নহয় জীৱন্তে হওঁক বা মৃত্যুৰ পাছত। মানুহৰ ৰুহ,হাত,ভৰি,শৰীৰ আদি একো একোটা আল্লাহৰ আমানত বা প্ৰতিভূত। ইয়াৰ দ্বাৰা মানুহে মোনাফা লাভ কৰিব পাৰিব কিন্তু আল্লাহৰ আমানতৰ গৰাকী হ’ব নোৱাৰে। গতিকে মানুহ জীৱিত অথবা মৃত উভয় অৱস্থাতেই প্ৰয়োজনত হওঁক অথবা অপ্ৰয়োজনত শৰীৰৰ কোনো অংগই দান কৰিব নোৱাৰিব,এয়া ইছলামত কঠোৰ ভাৱে নিষিদ্ধ ও হাৰাম কৰা হৈছে। শৰীৰৰ অংগ কাটি পৃথক কৰা আল্লাহৰ সৃষ্টি কৰা বস্তুক নষ্ট কৰা হ’ব যিটো হাৰাম ও চয়তানৰ কাম। এতেকে কোৰআনত আহিছে:
وَإِنْ يَدْعُونَ إِلَّا شَيْطَانًا مَرِيدًا،لَعَنَهُ اللَّهُ ۘ وَقَالَ لَأَتَّخِذَنَّ مِنْ عِبَادِكَ نَصِيبًا مَفْرُوضًا,وَلَأُضِلَّنَّهُمْ وَلَأُمَنِّيَنَّهُمْ وَلَآمُرَنَّهُمْ فَلَيُبَتِّكُنَّ آذَانَ الْأَنْعَامِ وَلَآمُرَنَّهُمْ فَلَيُغَيِّرُنَّ خَلْقَ اللَّهِ
আৰু মুশ্বৰীক সকলে কেৱল বিদ্ৰোহী চয়তানৰ পূজা কৰে,যাৰ প্ৰতি আল্লাহে অভিসম্পাত কৰিছে আৰু সি কয়: নিশ্চয় মই তোমাৰ বান্দাসকলৰ পৰা এটা নিৰ্দিষ্ট অংশক মোৰ অনুসাৰী বনাই লম। আৰু মই নিশ্চয় সিহঁতক পথভ্ৰষ্ট কৰিম,আৰু অৱশ্যে সিহঁতৰ হৃদয়ত মিছা বাসনাৰ সৃষ্টি কৰিম। আৰু অৱশ্যে মই সিহঁতক নিৰ্দেশ কৰিম ফলত সিহঁতে পশুৰ কাণ ফুটা কৰিব। আৰু অৱশ্যে মই সিহঁতক নিৰ্দেশ কৰিম ফলত সিহঁতে আল্লাহৰ সৃষ্টি বিকৃত কৰিব।(ছুৰা নিছা:আয়াত;১১৭-১১৮-১১৯)
মানৱ শৰীৰৰ অংগৰ পৰা মুনাফা লাভ কৰাৰ নিষেধাজ্ঞা তাৰ সন্মান ও মহত্বৰ বাবে। মনত ৰখা উচিত যে কোনো বস্তু কাৰোবাক উপহাৰ হিচাপে দিবলৈ উক্ত বস্তুটো মাল আৰু দিওঁতা তাৰ স্বত্বাধিকাৰী বা মালিক হোৱাৰ লগতে উক্ত বস্তুটো মুতাকাওৱিম অৰ্থাৎ চৰীয়তৰ দৃষ্টিত মূল্যবোধ(অপহুতা হ’ব নালাগিব)হোৱা আৱশ্যকীয়। যথা প্ৰসিদ্ধ কিতাপ বাদাঈউছ স্বানাঈত আছে:
ومنها: أن یکون مالاً متقوماً فلا تجوز هبة مالیس بمال أصلاً کالحر والمیتة والدم وصید الحرم والخنزیر وغیرذلک..الخ
আৰু তাৰে মাজৰ পৰা উক্ত বস্তুটো মূল্যবোধ হ’ব লাগিব,এতেকে যিটো বস্তু মূলতঃ মাল নহ’ব সেইটো উপহাৰ(দান)দিয়া জায়েজ নহ’ব যেনে স্বাধীন ব্যক্তি,মৃত জীৱ,ৰক্ত,হাৰম শ্বৰীফত চিকাৰকৃত পশু আৰু গাহৰি আদি।
(بہار شریعت،ح١٤،ص٦٩،بدائع الصنائع في ترتیب الشرائع،کتاب الهبة،وأما مایرجع إلی الموهوب فأنواع:۵؍۱۶۹۔ط:دار إحیاء التراث العربي بیروت)
চৰিয়তৰ দৃষ্টিত যিটো বস্তু মাল নহয় তাৰ দামো নাই আৰু যিটো দামৰ যোগ্য অৰ্থাৎ মুতাকাওৱিম নহয় সেইটো মালো নহয় আৰু যিটো মাল নহয় সেয়া উপহাৰ বা দান ৰূপে দিয়া জায়েজ নহয়। মানুহৰ শৰীৰ মাল(goods)নহয় ইয়াৰোপৰি মানুহ নিজৰ শৰীৰৰ প্ৰকৃত গৰাকীও নহয় সেয়েহে নিজৰ শৰীৰ বা তাৰ কোনো অংগ দান কৰিবও নোৱাৰে আৰু উপহাৰো দিব নোৱাৰে। মানুহে নিজৰ শৰীৰ ব্যৱহাৰহে কৰিব পাৰিব অৰ্থাৎ তাৰ পৰা মুনাফা লাভ কৰিব পাৰিব কিন্তু নিজৰ শৰীৰৰ অংগ সমূহৰ গৰাকী নহোৱাৰ কাৰণে বিক্ৰী বা দান কৰিব নোৱাৰিব। ইয়াৰোপৰি কটা-চিঙা কৰাটো কষ্টদায়ক কাম, যিদৰে আনৰ শৰীৰ বা অংগত আঘাত দিয়াটো হাৰাম তদ্ৰুপ নিজৰ শৰীৰ বা অংগতো আঘাত দিয়াও গুণাহ। এতেকে ফতহুল বাৰীত আছে:
ویوخذ منه أن جنایة الإنسان علی نفسه کجنایته علی غیره في الإثم؛ لأن نفسه لیست ملکاً له مطلقاً بل هي للّٰه تعالی فلا یتصرف فیها إلا بما أذن له فیه
আৰু তাৰেই অন্তৰ্ভুক্ত: আনৰ শৰীৰত জখম দিয়া গুণাহৰ দৰেই নিজৰ শৰীৰত জখম দিয়াও গুণাহ। কাৰণ আচলতে তাৰ ব্যক্তিত্বৰ গৰাকী সি নহয় বৰং আল্লাহ পাকহে,এতেকে তাত সি হস্তক্ষেপ কৰিব নোৱাৰিব কিন্তু যিবোৰত তেওঁ(আল্লাহ) অনুমতি প্ৰদান কৰিছে। (খতনা,নখ কটা ইত্যাদি)
(فتح الباری شرح صحیح البخاری،کتاب الأیمان والنذور،باب من حلف بملة سوی ملة الاسلام،۱۱؍۵۳۹۔ رقم الحدیث:۶۶۵۲۔ ط:رئاسة إدارات البحوث العلمیة)
এনেদৰেই মৃত্যুৰ পিছত শৰীৰৰ কোনো অংগ দানৰ কথা কৈ যোৱাও গ্ৰহণযোগ্য নহয় কিয়নো যিটো বস্তুৰ প্ৰতি অচিয়ত বা মৃত্যুৰ পূৰ্বেই কৈ যাব সেইটোও চৰিয়তৰ দৃষ্টিত মাল বা দামৰ যোগ্য আৰু তাৰ মালিক হ’ব লাগিব। আৰু শৰীৰ বা তাৰ অংগৰ ক্ষেত্ৰত এইটো পোৱা নাযায় গতিকে মৃত্যুৰ পিছতো দান কৰিব নোৱাৰিব। এতেকে ফতোৱা আলমগিৰিত আছে:
وشرطها کون الموصي أهلاً للتملیک والموصی له أهلاً للتملک والموصی به یعد الموصی مالاً قابلاً للتملیک”۔
চৰিয়ত অনুসৰি অচিয়ত কৰা জনৰ মালিক বনোৱাৰ যোগ্যতা থকা(মালিক হোৱা)আৰু যাৰ বাবে অচিয়ত কৰা হ’ব সি মালিক বনাৰ যোগ্য হোৱা আৰু যি বস্তুৰ অচিয়ত কৰিব সেইটো মাল অৰ্থাৎ সম্পত্তি হ’ব লাগিব।
(الفتاوی الهندیة،کتاب الوصایا،الباب الأول في تفسیر…الخ۶؍۹۰۔ط:رشیدیه)
মানুহৰ শৰীৰৰ অংগ প্ৰয়োজনতো বিক্ৰী বা দান কৰা জায়েজ নাই,ইয়াৰ অনুমতি নাই। এই বিষয়ে ফতোৱা কাজিখানত আছে:
مضـطـر لـم يـجـد ميتة وخـاف الـهـلاك،فقال له رجل: اقطع يدى وكلها أو قال: إقطع منى قطعة وكلها لا يسعه أن يفعل ذلك ولا يصح أمره به کما لايصـح للمضطر أن يقطع قطعة من لحم نفسه فيأکل اھ۔
নিৰুপায় অৱস্থা যেনে ভোকৰ বাবে প্ৰাণ যোৱাৰ ভয় হ’লে আৰু(খাবলৈ)মৃত পশুৰ মাংসও পোৱা নাই,যি খাই সি প্ৰাণ ৰক্ষা কৰিব তেনে ক্ষেত্ৰত অইন এজনে ক’লে“মোৰ হাত কাটি খাই লোৱা”অথবা এনেকৈ ক’লে “মোৰ শৰীৰৰ পৰা এটুকুৰা মাংস কাটি খোৱা”তেন্তে উপায়হীন ব্যক্তিজনৰ বাবে এনে কৰা বৈধ নহয়। আৰু উক্ত ব্যক্তিজনৰ অনুমতি দিয়াটোও ঠিক নহয়। যেনেদৰে নিৰুপায় ব্যক্তিৰ বাবে নিজৰেই শৰীৰৰ কোনো এটা টুকুৰা কাটি খোৱা ঠিক নহয়।
(فتاویٰ قاضی خاں علی هامش الفتاویٰ الهندیة،ج۳،ص۴۰۴،کتاب الحظر ولاباحة وما یکره اکله ومالا يكره)
ফতোৱা বাজাজীয়াত আছে:
خاف الهلاك جوعا،فقال الاٰخر: اقطع يدى وكله،ليس له ذالك،لانه لحم الإنسان لا يباح حال الاضطرار لكرامته اھ۔
ভোকৰ বাবে কোনো ব্যক্তিৰ প্ৰাণ যোৱাৰ সময়ত কোনোৱে যদি তাক কয়: “মোৰ হাত কাটি খোৱা” তেন্তে তাৰ প্ৰতি এনে কৰা জায়েজ নাই। কাৰণ মানুহৰ মাংস সি সন্মানিত হোৱাৰ বাবে নিৰুপায় হ’লেও হালাল হৈ নাযায়।
(فتاوى بزازية على هامش الفتاویٰ الهندیة،ج٦،ص٣٦٦،الفصل الرابع فى الهندية والميراث من كتاب الكراهية)
স্পষ্ট হ’ল যে প্ৰয়োজনত হওক বা অপ্ৰয়োজনত, কোনো অৱস্থাতেই অঙ্গদান বৈধ নহয়। এনেদৰেই স্পষ্টকৈ বাদাঈউছ স্বানাঈ,শ্বামী আদিতো আছে। কিন্তু ৰক্তৰ দানৰ আদেশ কেইবাটাও দিশৰ পৰা সুকীয়া,আৱশ্যকীয়তাত দান কৰিব পাৰি এইবিষয়ে আগতে গৱেষণামূলক প্ৰবন্ধ প্ৰকাশ কৰা হৈছে।
অংগ দান কৰিব পাৰিনে
মাজত খালী ঠাই ৰাখি নামাজ পঢ়িব পাৰিনে click here
আমাৰ ইউটিউব চেনেল click here
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
Recent Comments