নিম্নতম দেন মহৰ কিমান দিব লাগে
নিম্নতম দেন মহৰ কিমান দিব লাগে প্ৰশ্ন:-বিবাহ কেনেকৈ পাতিব লাগে,সঁচাকৈ বিবাহ কঠিননে,দেন মহৰ কিমান হ’ব লাগে,মহৰ কাক বোলে,অলিমা(ভোজন),Ring ceremony,আঠমঙলা,আগৰ দিনা তেল বাধ্যতামূলক নেকি ?
▁▁▁▁▁▁▁▁▁▁▁▁
উত্তৰঃ-আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে সেই নিকাহক বহুত ৰহমত ও বৰকতময় বুলি কৈছে য’ত ল’ৰা-ছোৱালীৰ পৰিয়ালৰ খৰচ কম হ’ব এতেকে হাদিছত আহিছে:বহু বৰকতময় বিবাহ সেইখন যিখনৰ বোজা কম হ’ব।(مسند احمد، ج9،ص365، حدیث:24583)
হাকিমুল উম্মত মুফতি আহমদ য়াৰ খাঁন নাঈমী ৰাহমাতুল্লাহ আলাইহিয়ে এই হাদিছৰ বাখ্যাত কৈছে:যি নিকাহত দুয়ো পন্থীৰ খৰচ কম হ’ব,দেন মহৰ সামান্য হ’ব,কোনো পন্থী ঋণী নাথাকিব(বেছি খৰচ কৰিলে ঋণী হ’ব),কোনো ফালৰ পৰা কঠিন চৰ্ত নাথাকিব কেৱল আল্লাহৰ ওপৰত ভৰসা কৰি ছোৱালী দিয়া গ’লে সেই নিকাহ বহুতেই নেক ও বৰকতময় বিবাহ হ’ব।আজি আমি এই সৰল নিকাহ খনক কঠিন বনাই হাৰাম হালালৰ প্ৰতি লক্ষ্য নকৰি গুণাহৰ ভাগি হৈ আছোঁ, আল্লাহে আমাক সৰল পথত পৰিচালিত কৰক।(مراٰۃ المناجیح،ج5،ص11)
বিবাহ একেবাৰে সহজ
আজিকালি ছোৱালীৰ পৰিয়ালে ছোৱালী বিয়া দিয়াৰ আগত এশবাৰ ভাবিব লাগে, হাজাৰ হাজাৰ টকাৰ ধাৰত ডুব যায় কিন্তু কিয় ? ইয়াৰ কাৰণ আমিয়েই নহয়নে ? হাতৰ কুঠাৰখন নিজৰ হাতেৰেই ভৰিত মাৰি লোৱা নাইনে ? যেতিয়া আমি নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ মৰমৰ জীয়ৰী হজৰত ফাতিমাতুজ্জাহৰা ৰাদ্বিয়াল্লাহু আনহা আৰু অন্যান্য চাহাবী ৰাদ্বিয়াল্লাহু আনহুৰ বিবাহ তথা নিকাহ চাও তেতিয়া আমি জ্ঞাত হওঁ যে নিকাহ অত্যন্ত সহজ। কাৰণ আমাৰ কাৰণে সৰল তথা সঠিক পথ দেখুওৱা ও চলাই নিওতা এইকেই গৰাকীয়েই যাৰ অনুসৰন ইহকাল ও পৰকালত সফলৰ কাৰণ(নিমিত্তে)। মনত ৰাখিব!বিবাহৰ বাবে শ্বৰিঅতে না কোনো বিবাহ ভৱনৰ(Marriage Hall) চৰ্ত ৰাখিছে যে বিবাহ হ’লে ভৱনতেই হ’ব লাগিব,না কোনো ঢঙৰ,ফেশ্বনৰ,ৰভাৰ,ফটকা ফুতুৱা,ডি-জে বজোৱাৰ,গান গোৱা ইত্যাদিৰ বৰং ইয়াৰ ভিতৰত কিছু কৰ্ম হাৰাম ও গুণাহৰ কাম যেনে গান গোৱা, বজোৱা আদি। নিকাহ মাথোঁ মুকলিকৈ অৰ্থাৎ সকলোৱে গম পোৱাকৈ জুআৰ দিনাখন মছযিদত হোৱা মোস্তাহাব(এয়াই ছুন্নতি নিকাহ)।(الدرالمختار،ج 4،ص75)
আল্লাহৰ শ্ৰেষ্ঠ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে:
اَعْلِنُوْا ہٰذَا النِّکَاحَ وَاجْعَلُوْہٗ فِیْ الْمَسَاجِدِ
নিকাহৰ ঘোষণা কৰা আৰু মছযিদত কৰা। (ترمذی،ج 2،ص347،حديث:1091)
মুফতি আহমদ য়াৰ খাঁন নাঈমী ৰাহমাতুল্লাহ আলাইহিয়ে এই হাদিছৰ আধাৰত লিখিছে: জুমআৰ দিনা জামে মছযিদত নামাজৰ পিছত নামাজিৰ সন্মুখত নিকাহ মোস্তাহাব,যাতে ঘোষণাও হয় আৰু ঠাইৰ তথা সময়ৰ বৰকতো পোৱা যায়। আনহাতে নিকাহ হৈছে এটা ইবাদত আৰু ইবাদতৰ কাৰণে ইবাদত ঘৰ মছযিদতকৈ উত্তম একো হ’ব নোৱাৰে।(مراٰۃالمناجیح،ج 5،ص39)
দেন মহৰ কিমান হ’ব লাগে
দেন মহৰ ধাৰ্য কৰোঁতেও শ্বৰীঅতৰ প্ৰতি লক্ষ্য ৰখা উচিত। শ্বৰীঅত হিচাপে নিম্নতম দেন মহৰ হৈছে দহ দিৰহাম যেনেদৰে হাদিছত আহিছে:
عَنْ عَلِيٍّ قَالَ: لَا يَكُونُ الْمَهْرُ أَقَلَّ مِنْ عَشَرَةِ دَرَاهِمَ.
হজৰত আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত:(নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে)মহৰ দহ দিৰহামতকৈ কম ধাৰ্য কৰা নহ’ব।(أَخْرَجَهُ الدَّارَقُطْنِيُّ)
দেন মহৰ নিম্নতম দহ দিৰহাম(অৰ্থাৎ দুই টোলা ছাৰে সাত মাশ্বা(30.618 গ্ৰাম)(৩০গ্ৰাম আৰু ৬১৮ মিলিগ্ৰাম)ৰূপ অথবা তাৰ দাম।ইয়াতকৈ কম নহ’ব যথা পইচা হওঁক বা ৰূপ অথবা সমদামৰ কোনো বস্তু। (بہار ِشریعت ،ج2،ص64)
দেন মহৰত যদিও বহু টকা ধাৰ্য কৰিব পাৰি কিন্তু মধ্যভাগত ধাৰ্য কৰাক শ্বৰিঅতে পছন্দ কৰে যে অধিক বেছিও নহয় আৰু একেবাৰে কমো নহয়।নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে;
خَیْرُہُنَّ اَیْسَرُہُنَّ صَدَاقاً
মহিলাৰ ভিতৰত শ্ৰেষ্ঠ মহিলা সেইজনী যাৰ মহৰ সহজে আদায় কৰিব পাৰি। (معجمِ کبیر،ج11،ص65، حدیث: 11100)
ইয়াৰ দ্বাৰা বুজা গ’ল যে ৩০ গ্ৰাম,৬১৮ মিলিগ্ৰাম ৰূপ বা তাৰ দাম অথবা সম দামৰ কোনো বস্তুতকৈ কম দেন মহৰ ধাৰ্য কৰিব নোৱাৰি আৰু অধিকৰ কোনো সিমাবদ্ধতা নাই কিন্তু মধ্যমীয়া আকাৰৰ মহৰ ধাৰ্য কৰা অতি পছন্দনীয় যিটো স্বামীয়ে সহজে আদায় কৰিব পাৰিব।উক্ত হাদিছৰ বাখ্যা আল্লামা মানাৱী ৰাহমাতুল্লাহ আলাইহিয়ে এই ভাৱে কৰিছে যে: মহিলাৰ দেন মহৰ কম হোৱাটো তাইৰ প্ৰতি বৰকত আৰু সুসংসাৰৰ নমূনা আৰু সফল নিকাহৰ লক্ষন। (فیض القدیر،ج3،ص667، تحت الحدیث: 4117)
অলিমাৰ খাদ্য
নিকাহ তথা বিবাহৰ পিছত স্বামী আৰু পত্নী একত্ৰিত হোৱাৰ পিছৰ ভোজন তথা সচাৰচৰ ভোজনক অলিমা কোৱা হয়। বিবাহ তথা নিকাহ সম্পন্নৰ বাবে আল্লাহৰ ওচৰত কৃতজ্ঞতা ও শ্বুকুৰীয়া আদায়াৰ্থে অলিমাৰ দাৱাত(মানুহক খুওৱা)ছুন্নত। আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে হজৰত ছুফিয়া ৰাদ্বিয়াল্লাহু আনহাৰ লগত নিকাহ হোৱাৰ পিছত যি অলিমাৰ আয়োজন কৰিছিল তাত না কোনো মাংস আজিল না ৰুটি বৰং খেজুৰ আৰু ঘিউৰ(Ghee)হালুৱা বনোৱা হৈছিল।
(بخاری،ج 3،ص86، حدیث:4213،ج1،ص148، حدیث: 371)
ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে হজৰত যাইনব ৰাদ্বিয়াল্লাহু আনহাৰ লগত নিকাহ হোৱাৰ পিছত এটা ছাগলী জবেহ কৰি অলিমাৰ আয়োজন কৰিছিল এনেকুৱা অলিমা তেওঁৰ কোনো নিকাহৰ পিছত হোৱা নাই।(بخاری،ج 3،ص453، حدیث:5168)
অৰ্থাৎ সকলো অলিমাৰ ভিতৰত এইটো বহু ডাঙৰ আছিল সম্পূৰ্ণ এটা ছাগলীৰ মাংস বনোৱা হৈছিল। (بہارِ شریعت،ج3،ص388)
নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ এই অলিমাৰ বাহিৰে অইন অলিমাবোৰত পনীৰ(Cheese), খেজুৰ আদি খুওৱা হৈছিল।
(مراٰۃ المناجیح،ج5،ص73)
উপৰোক্ত কথাখিনিৰ পৰা স্পষ্ট ভাৱে বুজিব পৰা যায় যে বিবাহ শুক্ৰবাৰে নামাজৰ পিছত নামাজিৰ সন্মুখত নিকাহ সম্পন্ন কৰা,কমকৈ দেন মহৰ ধাৰ্য কৰা,আৰু সামৰ্থ অনুসাৰে অলিমা অৰ্থাৎ আল্লাহৰ কৃতজ্ঞতা জ্ঞাপনাৰ্থে ভোজনৰ আয়োজন কৰা এইখিনিয়ে নিকাহত কৰণীয়। এই ব্যতীত যিমান কাম আছে যদি শ্বৰিঅত বিৰুধী নহয় তেন্তে বৈধ ও হলাল তথা জাইজ হ’ব অন্যথা ইয়াৰ অনুমতি নহ’ব। উদাহৰণ স্বৰূপে ৰিংচেৰিমনি(Ring ceremony)তথা বিয়াৰ আগ দিনাখন তেলৰ নামত যিবোৰ হাৰাম ও নাজাইজ কাম কৰা হয় যেনে পৰকীয়া মহিলাৰ লগত মিলজুল,হাঁহি-ধেমালি,নাচ গান,ফটকা ফুতুৱা,ডি-জে অথবা দৰা ছোৱালীৰ ঘৰ পোৱাত মহিলাৰ আদৰণী, আঙুঠি পিন্ধোৱা তথা মিঠাই খুওৱা পৰ্ব ইত্যাদি এয়া সকলো হাৰাম ও গুণাহৰ কাম। তদ্ৰূপ যৌতুকৰ দাবী অথবা আৱশ্যকীয়তা দেখুওৱা।যৌতুক দাবী কৰা একেবাৰে অপছন্দনীয় কাম। মনত ৰাখিব অনাৱশ্যকীয়তাত ল’ৰা ছোৱালীয়ে বিবাহ পূৰ্বে মিলন তথা কথা বতৰা কৰিব নোৱাৰিব ইয়াৰ অনুমতি শ্বৰিঅতে দিয়া নাই,হয়! বিয়া ঠিক কৰিবলৈ হ’লে চোৱাৰ অনুমতি আছে।যদি বিবাহৰ আগত অথবা বিবাহত কোনো চৰীয়ত বিৰুধী কাম নকৰাকৈ আগদিনা খন তেল বা পিছদিনা খন আঠমঙলা অথবা যি কৰ্ম প্ৰচলিত সেয়া কৰে তেন্তে বৈধ হ’ব। আৰু ছোৱালীৰ ঘৰত বেছি খৰচ নকৰোৱা ইছলামে পছন্দ কৰে আনহাতে দাবী কৰিলে নিশ্চয় গুণাহ হ’ব।
বিঃদ্ৰঃ-হ’বলগীয়া পত্নীয়ে তাইৰ চৰমগাহৰ পৰিৱৰ্তে যিটো প্ৰাপ্য ধাৰ্য কৰে তাক মহৰ বোলা হয়।
নিম্নতম দেন মহৰ কিমান দিব লাগে
অসমীয়াত চল্লিশটা হাদিছ click here
Follow us on YouTube click here
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
Recent Comments